সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. অসমৰ শিপিনী সকলৰ সৰ্বাংগীণ উন্নয়ন আৰু কল্যাণৰ বাবে ৰাজ্য চৰকাৰে বীৰাংগনা মূলা গাভৰুৰ নামত এখন আঁচনি গ্ৰহণ কৰিব। ১৮নৱেম্বৰত মূলা গাভৰুৰ জন্ম দিৱসত আয়োজিত ৰাজ্যিক হস্ততাঁত দিৱসৰ কাৰ্যসূচীত ভাষণ দি এশকোটি টকীয়া আঁচনিখনৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

২. যোৱা শিশু দিৱসৰ দিনা সদৌ অসম ভিত্তিক শিশু বিশেষজ্ঞ সকলৰ এখন এখন বৰ্ণাঢ্য অনুষ্ঠান গুৱাহাটীৰ নেডফি হাটৰ সভাগৃহত অনুষ্ঠিত হয়। এই অনুষ্ঠানতে ভাৰতীয় স্বাস্থ্য বিজ্ঞান একাদেমিৰ অসম শাখাই জ্যেষ্ঠ শিশু ৰোগ বিশেষজ্ঞ ডাঃ গকুল বৰাক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰে।

৩. কালি গুৱাহাটী প্ৰেছ ক্লাৱত লেখিকা হিৰণ্যময়ী বৰুৱাৰ ‘এনেক জোপোহাৰ ঢৌ’ নামৰ উপন্যাস আৰু ‘অসমীয়া ভাষা সংস্কৃতিৰ ৰূপৰেখা’ নামৰ প্ৰৱন্ধ সংকলনৰ উন্মোচনী সভা অনুষ্ঠিত হয়। উন্মোচন কৰে বিশিষ্ট লেখিকা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁই আৰু অৰূপা বৰুৱাই।

৪. অসম সাহিত্য সভাই প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা ‘পণ্ডিত তীৰ্থনাথ শৰ্মা আৰু নিৰ্মলা দেৱী স্মাৰক বঁটা’ সাহিত্যিক, সমালোচক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ আনন্দ বৰমুদৈলৈ আগবঢ়োৱাৰ সুখবৰ। নগদ ৫০হাজাৰ টকা সহ এই বঁটা অহা ২৫ডিচেম্বৰত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হব। আনহাতে প্ৰবীণ সাংবাদিক ৰাধিকামোহন ভাগৱতীলৈ আগবঢ়োৱা হৈছে বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা সাহিত্য বঁটা। নগদ এক লাখ টকা সমৃদ্ধ এই বঁটা অহা ২৭ জানুৱাৰীত প্ৰদান কৰা হব।

৫. আজিৰে পৰা শিলচৰ-গুৱাহাটীৰ মাজত ব্ৰডগজ ৰেলপথেদি যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ হৈছে। ৰে’ল মন্ত্ৰীয়ে দিল্লীৰ ৰে’ল ভৱনৰ পৰা ৰিমোট মাধ্যমেৰে এই দ্ৰুতগামী ব্ৰডগজ ৰে’লসেৱাৰ উদ্বোধন কৰিছে।

৬. নতুন দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত হোৱা ৩৫ সংখ্যক ভাৰত আন্তৰ্জাতিক বাণিজ্য মেলা প্ৰাংগনৰ লাল চ’ক থিয়েটাৰ অসমৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ‘অসম দিৱস’ পালন কৰা হয়। মেলাখনৰ মূল বিষয়ৰ সৈতে ৰজিতা খুৱাই ‘মেক ইন আসাম টু মেক ইণ্ডিয়া’ শ্লোগানেৰেও বিনিয়োগকাৰী আকৰ্ষণৰ বাবে বিভিন্ন সমল পেভিলিয়নত সজোৱা হৈছে বুলিও জানিব পৰা গৈছে। অনুপম শইকীয়া, বিমান বৰুৱা, চেতনা দাস আদি শিল্পীয়েও তাত সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

৭. কলিয়াবৰ মহাবিদ্যালয়লৈ মান্যতা প্ৰদানকাৰী সংস্থা ‘নাক’য়ে এ-গ্ৰেড প্ৰদান কৰা বুলি জানিব পৰা গৈছে। এই সফলতাত মহাবিদ্যালয় পৰিয়ালৰ লগতে অসমৰ সুধী সমাজেও সন্তোষ প্ৰকাশ কৰিছে।

৮. উত্তৰ-গুৱাহাটীত কালি উন্মোচিত হয় ‘জয়মতী কাৰেঙ’ নামৰ ভ্ৰাম্যমাণ চিনেমা প্ৰেক্ষাগহৰ। পংকজ কুমাৰ মজুমদাৰ নামৰ উদ্যমী যুৱকে ‘প্ৰমোটাৰ অফ ইণ্ড্ৰাষ্টিজ এণ্ড এণ্টাৰপ্ৰেনিউৰ’ৰ বেনাৰত এই উদ্যম গঢ়ি তুলিছে। ৩৫০গৰাকী দৰ্শক বহাৰ সুবিধা থকা ভ্ৰাম্যমাণ প্ৰেক্ষাগৃহটোত অশোক কুমাৰ বিষয়াৰ শেহতীয়া ছবি ‘খেল’ প্ৰদৰ্শন কৰা হৈছে। লগতে মানস শইকীয়া ‘নৰ্থ বেংক’ আৰু জাহ্নু বৰুৱাৰ ‘অজেয়’ ছবিখনো প্ৰদৰ্শন কৰা হব বুলি জানিব পৰা গৈছে। অসমৰ ২০খন জিলাত এনেকুৱা ৬০টা প্ৰেক্ষাগৃহ গঢ়াৰো লক্ষ্য স্থিৰ কৰা বুলিও উদ্যমী উদ্যোক্তাগৰাকীয়ে প্ৰকাশ কৰিছে।

৯. কালিৰে পৰা ডিব্ৰুগড়ত মিলনজ্যোতি সংঘৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশ আৰু বিক্ৰেতা সন্থাৰ সহযোগত অনুষ্ঠিত ডিব্ৰুগড় গ্ৰন্থমেলাৰ হৈছে শুভাৰম্ভ। উদ্বোধনী অনুষ্ঠানত স্মৃতিগ্ৰন্থ ‘মিলনজ্যোতি’ উন্মোচন কৰিলে উপাৰ্চায ডঃ অলক কুমাৰ বুঢ়াগোহাঁই, সাহিত্যিক ইমৰাণ শ্বাহ আৰু ডঃ নগেন শইকীয়াই।

১০. অত্যাৱশ্যকীয় সেৱা ব্যৱস্থাপনা (অসম) আইন ১৯৮০ৰ অধীনত ৰাজ্য চৰকাৰে তেল আৰু গেছ খণ্ডৰ সৈতে জড়িত বিষয়া, কৰ্মী, ঠিকাভিত্তিক শ্ৰমিক, টেংকাৰ চালক আদি বিভিন্ন সংগঠিত কৰ্মীৰ ধৰ্মঘট অহা ছমাহৰ বাবে নিষিদ্ধ কৰাৰ বুলি বিজ্ঞপ্তি জাৰি কৰিছে।

No comments:

Post a Comment