সুখ-দুখৰ বতৰাঃ ৭নৱেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ৭নৱেম্বৰ

সুখ-দুখৰ বতৰাঃ ৭নৱেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. আঁক-বাক প্ৰকাশনে আগবঢ়োৱা ২০১৫বৰ্ষৰ গ্ৰন্থ বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট ব্যংগ লেখক ভদ্ৰ বৰা আৰু বিশিষ্ট প্ৰকাশক গিৰিপদ দেৱচৌধুৰীলৈ। ভদ্ৰ বৰাদেৱক তেখেতৰ ‘ৰম্যকথা’ শীৰ্ষক গ্ৰন্থৰ বাবে এই বঁটাৰে সন্মানিত কৰা হৈছে।

২. আন্তঃগাঁথনি উন্নয়নত দেশৰ ভিতৰতে অসম শীৰ্ষ স্থানত বুলি প্ৰকাশ কৰিলে ইণ্ডিয়া টুডেৰ সমীক্ষাই। সংবাদ সংস্থাটোৱে আগবঢ়োৱা এই আন্তঃগাঁথনিৰ বাবে এই শ্ৰেষ্ঠতাৰ বঁটা কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ পৰা গ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অসমে সপ্তম স্থান লাভ কৰিছে।

৩. শব্দ শৈক্ষিক ন্যাসৰ উদ্যোগত যোৰহাটত আৰম্ভ হ’ল যোৰহাট গ্ৰন্থমেলা। উদ্বোধনী অনুষ্ঠানত ভাষণ দি ডঃ লক্ষ্মীনন্দন বৰাই ইলেক্ট্ৰনিক মাধ্যমে গ্ৰন্থৰ জনপ্ৰিয়তা হ্ৰাস কৰা নাই বুলিও মত প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত ডঃ কৰবী ডেকা হাজৰিকা, সাংসদ কামাখ্যা প্ৰদাস তাছা, বিশিষ্ট নাট্যকৰ্মী ৰবিজিতা গগৈকে ধৰি সুধীজনে অংশ গ্ৰহণ কৰে।

৪. যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ এখন সভাত বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা সোঁৱৰণী ন্যাসে যোৰহাটৰ বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ জনলৈ ডাঃ মহান বৰবৰুৱা বঁটা প্ৰদান কৰা হব। এই বৰ্ষৰ বাবে ৰক্তিম বৰালৈ এই বঁটা আগবঢ়োৱা হৈছে।

৫. ৰঙিয়াত অনুষ্ঠিত হ’ল অসম হাইস্কুল শিক্ষক সন্থাৰ দ্বিবাৰ্ষিক অধিবেশন। অনুপম সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে ৰাইজক। অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান ৰক্ষাৰ দায়িত্ব শিক্ষক সকলেই ল’ব লাগিব বুলি সভাত মত প্ৰকাশ কৰিলে ডঃ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই।

৬. ইণ্ডিয়ান চ’চাইটি ফৰ প্লেণ্ট ফিজিঅ’লজিয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক কে কে বৰুৱাক সন্মানজক ‘জগদীশ চন্দ্ৰ বসু স্বৰ্ণ পদক বঁটা’ৰ বাবে নিৰ্বাচিত কৰিছে। অহা ১১ ডিচেম্বৰত দিল্লীত এখন অভিবৰ্তনত প্লেণ্ট ফিজিঅ’লজিৰ ক্ষেত্ৰখনলৈ যোগোৱা অৰিহণাৰ স্বীকৃতি স্বৰূপে এই বঁটা বৰুৱাদেৱক প্ৰদান কৰা হব।

৭. অসমৰ পৰবৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান হিচাবে ১৯৮৪চনৰ আই.পি.এছ বিষয়া মুকেশ সহায়ৰ নাম বিবেচিত হোৱা বুলিও বাতৰি প্ৰকাশ পাইছে। খগেন শৰ্মাৰ অৱসৰৰ পাছতে জ্যেষ্ঠতাৰ ভিত্তিত সহায়ৰ নাম বিবেচনালৈ আহিছে।

৮. ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰভেচন অৱ নেচাৰৰ এছীয় হস্তী বিশেষজ্ঞ গ্ৰুপৰ বৈঠক অহা বছৰ অসমতে অনুষ্ঠিত কৰা হব। গুৱাহাটীত অনুষ্ঠিত হস্তী সন্মিলনৰ সামৰণি অনুষ্ঠানত এই কথা ঘোষণা কৰে ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিবেক মেননে। অহা বছৰ এছিয়াৰ শতাধিক হস্তী বিশেষজ্ঞ সন্মিলনত অংশগ্ৰহণৰ বাবে আহিব বুলিও বাতৰি প্ৰকাশ পাইছে।

৯. অসমৰ ছয়টা বাওঁপন্থী দলৰ উদ্যোগত কালি গুৱাহাটীত অনুষ্ঠিত হৈ য়ায় সাম্প্ৰদায়িকতা বিৰোধী অভিবৰ্তন। অসমৰ বৌদ্ধিক সমাজৰ অগ্ৰণী সকলে অংশ লোৱা অভিবৰ্তনে সাম্প্ৰদায়িকতাৰ নামত অসহিষ্ণুতাৰ পৰিবেশ সৃষ্টিৰ বিৰুদ্ধ ৰাজ্যজুৰি প্ৰৱল জনমত গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।

১০. গুৱাহাটীত চলি থকা উত্তৰ-পূৱ গ্ৰন্থমেলাত হোৱা অনুষ্ঠানত অংশ লৈ ইংৰাজীক অসমৰ জনগোষ্ঠী সমূহৰ সংযোগী ভাষা হিচাবে প্ৰতিষ্ঠা কৰাৰ বাবে চলি থকা প্ৰচেষ্টালৈ আঙুলিয়াই দিয়ে অসম সাহিত্য সভাৰ সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই। গ্ৰন্থমেলাৰ বাকৰিত কালি অনুষ্ঠিত কবি সন্মিলন উদ্বোধন কৰে বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাই আৰু তাত কবিতা পাঠ কৰে ২৬গৰাকী কবিয়ে।

No comments:

Post a Comment