মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মোদীজীলৈ মুকলি চিঠি 
স্বৰাজজ্যোতি কোঁৱৰ
মাননীয় মোদীজী,
গোটেই দেশতে বিকাশ কৰিব বুলি আপোনাক ভোট দিয়া আমিবোৰে আপোনাৰ কাম-কাজকো লক্ষ্য কৰি আছো। তাৰে কেইটিমান অনুভৱ আপোনাৰ জ্ঞাতাৰ্থে লিখিবলৈ ওলাইছো। আপোনাৰ কৰ্মৰ শৈলী আৰু শাসনৰ দিনবোৰত প্ৰত্যক্ষ কৰিব পাৰিছো, যেন শাসনৰ ক্ষমতা কৰবাত কেন্দ্ৰীভূত হবলৈ ধৰিছে। ফলত তাৰ প্ৰতিক্ৰিয়া সৰ্বত্ৰ অনুভূত হৈছে। কেইজনমানক লৈয়ে শাসকৰ 'প্ৰিয়-পাৰিষদ' গঠনৰ কথাটোৱেও চাগৈ আপোনাৰ কাষ চাপিব নোৱাৰা সকলক ক্ৰমে শত্ৰুতাৰ শিবিৰলৈ যাবলৈ বাধ্য কৰি আছে! আপুনি হয়তো ব্যস্ততাৰ বাবেই এই বিশ্লেষণ কৰিবলৈ সুযোগ পোৱা নাই অথবা আপুনি সেইবোৰ মনিব পৰাকৈ পাৰিষদেও সেই সুৰুঙা ৰখা নাই!
আপুনি জানেনে যে আপুনি এটা ডাঙৰ ৰাজনৈতিক ভুল কৰি আছে ? আপোনাৰ ৰাজনৈতিক উপদেষ্টা কোন বাৰু ? যিয়েই নহওঁক তেওঁ এজন শকুনিয়েই হব লাগিব যিয়েই আপোনাক ধ্বংস কৰিবলৈ লাগি আছে। সেই সকলক চিনাক্ত কৰাটো আপোনাৰ নিজৰ বাবেই যে কুশলতৰ কাৰ্য হব সেয়াও উনুকিয়াই দিব খুজিছো।

যোৱা লোকসভাৰ নিৰ্বাচনৰ 'জনাদেশ'ৰ এটা থূলমূল আভাস অথচ তিতা সত্যৰ কথা বেকত কৰিব বিচাৰিছো। আপোনাৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ দেশত মাত্ৰ ৩১% ভোট হে পাইছিল, অৰ্থাৎ প্ৰশ্ন হয়, বাকী ৬৯% ভোটাৰে আপোনাৰ নেতৃত্বক প্ৰত্যাখ্যান কৰিছিল বা গ্ৰহণ কৰিব পৰা নাছিল নেকি বাৰু? আৰু আপোনাৰ পাঁচবছৰীয়া শাসনকালৰ পিছত বৰ্তমানৰ ক্ষয়িঞ্চু জনপ্ৰিয়তাৰ ফলত ই ২০% বা তাতোকৈ কমো হবগৈ পাৰে। ইয়াৰ অৰ্থ হৈছে ৮০% ভোটাৰ আপোনাৰ বিপক্ষে গুচি যাব আৰু এজন বিকল্পৰ কথা চিন্তা কৰিব যি জনক তেওঁলোকে বিশ্বাসত লব পাৰে আপোনাক হৰাব পাৰে। কোন সেইজন ? ৰাহুল গান্ধী ? মুঠেও নহয় বুলি আপুনিও জানে। ৰাহুল গান্ধীকে যিমান দিনলৈ বিৰোধী দল(বিশেষকৈ কংগ্ৰেছে) আপোনাৰ সমুখত থিয় কৰাই থাকিব, প্ৰতিদন্দী ৰূপে, সিমান দিনলৈ আপোনাৰে মংগল। কিন্তু দেশৰ মানুহে দেখোন তাৰো বিকল্পৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছেই!

এইখিনিতেই কথাটো আমোদজনক হৈ পৰে। দেশৰ জনতা চৰম অনিশ্চয়তাত ভূগি আছে যে তেওঁলোকে ভৱিষ্যতে বিকল্প নেতৃত্ব ৰূপে কাক ভোট দিব, তেওঁলোকৰ আগত কোনো বিকল্প নাছিল। কিন্তু দেশৰ জনতাৰ আগত অৰবিন্দ কেজৰিৱালক ৰাষ্ট্ৰীয় নেতা হিচাপে ক্ৰমাত চিনাকি কৰাই দিছে আপুনিহে। আপুনি কেজৰিৱালক বাধা দিবলৈ চেষ্টা কৰিছে আৰু তেওঁৰ দলটোকো ভ্ৰষ্ট্ৰাচাৰীৰ দল বুলি প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছে। কিন্তু যেতিয়া আপুনি এই কামটো কৰে, ই কেজৰিৱালৰ বৃহৎ প্ৰচাৰ কৰে আৰু দেশৰ জনতাৰ মাজত আলোচনাৰ বিষয় কৰি তুলে। যেতিয়া আপুনি কেজৰিৱালক আক্ৰমণ কৰে বা কেজৰিৱালে আপোনাক মনোৰুগী বুলি প্ৰত্যাক্ৰমণ কৰে তেতিয়া এক সংখ্যক লোকে কেজৰিৱালক সমৰ্থন কৰে আৰু তেওঁক এজন নেতা হিচাপে গণ্য কৰে যিয়ে আপোনাৰ মুখামুখি হব পাৰে বা বিৰোধ কৰিব পাৰে। আপুনি কব নোৱাৰাকৈয়ে কেজৰিৱালক ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰি জনতাৰ আগত পৰোক্ষভাৱে প্ৰমোট কৰিহে আছে যিটো আমাৰ দৃষ্টিত আজিলৈকে আপোনাৰ বৃহৎ ৰাজনৈতিক ভুল বুলি বিবেচনা কৰিছো।


আমি অনুভৱ কৰিব পাৰিছো, আপুনি যে এতিয়া সম্পূৰ্ণ অসহায় অৱস্থাত আছে, কাৰণ কেজৰিৱালক বৰ্তমান ও ভৱিষ্যত ৰাজনীতিৰ চাণক্য বুলি আপুনি বুজি পাই গৈছে। কেজৰিৱালে আপোনাক জোৰ কৰি তেওঁক আক্ৰমণ কৰিবলৈ বাধ্য কৰিব নাইবা তেওঁ নিজেই আপোনাক আক্ৰমণ কৰিব, কিন্তু তেওঁক কেতিয়াও অগ্ৰাহ্য কৰিবলৈ নিদিয়ে আপোনাক। কেজৰিৱালৰ পক্ষে আটাইতকৈ ভাল গুণটো হৈছে তেওঁ ইতিমধ্যে বহুতৰ পৰা ৰাজনৈতিক বিশ্বাস আদায় কৰিবলৈ সক্ষম হৈছে, বিশেষকৈ দিল্লীবাসীৰ। আৰু আপুনিয়েই কৈছিল যে আজি দিল্লীবাসীয়ে যি ভাবে সেয়া কালিলৈ দেশে ভাবিব। কেজৰিৱালে তেওঁৰ ভাল কৰ্মৰ জৰিয়তে দিল্লীবাসীৰ দৈনন্দিন জীৱন যাপনৰ মানদণ্ড উন্নত কৰি তুলিছে। আৰু মাত্ৰ এবছৰৰ ভিতৰতে যে এই মানদণ্ড উন্নত হৈছে সেইটো আপুনিও দেখিছে। গুপ্তচৰেও জানো ৰজাক মানুহ ক্ৰমাত সুখী হৈ অহাৰ খবৰবোৰ ডাঁৰৰ বাতৰি ডাঁৰে দি থকা নাই। কল্পনা কৰক আৰু তিনি বছৰৰ পিছত এই গতিৰে দিল্লীত জীৱন নিৰ্বাহৰ সুচলতা কিমান উন্নত হব। তেতিয়া আৰু আপুনি তেওঁক ৰখাব নোৱাৰিব, কাৰণ তেওঁৰ ভাল কামবোৰ লুকুৱাব নোৱাৰিব। তেওঁলোকৰ বিকল্প প্ৰচাৰ পদ্ধতিক ব্যৱসায়িক মেডিয়া মেনেজমেণ্টেৰে পৰাভূত কৰাটো সম্ভৱ নহয়, সেই কথাটো ইতিমধ্যেই প্ৰমাণ পাইছেই! কংগ্ৰেছ চৰকাৰে যেনেকৈ আপুনি গুজৰাটত কৰা কিছুমান ভাল কাম লুকুৱাই ৰাখিছিল একেটা ভুলেই আপুনিও কৰিব ধৰিছে। তিনি বছৰৰ পিছত দিল্লীৰ তুলনাত আপুনি কৰা ভাল কামবোৰ নগণ্য হৈ পৰিব। কেজৰিৱালৰ বৃহৎ প্ৰকল্প বোৰৰ কেইটামানৰ কথাই চাওক, যিবোৰে সাধাৰণ মানুহৰ জীৱনৰ সুচলতা, দৈনন্দিন জীৱনধাৰাক প্ৰভাৱিত কৰিব। ১. বিজুলী আৰু বিশুদ্ধ খোৱা পানীৰ সমস্যা সমাধান । ২. সকলো চৰকাৰী বিদ্যালয়ক ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ উন্নত কৰা । ৩. ১৭০০ টা পথৰ নৱনিৰ্মান । ৪. ১০০০ চিকিৎসা কেন্দ্ৰ স্থাপন কৰা । ৫. যমুনা নদীৰ চাফাকৰণ ইত্যাদি ইত্যাদি, এমুঠি ইতিবাচক উদাহৰণহে!

মোডীজী আপুনি এই কামবোৰ লুকুৱাব পাৰিব নে ? বা আপুনি কেজৰিৱালক এই কামবোৰ কৰাৰ পৰা বিৰত ৰাখিব পাৰিব নে ? তাকো দেশৰ ৰাজধানীত? এই মুহূর্তত আপোনাৰ ওচৰত এটাই বিকল্প আছে আৰু সেইটো হৈছে আপুনি কেজৰিৱালতকৈ বেছি ভাল কাম কৰিব লাগিব আৰু এনেকুৱা আঁচনি গ্ৰহণ কৰিব লাগিব যিয়ে সাধাৰণ জনতাৰ বৰ্তমান জীৱন যাত্ৰা সুচল কৰি তুলে । দেশৰ জনতাই ভাল দিনক উপভোগ কৰিব বিচাৰে, টেলিভিচনত চাবলৈ নহয়। এইটো এটা প্ৰতিযোগিতা আৰু আপুনি কেজৰিৱালতকৈ ভাল কাম কৰিব লাগিব আৰু আপুনি আপোনাৰ সেইসকল সাম্প্ৰদায়িক লোকক আঁতৰাই দিয়ক যিয়ে আপোনাৰ বন্ধুতকৈ বেছি শত্ৰু সৃষ্টি হোৱাত সহায় কৰি আছে । এইটোৱেই সময়, আপোনাৰ খেলৰ নিয়ম সলনি কৰিবলৈ। আপুনি এতিয়া যিটো খেল কেজৰিৱালৰ লগত খেলি আছে সেইটো বহুত পুৰণি হ'ল। আৰু কেজৰিৱালেই এইখন খেলত জিকিব। এতিয়া মাত্ৰ আপুনি নিৰপেক্ষ আৰু অন্যায় নকৰাকৈ খেলাৰ সময়। খেলৰ নিয়ম সলনি কৰি নিজকে সুৰক্ষিত কৰিবনে, পুৰণি খেলত নিজকে পৰাভূত হোৱাটো চাব বিচাৰিব, এতিয়া সিদ্ধান্ত লোৱাৰ পাল আপোনাৰ, হয় মোদীজী, কেৱল আপোনাৰ!

2 comments:

  1. বৰ ভাল লাগিল আৰু ই এক নিৰ্মম সত্য

    ReplyDelete
  2. Writer is a frustrated Atma ����������

    ReplyDelete