Friday, November 27, 2015

চিন্তন


অসমীয়া ভাষাৰ অস্তিত্বৰ সংকট আৰু 
আমাৰ কৰণীয় অনামিকা চলিহা
আজি কিছুদিন ধৰি আমাৰ অসম ৰাজ্যত অসমীয়াৰ সংজ্ঞা, অসমীয়া ভাষাৰ অস্তিত্বৰ সংকট তথা অসমীয়া লোকসকলে বাহিৰা সংস্কৃতিক বেছি অগ্ৰাধিকাৰ দিয়া আদিবোৰৰ বিষয়ে ব্যক্তিগত নিউজ চেনেলকেইটাত, বাতৰিকাকত, বুদ্ধিজীৱী তথা অন্যান্য লোকসকলৰ মুখত শুনিয়েই আছো। পিছে ইয়াৰবাবে দায়ী কোন এবাৰ ভাবি চাইছোনে? হয়, সৱেই ক’ব ইয়াৰবাবে দায়ী সৰ্ম্পূণ ৰূপে আমি নিজে।

সচাঁ কথা, নিজৰ জাতি, ভাষা-সংস্কৃতিক বিপদত পেলাবলৈ কোনো বাহিৰা লোকে আমাক জোৰ কৰা নাই। যি কৰিছো সেইয়া আমাৰেই সৃষ্ট।আমি অসমীয়া সকলে আনৰ অন্ধ অনুকৰণ কৰি ভাল পাওঁ। সেইয়া বিগত দিনত ইংৰাজৰ শাসনকালত বা তাৰো আগৰ ইতিহাস অধ্যয়ণ কৰিলে গম পোৱা যায়।ইংৰাজ গুছি গ’ল যদিও তেওঁলোকে আমাৰ ওপৰত জাপি দিয়া বা নিজে গ্ৰহণ কৰা কিছুমান বেয়া অভ্যাস এতিয়াও এৰিব পৰা নাই। তেওঁলোকৰ কমৰ্ৰ প্ৰতি যি স্পৃহা, নিজক শ্ৰেষ্ঠ কৰি গঢ়ি তোলাৰ বাবে যি প্ৰচেষ্টা, নিজৰ ভাষা, সংস্কৃতি ,ধৰ্মক বিশ্বৰ ভিতৰতে সকলো ফালৰপৰাই সৰ্বশ্ৰেষ্ঠ কৰি গঢ়ি তোলাৰ যি ঐকান্তিক প্ৰচেষ্টা সেইয়া আমি বাৰু দেখিছোনে? নাই দেখা বা দেখিও নেদেখাৰ ভাঁও ধৰো। নধৰিমেইবা কিয়? নহ’লে জানো আমি ৰেইন দান্সত হাতত বিদেশী সুৰাৰ গিলাচ লৈ অৰ্ধ উলংগ হৈ মুখত খিচিৰি ভাষা গাই পাগলামি কৰিব পাৰিম? নাইবা নিজৰ সাতামপুৰুষীয়া বিহুটিত নিজৰ জাতীয় পোছাকযোৰ পিন্ধিবলৈ শিল্পী জুবলীক সোঁৱৰাব লগীয়া হয়নে? অকল জুবলীয়েই নহয় জুবিন গাৰ্গ, অংগৰাগ মহন্ত তথা অন্যান্য শিল্পীসকলেও নিজৰ জাতীয় পোছাক পৰিধান কৰে জানো?

তেওঁলোকৰ কৰ্মৰ প্ৰতি যি স্পৃহা তথা নিজ দেশৰ প্ৰতি যি আনুগত্য তাক অনুধাৱণ কৰাহেঁতেন আজি আমাৰ অসমত ইমান বাংলাদেশীৰ অনুপ্ৰৱেশ, সীমা সমস্যা আদিবোৰ নহ’ল হয়।ৰাজনীতিবিদসকলে নিজৰ ব্যক্তিগত স্বাৰ্থক দেশৰ সুৰক্ষা, জনসাধাৰনৰ কল্যাণতকৈ বেছি অগ্ৰাধিকাৰ নিদিয়া হ’লে আজি দেশ, ৰাজ্যত সীমা সমস্যা, দুৰ্নীতি, দৰিদ্ৰতা, হত্যা-হিংসা, উগ্ৰপন্থী আদি বিভিন্ন সমস্যা ইমান প্ৰৱল ৰুপত নহ’ল হয়।

দিনে দিনে অসমত ইংৰাজী মাধ্যমৰ বিদ্যালয় বাঢ়ি গৈছে। কিহৰ বাবে? তালৈ যোৱা ছাত্ৰৰ-ছাত্ৰী সকলোতো অসমীয়া সন্তানেই।সেই কণমানিসকলক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নাম ভৰ্ত্তি কৰা অভিভাৱকসকলতো অসমীয়া লোকেই। তেওঁলোকৰ বহুতেই অসমীয়া মাধ্যমত পঢ়িয়েই প্ৰতিষ্ঠিত হৈছিল। হয়তো ক’ব আজিৰ যুগৰ লগত খাপ খাবলৈ ইংৰাজী শিক্ষাৰ জ্ঞান খুবেই প্ৰয়োজন। সেয়া প্ৰত্যেকেই আমি জানো। কিন্তু কোনোবাই দাঠি ক’ব পাৰিবনে যে ইংৰাজী মাধ্যমত পঢ়িহে প্ৰত্যেকজন নতুন প্ৰজন্ম আন দেশৰ সফলতম লোকৰ দৰে হৈছে। বিভিন্ন ক্ষেত্ৰত সাফল্য অৰ্জন কৰা লোকসকলৰ সৰহ সংখ্যক লোকেই অসমীয়া মাধ্যমতেই পঢ়ি যোৱা।তেনেহ’লে এই অনীহা কিয় নিজৰ মাতৃভাষাৰ বিদ্যালয়ত পঢ়াৰ প্ৰতি?

হয় অসমীয়া মাধ্যমৰ কিছুমানত প্ৰয়োজনীয় সুবিধা, শিক্ষকৰ অভাৱ তথা অন্যান্য অসুবিধা আছে। কিন্তু চেষ্টা কৰিলে সেই অসুবিধাবোৰ দূৰ কৰিব পাৰি?কিন্তু সেই আন্তৰিকতা আমাৰ মাজত নাই।নাই চৰকাৰৰো। চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ প্ৰয়োজনীয় অভাৱ-অভিযোগবোৰ সমাধান কৰাৰ লগতে ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰত অসমীয়া ভাষাক এটা বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্তৰ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যাতে ইংৰাজী ভাষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া ভাষাটোও শুদ্ধৰুপত শিকিব পাৰে। বহু টকা খৰছ কৰি ইংৰাজী বিদ্যালয়ত পঢ়োৱা হয়।তাৰ অলপো টকা যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত খৰছ কৰা হয়, তেতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ৰুপেই সলনি হৈ যাব। কথাৰে আমি ফুলজাৰি মাৰিব পাৰো, কিন্তু কামত হ’লে একো নাই। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত সন্তানক দি অভিভাৱকে গৌৰৱ অনুভৱ কৰে, আনৰ আগত জহায়-মোৰ সন্তানে অসমীয়া ক’ব নেজানে বুলি। কিন্তু সেই একেজন মানুহেই অসমীয়া ভাষা সংকটত পৰিছে বুলি দুখ কৰে।কিমান যে আচৰিত কথা।আমাৰ দুমুখীয়া স্বভাৱ সঁচাকৈয়ে উপহাসৰ যোগ্য।

কথাৰ মাজে মাজে ইংৰাজী শব্দৰ ব্যৱহাৰ কৰাটোত আমি গৌৰৱ অনুভৱ কৰো, আজিকালি সেইয়া ফেশ্বনৰ দৰে হৈ পৰিছে। ইংৰাজীত কথা-বতৰা কৰিলে সন্মান বাঢ়ে, অগ্ৰাধিকাৰ পায়, আদি, কিন্তু আমি ইংৰাজ এজনে কোৱা বা আন ইংৰাজী মাতৃভাষাৰ লোকে কোৱাৰদৰে ইংৰাজী ক’ব পাৰোনে? নোৱাৰো সেইয়া সত্য।

নিউজ চেনেলকেইটাই অসমীয়া ভাষা যে সংকটত পৰিছে, তাক লৈ তাল-ফাল লগাই আছে, বিভিন্ন অনুষ্ঠান পাতিছে। কিন্তু আটাইতকৈ অসমীয়া ভাষাটোৰ শৰাধ পাতিছে তেওঁলোকেই। কথা-বাৰ্তাত, বাতৰি পৰিৱেশনত বা অন্যান্য অনুষ্ঠান পৰিৱেশনত আধাতকৈও বেছিসংখ্যক ইংৰাজী ভাষা ব্যৱহাৰ কৰে তেঁওলোকেই। বুদ্ধিজীৱী তথা অন্যান্য অসমীয়া লোকসকলৰো একেই অৱস্থা। বাতৰিকাকতবোৰতো বাৰে-পাচি বানান ভুল। ৰাস্তাৰ দাঁতিত ,অসমীয়াৰ ব্যৱসায় প্ৰতিষ্ঠানত লগোৱা ইংৰাজীত লিখা ফলককেইখনো অসমীয়াকেইটাই লগায়। সভাই-সমিতিয়ে, চৰকাৰী কাৰ্য্যালয়, আদিত ইংৰাজী ভাষা ব্যৱহাৰ কৰা লোকসকলো অসমীয়া লোকেই। নিউজ চেনেল, বাতৰিকাকত, দোকান-পোহাৰ,ব্যৱসায়, প্ৰতিষ্ঠান, চৰকাৰী অফিচ-কাছাৰী, আদিত ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষাটোকো সম্পূণ শুদ্ধৰুপত ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা ল’ব লাগে।

নতুন প্ৰজন্মক সদায়েই দোষ দিয়া হয়।কিন্তু তাৰবাবে দায়ী পুৰণি প্ৰজন্মই। জন্মৰ পাছত সন্তানক যদি মাৰ ঠাইত মামী নিশিকাই মায়েই, দেউতাৰ ঠাইত পাপা নিশিকাই দেউতাই শিকালে হয়, আদি আজি উঠি অহা প্ৰজন্মৰ মাজত ইমান ইংৰাজী ভাষাৰ প্ৰতি টান নাহিল হয়। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্ত্তি কৰাৰ সলনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত কনমানিটিক নামভৰ্ত্তি কৰি নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিলে হয়, আজি আমি অসমীয়া ভাষাৰ অস্তিতক লৈ ইমান সংশয়ৰ সন্মুখীন হ’ব নেলাগিলহেঁতেন।

বাঙালী ভাষাৰ গ্ৰাসৰপৰা নিজৰ চিৰ-চেনেহী ভাষাটোক প্ৰাপ্য সন্মান দিবলৈ বহু মণিষীৰ বহু কষ্টকৰ সংগ্ৰাম জড়িত হৈ আছে।সেই মণিষীসকলৰ অসমীয়া ভাষাক প্ৰাপ্যৰ ময্যাৰ্দা দিবৰ বাবে কৰা কষ্টকৰ অৱদানৰ কথা পাহৰি গ’লে নহ’ব। অসমীয়া হিচাপে নিজক লৈ গৌৰৱ অনুভৱ কৰো, নিজৰ ভাষাক লৈও গৌৰৱান্বিত। সদায়েই আশা কৰো অসমীয়া ভাষা, অসমীয়া জাতি, অসম বিশ্বত জাকত-জিলিকা হৈ উঠক।

প্ৰায় তিনিকোটিৰো অধিক অসমীয়া ভাষা কোৱা লোকেৰে পৰিপূৰ্ণ অসমৰ অসমীয়া ভাষাই পৃথিৱীৰ ৫৭ তম বৃহৎ ভাষা হিচাপে স্বীকৃতি পাইছে ইতিমধ্যে। ই আমাৰ তথা অসমীয়া ভাষা কোৱা লোকসকলৰ বাবে গৌৰৱৰ কথা। গতিকে এই ভাষাৰ সংৰক্ষণ তথা জীয়াই ৰখাৰ দায়িত্বও আমি অসমীয়া মাত্ৰেই বহন কৰিব লাগিব।

No comments:

Post a Comment