Friday, December 18, 2015

সাম্প্ৰতিক প্ৰসংগ

বিহুমেলাত নীতি-নিয়ম 
অজয় লাল দত্ত

যুগ পৰিবৰ্তনৰ বাস্তৱতাক স্বীকাৰ কৰি একালৰ গছৰ তলৰ বিহুৱে আহি মঞ্চ শুৱনি কৰিলেহি। একেদৰেই বিহুৰ তাল-লয়, গীতি-বাদ্য আদিৰ পদ্ধতিগত অধ্যয়ন তথা গৱেষণাও হ'ল। লোক-কলা সংস্কৃতিক আনুষ্ঠানিক শিক্ষাৰ আওতালৈ অনাৰ প্ৰক্ৰিয়াৰে এতিয়া বিশ্ববিদ্যালয় পৰ্যন্ত পাৰম্পৰিক সাংস্কৃতিক সমলক লৈ অধ্যয়ন তথা চৰ্চাৰো ব্যৱস্থা হৈছে। একালত লোকচক্ষুৰ আঁৰৰ বিহুক লৈয়ে এতিয়া বিশ্বৰ ভিন্ন মঞ্চত গৈ বাৰে-ৰহনীয়া ৰূপত আমাৰ হুঁচৰি প্ৰদৰ্শন কৰি প্ৰশংসা বুটলাৰ যুগ এয়া। তাৰ মাজতে কিন্তু অসমত বিহুৰ মেলামুখিতা আৰু এই উদযাপনক লৈ সৃষ্টি হোৱা কিছু সীমা-চেৰোৱাৰ অভিযোগ ও বিশৃংখলতাক দূৰ কৰাৰ বাবে অসমৰ প্ৰায় বিশখন জিলাৰ বিহু সন্মিলনীৰ প্ৰতিনিধিৰে এক ৰাজ্যিক অভিবৰ্তন গুৱাহাটীত অনুষ্ঠিত হ'ল। বিহুৰ বিষয়ত ৰাজ্য স্তৰত এনেকুৱা আনুষ্ঠানিকভাৱে উদযাপনৰ দিহা কৰা সন্মিলনীসমূহৰ সমন্বয়ৰক্ষী সমিতিৰো গঠন হ’ল। আপাতত এই পদক্ষেপো বাকী পৰিবৰ্তনবোৰৰ দৰেই সময়ে দাবী কৰা আৰু যোগাত্মক দিশ থকা পদক্ষেপেই। কিন্তু, এই অভিবৰ্তনে গ্ৰহণ কৰা কিছু প্ৰস্তাৱ আৰু পৰামৰ্শক লৈ এতিয়া অসমৰ জনপ্ৰিয় শিল্পী সকলে মানি চলিবলৈ অস্বীকাৰ কৰাৰ বতৰা আৰু টিভি ষ্টুডিঅ'ৰ আলোচনাই ৰাইজৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


বিষয়টোক অলপ বিশ্লেষণ কৰি বিতৰ্কলৈ অহা কথাবোৰ শিল্প আৰু শিল্পীৰ পৃথিৱীৰ ভিন্ন প্ৰেক্ষাপটত বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰিছো। আমাৰ দৃষ্টিত, বিহু সন্মিলন মানেই বিহুৰ আনুষ্ঠানিক উদযাপনৰ আয়োজনহে কেৱল সাংস্কৃতিক সন্ধিয়াটোই মুখ্য কথা নহয়। মৌ-কুঁৱৰী, বিহু কুঁৱৰী, বিহু সম্ৰাজ্ঞী, ঢোল বাদন, পেপাঁ বাদন, মুকলি বিহু, হুঁচৰি আদি প্ৰতিযোগিতাই জাতিটোৰ নতুন প্ৰজন্মই এই সাংস্কৃতিক সমলক কিদৰে গ্ৰহণ কৰিছে, সেয়া তুলি ধৰাৰ বাবে স্থানীয় মঞ্চ স্বৰূপ জুহাল কিছুমানো জানো প্ৰদান নকৰে? মঞ্চ বিহু বুলি এটা কথাতে সকলো যোগাত্মক দিশ নস্যাত কৰাটো সঁচাই যুক্তিৰ কথানে? আলোচনা চক্ৰ, মুকলি সভা আদিয়ে জ্যেষ্ঠজনৰ দিহা পোৱাৰো ব্যৱস্থা কৰি দিয়ে। বিহুৰ পৰিবৰ্তিত ৰূপ আৰু সীমা চেৰাই যোৱাৰ অনুভৱৰ বিষয়েও আলোচনা কৰাৰ বাবে বা জাতীয় কলা-সংস্কৃতি বিষয়ক সচেতনতাৰ বাবে বিহু সন্মিলনী সমূহে আয়োজন কৰা আলোচনা চক্ৰ, কৰ্মশালা সমূহো সংস্কৃতিৰ পথাৰত সজ কামেই। কিন্তু বাণিজ্যিকীকৰণৰ হাতোৰাত সোমাই বিহু সন্মিলন সমূহৰ গতি-বিধি-ৰূপ পূৰ্বতকৈ দৃষ্টিকটু ভাৱে সলনি হোৱা বুলিও অভিযোগ উঠিছে। সাংস্কৃতিক সন্ধিয়াও ভিন্ন বিতৰ্কলৈ সোমাই পৰাত মেলা সৰ্বস্বতাৰ গ্ৰাসৰ পৰা বিহু উদযাপনক ৰক্ষা কৰিবলৈ গ্ৰহণ কৰা যি কোনো পদক্ষেপেই এই মহূৰ্তত আদৰণিয় কথা বুলিয়েই অনুভৱ কৰিছো।

সাংস্কৃতিক সন্ধিয়াৰ কথালৈ দৃষ্টি দিলে দেখা যায় যে, শিল্পী সকলে গীত পৰিবেশনৰ বাবে আহিলে কমিটিসমূহৰ সৈতে আগতীয়াকৈ মাননী ঠিক কৰি চৰ্ত সাপেক্ষে একোখন চুক্তিত সাক্ষৰ কৰে। সেয়ে, ধন প্ৰদান কৰোতা কমিটিয়ে, সেই চৰ্তাৱলীত সাজপাৰ, গীত-মাতৰ পচন্দ, বাদ্য-যন্ত্ৰৰ ব্যৱহাৰ, সুৰামত্ত শিল্পীৰ দ্বাৰা গীত পৰিবেশন আদি বিষয়ত চৰ্ত সমূহ ভৰাই দিয়াৰ সুবিধা থাকে। যিহেতু এতিয়া অসমীয়া শিল্পীয়ে বিহু সন্মিলনত সম্পূৰ্ণ পেশাগত ভাৱে ‘উপযুক্ত’ (নে অতি উচ্চ হাৰত?) মাননি লৈহে অনুষ্ঠান পৰিবেশন কৰে, গতিকে সেই চৰ্তাৱলী মনোমত হলে দুয়োকপক্ষই সন্মত হোৱা চৰ্ত ও মাননিৰ বিনিময়ত কমিটিয়ে বিচৰা ধৰণে গীত পৰিবেশন কৰিবলৈ শিল্পীৰ দল আহিব। মনোমত নহ'লে এনেয়েও নাহেই।

কি অনুষ্ঠান পাতিছে, সেইটো চাই, সেইমতে গীত-মাত পৰিবেশনৰ বাবে প্ৰাধান্য দি বা নীতি নিয়ম বান্ধি দিয়াৰ প্ৰফেচনেল ব্যৱস্থাটো সকলোতে আছে। মুম্বাইত নেচনেল চেণ্টাৰ ফৰ পাৰফৰমিঙ আৰ্টছ (NCPA)ৰ দৰে খ্যাতিমান মঞ্চতো বহু বেলেগ বেলেগ কাৰ্যসূচীৰ বাবে বেলেগ বেলেগ নীতি নিয়ম বান্ধি থোৱা আছে। যেনে কোনোবাটোত শিশুৰ প্ৰৱেশ নিষিদ্ধ, কৰবাত আকৌ ড্ৰেছ ক'ডৰ কথাও থাকিব পাৰে ধৰণৰ, কোনোবা অডিটৰিয়ামত সুৰামত্তক প্ৰৱেশৰ অনুমতি দিয়া নিদিয়াটোও প্ৰেক্ষাগৃহ আৰু আয়োজকৰ পাৰস্পৰিক ও নিজা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে চুক্তি অনুসৰিহে আৰু চৰ্তাৱলীক ভিত্তি কৰি পইচা লৈহে শিল্পীয়ে নাটকেই হওক বা গীত তাত পৰিবেশন কৰিব পাৰে। প্ৰেক্ষাগৃহভিত্তিক এনে নীতি-নিয়মৰ কথা পেশাগত ভাৱে সচেতন শিল্পী সকলে নাজানে বুলি ক'লে নিশ্চয়কৈ ভুল কোৱা হব! গতিকে, বিহু সন্মিলনী পতা সংগঠন সমূহে সমূহীয়াকৈ অভিবৰ্তনৰ আয়োজন কৰি, আলোচনা কৰি, কিবা নীতি নিয়ম বনালে, তাত অসহিষ্ণু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কিবা প্ৰয়োজন থকা বুলি অনুভৱ কৰা নাই। বিশেষকৈ জনপ্ৰিয় মাধ্যমৰ পৰা গম পোৱা মতে অভিবৰ্তনে লোৱা সিদ্ধান্তবোৰ বৰ সাংঘাতিক কিবা অদ্ভূত নীতি-নিয়ম যেন লগা নাই।

যেনেকৈ বিহু সন্মিলনীয়েই হওক বা যিকোনো আয়োজকৰেই নিজা সংগঠনৰ বৈঠকত নিজা সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। সেইদৰে শিল্পী সকলেও জাতীয় উৎসৱৰ বিষয় এটাত আৰু কিছু ভাল কৰিবলৈ পৰামৰ্শ দিয়াৰ অধিকাৰ নিশ্চয়কৈ আছেই। একেদৰেই শিল্পী সমাজেও সংগঠিত ভাৱেই নিজা চৰ্ত আৰোপ বা নীতি-নিয়ম গঢ়ি লোৱাতো আপত্তি নাই। এনে সংগঠিত প্ৰয়াসত, দুৰ্বল তথা বজাৰ মূল্য বা চাহিদা কমৰ শিল্পী সকল তথা বাদ্যযন্ত্ৰীৰ স্বাস্থ্য, সামাজিক ও আৰ্থিক সুৰক্ষাৰ প্ৰশ্নটোও সামৰি লোৱাৰ প্ৰয়োজন আছে।

মুম্বাইৰ দৰে চহৰত ৰাতি দহটাৰ ভিতৰত যিকোনো মুকলি ঠাইৰ কাৰ্যসূচী শেষ কৰাটো নিয়ম। নহ'লে পুলিচ আহি মাইকটো বন্ধ কৰি দিয়ে। একেদৰেই নৱৰাত্ৰিৰ শেষৰ দিনটোত আৰু একেই ধৰণে নৱবৰ্ষক আদৰাৰ দিনা ৩১ডিচেম্বৰৰ ৰাতি এই মাইক লগাই অনুষ্ঠান আয়োজন কৰাত ৰাতি বাৰ বজালৈকে অনুমতি থাকে। প্ৰেক্ষাগৃহৰ ভিতৰত দহ বজাৰ এই সীমাবদ্ধতাকন নাই। একেদৰে ব্যৱসায়িক প্ৰতিষ্ঠানৰো নিজা সময়সূচী আছে। নাইট ক্লাৱবোৰ ৰাতি ৮বা ১০টাৰ পৰা খোলেহে। দিনত বন্ধ থাকে। তাতো গীত-মাতৰ পৰিবেশন হয়, তাতো ৰাতি তিনিমান বজাৰ কিবা এটা সীমা থাকে! এনেবোৰ অনুমতিত মুম্বাই পুলিচৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ থাকে। পিছে আমাৰ অসমৰ সাংস্কৃতিক অনুষ্ঠানত উপায়ুক্ত বা আৰক্ষী অধীক্ষককে পৃষ্ঠপোষক বা উদ্বোধকৰ বাব দি নীতি নিয়ম নমনাৰ এক অভ্যাস গঢ়ি উঠিছে। সেয়া চান্দা সংগ্ৰহতেই হওক অথবা ৰাতি দেৰিলৈকে সাংস্কৃতিক অনুষ্ঠান পতাতেই হওক, দুয়োটাতে অপব্যৱহাৰ হোৱা দেখা গৈছে।আৰু প্ৰতি বছৰেই বিহু সন্মিলনীৰ সংখ্যা কাঠফুলাৰ দৰে বাঢ়িবলৈ ধৰিছে, প্ৰতিটো জাতি-জনগোষ্ঠীয় ছাত্ৰ-যুৱ সংগঠনেও নিজা নিজা বিহু পাতিবলৈ লোৱাটোও দৃষ্টিলৈ আহিছে।

সংস্কৃতি তথা জাতীয় জীৱন ৰক্ষাৰ ভাৰ সকলোৰে আছে। ৰাইজৰ প্ৰতিনিধি আয়োজকৰ, সমাজৰ অংশ শিল্পীৰ, আইন প্ৰণয়ন কৰা সকলৰ, আইন বলবৎ কৰা সকলৰ, সকলোৰে নিজা নিজা আওতা আছে, নিজা নিজা দায়িত্বৰ সংজ্ঞা দিয়া নীতি নিয়ম আছে। তাকেই অলপ এৰা-ধৰা, আলোচনা-বিলোচনাৰ মাজেৰে গৈ সঁচা অৰ্থত যোগাত্মক পৰিবৰ্তন আনিব পৰাকৈ ব্যৱস্থা এটা গঢ় লব লাগে। বিহু সন্মিলনীবোৰে অভিবৰ্তন পতাৰো লক্ষ্যও চাগৈ, এইটো বৃহত্তৰ স্বাৰ্থৰহে। কেৱল শিল্পী সকলক নাকী লগোৱাৰ দৰে ক্ষুদ্ৰ পৰিসৰত ইয়াক ৰাখিব খোজাটো উচিত নহব। জুবিন গাৰ্গে ছ’চিয়েল মেডিয়াত লিখাৰ দৰে নীতি-নিয়ম মানেই তালিবানী ব্যৱস্থা নিশ্চয়কৈ নহয়! গছৰ তলত বিহু মাৰিলেহে ধূতি পিন্ধি যাব বুলি কোৱাটো তেখেতেৰ স্বাধীনমত বুলি ধৰিও, কিন্তু আয়োজকৰ চৰ্তাৱলীৰ প্ৰতিও সন্মান কৰাটো পেশাগত শিল্পীৰ বাবে গুৰুত্বপূৰ্ণ কথা বুলি অনুভৱ কৰিছো। যুগ পৰিবৰ্তনে বিহুক আনুষ্ঠানিকতা প্ৰদান কৰা আৰু মঞ্চত ‘বিহু’ মানেই শিল্পীৰ খেয়ালী মনৰে 'বিহু দেখুৱাম' বুলি ভবাটো একে কথা নিশ্চয় নহয়!শিল্পীৰ নিজা হিন্দীগীত থাকিলেও পৰিবেশন কৰিব পাৰিব বুলি কৰা ঘোষণাটোৱে বিহু সন্মিলনী সমন্বয়ৰক্ষী কমিটিৰ সহনশীল বিচাৰধাৰাকেই যে প্ৰতীয়মান কৰিছে, সেই কথা উল্লেখ কৰিব লাগিব।

বহাগ বিহু সম্পৰ্কীয় অনুষ্ঠান বহাগৰ ভিতৰতে শেষ কৰিব পাৰি। একে ধৰণে ঋতু হিচাবে বসন্ত উৎসৱ কৰিব বিচাৰিলেও তাক দুমাহলৈ বাধা দিব নোৱাৰি। পিছে, ইভেণ্ট মেনেজমেণ্টক ব্যৱসায় হিচাবে লৈ আলিয়ে গলিয়ে কাঠফুলাৰ ৰূপত বাঢ়ি অহা বিহু সন্মিলনীৰ সংখ্যায়েই হওক বা আন অনুষ্ঠানৰ নামত চান্দা বৰঙণিয়ে যে অসমৰ সকলো স্তৰৰ ৰাইজক অতিষ্ঠ কৰিছে, সেই কথালৈকো মন কৰিব লাগিব। একদৰেই কেৱল শিল্পীৰ বাবেই নহয়, জাতীয় উৎসৱ এটা আনুষ্ঠানিক ভাৱে উদযাপনৰ স্থলীত অংশগ্ৰহণ কৰা বিষয়-ববীয়া, স্বেচ্ছাসেৱক, দৰ্শক ৰাইজ, শিল্পী সকলোৱেই অনুষ্ঠানৰ সৈতে খাপখোৱা জাতীয় সাজপাৰ পৰিধান কৰিলে সোণত সুৱগা চৰিবহে! কথাবোৰ এই দৃষ্টিৰেও বিবেচনা কৰা উচিত। ৰাতি বাৰটাৰ ভিতৰত অনুষ্ঠান শেষ কৰা, সুৰামত্ত উদ্ভণ্ডালিৰ পৰিবেশৰ নিয়ন্ত্ৰণ আদি বিষয়ত বিৰোধিতাৰ জানো কিবা যুক্তি থাকিব পাৰে? পুৱতি নিশা শিল্পী দুৰ্ঘটনাত পতিত হোৱাৰ ঘটনাৰাজিৰ পৰা শিক্ষা লোৱাৰ প্ৰয়োজনো জানো আমি অস্বীকাৰ কৰিব পাৰিম?

নিয়ম নীতি অবিহনে কোনো অনুষ্ঠানৰে সু-শৃংখলতা সম্ভৱ নহয়। এই কথাও মানি লৈ সুস্থিৰ আৰু গ্ৰহণযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সকলো অংশীদাৰ পক্ষই বিষয়টোত ৰাজহুৱা মাধ্যমত দিহা-পৰামৰ্শ আগবঢ়াওক। শিল্পী আৰু আয়োজক দুয়ো পক্ষই সংস্কৃতিৰ পথাৰখনত পৰিপূৰক ভূমিকাহে পালন কৰে, সেই কথাও মনত ৰাখিব লাগিব। সেয়ে আলোচনাৰ মাজেৰে বিহুক এটা সুস্থিৰ ৰূপত ধৰি ৰাখিবলৈ গ্ৰহণ কৰা যি কোনো পদক্ষেপত মুকলি আৰু ইতিবাচক মনোভাৱেৰে সকলোৱে অৰিহণা যোগালেই জাতি আৰু সংস্কৃতিৰ বাবে কুশল হব। যুক্তি দিব লাগে বুলিয়েই অপযুক্তিৰ ধুমুহা তুলি থাকিলে, ই যে কাৰোৰেই হিত সাধন নকৰে, সেই কথা কিন্তু নিশ্চিত!

2 comments:

  1. I completely support your view. This type of discussions itself is a proof that things are going in the right directions.

    ReplyDelete
  2. I completely support your view. This type of discussions itself is a proof that things are going in the right directions.

    ReplyDelete