Saturday, December 19, 2015

চিন্তন


ঈশ্বৰৰ সন্ধানত এখোজ
লীলাকান্ত পায়েং
ঈশ্বৰক লৈ আমাৰ সমাজত কথা আৰু আগ্ৰহৰ অন্ত নাই। বিশ্বত বিভিন্ন ধৰণৰ ধর্ম আছে। হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান, বৌদ্ধ ধর্ম ইত্যাদি। হিন্দু ধর্মৰ ভিতৰতে বিভিন্ন জাতি-উপজাতিয়ে নিজৰ নিজৰ দেৱ-দেৱীক পূজা-অর্চনা কৰে। বেলেগ বেলেগ ধর্ম, কিন্তু ঈশ্বৰ এজনেই বুলি লোকবিশ্বাস। আল্লাক পাবলৈ মছজিদ, ভগৱানক মন্দিৰত আৰু যীশুক প্ৰাৰ্থনা জনাবলৈ গীর্জালৈ যায়। ঈশ্বৰক পোৱাৰ বা কৰুণা লাভৰ পথক লৈ ধৰ্মৰ নামত এতিয়াৰ সমাজত বিভিন্ন ধৰণৰ ব্যৱসায় চলাবলৈ ধৰিছে, যিটো অতি দৃষ্টিকটু হৈ উঠিছে।

কোনোবাজনৰ বাবে ঈশ্বৰ এটি মহাশক্তি, কাৰোবাৰ বাবে অবিনশ্বৰ, ঈশ্বৰ আন কোনোৰ বাবে খোৱা খাদ্য যোগাৰ কৰা ধৰ্মীয় ব্যৱসায়ৰ আহিলাহে! আকৌ আন এচামৰ বাবে ৰাজনীতিৰ খেলৰ বস্তু, লেখকৰ বাবে বাতৰি কাকতত মূল বিষয় বস্তু। আমি যেতিয়া সৰু আছিলো, তেতিয়া গৰু বিষয়ক ৰচনা লিখিছিলো যে গৰু এবিধ চাৰিঠেঙীয়া উপকাৰী জন্তু। কিন্তু এতিয়াৰ ল’ৰা-ছোৱালীয়ে লিখিব, গৰু এবিধ ৰাজনৈতিক জন্তু। তাত এই কণ কণ ল’ৰা-ছোৱালীৰ দোষ নাই। ইয়াৰ বাবে জগৰীয়া মই আৰু আপুনি। কাৰণ বাতৰি কাকতৰ সম্পাদকীয়ত যেতিয়া প্রবন্ধকাৰে গৰু এবিধ ৰাজনৈতিক জন্তু বুলি শিৰোনাম ধৰি বিশাল প্ৰৱন্ধ লিখা দেখিব, তাকে দেখি ল’ৰা-ছোৱালীবোৰেটো তাকেই শিকিব! যেতিয়া গৰু এবিধ ৰাজনৈতিক জন্তু মানেনো কি বুলি প্রশ্ন কৰে, তেন্তে আপুনি বাৰু এই ল’ৰা-ছোৱালীবোৰক কি বুলি উত্তৰ দিব, কেতিয়াবা ভাবি চাইচেনে?

ঈশ্বৰক লৈ আমাৰ সমাজৰ আন কিছুমান মানুহে ৰাজনীতি ও বিশাল ব্যৱসায় কৰি আছে। শেহতীয়াকৈ বলিউডত ঈশ্বৰক বিষয় বস্তু হিচাবে অ.এম.জি, পি কে আদিৰ নিচিনা ফিল্ম নির্মাণ কৰিলে। আমাৰ ৰাইজে ঈশ্বৰৰ বিষয়ে বার্তা পালে নে নেপালে নেজানো কিন্তু পৰিচালক, অভিনেতা-অভিনেত্রীসকলে লক্ষ্মীৰ ৰূপত ঈশ্বৰক পালে। কোটি কোটি টকাৰ কৰুণাৰ প্ৰসাদো!

ঈশ্বৰ ক’ত নাই, ঈশ্বৰ সকলোতে বিৰাজমান। ঈশ্বৰেই হেনো এই বিশাল বিশ্বব্রক্ষাণ্ডখন সৃষ্টি কৰিছে। ঈশ্বৰে বিশ্বব্রক্ষাণ্ডখন সৃষ্টি কৰিলেনে নাই সেয়া নিশ্চিত নহলেও কিন্তু, কিন্তু ধ্বংসৰ পথলৈ যে আমি আগুৱাই লৈ গৈ আছো, সেয়াও এক তিতা সত্যই। লোকবিশ্বাস মতে, বিশ্বত বসবাস কৰা প্রতিটো প্রাণীয়েই ঈশ্বৰৰ প্ৰতিৰূপ। সকলো ঈশ্বৰৰ সন্তান। কোৱা যায় যে ঈশ্বৰ এটি সৰু ল’ৰা-ছোৱালীৰ মাজত থাকে। সৰু ল’ৰা-ছোৱালীক যেতিয়া ঈশ্বৰৰ কথা কৈ ভয় দেখুওৱা হয়, তেন্তে বেয়া কামৰ পৰা বিৰত থাকে। এদিন এই সৰু ল’ৰা-ছোৱালীবোৰ ডাঙৰ হৈ মানুহলৈ পৰিৱর্তন হয় আৰু লাহে লাহে ঈশ্বৰো নাইকিয়া হয় নেকি? ল’ৰা-ছোৱালীবোৰৰ মাজৰপৰা ভক্তিভাৱ তেন্তে কিয় নাইকিয়া হৈ যায়? তাৰ সলনি ঠাই পায়-লোভ, মোহ, কাম, ক্রোধ ইত্যাদি। লগে লগে ঈশ্বৰৰ প্ৰতিৰূপ, গুণ যেন লুপ্তহে হয়।

আচলতে ঈশ্বৰেই হেনো একমাত্ৰ সত্য আৰু ইও এক লোক-বিশ্বাসেই। এই সত্যকে এদিন গৌতম বুদ্ধই বিচাৰি পাইছিল আৰু ঈশ্বৰত্ব লাভ কৰে বুলিও কোৱা হয়। এদিন গৌতম বুদ্ধৰ জনপ্ৰিয় বাণীয়ে অশোকৰ নিচিনা ৰজাৰো জীৱন সলনি কৰি পেলাইছিল। পিছে সত্য হ’ল বেলেগ বেলেগ ক্ষেত্রত বেলেগ বেলেগ অর্থ বহন কৰা এটা বহু পর্যায় বিশিষ্ট পৰিভাষা। এই সত্য যেতিয়া পর্যবেক্ষণ আৰু পৰীক্ষাৰ ওপৰত ভিত্তি কৰি লাভ কৰা যায়, তেতিয়াই ই হৈ পৰে বৈজ্ঞানিক সত্য। বিশ্বজগতত যি সত্য, সিয়েই হেনো শক্তি। এই শক্তিৰ বলত বিশ্বজগত গতিশীল হৈ আছে আৰু সেই শক্তিৰপৰাই পৰিদৃশ্যমান জগতৰ সৃষ্টি হৈছে। গতিকে আমি ঈশ্বৰৰ নামৰ মহাশক্তিৰ ইয়াৰ যোগেদিয়েই উপলব্ধি কৰিব লাগিব। বিশাল বিশ্বব্রক্ষাণ্ডখন কিছুমান নীতি-নিয়মৰ যোগেদি পৰিচালিত হয়, এয়াই এজন একমাত্র ঈশ্বৰৰ ধাৰণাৰ বাহিৰে আন কোনো নহয় বুলি ধর্মতত্ত্বই শিক্ষা দিছে।

বিশ্বত বিভিন্ন ধৰণৰ আজৱ কাণ্ড সংঘটিত হয় আৰু এইবোৰৰ ৰহস্য হৈয়ে আছে। যেতিয়া প্রকৃতিৰ কোনো ৰহস্য উদঘাটন হয় তেতিয়া ধর্মৰ তত্বমতে সৃষ্টিকাৰী ঈশ্বৰৰ প্রতি বিৰোধ কৰা বুলিও কয়। বিজ্ঞানৰ দৃষ্টিৰ পৰা চাবলৈ গ’লে বৈজ্ঞানিক ৰহস্য উদঘাটন আৰু ধর্মৰ তত্ত্বমতে ঈশ্বৰিক শক্তি। ঈশ্বৰিক শক্তিৰ কথা অহাৰ লগে লগে ভুত-প্রেত, আত্মা-অশৰীৰী ইত্যাদিৰ কথাও আহিব পৰে। বায়ুক যেনেকৈ অনুভৱহে কৰিব পাৰে দেখা নাপায়, ঠিক তেনেকৈয়ে ভুত-প্রেত,আত্মা-অশৰীৰী আদিকো দেখা নাপায় বুলি এচামে বিশ্বাস কৰে। এইবোৰক আজিলৈ দেখা পোৱা নাই, কিন্তু ইহঁতৰ শক্তিক অনুভৱ কৰিব পাৰি বুলিও কয়। বর্তমানৰ যুৱক-যুৱতীৰ মাজত ধর্ম, জাত-পাত আদিক লৈ গোড়ামি থকা উচিত নহয়। আজিৰ প্রজন্মই এইবোৰক লৈ কাজিয়া পেচাল বা ৰাজনীতি কৰাটোও প্ৰতিহত কৰাৰ দৰকাৰ। ইহে সমাজৰ বাবে শুভ লক্ষণ হব পাৰিব। এচাম মানুহে সমাজৰ দুখ-দুর্গতি দূৰ কৰাৰ বাবে লাখ লাখ জীৱ-জন্তুক হত্যা কৰি বলি বিধানতো বিশ্বাস কৰে। এক পৰিতথ্য মতে অশিক্ষিত বুলি নহয়, শিক্ষিত মানুহৰো একাংশই বলি দিয়া প্রথাটোত বিশ্বাস কৰাটো এটা বিড়ম্বনাই নহয়নে? প্রকৃতিৰ কোলাত মুক্তভাৱে বিচৰণ কৰি ফুৰা নিৰহী প্রাণী এটাক হত্যা কৰি, জীৱনচক্ৰ তথা প্ৰাকৃতিক ভাৰসাম্যতালৈ দুখ-দুর্গতি আনিছোহে, ই কাৰো দুখ-দুর্গতি দূৰ কৰা নাই। আন জীৱক হত্যা কৰি, নিজৰ কল্যাণ কামনা বা ঈশ্বৰক পোৱাৰ সাধনাৰ পথটো সঁচাই শুদ্ধনে, এয়াও চিন্তাৰ বিষয়! আশাকৰো, আমাৰ উঠি অহা প্রজন্ম বা বর্তমানৰ প্রজন্মই বলি দিয়াৰ দৰে প্রথাবোৰ গ্রহণ নকৰে। ঈশ্বৰ মানেই যদি সত্য, তেন্তে তাৰ আঁওতাত এনে অন্ধবিশ্বাসকক গ্রহণ কৰাৰ প্ৰশ্ন উঠিব পাৰেনে?

আকৌ, মন্দিৰে, মছজিদ, গীর্জাত দান-বৰঙনি দি পূজা-পাতল কৰিহে যে ঈশ্বৰক পাব পাৰি তেনে বুলিও কোনো কথা থাকিব নোৱাৰে। এইবোৰ নকৰাকৈও সত্য আৰু বিশ্বাসৰ পথৰে ঈশ্বৰ নামৰ মহাশক্তিৰ উমান পাব পাৰি। মন্দিৰত পূজাৰ নামত ৫০০ বা ১০০০ টকীয়া নোট দি যদি ঈশ্বৰক পাব পাৰি, তেন্তে লাহ-বিলাসৰ জীৱন উপভোগ কৰাজনৰ ঘৰতে দেখোন ঈশ্বৰক পাব পাৰি বুলি সঠিকভাৱে কব পাৰি। কাৰণ এজন ধনী মানুহে দান-বৰঙনিত দিয়া ১০০০ টকীয়া নোট এজন দুখীয়া ঘৰত মাহটোৰ উপার্জন! কাৰোবাৰ বাবে ভোকেইতো ভগৱান!
 
ধর্মৰ নামত ঈশ্বৰক লৈ এতিয়া ব্যৱসায় চলে। আহক এইটো ধর্মত গ্রহণ কৰক, ঈশ্বৰক পাব, এইটোহে আচল, ধৰ্ম, স্বৰ্গ বা জন্নত লাভৰ নিশ্চিত পথ, বাকীবোৰ অচল! ধর্ম আৰু ঈশ্বৰৰ নামত এনেদৰে কিছুমান লোকে মুনাফা আদায় কৰি আছে। দূর্গা পূজাৰ নামত কোটি কোটি টকাৰ ব্যয় হয়। মানুহবোৰ এনেকৈ ঈশ্বৰক পাইছে নে নাই নেজানো, কিন্তু ফুটপাথত খাবলৈ নোপোৱা মানুহবোৰক অলপ খোৱা বস্তু প্রদান কৰে তেন্তে এই মানুহবোৰে ঈশ্বৰৰ ৰূপত আপোনাক পাব, সেয়া নিৰ্ঘাত। ভোকত লঘোনে থকাজনক অলপ খাদ্য, পিয়াহত পানী, থাকিবলৈ আশ্রয় দান, ঠাণ্ডাত কঁপি থকাজনক কাপোৰ, ৰাস্তাৰ দাঁতিত পৰি মৃত্যুৰ সতে যুঁজি থকাজনক সহায়ৰ হাত আৰু দুখৰ সময়ত হাঁহি বিৰিঙাব পাৰিলে আপুনিইতো হব পাৰে ঈশ্বৰ। পূজা-পাতল, দান-বৰঙনি, বলিদান প্রথা, ধর্ম বা জাত-পাত আদিতে লাগি নেথাকি সত্য আৰু শুদ্ধ পথত আমি চলিব লাগিব। এই সত্যৰ বিশ্বাসতে পৰ্যবেক্ষণ কৰিলে হয়তো বহু ঈশ্বৰক জীৱনযাত্ৰাত ঘাটে-ঘাটে, বাটে-পথেও দেখা পাব, আৰু নিজেও প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হব, সেয়াও নিশ্চিত।

1 comment:

  1. এই মহুৰ্তৰ পৰা আমি প্ৰতিজ্ঞা ল’ব নোৱাৰো নে? যে আমি আজিৰ পৰা মন্দিৰ,মহজিদ,গীৰ্জাৰ নামত হেজাৰ টকা বৰঙনি দিয়াতকৈ আমাৰ ওচৰৰ আৰ্তজক,নিসহায় অথবা দুবেলা দুমুঠি খাবলৈ নোপোৱাজনক সাধ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াও,তেওঁলোকক দুবেলা দুমুঠি খোৱাত সহায় কৰো৷ আহক আমি প্ৰথমে নিজৰ পৰা আৰম্ভ কৰো এই পৰিবৰ্তৰ অবিৰত যাত্ৰা৷

    ReplyDelete