Monday, November 9, 2015

চিন্তন


বিহাৰে দিয়া অৰাজনৈতিক বাৰ্তা
অজয় লাল দত্ত

'The first step toward change is awareness.
The second step is acceptance.'
বিধান সভাৰ নিৰ্বাচনী ফলাফলত প্ৰতিফলিত হোৱা জনমতৰ আঁৰত বহুতো সামাজিক কাৰকে নিশ্চয়কৈ কাম কৰে। ৰাজনৈতিক আলোচনাৰ ধাম-খুমীয়াত কিন্তু সমাজখনে দিব বিচৰা এই অৰাজনৈতিক, আৰ্থ-সামাজিক বাৰ্তাবোৰ হেৰাই যায়। কিন্তু সামাজিক গৱেষণা প্ৰতিষ্ঠান সমূহৰ লগতে সাংবাদিক তথা বৌদ্ধিক বিশ্লেষক সকলে এই দিশবোৰ এৰাই চলাটো উচিত নহয়। সমাজ এখনৰ বিভিন্ন স্তৰত হৈ থকা বিকাশশীলতাৰ গতি আৰু তাৰ জৰিয়তে মানুহৰ চিন্তা-ভাৱনা, তথা আশা-আকাংক্ষাৰ পৰিবৰ্তিত ৰূপটোও এনে আলোচনাই পোহৰলৈ অনাটো নিশ্চয়কৈ দৰকাৰী। সমাজে নিবিচৰা অনাহূত পৰিবৰ্তনৰ সন্দৰ্ভত  সামুহিক চেতনা (Public Conscience) ৰ ভিত্তিত যে স্বাভাৱিক প্ৰতিৰোধৰ ব্যৱস্থাও গঢ়ি উঠে, সেয়াও উল্লেখনীয়।

বিগত দশকটোত বিহাৰৰ আৰ্থ-সামাজিক দিশবোৰলৈ প্ৰভূত যোগাত্মক পৰিবৰ্তন আহিছে, এই কথা স্বীকাৰ কৰিবই লাগিব। সাধাৰণ মানুহৰ সৈতে আন্তৰিক মত-বিনিময় আৰু তেওঁলোকৰ পৰিয়ালবোৰত প্ৰাথমিকতাৰ সা-সলনিৰ আলোচনাই এই দিশবোৰে উদঙাই দেখুৱাব পাৰে। বিশেষকৈ সামন্ত, জমিদাৰী প্ৰথাৰ পৰা বৰ্তমানৰ অৱস্থালৈ বিকাশ লাভ কৰা হোৱা বিহাৰৰ বহুস্তৰীয় সমাজখনত নাৰী শিক্ষা আৰু নাৰীৰ ভূমিকাৰ সামগ্ৰিক পৰিবৰ্তনটো অতিকৈ চকুত লগা। অতি কম নিজা খেতিৰ মাটি থকা বা নিম্ন আয়ৰ পৰিয়ালবোৰৰ পুৰুষ সকলে, ফুলকুমলীয়া পত্নীসকলক মাক-দেউতাকৰ সৈতে যৌথ পৰিয়ালৰ আবুৰত ৰাখি নগৰ-মহানগৰলৈ সৰু-বৰ চাকৰি কৰিবলৈ ওলাই অহাটো বিহাৰৰ সমাজৰ এক নিয়মেই। খেতি কৰা বা চপোৱাৰ সময়ত এমাহ দুমাহৰ বাবে কৰ্ম বিৰতি লৈ ঘৰ-সংসাৰবোৰ পোনাই-পাজৰাই থৈ অহাটোও এক বছেৰেকীয়া ৰীতি। ড্ৰাইভাৰ, হেলপাৰ, শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ কথা বিশ্লেষণ কৰিলে, অতি কম বয়সতে বিয়া হোৱা আৰু এটি-দুটি সন্তান হোৱাৰ পাছতে মহানগৰীলৈ কেৱল কৰ্মঠ মানুহটোক পঠোৱাৰ ব্যৱস্থা আৰু ঘৰলৈ আৰ্জন কৰি পঠোৱাৰ ব্যৱস্থাত সংসাৰ চলোৱা লোকৰ পৰিমান বিহাৰত বহুত বেছি। বিশেষকৈ মুম্বাই, দিল্লী, কলকতাকে ধৰি মহানগৰীত শ্ৰমজীৱি হিচাবে কাম কৰি, স্ব-ৰাজ্যত পৰিয়াল চলোৱা লোকসকলৰ আৰ্থ-সামাজিক ইতিহাস আৰু জীৱন সংগ্ৰাম প্ৰায় একেধৰণৰ। একোটা দহ ফুটীয়া কোঠাত ছয়-সাতজনকৈ পুৰুষ মহানগৰীৰ এটা কোঠাত বাস কৰি, নিম্ন আয়ৰ পৰাই বচোৱা ধনেৰে এইদৰে পৰিয়ালৰ পোহপাল দিও ভৱিষ্যত গঢ়াৰ সপোন দেখা এইজাক মানুহৰ সুখ-দুখৰ সৰল প্ৰতিচ্ছবি বুকাৰ পুৰস্কাৰ প্ৰাপ্ত অৰবিন্দ আদিগাৰ উপন্যাস ‘হোৱাইট টাইগাৰ’ত বিশদ ভাৱে প্ৰতিফলিত হৈছে। ৰবিশ কী ৰিপৰ্ট নামৰ এনডিটিভিৰ জনপ্ৰিয় চৰজমিন ৰিপৰ্টিঙতো পূৰ্বতে এই দিশ সমূহ ফঁহিয়াই দেখুওৱাইছে।

কিন্তু সময়ৰ সতে বিহাৰৰ আৰ্থ-সামাজিক পৰিবৰ্তন আহিছে। এতিয়া সমাজখনে নাৰী শিক্ষাক প্ৰাধান্য দিবলৈ ধৰিছে। পূৰ্বতে কম বয়সতে বংশৰে দূৰ সম্পৰ্কীয় কন্যাক বোৱাৰী কৰি আনি কোমল বয়সতে মাতৃত্ব উপহাৰ দি চিৰজীৱনলৈ শিক্ষা অবিহনে অন্ধকাৰ জীৱনৰ বন্দী কৰাৰ চিন্তাৰ বিপৰীতে, এতিয়া কন্যা শিশুকো সমানে শিক্ষা দিয়াত প্ৰাধান্য দিবলৈ ধৰিছে। এই দশকটোত নিতীশ চৰকাৰৰ দিনত ভিতৰুৱা বাট-পথ সমূহৰ প্ৰভূত উন্নতি আৰু চৰকাৰী যোজনাৰ অধীনত ছাত্ৰী সকললৈ চাইকেল প্ৰদানৰ আঁচনিয়েও শিশু কন্যাসকলক শিক্ষাৰ ওচৰ চপাই নিয়াত অৰিহণা যোগাইছে। চৰকাৰী শিক্ষা ব্যৱস্থাত দেশজুৰি সৃষ্ট দুৰ্বলতাৰ দৰেই, অভিভাৱকে এতিয়া গাঁৱে-ভূঞে প্ৰতিষ্ঠা হোৱা ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহতহে নিজা সন্তানক নামভৰ্তি কৰোৱাত গুৰুত্ব দিছে। নিজে অৰ্দ্ধ-শিক্ষিত হোৱাৰ জীৱন যন্ত্ৰণা আৰু গোলকীকৃত পৃথিৱীত ইংৰাজী ফৰফৰাই কব পৰা সকলৰ বিশেষ আগস্থানৰ ধাৰণাইও এই পৰিবৰ্তনৰ বাবে মানসিক কাৰক হৈ দেখা দিছে। নতুন প্ৰজন্মৰ মাক-দেউতাক সকলৰ বাবে শিশুক উন্নত স্কুলত উন্নত শিক্ষা দিয়াটো প্ৰধান ও প্ৰাথমিক কথা হৈ পৰিছে। গ্ৰাম্যাঞ্চলতো এক জোৱাৰৰ সৃষ্টি হোৱাটো অতিশয় শুভ কথা। বিশেষকৈ ঘৰ পৰিয়ালৰ একক দায়িত্ব লোৱা মাতৃসকল সচেতন হৈছে আৰু ভোটদানৰ দিনাও বাহিৰত কৰ্মৰত পুৰুষ সকলৰ অনুপস্থিতিত মহিলা সকলৰ ভোটেই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। ফলাফলৰ আলোচনাবোৰত কিন্তু যোৱা দশকে বিহাৰৰ নাৰী তথা ভৱিষ্য মাতৃ সমাজলৈ অনা যোগাত্মক দিশবোৰৰ কথা আলোচিত হোৱা নাই!



চৰকাৰ একোখনৰ পৰা একোখন সমাজে ভোটদানৰ বিপৰীতে পোষণ কৰা সাৰ্বজনীন আশা হৈছে জীৱনটোক অধিক সুচলতৰ কৰি তোলাটো। বিদেশী বিনিয়োগ, উচ্চ প্ৰযুক্তি, আন্তঃৰাষ্ট্ৰীয় নীতি আদিয়ে সাধাৰণ মানুহৰ জীৱনলৈ পেলোৱা পৰোক্ষ প্ৰভাৱৰ গুৰুত্ব, সাধাৰণ আয়ৰ মানুহখিনিৰ বাবে দুৰ্বোধ্য। তেওঁলোকৰ বাবে বাট-পথৰ উন্নতি হৈছেনে নাই, বিদ্যালয় সমূহত শিক্ষা লাভৰ সুচলতা বৃদ্ধি, শৌচ-প্ৰস্ৰাৱ অনাময় সন্দৰ্ভত টিভি বা জনপ্ৰিয় মাধ্যমেৰে সৃষ্টি হোৱা সজাগতাৰ পাছত লোক-লজ্জা তথা উন্নত জীৱনধাৰাৰ প্ৰতি স্বাভাৱিক তাড়ণাত ঘৰে ঘৰে শৌচাগাৰ নিৰ্মাণ, অন্ধকাৰ আঁতৰাবলৈ বিজুলী সংযোগ, জীৱিকাৰ সুলভতা, ওচৰতে উচ্চ শিক্ষা, মহানগৰীলৈ সুলভ ৰেল তথা বাচসেৱা আৰু লগতে খোৱা বোৱাৰ ক্ষেত্ৰত সুচলতাও এইখন সমাজৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। ঘৰ চলোৱা নাৰী এগৰাকীয়ে বাস্তৱিকতে সিদ্ধান্ত লোৱাৰ আগেয়ে এই কাৰক সমূহে মনোজগতত নিশ্চয়কৈ ক্ৰিয়া কৰেই! বিগত দশকটোত ৰাজ্য চৰকাৰে আনি দিয়া সুচলতাৰ সৈতে যোৱা ডেৰটা বছৰত কেন্দ্ৰীয় চৰকাৰে আনি দিয়া সুচলতাও উঠে এই বিচাৰৰ তুলাচনীত।


নিতীশ কুমাৰৰ দিনত ঘৰে ঘৰে বিজুলী সংযোগৰ বিশাল কাৰ্যসূচী ৰূপায়িত হৈছিল, লগে লগে আহিছিল টিভিৰ দৰে জ্ঞান-বিজ্ঞানৰ জগতখনৰ সংযোগো। শৌচাগাৰ নিৰ্মাণৰ পৰিসংখ্যাও অতিশয় চকুত লগা। পূৰ্বৰ ভয়-ভীত শংকাৰ পৰিবেশৰ পৰিবৰ্তে আইন ব্যৱস্থাৰ উপস্থিতি প্ৰথমবাৰলৈ বিহাৰৰ মানুহে অনুভৱ কৰিছিল! অপৰাধ নিয়ন্ত্ৰণ আৰু দৱংগ ধৰণৰ জোৰজুলুম থকা পৰিবেশৰো সা-সলনি হৈছিল। ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱিকাৰ বাটো মুকলি হবলৈ ধৰিছিল, নিজৰ ৰাজ্যৰ চহৰ-মহানগৰতে! ইয়াৰ ফলতে বিগত দশকটোত মুম্বাই, দিল্লী আদিৰ পৰা বহু লোকেই গৃহ ৰাজ্যলৈ উভতি গৈছিল। এই প্ৰত্যাগমনো নিশ্চিতকৈ আছিল ৰাজ্যৰ জীৱনযাত্ৰালৈ অহা সুচলতাৰ সূচকাংক স্বৰূপ! নিতীশ কুমাৰৰ এই সুচলতা বৃদ্ধি কৰা আঁচনিবোৰৰ ৰূপায়ণ স্তব্ধ হৈ যাব বুলিও কিছুমান মানুহে শংকা প্ৰকট কৰিছিল। এইবাৰ অমুক ঠাই পালেহিয়েই বিজুলী, অহা বছৰ আমাৰ গাঁও পোহৰোৱাটোও নিশ্চিতই, এই আশাবাদ প্ৰতিষ্ঠা কৰিব পৰাটোও নিতীশ কুমাৰৰ চ’চিয়েল ইঞ্জিনীয়াৰিঙৰ সফলতাই নহয়নে? 


বিহাৰৰ ভিতৰুৱা সমাজখনলৈ চালে দেখা যায় যে, জাত-পাতৰ হিচাবে এতিয়াও মনত শিপাই আছেই। বহু জাতিৰ লোক জাতিগতভাৱেই সামুহিক ৰূপতেই পিছ পৰি আছে। অৰ্থনৈতিক সৱলতাৰ অভাৱ, শিক্ষাৰ বিস্তাৰ কম, সজাগতাৰ অভাৱ আদিয়ে পিছুৱাই ৰখা সমাজবোৰক এৰি শক্তিশালী ভাৰত জানো সম্ভৱ? এনে সমুদায় সকলৰ সৱলীকৰণৰ বাবে সংৰক্ষণৰ ব্যৱস্থাতকৈ অধিক ফলপ্ৰসূ ব্যৱস্থাৰ প্ৰয়োজন আছে। পিছপৰি থকা জাতিৰ নেতা সকলেই সকলো কল্যাণকামী পুঁজি হজম কৰি, জাতিটোকে পিছুৱাই ৰাখিব বিচৰা মানসিকতাৰ পুৰণি খেলবোৰো এতিয়া সলাবৰ হ’ল। কেৱল দলিত, মহাদলিত ঘোষণাৰে কিছু সকাহ দিলেও কিন্তু, সামগ্ৰিক উন্নতিৰ বাবে সংহত প্ৰকল্পৰে এই সকল ৰাইজৰ সামাজিক স্থিতিৰ উন্নীতকৰণৰ প্ৰত্যাহ্বান নতুন চৰকাৰে গ্ৰহণ কৰিব লাগিব। একবিংশ শতিকাত কিমান দিনলৈ জাত-পাতৰ এই হিচাব চলি থাকিব, তাৰ উৰ্ধলৈ সমাজখনক নিব পৰা যাবনে, সেয়াও চ’চিয়েল ইঞ্জিনীয়েৰিঙে সামৰি লব লাগিব।


আজি বিহাৰৰ নৱ-প্ৰজন্মৰ মাতৃ-সমাজে অৰ্ধ-শিক্ষিত শ্ৰমিকৰ ঘৰৰ পৰাই শিক্ষাৰে আলোকিত উন্নত মানৱ সম্পদ গঢ় দিব বিচাৰিছে। বৰ্তমান প্ৰতি এক লাখ উচ্চ শিক্ষা বিচৰা শিক্ষাৰ্থীৰ বিপৰীতে কলেজৰ সংখ্যা মাত্ৰ এখন বুলি প্ৰকাশ পোৱা পৰিসংখ্যাই উচ্চ শিক্ষাৰ ক্ষেত্ৰলৈ আনিব লগা প্ৰভূত পৰিবৰ্তন দাবী কৰিছে। শৌচাগাৰ নিৰ্মাণৰ পৰিসংখ্যাই চলিত প্ৰকল্পৰ দ্ৰুত-ৰূপায়ণ দাবী কৰিছে। নগৰ-মহানগৰীয় অঞ্চলত উচ্চ শিক্ষাৰ বাবে গাঁৱৰ পৰা আহি থাকি লোৱা উচ্চাকাংখী নৱ-প্ৰজন্মই উন্নত চাকৰিৰ সন্ধান বিহাৰৰ মাটিতে পোৱাৰ মনোকামনাও টিভিৰ পৰ্দাতে ব্যক্ত কৰিছে। ইয়াৰ বাবে চফটৱেৰ, সেৱা উদ্যোগ, উতপাদনী উদ্যম আদি বিহাৰৰ মাটিত গঢ়ি তোলাৰ বাবে ব্যক্তিগত, ৰাজহুৱা আৰু বহুজাতিক উদ্যমক ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা কৰাতো সময়ৰ দাবী হৈ পৰিছে। নতুনকৈ গতি পোৱা নাৰী শিক্ষাক আগুৱাই নিবলৈ যুৱতী সকলৰ বাবেও সুৰক্ষিত কৰ্ম-সংস্থান সমাজে দাবী কৰিবই। সৰু-বৰ উদ্যম গঢ়িবলৈ কেন্দ্ৰীয়ই হওক বা ৰাজ্য চৰকাৰৰে হওক, ঋণ-অনুদান আদিৰ বিষয়ত সজাগতা তথা সহজলভ্যতাও এক গুৰুত্বপূৰ্ণ বিষয়। ক্ষুদ্ৰ-মজলীয়া উদ্যম গঢ়িবলৈ, ব্যৱসায়িক দক্ষতাৰ বিকাশমূলক কাৰ্যসূচীও অতি প্ৰয়োজনীয় হৈ উঠিব। শংকা বিহীন পৰিবেশ, বিজুলী, পৰিবহন, ঔদ্যোগিক আন্তঃগাঁথনিৰ নিশ্চিতি চৰকাৰে অনাগত সময়ত দিব পাৰিলে, দক্ষিণ ভাৰতৰ ৰাজ্য সমূহৰ দৰে বিহাৰো যে বিশাল উদ্যোগৰ বাবেও আকৰ্ষণীয় ঔদ্যোগিক বিনিয়োগৰ ক্ষেত্ৰ নুঠিব বুলি আমি ভাবিব পাৰোনে? ঘৰুৱা শ্ৰমিক, ঘৰুৱা কেঁচামাল, ঘৰুৱা উচ্চ-শিক্ষিত মানৱ-সম্পদৰ ভৰসাত এতিয়া ৰাজ্যতে জীৱিকা সৃষ্টি কৰাৰ প্ৰত্যাহ্বান এই নতুন চৰকাৰলৈ দলিয়াই দিছে বিহাৰৰ পৰিবৰ্তিত সমাজেই। কাম কৰি উন্নত শিৰে, নিজা ৰাজ্যতে শ্ৰমৰ ভিত্তিত মৰ্যদা সম্পন্ন জীৱন কটোৱাৰ আৰু উত্তৰ-পুৰুষক উন্নতৰ জীৱন দিয়াৰ সামাজিক তাড়ণাক আগস্থান দি কাম কৰিবলৈ এইখন সমাজে যে ৰাজনৈতিক নেতৃত্বক বাধ্য কৰিবই সেই বাৰ্তাও স্পষ্ট হৈ পৰিছে। অসমীয়া জনজীৱনৰ সাধাৰণ মানুহৰ আশা-আকাংক্ষাও যে একেধৰণৰেই সেই কথা বেলেগকৈ সোঁৱৰাই দিয়াৰ জানো প্ৰয়োজন আছে?


যদিও বিহাৰত জাতিৰ ভিত্তিত ভোট হয় বুলি বিশ্লেষক সকলে কয়, তথাপি সকলো জাতিৰ নেতা দেখোন প্ৰতিটো দলতে থাকেই। নিয়োগৰ সুবিধা সৃষ্টি, সুচলতৰ জীৱনৰ আশা আদি সাৰ্বজনীন প্ৰয়োজনবোৰ পূৰাব বুলি প্ৰতিশ্ৰুতি লভিলে, মানুহে জাত-পাত-ধৰ্মৰ উৰ্ধতো ভোটদান কৰি জয়যুক্ত কৰে। যোৱা লোকসভাৰ সাধাৰণ নিৰ্বাচনেই তাৰ প্ৰমাণ নহয়নে?

সমাজে শান্তিৰ পৰিবেশ বিচাৰে, মানুহেও! যাতে দৈনন্দিন জীৱন সংগ্ৰামত ভালকৈ এঘড়ী যুঁজিব পাৰে। এসাজ ভালদৰে খাব পাৰে, শান্তিৰে শুৱ পাৰে, ভৱিষ্যতটো সুন্দৰকৈ গঢ় দিয়াৰ সপোন দেখিব পাৰে। মানুহৰ অধিকাৰ, মৰ্যদা আৰু সুখী হৈ থকাৰ অৱকাশ বিচাৰে। এমা গল্ডমেনে এনেয়ে কৈ গৈছেনে-'
The ultimate goal of social change is to establish the sanctity of human life, the dignity of man, the right of every human being to liberty and well-being'. এই সুচলতাৰ নিশ্চিতি বিচৰা সৰল, অৰ্ধশিক্ষিত, দৰিদ্ৰ সমাজখনত কোনোবাই অপ্ৰীতি, দ্বন্দ্ব, সংঘাত আদিক মূলধন কৰি আগুৱাব বিচাৰিলে কোনেনো বাৰু গ্ৰহণ কৰিব। সুলভ খাদ্য, সুলভ শিক্ষা, সুলভ জনস্বাস্থ্য আদি মৌলিক কথাবোৰৰ পৰা নিস্কৃতি পাবলৈ এতিয়াও ঘৰে ঘৰে যুঁজি থকা সাধাৰণ মানুহবোৰৰ কষ্টবোৰক হৃদয়ংগম কৰিব নোৱাৰিলে, অলপ সকাহ দিব নোৱাৰিলে, কোনো ৰাজনৈতিক শক্তিয়েই হৃদয়ত স্থান নাপায়। বিহাৰৰ নিৰ্বাচনে দিয়া এই সামাজিক বাৰ্তাক সমাজৰ নেতৃত্ব দিবলৈ দায়িত্ব লোৱা সকলো নেতৃস্থানীয় ব্যক্তিয়ে অনুধাৱন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে, সেই কথা কিন্তু নিশ্চিত!

No comments:

Post a Comment