পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কৰ্প'ৰেটৰ হাতোৰাত ক্ৰিকেট আৰু ফুটবল 
কিমান সুৰক্ষিত? ডাঃ অজিত কুমাৰ পটঙ্গীয়া
ফুটবলৰ ভূবনমোহিনী ৰূপ উপভোগৰ পৰা কালিলৈকে বঞ্চিত হৈ আছিল উত্তৰ-পূবৰ ক্ৰীড়াপ্ৰেমী৷ আমাৰ বাবে ফুটবল আছিল কালিলৈকে এটা খেল৷ ফুটবলৰ গ্লেমাৰাৰ্ছ দিশটো আজিহে যেন প্ৰাণভৰি উপভোগ কৰিলে উত্তৰ-পূবৰ ৰাইজে৷ ফুটবল এটা খেল নহয়৷ ফুটবল এটা শিল্প, ফুটবল এটা সঙ্গীত, ফুটবল এটা নৃত্য৷” যোৱা বছৰ ১৩ অক্টোবৰ তাৰিখে গুৱাহাটীৰ সৰুসজাইৰ ষ্টেডিয়ামত ইণ্ডিয়ান চুপাৰ লীগ (ISL)ত কেৰালা ব্লাষ্টাৰ্ছ আৰু নৰ্থ-ইষ্ট ইউনাইটেডৰ মাজৰ ফুটবল খেলখন উপভোগ কৰাৰ পাচত এইয়া এজন অত্যুসাহী সাংবাদিকৰ ভাষ্য।
 
সেই সময়ত গুৱাহাটীকে ধৰি ভাৰতবৰ্ষৰ মধ্যবিত্ত শ্ৰেণী এটা জ্বৰত আক্ৰান্ত হৈছিল - ফুটবলৰ জ্বৰত। আই এচ এলত নৰ্থ-ইষ্ট ইউনাইটেডে প্ৰথমখন খেলত জয়লাভ কৰাৰ পাছত এই জ্বৰৰ তীব্ৰতা আমাৰ এই তথাকথিত সাতভনী (এতিয়া চিকিম প্ৰদেশকো ভাতৃ হিচাবে লাভ কৰিছে) উত্তৰ-পূৰ্ব্বাঞ্চলত তুঙ্গত। সেয়েহে স্বাভাৱিক ভাবে এই অঞ্চলৰ এচাম সাংবাদিকৰ কলমত নিগৰিছিল ফাটাফাটি ফুটবলৰ বন্দনা। বন্দনা কৰা হৈছিল ফুটবলৰ নান্দনিক সৌন্দৰ্য্যৰ। উত্তেজনাৰ মাজত তেওঁলোকে হয়তো পাহৰি গৈছিল যে অকল ফুটবলেই নহয় সামগ্ৰিক ভাবে খেল কেতিয়াবাই উন্নীত হৈছিল শিল্পৰ পৰ্য্যায়লৈ৷ ক্ৰিকেট আৰু ফুটবলো ইয়াৰ ব্যাতিক্ৰম হব নোৱাৰে। ক্ৰিকেটত ডন ব্ৰেডমেনৰ আৰু ফুটবলত পেলেৰ খেলৰ ধ্ৰুপদী শৈলীক কোনে পাহৰিব পাৰে?

খেলৰ এটা অতি প্ৰয়োজনীয় সামাজিক ভূমিকা আছে৷ খেল হৈছে সমাজৰ সৃষ্টি আৰু এটা সমাজবদ্ধ ক্ৰিয়াৰ ফচল৷ ফলত তাৰ সুগভীৰ প্ৰভাৱ থাকে সমাজত৷ খেল শৈশৱৰ পৰাই ল'ৰা-ছোৱালীৰ আনন্দৰ উৎস হোৱাৰ উপৰিও ই শিকায় শৃঙ্খলাবোধ, সহমৰ্মিতা, পাৰস্পৰিক বুজাবুজি, বৃদ্ধি কৰে কল্পনাশক্তি, সিদ্ধান্ত গ্ৰহণ ক্ষমতা, সহণশীলতা, চাপ লোৱাৰ ক্ষমতা, সৃষ্টি কৰে ব্যক্তিত্ব আৰু নেতৃত্ব দিয়াৰ শক্তি৷অতীতত খাদ্য অম্বেষণৰ বাবে সকলো সময়তে ব্যস্ত হৈ থাকিব লগা মানুহে সভ্যতাৰ অগ্ৰগতিৰ পথত যেতিয়া সহজে অধিক উৎপাদনৰ উপায় উলিয়াই কিছু আজৰি সময় পাইছে, সেই অবসৰৰ সময়খিনি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল নান ধৰণৰ শাৰীৰিক কচৰৎ, দৌৰ, সাঁতোৰ, নাওঁ চলোৱা, ধনু চলোঁৱা ইত্যাদিত৷ ই মানুহক বাছি থকাৰ প্ৰয়োজনত অধিক দৈহিক শ্ৰমৰ বাবে উৎসাহ, দক্ষতা আৰু প্ৰাণ শক্তি বৃদ্ধিত অৰিহণা যোগোৱাৰ উপৰিও মগজুৰ সৃষ্টিশীলতাও বৃদ্ধি কৰিছিল, মনোযোগ আৰু ধৰ্য্যশীলতা বঢ়াইছিল, মানুহক দলবদ্ধ শক্তিৰ উমান দিছিল৷ ইয়াৰ সুফলবোৰ উপলদ্ধি কৰিয়েই মানুহে সৃষ্টি কৰিছিল দলবদ্ধ ক্ৰীড়াৰ, ক্ৰীড়া প্ৰতিযোগিতাবোৰৰ৷ পৰিবৰ্ত্তিত সময়ত আধুনিক অলিম্পিকৰ আৰম্ভ হৈছিল, যত খেলত জিকাতকৈয়ো অংশ গ্ৰহণেই সন্মানৰ কথা৷ সেয়েহে খেলে সৃষ্টি কৰিছিল বহুতো অবৰ্স্মৰণীয়, অনুসৰণীয়, সন্মানীয় খেলুৱৈৰ, সন্মানীয় চৰিত্ৰৰ, সৃষ্টি কৰিছিল উচ্চ নীতি নৈতিকতাৰ|

ইণ্ডিয়ান প্রিমিয়াৰ লীগ সংক্ষেপে আই পি এল অনুস্থিত হোৱাৰ আগলৈকে ক্ৰিকেটক কোৱা হৈছিল ভদ্ৰলোকৰ খেল৷ মেচ ফিক্সিং, স্পট্ ফিক্সিং, জুৱাই কলঙ্কিত কৰি তোলাৰ পিছতহে জনা গ’ল এই ভদ্ৰলোকৰ খেল ক্ৰিকেট এতিয়া আৰু ভদ্ৰলোকৰ হৈ থকা নাই৷ জুৱাৰ টকাৰ অংশ পোৱাৰ লোভত যোৱা বছৰ আই-পি-এলত স্পট ফিস্কিঙৰ বাবে অভিযুক্ত ৰাজস্থান ৰয়েলছৰ শ্ৰীসান্থকে ধৰি তিনিগৰাকী খেলুৱৈক এক অভাৰত এক নিৰ্দিষ্ট সংখ্যক ৰাণ দিবলৈ উৎকোচ দিয়া হৈছিল ১ কোটি ১০ লাখ টকা। তাৰ আগৰ আই-পি-এলত স্পট ফিস্কিঙৰ বাবে অভিযুক্ত সুধীন্দ্ৰ কুলকাৰ্ণিয়ে কৈছিল -"এটা ন' বল কৰাৰ বাবে যদি ১০ লাখ টকা পাওঁ, নলম কিয়?" প্ৰকৃততে এই টকাৰ পৰিমাণ হয়তো অনেক বেছি। নক'লেও হ'ব এনে স্বভাৱৰ ক্ৰিকেট খেলুৱৈসকলৰ সমাজত স্থান বাৰবণিতাতকৈয়ো কম। বাৰবণিতাই নিজক বেচে নিজৰ আৰু পৰিয়ালৰ পেটৰ দায়ত, কিন্তু এই সকল নামী-দামী ক্ৰিকেটখেলুৱৈয়ে নিজক বেচিছে অধিক টকাৰ লোভত। নাৰীৰ প্ৰতি সহজাত দুৰ্বলতা থকা শ্ৰীসান্থক মেছ ফিস্কিং আৰু জুৱাৰ মূল হোতা ডি কোম্পেনীয়ে মৌ ফাণ্ড (Honey trapping)ৰ দ্বাৰা ব্লেকমেইলিং কৰি স্পট ফিস্কিঙৰ বাবে বাধ্য কৰোৱাটোও নুই কৰিব নোৱাৰি। পিচে আজি এই অকল ধৰা পৰা কেইজনমানহে এই দুৰ্নীতিৰ লগত যুক্তনে? এই টুৰ্ণামেন্টৰ দল গঠনত প্ৰচুৰ ক'লা টকাৰ বিনিয়োগকাৰীসকল ধোৱা তুলসীৰ পাত নেকি? স্বয়ং বি-চি-চিআয়েও এইবোৰ বন্ধ কৰাৰ অসমৰ্থতা প্ৰকাশ কৰিছে। এইবোৰ দেখিও ভাৰতীয় ক্ৰিকেটৰ ভগৱানৰ মৰ্য্যদা পোৱা ৰাজ্যসভাৰ সাংসদ শচীন তেণ্ডুলকাৰ ডাঙৰীয়াক সংসদৰ বাহিৰে ভিতৰে এই সম্পৰ্কে সৰৱ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নগ'ল। অবিবেচকভাবে আই-পি-এলক কৰ ৰেহাই দিয়া চৰকাৰে মুখলজ্জা ঢাকিবলৈ ক্ৰীয়াক্ষেত্ৰত দুৰ্নীতি প্ৰতিৰোধৰ বাবে আইন প্ৰণয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

ক্ৰিকেটক লৈ আমাৰ দেশৰ মানুহৰ মাজত উত্তেজনা সদায়েই আছে। সংবাদ মাধ্যমৰ আকৰ্ষনীয় প্ৰচাৰৰ সুবাদত আই-পি-এলক লৈ সমগ্ৰ দেশ জুৰি যে উদ্মাদনাৰ সৃষ্টি হৈছিল, সি স্পট ফিস্কিং কেলেংকাৰীৰ ফলতেই দিল্লী আৰক্ষীয়ে ৰাজস্থান ৰয়েলছৰ শ্ৰীসান্থকে ধৰি তিনিগৰাকী খেলুৱৈ আৰু কেইবাজনে বুকীক গ্ৰেপ্তাৰ কৰাৰ পৰা অভিনেতা বিন্দু দাৰা সিং ৰানধাৱা আৰু বি-চি-চি-আইৰ সভাপতি শ্ৰীনিবাসনৰ জোঁৱায়েক তথা চেন্নাই ছুপাৰ কিংছৰ মালিক গুৰুনাথ মেইয়াপ্পনাক গ্ৰেপ্তাৰলৈকে পোৱা খবৰে সেই উন্মাদনা খেলৰ শেষৰ ফালে প্ৰায় স্তিমিত কৰি পেলাইছিল।

কোনো জিকিব ধৰা দল হয়তো হঠাৎ হাৰি গ'ল। ধাৰাবিৱৰণ দিয়াজনৰ মতে এইয়াই ক্ৰিকেটৰ মহত্ত্ব! ক্ৰিকেট যে অনিশ্চিয়তাৰ খেল! খেলৰ উত্তেজনাত মগ্ন সাধাৰণ দৰ্শকে বুজিয়েই নাপায় যে এইবোৰ আগতেই ঠিক কৰি ৰখা একো একোখন চাৰ্কাচহে মাথোন। আমাৰ দেশত খেলত জিকা-হৰাক লৈ বাজি লগোৱাতো বা জুৱা খেলাটো একো নতুন কথা নহয়। জুৱাত হাৰি বহুতো মধ্যবিত্তলোক সৰ্বস্বান্ত হৈ আহিছে, আত্মহত্যা পৰ্য্যন্ত কৰিছে। জুৱাত টকা থকা বা সহজে ধন ঘটাৰ আশাত লোভী মানুহেহে অংশ লয়। কিন্তু সাধাৰণ ক্ৰীয়াপ্ৰেমী দৰ্শক, যাৰ বাবে খেল উপভোগ, আনন্দৰ উৎস, তেওঁলোকৰ ওচৰত খেলত কোন জিকিব, কোন হাৰিব সেয়া বুকীসকলে নিৰ্ধাৰিত কৰি দিয়া কাণ্ড হৈছে - এক চাৰ্কাচ যাক মানি লোৱাতো সঁচাকৈয়ে অপমানজনক। যোৱা বছৰ আৰম্ভ হোৱা ফুটবলৰ ক্ষেত্ৰত ইণ্ডিয়ান চুপাৰ লীগ বা আই এচ এলতো ইতিমধ্যে এইয়া হোৱা নাই বা ভৱিষ্যতে নহব তাক এতিয়াই পোনচাটেই কব নোৱাৰি।

এসময়ত ইংৰাজ শাসক শ্ৰেণীৰ যোগেদি আমাৰ দেশলৈ অহা ক্ৰিকেট খেলে স্বাধীনোত্তৰ ভাৰতবৰ্ষত চৰকাৰৰ পৃষ্ঠপোষকতা আৰু প্ৰচাৰ মাধ্যমৰ সহায়ত ৰজা, জমিদাৰ, অভিজাত শ্ৰেণীৰ পৰা মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণী মানুহৰ ওচৰতো আজি এক বিশেষ স্থান লৈছে। আজি ৩০ বছৰমান আগলৈকে টেষ্ট ক্ৰিকেট আছিল শীতকালত ছুটি উপভোগৰ খেল। কিন্তু আজি দ্ৰুত ব্যস্ত জীৱনত এটা খেলৰ বাবে পাচঁ দিন ব্যয় কৰাৰ সময় যিহেতু বেছিভাগ মানুহৰে নায়েই, সেয়েহে এই খেলৰ দৰ্শকৰ সংখ্যা কমি আহিছিল। সেয়েহে পৰিকল্পিতভাবে আৰম্ভ হৈছিল দ্ৰুত মাৰমুখী এদিনীয়া ক্ৰিকেট। ই অতি সোণকালে জনপ্ৰিয় হৈ উঠাত শেহতীয়াভাবে জন্ম হয় ২০ অ'ভাৰৰ ক্ৰিকেটৰ, য'ত গাম্ভীৰ্যৰে ভৰা ধ্ৰুপদী ক্ৰিকেটত নান্দনিক সৌন্দৰ্য্য নহয়, তীব্ৰ উত্তেজনাই মূল আকৰ্ষণ।

সেইদৰে জন্মৰ পিচত কিছু ডাঙৰ হৈ নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰা হোৱাৰে পৰা ভৰিৰে বলটো গুৰিয়াই দি খেল জগতত প্ৰবেশ কৰে অধিকাংশ কোমলমতি শিশুৱে৷ গতিকে শিশু অৱস্থাৰ পৰাই শিকিবলৈ বুজিবলৈ অতি সহজ খেল ফুটবলকলৈ বিশ্বৰ অধিকাংশ দেশৰ জনসাধাৰণৰ দৰে ভাৰতবৰ্ষৰ জনসাধাৰনৰো উত্তেজনা সদায়েই আছে| দেশীয় ফুটবলে মাথো জনপ্ৰিয়তা হেৰুৱাইছিল চৰকাৰৰ পৃষ্ঠপোষকতাৰ অভাৱত, টিভিত দ্ৰুতগতিৰ ইউৰোপীয় ফুটবল খেলসমূহ উপভোগ কৰি৷ সাধাৰণতে গ্ৰীস্মকালৰ খেলা ভাৰতীয় ফুটবলত জলবায়ু আৰু শাৰীৰিক গঠনে দ্ৰুতগতিৰ ফুটবল খেলাতো কিছু অন্তৰায় সৃষ্টি নকৰাকৈ থকা নাই!

ভাৰতবৰ্ষত বিভিন্ন কোম্পানী সমূহৰ ব্যৱসায়িক প্ৰচাৰৰ বাবে খেলৰ স্পনচ'ৰচিপৰ জৰিয়তে ক্ৰিকেট খেলুৱৈৰ শৰীৰৰ পৰা আৰম্ভ কৰি বেট, খেলপথাৰ আৰু ৰেডিঅ'/টিভিত অভাৰৰ মাজে মাজে বিজ্ঞাপন দিয়া আৰম্ভ হৈছিল কেতিয়াবাৰে পৰাই৷ চলচ্চিত্ৰ অভিনেতা-অভিনেত্ৰীৰ দৰে গ্লেমাৰ থকা খেলুৱৈক পণ্য সামগ্ৰী প্ৰচাৰৰ বিজ্ঞাপনতো ব্যৱহাৰ কৰা হৈ আহিছে৷ ইয়ালৈকে সকলো থিকেই আছিল৷ কিন্তু যি সময়ত অভিযোগ উঠিছে- ইউৰোপৰ ফুটবল ক্লাব সমূহত ক'ৰ্প'ৰেট'ৰ পোনপটীয়া অংশ গ্ৰহণে ইতিমধ্যে খেলুৱৈ সকলৰ সৃষ্টিশীলতা আৰু স্বকীয়তাত বাধা দিছে, সেই সময়তেই ভাৰতবৰ্ষত ক্ৰিকেট আৰু ফুটবলত বিপুল পৰিমানৰ দৰ্শক থকালৈ চাই গোটেই ক্ৰিকেট আৰু ফুটবলক সম্পূৰ্ণ বাণিজ্যিকীকৰণ ঘটোৱা হল ক'ৰপ'ৰেট গোষ্ঠী সমূহৰ সম্পুৰ্ণ ব্যৱসায়ীক স্বাৰ্থত - প্ৰথমে আই-পি-এল আৰু তাৰ পাছত আই-এচ-এলৰ জৰিয়তে৷ সৃষ্টি কৰা হ'ল ক্ৰিকেট আৰু ফুটবল নামৰ পণ্য বিক্ৰি কৰা কিছুমান কোম্পানীৰ, কিছুমান ফ্ৰেনছাইজিৰ৷ ক'চ আৰু খেলুৱৈ বাচনি কৰিব ফ্ৰেনছাইজি বিলাকে নিলামৰ জৰিয়তে, যেন অতীতৰ সেই শৰীৰ পিতিকি পিতিকি চাই দৰ-দাম থিৰ কৰা দাস ব্যৱসায়৷ যি মালিকৰ যিমান টকাৰ জোৰ, খেলুৱৈ (নে দাস!) বাছিব তেওঁৰ ইচ্ছানুসৰি, তেওঁৰ নিৰিখত, তাত খেলুৱৈৰ জোষ্ঠ্য বা কনিষ্ঠ বুলি কোনো কথা নাই, নাই কোনো সন্মানৰ প্ৰশ্ন৷ সেয়েহে বহুবাৰ দেখা গৈছে কেইবাগৰাকীয়ো জ্যোষ্ঠ খেলুৱৈ নিলাম ষ্টেণ্ডত থিয়হৈয়ো নিজক বেচিব নোৱাৰি নিৰাশ হৈ উভতি গৈছে। খেলুৱৈ হিচাবে পাব লগা মৰ্য্যদাৰ পৰাও যেন তেওঁলোক বঞ্চিত। আজি কবলৈ দুখ লাগে এই নিলাম ব্যৱস্হাই সন্মানীয় ক্ৰিকেট আৰু ফুটবল খেলুৱৈ সকলক লৈ গৈছে বহু নিম্ন পৰ্য্যায়লৈ৷ প্ৰথম আই-পি-এলৰ নিলামত ভাগ লোৱা প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈ(উইকেটকিপাৰ)আডাম গিলক্ৰিষ্টে এষাৰ খুব সঁচা কথা কৈছিল - 'নিলামৰ সময়ত নিজকে কিবা গৰুৰ দৰে লাগিছিল।'

আই-পি-এল আৰু আই-এচ-এলৰ সকলোতকৈ ক্ষতিকাৰক, বেয়া দিশ হৈছে দায়বদ্ধহীনতা৷ প্ৰথমতে নিলামৰ জৰিয়তে খেলাৰ আগতেই খেলুৱৈসকলৰৰ মাজত দামী আৰু কম দামী হিচাবে শ্ৰেণী বিভাজন কৰি খেলত দলীয় একতা গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰাচীৰ সৃষ্টি কৰা হৈছে৷ দ্বিতীয়তে, ইয়াত খেলুৱৈ সকল একেলগে দুমাহৰ পৰা তিনিমাহমানহে থাকিব, গতিকে দল হিচাবে কোনো আবেগিক সংহতিৰ কোনো থ'লেই নাই৷ কেবল খেলৰ বাবে খেলৰ এক যান্ত্ৰিকতা মাথোঁ৷ তৃতীয়তে, সাধাৰণ মানুহৰ দেশপ্ৰেমক টকা ঘটাৰ উপায় হিচাবে ব্যৱহাৰ কৰিবলৈ দলবোৰৰ নামৰ লগত প্ৰাদেশিক আবেগক সুৰসুৰণি দিবলৈ য'ত ব্যৱসায়ৰ সুযোগ বেছি সেই চহৰ বা ৰাজ্য বা আমাৰ ক্ষেত্ৰত ফুটবলত নৰ্থ-ইষ্ট ইউনাইটেডৰ নাম যুক্ত কৰা হৈছে৷ পিচে সেই চহৰ বা ৰাজ্য বা অঞ্চলৰ সুনামৰ প্ৰতি মাথো টকাৰ বাবে নিজকে বিক্ৰি কৰা বিশ্বৰ বিভিন্ন ঠাইৰ খেলুৱৈ সকলৰ কোনো দায়বদ্ধতা থাকিব জানো? চতুৰ্থতে, ক্ৰিকেট টুৰ্নামেন্ট সমূহ চলি থকা সময়ত প্ৰতিখন খেলৰ আগে-পিছে টিম মালিকে দিয়া নৈশ ভোজসমূহত কিছু সংখ্যক খেলুৱৈয়ে বেপৰোৱা হৈ মদ, ড্ৰাগছৰ পৰা আৰম্ভ কৰি বাৰবণিতাৰ লগত সংগসুখত মত্ত হৈ পৰা কথা কেন্দ্ৰীয় চোৰাংচোৱা সন্থায়েও স্বীকাৰ কৰিছে। এইচাম দায়বদ্ধহীন খেলুৱৈয়ে যেতিয়া আমাৰ নিজৰ দেশৰ হৈ খেলাত নামিব, তেতিয়া ইয়াৰ কুপ্ৰভাৱ তাতো স্বাভাৱিকতে পৰিবই। বৰ্ত্তমান ভাৰতবৰ্ষৰ ক্ৰিকেটত এনেবোৰ ঋণাত্মক কাৰকৰ ফলস্বৰূপে খেলুৱেসকলৰ মাজত শৃংখলা, পাৰাস্পৰিক শ্ৰদ্ধা, সমমৰ্মিতা, সহনশীলতা আদি গুণবোৰ লাহে লাহে কমি আহিছে।

এসময়ত সাম্য, মৈত্ৰি, স্বাধীনতাৰে সমাজৰ উন্নতিৰ বতৰা কঢ়িয়াই অনা পুঁজিবাদী গণতন্ত্ৰই আজি তাৰ প্ৰগতিশীল ভূমিকা হেৰুৱাই পেলাইছে৷ ফলস্বৰূপে সমাজৰ লগতে খেলা-ধূলা জগতলৈও আহিছে ন্যায়-নীতি-মূল্যবোধহীনতা৷ বজাৰ সংকটত দিক-বিদিক হেৰুওৱা পুঁজিবাদে আজি খেলকো ৰেহাই দিয়া নাই৷ তাৰ ব্যৱসায়ৰ শেন চকু পৰিছে ক্ৰিয়াক্ষেত্ৰৰ ওপৰতো৷ বিশেষকৈ যিবোৰ খেলৰ জনপ্ৰিয়তা বেচি সেই খেলবোৰক কেন্দ্ৰ কৰি কোটি কোটি টকা বিনিয়োগ কৰিবলৈ বৃহৎ বৃহৎ ক'ৰ্প'ৰেট সংন্থাবোৰ জপিয়াই পৰিছে৷ সেই একে কাৰনতেই আই পি এলৰ পাচত এই আই এচ এলৰো সৃষ্টি| Eat Cricket, Sleep Cricketৰ পাচত Let's football| ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(IPL)ৰ পাচত ইণ্ডিয়ান চুপাৰ লীগ(ISL)৷ আই-পি-এল আৰু আই-এচ-এলত কোটি কোটি টকা বিনিয়োগ কৰা হৈছে। ইয়াৰ দ্বাৰা প্ৰচুৰ পৰিমাণে ক'লা টকা বগা কৰাও সম্ভৱ হৈছে। টিমৰ মালিকসকলেও লাভ কৰিছে বিপুল অৰ্থ। আনকি যি দলে প্ৰায় সকলোকেইখন খেলত হাৰিছে তাৰ মালিকেও।

আফিং এবিধ বেদনানাশক৷ কাৰ্ল মাৰ্স্কে কৈ গৈছিল -"ধৰ্ম্ম জনগণৰ বাবে আফিং স্বৰূপ৷" শোষণৰ জ্বালা পাহৰাবলৈ শোষক শ্ৰেণীয়ে ধৰ্ম্মৰ সুললিত বাণীক আফিঙৰ দৰে বেদনানাশক হিচাবে ব্যৱহাৰ কৰাৰ কথা সেয়া৷ আজি সাম্ৰাজ্যবাদী আগ্ৰাসনে তাৰ শোষণৰ বজাৰ সম্প্ৰসাৰণৰ স্বাৰ্থত পোনপটিয়া সমৰলৈ নগৈ বিভিন্ন গণসংযোগ মাধ্যমৰ যোগেদি প্ৰতিক্ৰিয়াশীল অৱক্ষয়ী সংস্কৃতি প্ৰচাৰৰে জনসাধাৰণৰ চেতনাক আচ্ছন্ন কৰি বিশ্বৰ পশ্চাদপদ দেশসমূহত "গোলকীকৰণৰ" নামত শোষণৰ জাল বিস্তৃত কৰি তুলিছে, যিদৰে অতীতৰ পৰা সৃক্ষ্মভাৱে সেই কামফেৰা কৰি অহা হৈছে বিশেষত: খ্ৰিষ্টিয়ান মিছনেৰিবোৰৰ জৰিয়তে - ইংৰাজিয়ানাৰ প্ৰচাৰ আৰু ধৰ্ম্মৰ আফিং খুৱাই৷ আজি আধুনীক প্ৰযুক্তিৰ যুগত যেন শেহতীয়া বাবে সেই আফিঙৰ ভূমিকা লৈছে তথাকথিত বিনোদনে৷ বিশেষকৈ খেলে৷

আই পি এলক কোৱা হৈছিল ধামাকা৷ আই এচ এলক কোৱা হৈছে ফাটা-ফাটি ফুটবল৷ আজিকালি সংবাদ মাধ্যম বিশেষকৈ চেটেলাইট চেনেলসমূহৰ আকৰ্ষণীয় প্ৰচাৰৰ সুবাদতে আই পি এলৰ আৰু আই এচ এলকলৈয়ো সমগ্ৰ দেশ জুৰি উন্মাদনাৰ সৃষ্টি কৰা সম্ভৱ হৈছে৷ বজাৰত নিত্য-ব্যৱহাৰ্য্য সামগ্ৰীৰ জুই-ছাই দাম, কিন্তু নিজৰ চহৰৰ, অঞ্চলৰ নামত হোৱা দল বা ক্লাৱ জয়ী হৈছে বুলি মানুহে পেটত গামোছা বান্ধি উল্লাসত উটি -ভাহি যাওঁক৷ বৰ্ত্তমান পৃথিবীৰ অধিকাংশ মানুহে ঈশ্বৰ বিশ্বাস নেহেৰুৱালেও প্ৰচলিত ধৰ্ম্মৰ নামত আস্থা হেৰুৱাইছে৷ সেয়েহে ধৰ্ম্ম নামৰ আফিঙৰ জনপ্ৰিয়তা কমি অহাৰ পিচত আহিছে বোলছবি, সঙ্গীত, নৃত্যৰ নামত যৌনতাৰে ভৰা অপসংস্কৃতি, এইবাৰ খেলৰ নামত, বিনোদনৰ নামত সকলো পাহৰি যাওঁক আপোনাৰ দুখ-বেদনা, পঙ্কিলময় জীৱন - এইয়াই বিছাৰিছে শোষক ক'ৰ্প'ৰেট গোষ্ঠীয়ে৷ কাৰণ সাধাৰণ মানুহৰ বাবে ফুটবল বা ক্ৰিকেটতো কোনো অপসংস্কৃতি, পনোগ্ৰাফি নহয় যে কোনো বিবেকবান মানুহকো মতিভ্ৰষ্ট কৰিব পাৰে? গতিকে অনাগত দিনত ফুটবলতো ক্ৰিকেটৰ দৰে স্বপ্লবসনা চিয়েছ লিডাৰৰ নৃত্য থাকিলেও আচৰিত হ'ব লগা একো নাথাকিব৷ গুৱাহাটীত কেৰালা ব্লাষ্টাৰ্ছ আৰু নৰ্থ-ইষ্ট ইউনাইটেডৰ মাজৰ প্ৰথম আই-এচ-এল ফুটবল খেলখন উপভোগ কৰাৰ আগ মূহূৰ্ত্তত জুবিন-পাপনৰ সাংস্কৃতিক অনুস্থান চাই মোৰ অনুভৱ হ'ল যেন শিল্পী হিচাবে আয়োজকৰ দৃষ্টিত তেওঁলোকৰ কোনো মূল্য নাই (ব্যক্তিগত পৰ্য্যায়ত জন আব্ৰাহামে মুম্বাই চিনেমাজগতৰ জৰিয়তে পূৰ্বপৰিচিত হিচাবে তেওঁলোকক গুৰুত্ব দিয়াৰ বাহিৰে)৷ তেওঁলোকো যেন এক পণ্য সামগ্ৰী৷ আজি ভাৰতবৰ্ষৰ জনসাধাৰণৰ ক্ৰিকেট আৰু ফুটবল খেলক উপভোগ কৰাৰ যি নিৰ্মল আনন্দ, মাদকতা, সি এতিয়া ক'ৰ্প'ৰেট জগতৰ আশীৰ্বাদত হৈ পৰিছে মাথো টকাৰ বাবে মেচ ফিক্সিং, স্পট ফিক্সিং, জুৱাই কলঙ্কিত কৰা বজাৰৰ পণ্য আৰু ষাধাৰন মানুহৰ বাবে আত্মহননৰ এক কাৰক। সেয়েহে ক'ৰ্প'ৰেট'ৰ লুভীয়া হাতোৰাৰ পৰা ক্ৰিকেট-ফুটবলকে ধৰি সকলো খেলকে মুক্ত কৰি ৰাখিবলৈ ভাৰতবৰ্ষৰ সকলো সচেতন ক্ৰীড়াপ্ৰেমী আগবাঢ়ি অহা উচিত।

(লেখকৰ ফোন: ৯৪৩৫৭০৪০৯০) E-mail: drajitkumar2009@rediffmail.com, Blog: drpatangia.wordpress.com

No comments:

Post a Comment