Saturday, November 28, 2015

সাম্প্ৰতিক প্ৰসংগ

অসমীয়াৰ শৌৰ্য্য-বীৰ্য্যৰ প্ৰতীকজনক
ধৰ্ম্ম-সম্প্ৰদায়ৰ সংকীৰ্ণতাৰে কলুষিত নকৰিব
ডাঃ অজিত কুমাৰ পটঙ্গীয়া
সাম্প্ৰতিক সময়ত ৰাষ্ট্ৰ শাসনৰ জৰী ধৰা ৰাজনৈতিক দলটিয়ে ক্ষমতাত আৰোহণৰ বাবে ভাৰতবৰ্ষৰ ইতিহাসৰ ভুল বাখ্যা কৰি এক অসহিষ্ণু সাম্প্ৰদায়ীক বাতাবৰণ সৃষ্টি কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। তাৰ অংশ হিচাবে অলপতে গুৱাহাটীত অসমৰ এটি হিন্দুত্ববাদী যুৱ সংগঠনৰ উদ্যোগত অসমীয়াৰ শৌৰ্য্য-বীৰ্য্যৰ প্ৰতীক স্বদেশপ্ৰেমী বীৰ লাচিত বৰফুকনৰ সোৱঁৰণত উদযাপন কৰা 'লাচিত দিৱস'ৰ নামত অনুষ্ঠিত হোৱা এক সভাত দিল্লী, ৰাজস্থান, ওড়িশাৰ পৰা আমদানিকৃত হিন্দুত্ববাদী সাধু- মহাৰাজ-নেতাসকলৰ বিভ্ৰান্তিমূলক বক্তব্যৰ দ্বাৰা "লাচিত বৰফুকনক হিন্দুকৰণ" কৰিব খোজাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে ইতিমধ্যে অসমৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ জনাইছে। হিন্দুত্ববাদীসকলৰ সেই 'মহান আৱিস্কাৰ'ৰ পৰাহে আজি অসম মুলুকৰ মানুহে জানিব পাৰিলে যে জাতি আৰু দেশপ্ৰেমৰ প্ৰতীক যিজনৰ নামে ধৰ্ম্ম-বৰ্ণ-সম্প্ৰদায় নিৰ্বিশেষে প্ৰতিজন অসমীয়াৰ দেহ মন পুলকিত কৰি তোলে সেই লাচিত বৰফুকন এজন হিন্দু বীৰ। আমাৰ দূৰ্ভগীয়া জনগণে স্বচক্ষে দেখিলে ধৰ্ম্মৰ নামত কিমান সংকীৰ্ণতালৈ কিছুমান মানুহ নামিব পাৰে!

আমি জানো যে সাম্ৰাজ্যবাদীৰ কোনো জাত-পাত-বৰ্ণ-ধৰ্ম্ম-ভাষা নাই৷ তথাপিও আজি হিন্দুত্ববাদী সকলে উদ্দেশ্য প্ৰণোদিতভাবে মোগলৰ অসম আক্ৰমণক মুছলমানৰ অসম আক্ৰমণ হিচাবে দাঙি ধৰাৰ প্ৰয়াস চলাইছে। নক'লেও হ'ব সেয়া আছিল এখন সাম্ৰাজ্যবাদী দেশে আন এখন দেশ দখলৰ বাবে কৰা আক্ৰমণ। কিন্তু ইয়াৰ গয়নালৈয়েই হিন্দুত্ববাদী সংগঠন কিছুমানে লাচিতৰ বৰফুকনৰ গাত গেৰুৱা বস্ত্ৰ পিন্ধাই হিন্দু বীৰ সজোৱাৰ উদ্দেশ্যৰে অসমৰ অতীতৰ ইতিহাসক চূড়ান্ত অপমান কৰিছে। অতীতত কোনো কালেও অসমীয়া সমাজত সাম্প্ৰদায়িকতাৰ বীজ নাছিল। অসমীয়া সেনাপতি বাঘ হাজৰিকা, যিজনৰ প্ৰকৃত নাম আছিল ইছমাইল ছিদ্দিকী, নিজে মুছলমান সম্প্ৰদায়ৰহৈও অসমৰ সকলো জনগোষ্ঠী যোদ্ধাসকলৰ লগতে কিদৰে লাচিত বৰফুকনৰ সহযোগী হৈ মোগলৰ বিৰুদ্ধে পৰাক্ৰমৰে যুঁজিছিল সেইয়া অসমৰ ইতিহাসৰ পাতত পোৱা যায়৷ পিচে বৰ পৰিতাপৰ কথা যে হিন্দুত্ববাদীসকলে লাচিত বৰফুকনে মুছলমান আক্ৰমণকাৰীৰ পৰা অসমৰ হিন্দু সকলক ৰক্ষা কৰা বুলি প্ৰচাৰ কৰি আহিছে। এইয়া বুৰঞ্জীৰ অতি ঘৃণনীয় সাম্প্ৰদায়ীকৰণ৷ যদি প্ৰকৃততেই সেইয়া মুছলমানৰ অসম আক্ৰমণেই হয়, তেনেহলে পাকিস্থানে ভাৰত আক্ৰমন কৰিলে মুছলমানে ভাৰত আক্ৰমণ কৰা বুলি ক'ব লাগিব৷ সেইদৰে পলাশীৰ যুদ্ধত চিৰাজদৌল্লাৰ পতন আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদীৰ দ্বাৰা দেশ দখলক 'দেশ খ্ৰীষ্টিয়ানৰ পদানত হ'ল' - বুলি ক'ব লাগিব; যিটো অনৈতিহাসিক আৰু অযুক্তিকৰ৷ লাচিতে বৰফুকনে কেতিয়াও ধৰ্ম্মযুদ্ধ কৰা নাছিল, কৰিছিল নিজৰ মাতৃভূমিক বিদেশী সম্ৰাজ্যবাদীৰ হাতৰ পৰা ৰক্ষাৰ বাবে৷ আনহাতে সেই যুদ্ধত মোগল সৈন্যৰ নেতৃত্ব দিয়া প্ৰধান সেনাপতি ‘ৰজা ৰামসিংহ’ হিন্দু আছিল, মুছলমান নহয়। তাৰোপৰি ১৮২৬ চনলৈ অসম ভাৰতৰ অঙ্গয়েই নাছিল। লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰিছিল ১৬৭১ চনত। লাচিত বৰফুকনৰ সময়ত আহোমসকল হিন্দু হোৱা নাছিল। ১৭১৪ চনত স্বৰ্গদেউ শিৱসিংহৰ দিনতহে আহোমসকলে ৰাজধৰ্ম্ম হিচাবে হিন্দু ধৰ্ম্ম গ্ৰহণ কৰে। তেনেহলে এজন অহিন্দু লাচিত বৰফুকন ভাৰতৰ হিন্দু বীৰ কেনেদৰে হ'ল? এইদৰে ইতিহাসৰ অপবাখ্যাৰে এচাম সাম্প্ৰদায়িক সংগঠনে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অসমৰ ইতিহাসক বিকৃত কৰি কলুষিত কৰিছে যাৰ যথাযোগ্য প্ৰতিবাদ প্ৰকৃত ধৰ্ম্মনিৰপেক্ষ অসমীয়াই কৰা উচিত৷

অলপতে আমাৰ অসমত প্ৰকাশিত মোৰ লিখনী 'ভাৰত বিভাজনঃ মুছলমানসকলেই দায়ীনে?" পঢ়ি এজন হিন্দুত্বদবাদীয়ে মোক জনালে যে বৃটিছে নহয় বাবৰেহে ভাৰত জয় কৰি হিন্দুসকলক পদানত কৰিছিল। বৃটিছে আমাৰ দেশত অধিকাৰ কৰি মুছলমানসকলৰ অত্যাচাৰৰ পৰা হিন্দুসকলক ৰক্ষাহে কৰিলে। প্ৰথম কথা, বাবৰে দিল্লী অধিকাৰ কৰিছিল সমগ্ৰ ভাৰতবৰ্ষ নহয় আৰু দ্বিতীয়তে, যাক পৰাজিত কৰিছিল তেওঁ আছিল অন্য এজন মুছলমান ইব্ৰাহিম লোডী, হিন্দু নহয়। এই দিল্লী অভিযানত বাবৰৰ প্ৰধান সহায়ক আছিল এজন হিন্দু সেনাপতি, যাৰ নাম আছিল হিন্দু বেগ। তৃতীয়তে, যিকোনো সাম্ৰাজ্যবাদীৰ বাবে, সি মোগলেই হওঁক বা বৃটিছেই হওঁক সিংহাসন অধিকাৰ কৰি ধন-সম্পত্তি লুটপাত কৰাতোৱেই প্ৰকৃত লক্ষ্য, সিংহাসনত কোন বহি আছে, মুছলমান নে হিন্দু, সেইয়া বিচাৰ্য্য নহয়, আৰু বৃটিছে ভাৰতৰ মানুহক মুছলমানৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিছিল বোলা কথাতো গোকাট অসত্যৰ ওপৰত প্ৰতিষ্ঠিত, সেইয়া ভাৰতত বৃটিছ শাসনৰ ইতিহাস পঢ়িলেই জানিব পাৰি। হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান বা যিকোনো ধৰ্ম্মালম্বী সাম্ৰাজ্যবাদী শক্তি বা ৰজাই অন্য ৰাজ্য অধিকাৰ কৰিবলৈ গৈ সদায় লুন্ঠন-অত্যাচাৰ কৰিছে। হিন্দু ৰজাবোৰৰ মাজতো দেশ আৰু সিংহাসন দখলৰ বাবে যুদ্ধ চলিছিল। সেই সময়ত মন্দিৰ আক্ৰান্ত হৈছে মন্দিৰত থকা দেবতাৰ মূৰ্ত্তি গঢ়া মূল্যবান ধাতু আৰু মন্দিৰৰ ভিতৰত সঞ্চিত ধন-সম্পদ লুন্ঠনৰ বাবে। গতিকে অকল মুছলমান ৰজাই মন্দিৰত লুটপাত চলোৱা নাই, হিন্দু ৰজাইয়ো মন্দিৰত লুটপাত চলাইছে। হিন্দু-মুছলমান নিৰ্বিশেষে ধন-সোণৰ লোভত বহতো ৰজাই মন্দিৰ আক্ৰমণ কৰিছে। একাদশ শতাব্দীত কাশ্মীৰৰ নৃপতি হৰ্ষৰ দৰে মৌৰ্য্য ৰজাইয়ো ৰাজকোষ পূৰ্ণ কৰাৰ বাবে মন্দিৰ লুট কৰি মূল্যবান ধাতুৰে গঢ়া দেৱতাৰ মূৰ্ত্তিবোৰ গলাই পেলাইছিল। গতিকে এই আক্ৰমণবোৰৰ চৰিত্ৰ আছিল শাসন, শোষণ আৰু লুন্ঠন। স্বামী বিবেকানন্দ যিজনৰ বাণী হিন্দুত্ববাদীসকলে সঘনাই ব্যৱহাৰ কৰে, তেওঁ কৈছিল -'ভাৰতবৰ্ষৰ এই যে সকলো সন্ন্যাসীৰ মঠ-মন্দিৰ দেখিবলৈ পাইছো, এইবোৰ বৌদ্ধসকলৰ অধিকাৰত আছিল। হিন্দুসকলে সেইবোৰকে নিজৰ ৰঙৰে ৰঙীণ কৰি নিজস্ব কৰি লৈছে। ......পুৰীৰ জগন্নাথ মন্দিৰ আচলতে আছিল বৌদ্ধমঠ'(বাণী আৰু ৰছনা, নবম খণ্ড, পৃষ্ঠা ২৮)। পৰ্য্যটক হিউয়েন চাঙৰ বিবৰণৰ পৰা জনা যায় যে, কন্যাকুজৰ ৰজা শিলাদিত্যই বৌদ্ধধৰ্ম্মৰ পৃষ্ঠপোষকতা কৰা বাবে ব্ৰাহ্মণসকলে তেওঁৰ ৰাজপ্ৰসাদ জ্বলাই দিছিল। গৌড়ৰ শিৱ উপাসক ৰজা শশাঙ্কই বহু বৌদ্ধ বিহাৰ ধ্বংস কৰিছিল। যি অযোধ্যাত এসময়ত এশৰো ওপৰ বৌদ্ধমঠ আৰু প্ৰায় তিনিহাজাৰ বৌদ্ধ সন্ন্যাসী আছিল আৰু হিন্দু মন্দিৰ আছিল মাথো আঠটি, সেই অযোধ্যা পৰবৰ্ত্তি সময়ত হিন্দু মন্দিৰেৰে পূৰ্ণ হৈ গ'ল কেনেকৈ? বৌদ্ধমঠবোৰ ক'লৈ গ'ল? হিন্দুত্ববাদীসকলে মুছলমানসকলক বিদেশী বুলি ক'লেও বৌদ্ধসকলতো বিদেশী নহয়। বুদ্ধগয়াৰ মঠবোৰ বৌদ্ধসকলৰ পৰা হিন্দুসকলে কাঢ়ি লোৱা বুলি বৌদ্ধসকলে বহুদিন ধৰি অভিযোগ কৰি আহিছে, কিন্তু কোনো শাসক ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতা নোপোৱাৰ বাবে তেওঁলোকৰ দাবীয়ে ৰামমন্দিৰৰ দাবীৰ দৰে প্ৰচাৰ পোৱা নাই। প্ৰকৃততে মধ্যযুগত এনে ধৰণৰ অত্যাচাৰবোৰ আছিলেই। গতিকে এইয়া ইতিহাসক বিকৃত কৰি মাথোন মুছলমানৰ হিন্দুৰ ওপৰত অত্যাচাৰ হিচাবে হৈ ছৈ তুলি নিৰ্বাচনৰ ৰাজনীতিত সাম্প্ৰদায়ীক বিশ-বাস্প চতিয়াই ভোটৰ মেৰুকৰণৰ দ্বাৰা ক্ষমতাৰ গাদিত বহাৰ এক নীচ চক্ৰান্তৰ বাহিৰে আন একো নহয়। আৰু যদি ধৰিও লোৱা হয় ভাৰতৰ বহুতো মঠ,মন্দিৰ,মছজিদ মধ্যযুগত ধ্বংস হৈছে ধৰ্ম্মীয় কাৰণতেই, তেনেহ'লে এই একবিংশ শতিকাত তাৰ প্ৰতিশোধ ল'বৰ বাবে আমি সেই ঘটনাৰ পুনৰাবৃত্তি কৰাতো সভ্য মানুহৰ কথা হ'ব পাৰে জানো? যিসকলে সমাজৰ সকলো প্ৰকাৰ উন্নতি বিচাৰে, স্বচ্ছ ভাৰত, উন্নত ভাৰত, ডিজিটেল ভাৰত গঢ়িব বিচাৰে, যিসকলে সমাজৰ শৃঙ্খলা বিচাৰে, যিসকলে মানুহৰ মন-প্ৰাণ, ৰুচি-সংস্কৃতি সকলো সুন্দৰ আৰু মহৎ কৰি গঢ়ি তুলিব বিচাৰে, তেওঁলোকে মধ্যযুগীয়া চিন্তা-চৰ্চ্চাৰ, বৰ্বৰ কাৰ্য্যৰ পুনৰাবৃত্তি কৰিব বিচৰাতো অত্যন্ত গৰ্হিত কৰ্ম্ম। যদি আজিৰ সভ্য পৃথিবীত ধৰ্ম্মৰ নামত এনে কাম কোনোবাই কৰে, তেনেহ'লে তেওঁলোকক আমি কেনেকৈ 'শান্তি'ৰ কথা কোৱা প্ৰকৃত ধৰ্ম্মীয় মূল্যবোধৰ পৰিচয় বহন কৰাৰ যোগ্য বুলি বিবেচনা কৰিম? যিকোনো ধৰ্ম্মৰ নামতেই যদি সেইয়া কৰা হয়, সেইয়া অত্যন্ত নিন্দনীয় কথা আৰু সেইসকল লোক ক্ষমাহীন অপৰাধী হোৱাৰ যোগ্য।

সামন্তযুগত অত্যাচাৰ হৈছে প্ৰজাৰ ওপৰত শাসকৰ অত্যাচাৰ। ৰজা হিন্দু হ'লে হিন্দুৰ অত্যাচাৰ, নবাব মুছলমান হ'লে সেইয়া মুছলমানৰ অত্যাচাৰ হিচাবে দেখুৱাতো যুক্তিসঙ্গত জানো? মোগলসকলে ভাৰতলৈ অহাৰ সময়ত আৰব আৰু এচিয়াৰ লাখ লাখ মুছলমান নাগৰিকক হত্যা কৰি ধন-সোণ লুটপাত কৰি আহিছিল। গতিকে ৰাজতন্ত্ৰৰ আৰু সাম্ৰাজ্যবাদীৰ অত্যাচাৰক সাম্প্ৰদায়িক ৰূপ দিয়াতো উচিত নহয়। মাৰাঠাসকলে যি এশ বছৰ ভাৰতত যি ধৰণে ৰাজত্ব কৰিছিল সেইয়া মুছলমান নবাবসকলতকৈয়ো বেচি নিষ্ঠুৰ আছিল। কিন্তু এই অত্যাচাৰক আমি হিন্দু বা মাৰাঠীসকলৰ অত্যাচাৰ হিচাবে দেখুৱাতো কিমান দূৰ যুক্তিসঙ্গত? যিদৰে আশাৰাম বাপুৰ দৰে চৰিত্ৰহীন হিন্দু ধৰ্ম্ম গুৰুবোৰে সমগ্ৰ হিন্দু সমাজক প্ৰতিনিধিত্ব নকৰে সেইদৰে কোনো এচাম মুছলমান মৌলবাদীয়ে বিশ্বৰ সমগ্ৰ মুছলমান সমাজৰ প্ৰতিনিধিত্ব নকৰে।

ভালেমান দিনৰ আগতে অসমৰ অতি শ্ৰদ্ধেয় সাহিত্যিক-বুৰজ্ঞীবিদ প্ৰয়াত ড: সূৰ্য্য কুমাৰ ভূঞাৰ "Lachit Borphukan and His Times (লাচিত বৰফুকন আৰু তেওঁৰ সময়)" নামৰ গ্ৰন্থখনৰ মাৰঠী ভাষাত অনুবাদ প্ৰকাশ পাইছিল৷ নিভাজ দেশপ্ৰেম, সাহস, কৰ্তব্যনিষ্ঠা, ত্যাগ আৰু বীৰত্বৰ অদম্য প্ৰতীক অসমৰ বীৰ লাচিত বৰফুকনৰ কথা অন্য ভাষাৰ লোকে, মাৰাঠাসকলে পঢ়িবলৈ পাব, জানিব, সেয়া আমাৰ বাবে গৌৰৱৰ কথা। তাৰ বাবে অনুবাদক নিশ্চয় ধন্যবাদৰ পাত্ৰ৷ অকল মাৰাঠীলোকসকলেই কিয় আমি কামনা কৰো গোটেই বিশ্বই আমাৰ লাচিত বৰফুকনৰ কথা জানক৷ পিচে আমাৰ আপত্তিটো হৈছে লাচিত বৰফুকনৰ বিষয়ে মাৰাঠী মানুহৰ মনত উৎসুকতা জগাই তুলিবলৈ দিয়া কিতাপখনৰ নামাকৰণটোলৈ৷ নাম দিয়া হৈছে -"লাচিত বৰফুকন: অসমৰ শিৱাজী"৷ আজি হিন্দুত্ববাদৰ প্ৰবক্তাসকলে আদৰ্শ হিন্দু ৰজা হিচাবে অভিহিত কৰা শিৱাজীৰ চুৰাট লুন্ঠনৰ সেই মৰ্মান্তিক ইতিহাস যি সকলে জানে তেওঁলোকেহে বুজিব বীৰত্ব আৰু ত্যাগৰ অদম্য প্ৰতীক আমাৰ লাচিত বৰফুকনৰ লগত শিৱাজীক সমপৰ্য্যায়ৰ বুলি কোৱাতো কিমান দূৰ যুক্তিসন্মত! সমসাময়িক কালৰ লেখাৰ পৰা পোৱা তথ্য মতে যি তিনিদিন শিৱাজী চুৰাট নগৰত আছিল, সেই তিনিদিন এনে কোনো পাশৱিক, অমানবিক কাম নাই যি তেওঁৰ নেতৃত্বত থকা সৈন্যবাহিনীয়ে কৰা নাছিল৷ লুটপাট, ঘৰ জ্বলাই দিয়া, হাজাৰ হাজাৰ মানুহৰ হাত বা মূৰ কাটি নিয়া, নাৰীৰ ওপৰত অত্যাচাৰ, ধৰ্ষণ আদি চৰম নিৰ্য্যাতনে চুৰাটৰ অধিবাসী সকলক দিয়া হৃদয় বিদাৰক দূখ-যন্ত্ৰণাৰ ইতিহাসে আজিও যিকোনো সংবেদনশীল বিবেকবান মানুহকেই ব্যথিত কৰি তোলে৷ আনহাতে লাচিত বৰফুকনে 'শৰাইঘাট যুদ্ধ'ত সাম্ৰাজ্যবাদী মোগলৰ তুলনাত নিচেই কম সংখ্যক অসমীয়া সেনাৰ নেতৃত্বলৈ বিশাল মোগল সৈন্য-বাহিনীক পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। মোগল সম্ৰাজ্যবাদীৰ বিৰুদ্ধে যুজ কৰা এই অদম্য সাহসী বীৰজনে মানসিক যুজ, গেৰিলা যুজ, সুদক্ষ চোৰাংচোৱা আদিৰে কৌশল ৰছনা কৰি মোগল সৈন্যৰ ব্যতিব্যস্ত কৰি তোলাৰ ওপৰিও শৰাইঘাট যুদ্ধত নিজে তীব্ৰ জ্বৰত ভূগি থকা সত্বেও সম্মুখ সমৰত থাকি সৈন্য পৰিচালনাৰে সৈন্যবাহিনীৰ মানসিক শক্তি বঢ়াই তুলিছিল। স্বদেশ ৰক্ষাৰ বাবে দেখুওৱা তেওঁৰ ত্যাগ আৰু সীমাহীন বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম আজিও সোণালী আখৰৰে জিলিকি আছে। সেয়েহে কিতাপখনৰ নামৰ দ্বাৰা কিতাপখন নপঢ়াকৈয়েই আমাৰ লাচিত বৰফুকনো সামন্তবাদী নেতা শিৱাজীৰ দৰেই নিষ্ঠুৰ আছিল বুলি কোনোবাই ভাবি লোৱাতো অসম্ভৱ নহয়। মুঠতে মূল নাম “লাচিত বৰফুকন আৰু তেওঁৰ সময়”টো সলনি কৰি অসমৰ অতি শ্ৰদ্ধেয় বুৰজ্ঞীবিদ ড: সূৰ্য কুমাৰ ভুঞাক অপমান কৰা হৈছে৷ যদি কোনো উদ্দেশ্যপ্ৰণোদিত ভাবে এই কাম কৰা নাই তেনেহলে ডঃ সূৰ্যকুমাৰ ভুঞাৰ মূল লেখাটোত অনুবাদ কৰোতে গ্ৰন্থৰ নামতোও হুবহু একে নাম ৰখাত আপত্তি কি আছিল? মূল গ্ৰন্থখনৰ নামতো ‘লাচিত বৰফুকনঃ অসমৰ শিৱাজী’ যিহেতু নাছিল, তেনেহ'লে কি উদ্দেশ্যত নামতো সলনি কৰা হ'ল? কোনে ক'ব ইয়াতো ধৰ্ম্মান্ধ হিন্দুত্ববাদী সকলৰ কোনো চক্ৰান্ত নাই বুলি? আমাৰ অসমৰ মহান বীৰজনাৰ বিষয়ে অন্যক জনাবলৈ শিৱাজীৰ দৰে কোনো নিষ্ঠুৰ বীৰৰ গাত ভেজা দিয়াৰ কোনো আৱশ্যকতা নাছিল৷ অসমীয়াক অপমান কৰিবলৈ স্বাভিমানক আঘাত হানিব পৰাকে কৰা সেই নামাকৰণত আমাৰ লাভত কৈ লোকচান হোৱাৰহে সম্ভাৱনা বেছি৷

সেয়েহে কোনোবা বিখ্যাত অসমীয়া বা অনাঅসমীয়াই আমাৰ স্বদেশপ্ৰেমী বীৰজনা আৰু অসমৰ মহাপুৰুষ সকলকৰ বিষয়ে অন্য ভাষাত অনাঅসমীয়াসকললৈ ভূল সংবাদ কঢ়িয়াই লৈ যাব পৰা লিখনি বা বক্তব্য(লাচিত বৰফুকনক হিন্দু বীৰ, ঐক্যবদ্ধ বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ পথ নিৰ্দেশনা দিয়া মহাপুৰূষ শঙ্কৰ দেৱক 'বাবা চংকৰদেউ'ত পৰিণত কৰিব খোজাৰ দৰে)প্ৰকাশ কৰিলে বুলিয়েই আমি প্ৰশংসাৰে পঞ্চমুখ হ'বলৈ অপৰাগ| আমাৰ ইতিহাস বিকৃত ভাবে পৃথিবীৰ কোনোবাই জানক সেইয়া আমাৰ কাৰোৱেই কাম্য নহয়, হোৱাতো উচিতো নহয়৷ লাচিত বৰফুকন কোনোপধ্যে ভাৰতবৰ্ষৰ মুছলমান খেদোৱা হিন্দু বীৰ হ'ব নোৱাৰে, বৰং লাচিত বৰফুকন ধৰ্ম্ম-বৰ্ণ-সম্প্ৰদায় নিৰ্বিশেষে অসমৰ জনগণৰ অতি আপোনজন, গৌৰৱ আৰু শ্ৰদ্ধাৰ পাত্ৰ হোৱাৰ লগতে ভাৰত তথা বিশ্বৰ যিকোনো সৎ দেশপ্ৰেমীকলোকৰ বাবে প্ৰেৰণাৰ উৎস৷

লেখক আমেৰিকান ডেন্টেল ক্লিনিকৰ সঞ্চালক। ফোন: ৯৪৩৫৭০৪০৯০

4 comments:

  1. আপোনাৰ লেখাটোত প্ৰয়োজনতকৈ বেছি পৰিমানে শিৱাজীক হেয় কৰা হৈছে৷ সেই হিচাপে নিৰপেক্ষ ইতিহাস চৰ্চাত আপুনি ব্যৰ্থ হৈছে৷ তাৰোপৰি তথাকথিত অসমীয়া মহাবীৰ লাচিতকো পুৰাকাহিনীৰ খোলাটোৰ পৰা উলিয়াই আনক৷

    ReplyDelete
  2. আপোনাৰ লেখাটোত প্ৰয়োজনতকৈ বেছি পৰিমানে শিৱাজীক হেয় কৰা হৈছে৷ সেই হিচাপে নিৰপেক্ষ ইতিহাস চৰ্চাত আপুনি ব্যৰ্থ হৈছে৷ তাৰোপৰি তথাকথিত অসমীয়া মহাবীৰ লাচিতকো পুৰাকাহিনীৰ খোলাটোৰ পৰা উলিয়াই আনক৷

    ReplyDelete
  3. হয়, উচিত কথাই লিখা হৈছে। আহোম সেনাপতি বীৰ লাচিত বৰফুকন আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱক হিন্দুত্বৰ নামাৰে নামাকৰণ কৰাটো আমাৰ অসমীয়া জাতি আৰু জাতীয় সত্বাক অৱমাননা কৰা হৈছে আৰু অসমীয়া লোকসকলৰ বাবে এটা মাৰাত্মক ৰোগ হিচাপে থিয় দিছে।

    ReplyDelete
  4. হয়, উচিত কথাই লিখা হৈছে। আহোম সেনাপতি বীৰ লাচিত বৰফুকন আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱক হিন্দুত্বৰ নামাৰে নামাকৰণ কৰাটো আমাৰ অসমীয়া জাতি আৰু জাতীয় সত্বাক অৱমাননা কৰা হৈছে আৰু অসমীয়া লোকসকলৰ বাবে এটা মাৰাত্মক ৰোগ হিচাপে থিয় দিছে।

    ReplyDelete