সুখ-দুখৰ বতৰাঃ ২২নৱেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ২২নৱেম্বৰ

সুখ-দুখৰ বতৰাঃ ২২নৱেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. উত্তৰ-পূৱৰ চিকিৎসক সকলৰ বাবে বিশেষ ছুপাৰ স্পেচিয়েলিটি কৰ্ছৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰিছে ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে। উত্তৰ-পূৱৰ স্বাস্থ্য সেৱাক উন্নীতকৰণৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিষ্ঠানলৈ ডি.এম আৰু এম.চি.এইচ কৰ্ছৰ বাবে চিকিসক সকলক পঠোৱাৰ ব্যৱস্থা কৰি, এই মন্ত্ৰালয়ে খৰছ বহন কৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে।

২. গৱেষণা আৰু উদ্ভাৱনীমূলক কাৰ্যসূচীক আগুৱাই নিয়াৰ বাবে ‘আছিয়ান(ASEAN)-ইণ্ডিয়া ইনোভেচন প্লেটফৰ্ম’ স্থাপন কৰিব বুলি ঘোষণা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। কোৱালা লামপুৰত ১৩সংখ্যক আছিয়ান-ইণ্ডিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি এই ঘোষণা কৰে নৰেন্দ্ৰ মোদীয়ে।

৩. শিলচৰ-গুৱাহাটী যাত্ৰীবাহী ৰেলসেৱাৰ উদ্বোধন কৰিলে ৰেলমন্ত্ৰী সুৰেশ প্ৰভূৱে। ২১০ কিল’মিটাৰ দূৰত্ব ১৫টা ডবাৰ যাত্ৰীবাহী ৰেলেৰে আহি এতিয়া কেৱল ৭০টকাতে যাত্ৰা কৰিব পাৰিব বুলিও সুখবৰ জানিব পৰা গৈছে।

৪. নলবাৰীৰ ৰাস মহোতসৱ অহা ২৫নৱেম্বৰৰ পৰা ৫ডিচেম্বৰলৈ অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে। ৮৩সংখ্যক ৰাস মহোতসৱৰ বাবে ৩০লাখ টকাৰ বাজেট প্ৰস্তুত কৰা হৈছে। উদ্বোধন কৰিবলৈ আহিব সমাজকৰ্মী হেমভাই।

৫. শিলচৰ জিলা প্ৰশাসনে বিগত দূৰ্গা পূজা শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ লগতে প্ৰশাসনলৈ শান্তি-শৃংখলা ৰক্ষাত পূৰ্ণ সহযোগিতা কৰা পূজা কমিটিলৈ শাৰদ সন্মান বঁটা ঘোষণা কৰিছে। দক্ষিণ বিলপাৰ পূজা কমিটিয়ে নগদ বাৰ হাজাৰ টকাৰ সৈতে ট্ৰফী সহ শ্ৰেষ্ঠতাৰ পুৰস্কাৰ লাভ কৰিছে। আনফালে ৰটাৰেক্ট ক্লাৱেও শাৰদ সন্মান প্ৰতিযোগিতাৰ ১৮টা শাখাৰ বঁটা সমূহো ঘোষণা কৰিছে।

৬. বিজেপিয়ে অনাগত অসম বিধান সভাৰ নিৰ্বাচনৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক ৰাজ্যিক বিজেপিৰ সভাপতি ৰূপে কালি নিযুক্তি দিছে। দলত যৌথ নেতৃত্ব গঢ়া আৰু সকলো জনগোষ্ঠীক একত্ৰিত কৰাৰ দ্বায়িত্ব লৈ কংগ্ৰেছী অপশাসনৰ পৰা অসমৰ ৰাইজক মুক্তি দিবলৈ সৱল নেতৃত্ব দিব পাৰিব বুলিও সচেতন ৰাইজে আশা প্ৰকাশ কৰিছে। অহা ৭ডিচেম্বৰত বিজেপিয়ে দিছপুৰ ঘেৰাও কাৰ্যসূচীও পালন কৰিব বুলিও জানিব পৰা গৈছে।

৭. বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগতো অন্ধবিশ্বাস কু-সংস্কাৰে বলি হৈ থকাৰ বিষয়চ অসম বিজ্ঞান সমিতিৰ উদ্যোগত আৰু বৰমা শাখাৰ সহযোগতত বৰমাৰ ছানৰাইজ একাডেমীৰ প্ৰাংগণত এখন ডাইনী হত্যাৰ বিৰুদ্ধে আলোচনা চক্ৰ আয়োজিত হয়। বজালী কলেজৰ প্ৰৱক্তা ডঃ অনন্ত মোহন শৰ্মা, অধিবক্তা চন্দন মালাকৰকে ধৰি সুধীজনে বিষয়টোত অন্ধবিশ্বাস দূৰীকৰণ আৰু আইনী ব্যৱস্থাৰ ওপৰতো আলোকপাত কৰে।

৮. কালি ডিব্ৰুগড় গ্ৰন্থমেলা প্ৰাংগণত কুৰিখনতকৈ অধিক গ্ৰন্থ উন্মোচিত হয়। ছল্ট ব্ৰুক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী অন্তৰীক্ষা মজুমদাৰৰ ‘এণ্ট্ৰিজ ড্ৰীম’ নামৰ গ্ৰন্খনি উন্মোচন কৰে শিক্ষাবিদ অশ্বিনী দুৱৰাই। উক্ত অনুষ্ঠানতে সঞ্জীৱ পেুৱে মিচিং ভাষাত পৰিবেশন কৰিও সকলোকে কৰি তোলে আপ্লুত।

৯. কালি গুৱাহাটী প্ৰেছ ক্লাৱত অতনু ভট্টাচাৰ্যৰ নৱতম গ্ৰন্থ ‘সৃজনীমূলক সাহিত্যঃ প্ৰেৰণা আৰু আৰ্হি’ হয় উন্মোচিত। আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখন সৃজনীশীল সাহিত্য বিষয়ক ২৫টা লেখা সংকলিত হৈছে।

১০. লখিমপুৰ প্ৰেছ ক্লাৱত কালি উন্মোচিত হয় ধনদা দেীৰ নৱতম উপন্যাস ‘সোৱণশিৰিৰ সপোন মথি’। নৈ-পৰীয়া মানুহৰ জীৱনৰ আনন্দ আৰু হা-হুতাহৰ বৰ্ণনাৰে পৰিপূৰ্ণ উপন্যাসখন উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ ঘন হাজৰিকাই।

১১. সুধাকণ্ঠ, গণশিল্পী আৰু সুগন্ধি পখিলাৰ কবিলৈ শ্ৰদ্ধাঞ্জলিৰে আবৃত্তি আলেখ্য ‘ত্ৰি-ধাৰা’ৰ শ্ৰব্য সঁফুৰাখন অহা ২৪নৱেম্বৰত ডিব্ৰুগড় গ্ৰন্থমেলা প্ৰাংগনতে উন্মোচিত হব। কথাংশ আৰু সংলাপ ৰচনা সাংবাদিক ৰবীন ভূঞা, সংগীত চৈয়দ চাদুল্লাৰ। উন্মোচন কৰিব ডঃ নগেন শইকীয়াই।

১২. শোণিতপুৰ জিলাৰ চতিয়াৰ বসন্ত দাস নামৰ ৩৫বছৰীয়া যুৱকজনে গহপুৰৰ গমিৰিঘাটৰ পৰা লুইতৰ বুকুৰে ১৪১ কিলমিটাৰ সাঁতুৰি কলিয়াভোমোৰা দলঙৰ তলত উপস্থিত হৈ অভিলেখৰ লগতে সৃষ্টি কৰিলে এক ইতিহাসো।

No comments:

Post a Comment