Wednesday, December 16, 2015

মনৰ কথা

বিষয়ঃ “গামোচা বিতৰ্ক”
(১)
                                       সাগৰ হাজৰিকা
থোৰতে কৈ থোৱা ভাল হ’ব আমিবোৰ সংসদীয় ৰাজনীতিৰ পৰা সদায় নিলগত থকা ব্যক্তি। কিন্তু কেতিয়াবা ভাৰতীয় ৰাজনৈতিক দলবোৰৰ ৰাজনৈতিক উদ্দেশ্য প্রণোদিত হৈ-চৈ বোৰ দেখিলে কিবা এটা নকৈ নোৱাৰো। এই ধৰক শেহতীয়াভাৱে সংবাদ মাধ্যমৰ চৰ্চালৈ অহা “গামোচা বিতৰ্ক”। শেহতীয়াভাৱে অসম ভ্রমণ কৰি যোৱা কং (ই)দলৰ নেতা ৰাহুল গান্ধী আৰু অসমৰ মূখ্যমন্ত্রী তৰুণ গগৈৰ সত্রীয়া নগৰী বৰপেটালৈ যাওঁতে কোনোবা অনুষ্ঠানত ডিঙিত দীঘে-পথালিয়ে সেউজীয়া আঁচপৰা এখন গামোচা পৰিধান কৰা দেখা গৈছিল। লগে লগে বিৰোধী দল বি.জে.পিৰ হুলস্থূল! তেওঁলোকৰ মন্তব্য আৰু যুক্তি এই গামোচাখন অসমীয়া সংস্কৃতিৰ পৰিচয় নহয়। তেওঁসবৰ যুক্তি সাধাৰণতে অসমীয়াভাষীয়ে ব্যৱহাৰ কৰা ৰঙা ফুল বছা গামোচাখনহে অসমীয়া সংস্কৃতিৰ পৰিচয়। প্রশ্ন হয় অযথা ৰাজনৈতিক বিতৰ্ক সৃষ্টি কৰিবলৈ গৈ তথা এটা দলে আনটো দলক বিবুধিত পেলাবলৈ গৈ আমিবোৰে সংকীৰ্ণ অসমীয়া মানসিকতাৰ পৰিচয় দিছো নেকি? অসমীয়া জাতীয় সাজপাৰ বুলিলে কেৱল গামোচাখনকে বুজাই নেকি? এনে ধাৰণাই আমাৰ নেতাসকলৰ ঠেকগণ্ডী মানসিকতকে উদঙাই দিছে বুলি অনুভৱ হয়। আৰু অসমীয়া মুলসুঁতিৰ এইচাম নেতাৰ বাবেই বৃহত্তৰ অসমীয়া ধাৰণাটোত আজি আউল লাগিছে। অসমীয়া জনজাতি সমাজৰ স্বকীয়তাপূৰ্ণ সাজপাৰ তথা সংস্কৃতিক আজিৰ তাৰিখতো সন্মান জনাবলৈ নিশিকাতো চৰম পৰিতাপৰ কথা।

অসমীয়াভাষী সকলৰ ৰঙা ফুল বছা গামোচাখনৰ দৰে ৰাভাসকলৰ যৰেন বা “খোপং”, “ফালি”,”ৰিকং”, “পহ”, “ছই”,কাৰ্বি সকলৰ “গলৰ উলন” বা দমাৰ ,ডিমাচা সকলৰ “ৰিচা”,তিৱা সকলৰ “টাগল”, “ফাগা” বড়োসকলৰ “আৰনাই” কোচঁ ৰাজবংশী সকলৰ “আংচা” আদি সকলো আমাৰ বাবে সন্মানীয় জাতীয় সাজপাৰ।উল্লেখ্যযে অসম ভ্রমনলৈ অহা কং (ই) নেতাজনৰ ডিঙিত ওলমি থকা গামোচাখনো কোনো ধৰণৰ বিজাতৰীয়া পোচাক নাছিল। পশ্চিম অসমত এই গামোচাখনক “তিনিহতীয়া” বা “মোকচা”বুলি কোৱাৰ লগতে সকলো জনজাতীয় সমাজতে ইয়াৰ সন্মান আৰু ব্যৱহাৰ সৰ্বাধিক।

(২)
পেহী-আইতাই দিয়া সেউজীয়া গামোচাখন
দেবব্ৰত গগৈ
কোনোবা ৰাহুল গান্ধীক ৰক্ষণা-বেক্ষণ দিবলৈ এইখিনি লিখা নাই। গোৰেশ্বৰৰ গুৰমৌৰ বড়ো পেহী-আইতাই নতুন জোঁৱাইক দিয়া সেউজীয়া গামোচাখনৰ পৰিচয় অটুট ৰাখিবলৈহে এইখিনি লিখিবলগীয়া হৈছে। নহ’লে পৰিস্থিতি এনেকুৱা হবগৈ যে গোৰেশ্বৰ , ৰামদিয়া , শুৱালকুছি, নলবাৰীৰ শিপিনিহঁতে এই সেউজীয়া গামোচাখন ববলৈকে এৰি দিব।

গামোচাক অসমীয়াই কাৰোবাক সন্মান যচাৰ প্ৰতীক হিচাবে ব্যৱহাৰ কৰাৰ ইতিহাস বেছিদিনৰ নহয়। অসম আন্দোলনৰ সময়ৰ পৰাহে গামোচাখনক এনেবোৰ কামত লগাবলৈ ল’লে। ইয়াৰ আগলৈকে গামোচা অসমীয়াৰ ঘৰৰ ভিতৰতে সোমাই আছিল। ওপৰত দিয়া তিনিখন ফটোৱে তাকেই প্ৰমাণ কৰে। আনকি মহাত্মা গান্ধীৰ দৰে ব্যক্তি অসমলৈ আহোতেও কোনেও তেখেতৰ ডিঙিত গামোচা আঁৰি দিয়া নাছিল, লোকপ্ৰিয় বৰদলৈ জেলৰ পৰা ওলোৱাৰ পৰতো ডিঙিত কোনো গামোচা নাই, আনকি কংগ্ৰেছী ইন্দিৰা গান্ধী বা দেৱকান্ত বৰুৱাৰ ডিঙিতো গামোচা নাই।

আশীসূতাৰ ৰঙা ফুলাম গামোচাখন উজনি অসমৰ ফালে বেছিকৈ প্ৰচলিত। আমাৰো গামোচা বুলি ক’লে সেইখনেই মনলৈ আহে। অসম আন্দোলনকাৰী দুলাল শৰ্মাই আন্দোলনৰ ভয়ংকৰ ক্ষণ এটাত যেতিয়া বুকুৰ তেজেৰে “তেজ দিম তেল নিদিও” বুলি ৰাজপথত লিখি দিছিল , তেতিয়া আন্দোলনকাৰীয়ে গামোচাৰেই সেইখিনি আৱৰি সন্মান যাচিছিল আৰু হয়তো সেইয়াই আৰম্ভণি গামোচাৰে অসমীয়াই কাৰোবাক সন্মান যচাৰ যাত্ৰাৰ। কিন্ত ইয়াৰ মাজতে আমি পাহৰি পেলালো আমাৰ জনজাতীয় সকলে গামোচাৰ সলনি ডিঙিত কিনো আঁৰি লয়? কেৱল গামোচাই কিয় ? পঁচাশীৰ উগ্ৰজাতীয়তাবাদী অসমীয়া শাসকে কোকৰাঝাৰৰ দৰে অঞ্চলত স্কুলীয়া ছাত্ৰীৰ বাবে চাদৰ-মেখেলা বাধ্যতামূলক কৰাৰ দৰে আত্মঘাতী নিৰ্দেশ দিয়াৰ পাছতেই বড়ো নেতাসকলে ছাত্ৰীসকলক স্কুলত দখনা পিন্ধাটো বাধ্যতামূলক কৰিলে। লগতে তেওঁলোকৰ আৰনাইখনক ঘৰৰ বাহিৰলৈ ওলিয়াই আনি গামোচাৰ পৰিৰ্ৱতে কাৰোবাক ৰাজহুৱাভাবে সন্মান যঁচাৰ কামত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে , আৰু ইয়াৰ পাছৰ শাৰীটো দীঘলীয়া হৈ গৈ থাকিল, কাৰ্বিয়ে প’হ’ , ডিমাছাই ৰিচা , মিচিংয়ে দুমৌৰৰ গাচলী তেওঁলোকৰ ৰাহুজৱা সন্মানৰ প্ৰতীক হিচাবে সকলোৰে আগত প্ৰকাশ কৰিলে।

কেৱল ৰঙাফুলৰ গামোচাখনহে অসমীয়া গামোচা বুলি চিনি পোৱা সকলে অসমৰ গামোচাৰ ভিন্ন ৰঙৰ সমাহাৰক চিনি নোপোৱাটো স্বাভাৱিক আৰু সেইবাবেই সিদিনা কোনোবা ৰাজনীতিকে অসমলৈ আহি সেউজীয়া ৰঙৰ গামোচা ডিঙিত লোৱাৰ লগে লগে বিৰোধী ৰাজনীতিকে সেউজীয়া ৰঙৰ গামোচাখনৰ ওপৰত ধৰ্মীয় বিদ্ধেষৰ ৰঙ সনাৰ অপচেষ্টাত ব্ৰ্তী হ’ল আৰু তাকে দেখি অসম মানেই কেৱল গুৱাহাটী , যোৰহাট , তেজপুৰ , ডিব্ৰুগড় , শিৱসাগৰ বুলি ভবা একাংশ মধ্যবিত্ত অসমীয়াই সেইখন সেউজীয়া গামোচাক ইছলামিক পতাকাৰ সেউজীয়া ৰঙটোৰ লগত একাকাৰ কৰিবলৈও কুণ্ঠাবোধ নকৰিলে আৰু এইখিনিতে অসমত উগ্ৰহিন্দুত্ববাদক গজগজীয়া কৰিবলৈ চল বিচাৰি থকা সাম্প্ৰদায়িক শক্তিবোৰ উত্সাহিত হ’ল।

অসমত থকা অৱস্থাত নিজৰ চাৰিওকাষৰ দুৱাৰ খিৰিকিবোৰ বন্ধ কৰি কেৱল কেৰিয়াৰটোকে লৈ ব্যস্ত থকা এচাম উচ্চশিক্ষিত অসমীয়া বিদেশ আৰু বহিঃৰাজ্যৰ মাটিত গৈ হঠাত অসম প্ৰেমী হৈ উঠা দেখা পাওঁ। কিন্ত অসমৰ বিচিত্ৰ জন-বিন্যাস তথা সমাহাৰক ভালদৰে অনুধাৱন কৰিব নোৱাৰা সেইসকল অসমীয়াই সিদিনা টিভি আৰু ফেচবুকত ৰাহুল গান্ধীৰ ডিঙিত আঁৰি দিয়া সেউজীয়া গামোচাখনক মিঞাৰ লুঙী, বম্বে ডাইঙিং কোম্পানীৰ টাৱেল আদিৰে নামাকৰণ কৰিলে।

সেইসকল প্ৰবাসী অসম প্ৰেমী অসমীয়া আৰু গুজৰাটত বৰষুণ দিলে আজিকালি অসমত ছাতি মেলিবলৈ আৰম্ভ কৰা অসমীয়াকসকললৈ এটা পৰামৰ্শ। অসম আন্দোলনৰ সময়ত “দৈনিক-অসম” নামৰ কাকতখনে উগ্ৰ অসমীয়া জাতীয়তাবাদক যেনেকৈ সাৰ-পানী যোগাই সমগ্ৰ অসম আন্দোলনটোকে এক প্ৰকাৰ ধ্বংস কৰিছিল, ঠিকে তেনেকৈ আজিৰ তাৰিখত উগ্ৰ-হিন্দুত্ববাদৰ পোষকতা কৰা এচাম ৰাজনীতিকে কিছুমান অৰ্ধসত্য বাতৰি ছছিয়েল মিডিয়া আৰু টিভিত প্ৰচাৰ কৰা আৰম্ভ কৰিছে। তেওঁলোকৰ উদ্দেশ্যে স্পষ্ট। অসমত ধৰ্মীমেৰুকৰণৰে যেনেতেনে শাসনভাৰ লোৱা। এইসকলৰ কথাকাণ্ডবোৰক সৰ্মথন কৰাৰ আগতে প্ৰথমে বৈচিত্ৰ্যতাৰে ভৰা অসমখন নিজৰ মগজু আৰু দৃষ্টিৰে চিনি লওঁক। এয়া সময়ৰ আহ্বান, সেই কথাও অনুভৱ কৰক।

সাধাৰণ গামোচাখনেৰে আপোনালোকক যদি ইমান বিভ্ৰান্ত কৰিব পাৰে, তেনেহ’লে কাইলৈ ডাঙৰ কিবা এটা হ’লে এই সাম্প্ৰদায়িক শক্তিটোৱে আপোনালোকক যে “জয় শ্ৰীৰাম” বুলি ৰাজপথলৈ ওলিয়াই নিব পাৰিব তাত সন্দেহ নাই। সেইটো দিশ আৰু ভয়ংকৰ, সেই বিষয়েও সজাগ হওক।

4 comments: