সুখ-দুখৰ বতৰাঃ ১১ নৱেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১১ নৱেম্বৰ

সুখ-দুখৰ বতৰাঃ ১১ নৱেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কেন্দ্ৰীয়গৃহ দপ্তৰে সেউজ সংকেত প্ৰদান কৰিছে। এই ফাইলটো এতিয়া অনুমোদনৰ বাবে কেন্দ্ৰীয় কেবিনেটলৈ প্ৰেৰণ কৰা হৈছে। অসম চুক্তি সন্দৰ্ভতো গৃহ মন্ত্ৰালয়ে অচিৰেই আছু আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনাত বহিব বুলিও কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে।

২. অহা ২০নৱেম্বৰত পঞ্চমবাৰলৈ মুখ্যমন্ত্ৰী ৰূপে নীতিশ কুমাৰে শপত লোৱাৰ সম্ভাৱনা। ৩৬জনীয়া মন্ত্ৰীসভাত লালুৰ বিধায়ক পুত্ৰয়ো মন্ত্ৰীত্ব লভাৰ সম্ভাৱনা। ইফালে নিৰ্বাচনী পৰ্যবেক্ষক সংস্থা চি.এছ.ডি.এছে এই নিৰ্বাচনত ১৪৩গৰাকী অভিযুক্ত নেতা বিজয়ী হোৱালৈকো আঙুলিয়াই দিছে। ৫৯শতাংশ বিধায়কৰ বিৰুদ্ধেই অপৰাধমূলক গোচৰ থকাৰ কথাও জনসাধাৰণৰ দৃষ্টিগোচৰ কৰিছে সংস্থাটোৱে।

৩. গুৱাহাটীতো মোবাইলৰ এপৰ সহায়ত বুকিং কৰিব পৰা অ’লা কেব’ৰ সৈতে এইবাৰত বজাৰত নামিছে উবেৰ টেক্সিও। পিছে উবেৰ টেক্সিয়ে অসমত প্ৰয়োজনীয় অনুমতি বিধিসন্মত ভাৱে লোৱা নাই বুলি সংবাদ পত্ৰই ৰাজহুৱা কৰিছে। এতিয়া পৰিবহন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হব।

৪. অৰ্থনৈতিক সংস্কাৰক দেশত গতি দিয়াৰ উদ্দেশ্যে কালি কেন্দ্ৰীয় চৰকাৰে ৰে’ল, প্ৰতিৰক্ষা, পেঞ্চন, ব্যক্তিগত খণ্ডৰ বেংকে, নিৰ্মাণ খণ্ড, পশুপালন, বৃক্ষৰোপনকে ধৰি ১৫টা ক্ষেত্ৰত স্বয়ংক্ৰিয় পথেৰে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পথ মুকলি কৰি দিছে। দেশত বিনিয়োগ বৃদ্ধিৰে বিকাশৰ গতি তৰান্বিত কৰাৰ বাবেই বিনিয়োগৰ ক্ষেত্ৰত পদ্ধতিগত সৰলতা অনা তথা বহুতো নীতি শিথিল কৰি দিয়া হৈছে বুলিও কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

৫. অৰুণাচল পাহৰৰ পাদদেশত প্ৰাকৃতিক ৰূপ লাৱণ্য আৰু জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ শোণিতপুৰ জিলাৰ বিহালী বনাঞ্চলৰ অন্তৰ্গত দুৰ্গম হাতীডিপোক আকৰ্ষণীয় পৰ্যটনস্থলী ৰূপে গঢ় দিয়া হব বুলি বনবিষয়াই ঘোষণা কৰিছে। পথ আদি মেৰামতি কৰি অহা ডিচেম্বৰত হব লগা বিশ্বনাথ উতসৱৰ পূৰ্বেই পৰ্যটনস্থলীৰ কাম সম্পূৰ্ণ কৰা হব বুলিও জানিব পৰা গৈছে।

৬. অসম সাহিত্য সভাৰ শতবৰ্ষৰ প্ৰাক্-কালত সাহিত্য সভাক চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা ৰাইজৰ হৃদয়ৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস গ্ৰহণ কৰা সেতুবন্ধন আৰু উজ্জীৱন যাত্ৰা অহা ১৩-১৫ নৱেম্বৰত মাজুলীৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত কেন্দ্ৰীয় নেতৃবৃন্দয়ো এই যাত্ৰাত অংশগ্ৰহণ কৰিব।

৭. দুলীয়াজানাৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান কঠীয়া মাইম এণ্ড ড্ৰামা একাডেমীয়ে গুৱাহাটীত পাঁচ দিনীয়াকৈ ২০তম প্ৰতিষ্ঠা দিৱস পালন কৰাৰ পিছত এইবাৰ এখনি পূৰ্ণাংগ নাট সমাৰোহ অহা ১৬-১৯নৱেম্বৰত দুলীয়াজান ক্লাৱৰ প্ৰেক্ষাগৃহতে আয়োজন কৰিছে। চাৰিদিনীয়া সদৌ অসম ভিত্তিক দিলীপ ভট্টাচাৰ্য সোঁৱৰণী পূৰ্ণাংগ নাট প্ৰতিযোগিতাত ৰাজ্যৰ ১৬টা নাট্যদলে অংশ লব।

৮. জুবিন ফেন ক্লাৱে অহা ১৬-১৮ নৱেম্বৰলৈ গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰিছে ‘জুবিন গাৰ্গ মহোতসৱ’ৰ। এই উপলক্ষত বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, স্মৃতিগ্ৰন্থ প্ৰকাশ আদিৰো আয়োজন কৰা বুলিও জানিব পৰা গৈছে।

৯. প্ৰতিভাবান শিশু কণ্ঠশিল্পী জৈমিনী এষণা তামুলীৰ একক কণ্ঠত মুক্তি পাইছে ‘থমকে নাচে আমাৰ ভলোৱা’ শীৰ্ষক এটি গোৱালপৰীয়া লোকগীতৰ শ্ৰব্যচিডি। প্ৰতিমা পাণ্ডে বৰুৱাৰ এমুঠি যুগজয়ী গীতক একক কণ্ঠৰে নকৈ সজাই পৰাই এই শ্ৰব্য চিডিখন মুকলি কৰি দিছে সাংস্কৃতিক গোষ্ঠী জে.দি.দি.এছে।

১০. গুৱাহাটীত চলি থকা পঞ্চদশ আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপো প্ৰদান কৰা হয় লিঅ’ এস্কপ’ সন্মান সমূহো। শিল্পী বঁটা অভিনেতা দীনেশ দাসক প্ৰদান কৰাৰ লগতে প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাক প্ৰদান কৰা হয় লিঅ’ এক্সপো সাংবাদিক সন্মান। দুয়োটা সন্মানতে নগদ এক লাখকৈ টকা, চাদৰ আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। অভিনেতা ইন্দ্ৰ বনিয়ালৈ মৰনোত্তৰ ভাৱে শিল্পী সন্মান প্ৰদান কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত নাহিদেও গীত পৰিবেশন কৰে।

No comments:

Post a Comment