সুখ-দুখৰ বতৰাঃ ২৬নৱেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ২৬নৱেম্বৰ

সুখ-দুখৰ বতৰাঃ ২৬নৱেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. দ্য ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়াই নাগৰিক পঞ্জীৰ উন্নীতককৰণৰ বিষয়টোত অতি প্ৰাধান্য দি কাৰ্যকুশল ভাৱে অচিৰেই সম্পন্ন কৰাৰ বাবে অসম চৰকাৰলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে বৰ্তমান দাখিল কৰা প্ৰপত্ৰ ও নথি সমূহৰ পৰীক্ষা নিৰীক্ষাৰ কামৰ পৰ্যায় চলি থকাৰ মাজতে বিষয়টোত ৰাজ্য চৰকাৰে শিথিল স্থিতি গ্ৰহণ কৰাৰো অভিযোগ উঠিছে।

২. নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰূপায়ণৰ বাবে কাৰ্যব্যৱস্থা হাতত লৈ অহা ১এপ্ৰিল ২০১৬ৰ পৰা বিহাৰত সুৰা নিষিদ্ধ কৰা হব বুলিও সুখবৰ প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী নিতিশ কুমাৰে পৰিয়াল সমূহত সুৰাৰ কু-প্ৰভাৱলৈ লক্ষ্য কৰিয়েই এই গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিছিল আৰু ইয়াক পালনৰ বাবে ৰাজহ সম্পৰ্কীয় দিশৰ পৰ্যালোচনাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পদক্ষেপ লোৱা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৩. বৰ্তমান অসমৰ গুৱাহাটীত কাৰাবন্দী হৈ থকা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই শান্তি আলোচনাৰ সপক্ষে মত প্ৰকাশ কৰাৰ বাতৰিয়ে লাভ কৰিছে সংবাদ শিৰোনামত স্থান। তেখেতেৰ অংশগ্ৰহণে এই আলোচনা প্ৰক্ৰিয়াক অধিক অৰ্থবহ কৰিব বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।

৪. অসমীয়া ইউনিকোডৰ বাবে বিশেষ শ্ৰেণীৰ দাবী জনাই আৰু বেলেগ ভাষা হিচাবে অসমীয়া লিপিক স্বীকৃতি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগক দাবী জনাইছে সাংসদ গৌৰৱ গগৈয়ে। শীতকালীন অধিবেশনতো পূৰ্বৰ দৰে বিৰোধী দল হিচাবে অসমৰ কংগ্ৰেছী সাংসদ সকলেই সৱল ভূমিকা গ্ৰহণ কৰি দেখুৱাব বুলিও তেখেতে মত প্ৰকাশ কৰিছে।

৫. এক বৰ্ণিল শোভাযাত্ৰাৰে কালিৰে পৰা নলবাৰীৰ শ্ৰীশ্ৰী হৰিনন্দৰৰৰ ৮২সংখ্যক ৰাস মহোতসৱ আৰম্ভ হৈছে। গুৱাহাটীৰ শান্তি সাধনা আশ্ৰমৰ অধ্যক্ষ হেমভাইয়ে উদ্বোধনী ভাষণত নলবাৰীৰ ৰাখে ধৰ্মীয় সমন্বয়তাৰ বিৰল নিদৰ্শন প্ৰদৰ্শন কৰাৰ কথালৈ আঙুলিয়াই দেখুৱাইছে। মছজিদৰ সমুখত ইছলামধৰ্মীয়ে, জৈন মন্দিৰৰ সমুখত জৈন সকলে থিয় হৈ ৰাসলৈ অহা ভক্ত-দৰ্শনাৰ্থীকক স্বাগমত জনোৱাটোও ধৰ্মীয় সহনশীলতাৰেই নিদৰ্শন বুলিও তেখেতে মত প্ৰকাশ কৰে।

৬. মাজুলীৰ ১৭৫বছৰীয়া ৰাসোতসৱৰ কালি ধৰ্মধ্বজা উত্তোলন কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে।১০৮ গৰাকী শিশু কৃষ্ণৰ আৰধানাও অনুষ্ঠিত হৈছে। ৪৮ ঠাইত বিভিন্ন কৃষ্টি সংঘই আয়োজন কৰা মাজুলী ৰাস চাবলৈ ভক্তপ্ৰাণ ৰাইজ, দেশী-বিদেশী পৰ্যটক উপস্থিত হৈছে বুলিও জানিব পৰা গৈছে।

৭. আজিৰে পৰা সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হৈছে। সামগ্ৰী আৰু সেৱা কৰৰ দৰে সংস্কাৰৰ গুৰুত্বপূৰ্ণ বিধেয়ক সমূহ গৃহীতকৰণৰ বাবে আৰু সদনৰ কাৰ্যসূচী সঠিক ৰূপত চলোৱাৰ বাবে আগ্ৰহ দেখুৱায় কালি শাসকীয় দলে বিৰোধী দল সমূহৰ সৈতেও আলোচনাত মিলিত হোৱাৰ সুখবৰ প্ৰকাশ পাইছে।

৮. ক’ল ইণ্ডিয়া লিমিটেডৰ সঞ্চালক পদত শেহতীয়াকৈ নিযুক্তি দিয়া পাঁচ গৰাকীকৈ সঞ্চালকৰ ভিতৰত স্থান পাইছে অসম সন্তান খনীন্দ্ৰ পাঠকেও। আই.আই.টিত প্ৰধান অধ্যাপক ৰূপে কৰ্মৰত পাঠক দেৱেই ক’ল ইণ্ডিয়াত সঞ্চালকৰ পদ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া বুলিও বাতৰি প্ৰকাশ পাইছে।

৯. বিশ্বনাথ চাৰিআলিৰ সাহিত্যনুষ্ঠান ‘জোনাকী চ’ৰা’ৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত উন্মোচিত হয় বিশিষ্ট পণ্ডিত হীৰেন ভাগৱতী প্ৰণীত ‘অসমীয়া ফঁকৰা যোজনা আৰু খণ্ড বাক্যৰ অভিধান’। উন্মোচন কৰে ডঃ অমৰজ্যোতি চৌধুৰীয়ে।

১০. নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়তো পালিত হ’ল পঞ্চদশ শতিকাৰ ভক্তি আন্দোলনৰ অন্যতম কাণ্ডাৰী, শিখ ধৰ্মগুৰু গুৰু নানকৰ ৫৪৭সংখ্যক জন্মদিন। এই অনুষ্ঠান উদ্বোধন কৰে উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই।

No comments:

Post a Comment