Thursday, December 24, 2015

বিজ্ঞান-প্ৰযুক্তি

পেৰিছ জলবায়ু চুক্তিঃ এক পৰ্য্যালোচনা
মানসী গোস্বামী
অৱশেষত সকলো জল্পনা-কল্পনা-অনিশ্চয়তা-সংশয়-উৎকণ্ঠাৰ অন্ত পেলাই, ২০১৫ চনৰ ১২ ডিচেম্বৰত, বিশ্বৰ মুঠ ১৯৬ খন দেশে পেৰিছত অনুষ্ঠিত আন্তৰ্জাতিক জলবায়ু সন্মিলনৰ শেষৰ দিনা, সৰ্বসন্মতিক্ৰমে এক ঐতিহাসিক জলবায়ু চুক্তি গ্ৰহণ কৰে। এই চুক্তিৰ জৰিয়তে, বিভিন্ন উপায় তথা প্ৰযুক্তিৰ মাধ্যমেৰে পৃথিৱীৰ বায়ুমণ্ডলীয় উষ্ণতাৰ বৃদ্ধি, শিল্প বিপ্লৱৰ পূৰ্ৱৰ মাত্ৰাতকৈ যাতে ২০ ছেলছিয়াছৰ ভিতৰতে সীমিত কৰি ৰাখিব পৰা যায়, সেই উদ্দেশ্যৰে সদ্যহতে ১.৫০ ছেলছিয়াছ উষ্ণতা সীমাক লক্ষ্য কৰি লোৱা হৈছে। ২০০৯ চনত ক’পেনহেগেনত হোৱা জলবায়ু সন্মিলনৰ বিফলতাৰ পৰৱৰ্তী সময়ত, সমগ্ৰ বিশ্বৰে প্ৰাকৃতিক পৰিৱেশ তথা জনকল্যাণৰ বাবে আটাইতকৈ বিপদজনক ৰূপে পৰিগণিত হোৱা জলবায়ু পৰিৱৰ্তনৰ সমস্যা ৰোধৰ ক্ষেত্ৰত এক সাৰ্বজনীন পদক্ষেপ আগবঢ়োৱাৰ যি প্ৰয়োজনীয়তা সৃষ্টি হৈছিল, তাৰ পৰিপ্ৰেক্ষিতত পেৰিছ সন্মিলনত গৃহীত এই চুক্তিক যথেষ্ট আশাব্যঞ্জক হিচাপে গণ্য কৰা হৈছে।

১৯৯৭ চনৰ কিয়’ট’ চুক্তিৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ ২০১২ চনত সামৰণি পৰাৰ পাছত, পৰৱৰ্তী সময়ছোৱাত জলবায়ু পৰিৱৰ্তনৰ গতি স্তিমিত কৰাৰ বাবে আন্তৰ্জাতিকভাৱে গ্ৰহণীয় কাৰ্য্যপন্থাসম্পৰ্কে একমতত উপনীত হ’বৰ বাবেই ক’পেনহেগেনত ২০০৯ চনত কিয়’ট’ প্ৰট’ক’লক স্বীকৃতি দিয়া দেশসমূহ মিলিত হৈছিল। কিন্তু আন্তৰ্জাতিক ৰাজনীতিৰ মেৰপেছ, আমেৰিকা যুক্তৰাষ্ট্ৰ তথা চীনৰ দৰে দেশৰ কূটনৈতিক আকোৰগোঁজামি আদি নানা কাৰণত ক’পেনহেগেনত এই দিশত কোনো আইনীভাৱে দৃঢ় তথা সৰ্বসন্মত চুক্তি গ্ৰহণ কৰিব পৰা নগ’ল। ইয়াৰ পাছৰ বিগত ৬টা বছৰতো, তাৎক্ষণিকভাৱে বলবৎ হোৱা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ ক্ষেত্ৰত প্ৰকৃততেই কাৰ্য্যক্ষম সিদ্ধান্ত লোৱাত বিফলতাই পৰিস্থিতিক অধিক জটিল কৰি তোলে। সেই সূত্ৰেই পেৰিছৰ জলবায়ু সন্মিলনক ভূ-গ্ৰহটিৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত সকলো দেশে সন্মিলিত সিদ্ধান্ত লোৱাৰ শেষটো সুযোগ হিচাপে ধৰা হৈছিল। যিনহওক, অৱশেষত উন্নত, উন্নয়নশীল তথা সকলোতকৈ কম উন্নয়নশীল দেশসমূহৰ মাজত জলবায়ু পৰিৱৰ্তন ৰোধ আৰু সেউজ গৃহ গেছৰ নিৰ্গমন ৰোধৰ কৰ্মপদ্ধতি আদিক লৈ থকা মত তথা নীতিৰ পাৰ্থক্যসমূহ বহুলাংশে আঁতৰাই, পেৰিছ সন্মিলনে এক আপাতত: সৰ্বসন্মত চুক্তিৰ বাট কাটিবলৈ সক্ষম হ’ল আৰু এয়া নিসন্দেহে পেৰিছ সন্মিলনৰ অন্যতম ধনাত্মক দিশ।

পেৰিছত গৃহীত জলবায়ু চুক্তিৰ জৰিয়তে, প্ৰথমবাৰলৈ নিৰ্দিষ্ট নীতিৰ আধাৰত বিষয়সমূহ আলোচনা কৰাৰ সুযোগ মুকলি হোৱাৰ লগতে, “সাৰ্বজনীন কিন্তু পৃথক দায়বদ্ধতা”ৰ নীতিক গুৰুত্ব দিয়া হৈছে; অৰ্থাৎ ইয়ে উন্নত দেশ আৰু উন্নয়নশীল বা অনুন্নত দেশসমূহৰ জলবায়ু পৰিৱৰ্তন সৃষ্টিৰ প্ৰতি অৱদান সাপেক্ষে তাক ৰোধৰ ব্যৱস্থাগ্ৰহণৰ দায়বদ্ধতাৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে। এই কথাষাৰ এইকাৰণেই গুৰুত্বপূৰ্ণ যে, শিল্প বিপ্লৱৰ পৰৱৰ্তী সময়ছোৱাত, জীৱাশ্ম ইন্ধনৰ ব্যাপক প্ৰয়োগৰ জৰিয়তে উন্নত অৰ্থনীতিৰ দেশসমূহে এতিয়ালৈ হোৱা কাৰ্বন-ডাই-অক্সাইড নিৰ্গমন, গোলকীয় উত্তাপন তথা জলবায়ৱিক পৰিৱৰ্তনৰ ক্ষেত্ৰত আটাইতকৈ বেছি অৱদান যোগাইছে। গতিকেই, কাৰ্বন-ডাই-অক্সাইডকে ধৰি অন্যান্য সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস তথা জলবায়ুৰ সালসলনি ৰোধৰ ক্ষেত্ৰত উন্নত আৰু উন্নয়নশীল অৰ্থনীতিৰ মাজত পাৰ্থক্য থকাটো আন্তৰ্জাতিক ন্যায়ৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ। কিয়নো, তাৎক্ষনিকভাৱে কাৰ্বন-ডাই-অক্সাইডকে ধৰি যিকোনো সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাটো বিশ্বৰ উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ পক্ষে, নিজৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থতে অসম্ভৱ আৰু এই কথাষাৰ বিবেচনা নকৰাকৈ জলবায়ু পৰিৱৰ্তনৰ কাৰ্য্যপন্থা হাতত লোৱাটো ন্যায়ৰ পৰিপন্থী। এইখিনিতে উল্লেখ কৰিব পাৰি, পেৰিছ সন্মিলনৰ প্ৰাক-কালৰে পৰা ভাৰতৰ তৰফৰ পৰা “জলবায়ু ন্যায়”ৰ দিশটোত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল আৰু এই কথাক পেৰিছ চুক্তিত লিপিবদ্ধ কৰা হৈছে।

অন্যহাতে এই চুক্তিৰ জৰিয়তে, প্ৰত্যেকখন দেশেই পাঁচবছৰৰ মূৰে মূৰে নিজা নিজা কাৰ্বন নিৰ্গমনৰ পৰিমাণৰ (Intended Nationally Defined Contribution, INDC) প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু এই নিৰ্গমনৰ হাৰ হ্ৰাসৰ প্ৰতি বিশেষ ব্যৱস্থা ল’ব লাগিব।ইয়াৰ লগতে, এই চুক্তিত উন্নয়নশীল সমূহে যাতে নিজৰ অৰ্থনৈতিক বিকাশ অক্ষুণ্ণ ৰখাৰ সমান্তৰালকৈ নৱীকৰণ যোগ্য শক্তিৰ উৎসৰ ব্যৱহাৰকে ধৰি জলবায়ু পৰিৱৰ্তন ৰোধৰ ব্যৱস্থাসমূহ ক্ৰমান্বয়ে নিজা নিজা অৰ্থনৈতিক পৰিকল্পনাত সন্নিবিষ্ট কৰে, সেই দিশতো গুৰুত্ব আৰোপ কৰা হৈছে। এইখিনিতে উল্লেখনীয় যে, পেৰিছ সন্মিলন আৰম্ভ হোৱাৰ আগে আগেই ভাৰত তথা চীনকে ধৰি বিশ্বৰ ১৮০খনতকৈও অধিক দেশে নিৰ্গমন ৰোধৰ নিজা নিজা লক্ষ্য তথা সেই লক্ষ্যত উপনীত হোৱাৰ সম্যক পদ্ধতিক প্ৰতিবেদন যোগে দাখিল কৰিছিল। অৱশ্যে, এই লক্ষ্যক ধাৰ্য্য কৰাটো আৰু প্ৰতিবেদন দাখিল কৰাটো বাধ্যতামূলক হ’লেও, নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব নোৱাৰা দেশৰ প্ৰতি কোনো আইনী ব্যৱস্থা গ্ৰহণৰ কথা এই চুক্তিত উল্লেখ কৰা হোৱা নাই আৰু সেয়ে লক্ষ্য ধাৰ্য্য কৰাৰ এই প্ৰক্ৰিয়াই নিৰ্গমন হ্ৰাসত বিশেষ অৰিহণা যোগাব নোৱাৰিব বুলি আশংকা কৰা হৈছে।

পেৰিছ চুক্তিৰ জৰিয়তে উন্নত দেশসমূহে উন্নয়নশীল দেশসমূহত জলবায়ু পৰিৱৰ্তনৰ ৰোধ তথা মোকাবিলাৰ বাবে তথা নিৰ্গমন হ্ৰাসৰ প্ৰযুক্তিত বিনিয়োগ কৰাৰ বাবে বিত্তৰ যোগান ধৰিব লাগিব বুলি উল্লেখ কৰা হৈছে আৰু ২০২o চনৰ ভিতৰত নিম্নতম ১০০ বিলিয়ন আমেৰিকান ডলাৰ এই পুঁজিত জমা কৰিব লাগিব বুলি ধাৰ্য্য কৰা হৈছে। অৱশ্যে, এই ১০০ বিলিয়নৰ সীমাটোক মূল চুক্তিৰ পৰা আঁতৰাই ৰাখি, সন্মিলনৰ সিদ্ধান্ত শিতানলৈ নিয়াটোৱে উন্নয়নশীল দেশসমূহক আশ্বস্ত কৰিব পৰা নাই। অন্যহাতে, অন্যান্য দেশসমূহেও স্ব-ইচ্ছাই এই বিত্তীয় পূঁজিলৈ অনুদান আগবঢ়োৱাৰ বিষয়টোক উৎসাহিত কৰা হৈছে।

পেৰিছ চুক্তিয়ে বহনক্ষম জীৱনশৈলী তথা বহনক্ষম উৎপাদন তথা উপভোগ প্ৰক্ৰিয়াক, জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে অন্যতম প্ৰয়োজনীয় বিষয় হিচাপেও স্বীকৃতি দিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে, শক্তিৰ ব্যৱহাৰৰ দিশৰ পৰা বিশ্বৰ নানা দেশৰ মাজত, বিশেষকৈ উন্নত তথা উন্নয়নশীল দেশসমূহৰ মাজত থকা বিশাল পাৰ্থক্যক হ্ৰাস কৰি, শক্তিৰ সমবিতৰণ কৰাটো বহনক্ষম উন্নয়ন প্ৰক্ৰিয়াৰ অন্যতম অংগ আৰু ইয়াৰ জৰিয়তে, এই দুই শ্ৰেণীৰ দেশৰ মাজত থকা অসমতাকো নোহোৱা কৰি, জলবায়ু পৰিৱৰ্তনৰ স’তে মোকাবিলা কৰাৰ বাট মুকলি হ’ব বুলি আশা কৰিব পাৰি।

ইয়াৰ বিপৰীতে, পেৰিছৰ এই সদ্যগৃহীত চুক্তিখনৰ আটাইতকৈ দূৰ্ৱল দিশটো হ’ল এয়ে যে –ইয়াৰ বিভিন্ন কাৰ্য্যব্যৱস্থা ৰূপায়ন কৰিবলৈ অসমৰ্থ বা অনিচ্ছুক দেশৰ প্ৰতি কোনো আইনী কাৰ্য্যব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা নোহোৱাটো। ইয়াৰ কাৰণ হ’ল – আইনী বাধ্যবাধকতা থকা চুক্তি এখনত সন্মতি দিয়া আৰু গ্ৰহণ কৰাত বিশ্বৰ অন্যতম কূটনৈতিক তথা ৰাজনৈতিকভাৱে শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অসমৰ্থতা বা অনিচ্ছুকতা।আইনী বাধ্যবাধকতা নথকা হেতুকে চুক্তিত কথা দিয়া অনুযায়ী, সেউজ গৃহ গেছ নিৰ্গমন হ্ৰাস কৰিব নোৱাৰা দেশসমূহৰ ওপৰত কোনোধৰণৰ নিয়ন্ত্ৰণ নাথাকিব আৰু এই কথাই গোতেই চুক্তিখনৰ সম্পূৰ্ণ সফল হোৱাত বাধা দিব বুলি আশংকা কৰিব পাৰি। অন্যহাতে, অধিকাংশ ক্ষেত্ৰতে এই চুক্তিখনত কাৰ্বন-ডাই-অক্সাইডকে ধৰি সকলো সেউজ-গৃহ গেছৰ কোনো সাংখ্যিক নিৰ্গমন সীমা নাই, নিৰ্দিষ্ট কৰি দিয়া লক্ষ্য নাই, আৰ্থিক দায়বদ্ধতা বা চুক্তি নমনা দেশৰ ক্ষেত্ৰত কোনো জৰিমণা নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই। তদুপৰি, নিৰ্গমন হ্ৰাস আদিৰ দৰে বিষয়বোৰত কোনো তাৰিখ বা বৰ্ষক নিৰ্দিষ্ট সীমা হিচাপে ধৰি দিয়াৰ সলনি “যিমান পাৰি সোনকালে” বুলি উল্লেখ কৰা কথাষাৰে গোটেই চুক্তিখনৰ ৰূপায়ন প্ৰক্ৰিয়ালৈ একধৰণৰ অস্পষ্টতা আনি দিছে।কেৱল সেয়াই নহয়, এনে নিৰ্দিষ্ট সময়সীমা নথকা হেতুকে আৰু তাৎক্ষনিকভাৱে উন্নয়নশীল আৰু সবাতোকৈ কম উন্নত দেশসমূহত বিনিয়োগৰ ব্যৱস্থাহীনতাৰ বাবে, আশাকৰা ধৰণেৰে ১.৫০ ছেলছিয়াছৰ সীমাৰ ভিতৰত উষ্ণতা বৃদ্ধিক নিয়ন্ত্ৰিত কৰি ৰাখিব পৰাৰ সম্ভাৱনা অতি কম বুলি অনুমান কৰিব পাৰি।ইয়ে স্বাভাৱিকতে, সাগৰতলীৰ পৰা নিম্ন উচ্চতাত থকা, উপকূলীয় দেশসমূহ তথা ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ্সমূহক এই চুক্তিৰ কাৰ্য্যকাৰীতা সম্পৰ্কে সন্দিহান কৰি তুলিছে। এইখিনিতে, উল্লেখনীয় যে, ১.৫০ ছেলছিয়াছৰ এই সীমাৰ ভিতৰত উষ্ণতাক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, হিমবাহ তথা হিমশিলাৰ গলনৰ পৰিণতিত হোৱা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিয়ে বিশ্বৰ প্ৰায় সকলো দ্বীপৰাষ্ট্ৰকে প্লাৱিত কৰিব বুলি বিজ্ঞানীসকলে অনুমান কৰিছে। অন্যহাতে, পেৰিছ চুক্তিৰ দফাসমুহত জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত উন্নত দেশসমূহৰ “ঐতিহাসিক দায়বদ্ধতা”ৰ প্ৰসংগটোক কৌশলপূৰ্ণভাৱে আঁতৰাই ৰখা, এই দায়বদ্ধতাৰ ভিত্তিত সকলো ৰাষ্ট্ৰৰ মাজত “কাৰ্বন বাজেট”ৰ সমবিতৰণৰ উল্লেখ নথকা আদি কথাই তুলনামূলকভাৱে অনুন্নত আৰু উন্নয়নশীল দেশসমূহক বঞ্চিত কৰিব বুলিও বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

পেৰিছত গৃহীত নতুন আন্তৰ্জাতিক জলবায়ু চুক্তি সম্পূৰ্ণৰূপে নিখুঁত বুলি নিশ্চয় ক’ব নোৱাৰি। হ’লেও, এই চুক্তিয়ে জলবায়ু পৰিৱৰ্তনৰ ভয়াবহতা তথা ইয়ে মানৱ সমাজত সৃষ্টি কৰিব পৰা সমূহ সমস্যাৰ গুৰুত্বক অনুধাৱন কৰাৰ লগতে, এই ক্ষেত্ৰত বিশ্বৰ সকলো দেশৰে সহযোগিতাৰ প্ৰয়োজনীয়তাক স্পষ্টভাৱে স্বীকাৰ কৰিছে। অন্যহাতে, ক’পেনহেগেন আলোচনাৰ কিছু আগৰে পৰা দিক-বিদিক হেৰুৱাই পেলোৱা আন্তঃৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় কাৰ্য্যপন্থাক পেৰিছ চুক্তিয়ে নকৈ এক নিৰ্দিষ্ট গতি প্ৰদান কৰিছে বুলিও একেমুখে ক’ব পাৰি। শুধৰণি আৰু অধিক দৃঢ় কৰাৰ সুযোগ থাকিলেও, আগন্তুক ২০১৬ চনৰ এপ্ৰিল মাহৰে পৰা ৰাষ্ট্ৰ্সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰিবলৈ মুকলি হ’বলগীয়া চুক্তিখনৰ ৰূপায়নৰ প্ৰতি সদস্য ৰাষ্ট্ৰসমূহৰ সদিচ্ছা তথা সততাৰ ওপৰতে চুক্তিৰ কাৰ্য্যকৰীতা তথা সমান্তৰালভাৱে এই ভূগ্ৰহটিৰ ভৱিষ্যত যে নিৰ্ভৰশীল, সেই কথাত সন্দেহৰ অৱকাশ নাই। আৰু এই কথাষাৰকে, চুক্তিত সন্মতি জনোৱা সকলো সদস্য ৰাষ্ট্ৰই উপলব্ধি কৰাৰ প্ৰয়োজন সৰ্বাধিক।

লেখিকা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ, গুৱাহাটীত প্ৰকল্প বিজ্ঞানী ৰূপে কৰ্মৰত।

No comments:

Post a Comment