Monday, November 30, 2015

বিশেষ লেখা

উপলক্ষঃ ধেমাজি উৎসৱৰ তৃতীয় সংস্কৰণ
ভিজন ধেমাজি-২০২১
 
অজয় লাল দত্ত
উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত ধেমাজি জিলাখন কিছু বিশেষ বৈশিষ্ট্য সম্পন্ন। হিমালয়ৰ পাদদেশত অৱস্থিত জান-জুৰি-খৰস্ৰোতা নৈৰ ঢলে কৰা ধেমালিৰ থলী ৰূপেই গঢ় লোৱা জিলাখনৰ নাম।এফালে অৰুণাচলৰ সৈতে সীমা আৰু আনফালে লুইতৰ মাথাউৰি, এফালে দেশৰ অন্তিম ৰে’লৱে ষ্টেচন মুৰ্কংচেলেকৰ পৰা সোন বোটলাৰ ইতিহাস থকা সোৱনশিৰিৰ পাৰলৈ বিস্তৃত হৈছে জিলাখন। আমাৰ এই জন্মভূমিৰ ভৌগোলিক, প্ৰাকৃতিক, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰৰ ভিন্ন দিশৰ পৰ্যালোচনা কৰি অতীত আৰু বৰ্তমানৰ ভিত্তিত উন্নতৰ ধেমাজিৰ সপোনৰ সন্ধান কৰাটো গুৰুত্বপূৰ্ণ কথা বুলি বিবেচনা কৰিছো। উচ্চ লক্ষ্যৰ দিশে, ৰোড মেপ তৈয়াৰ কৰি আগুৱাব পাৰিলেহে জিলাখনে দ্ৰুত বিকাশৰ গতি লাভ কৰিবলৈ সক্ষম হব। প্ৰতি বছৰেই বানে তাণ্ডৱ চলোৱা অংশ সমূহত সুৰক্ষাৰ প্ৰশ্ন আৰু বাকী সুৰক্ষিত কৃষি ভূমিত উন্নত কৃষি পদ্ধতিৰ প্ৰয়োগ আদি, একালত ধান-মাহ উৎপাদনৰ বাবেই বিখ্যাত জিলাখনৰ বাবে আজিও প্ৰত্যাহ্বান হৈ আছে। এফালে বৃহত নদী বান্ধৰ ভাবুকি, আনফালে ব্ৰহ্মপুত্ৰ ও উপনৈৰ খহনীয়া-বানত শংকিত হৈ থকা মানুহখিনিক শংকামুক্ত কৰাটোও গুৰুত্বপূৰ্ণ কথা।বিশেষ কোনো সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে ঘটনাৰ ইতিহাস নথকা, সংমিশ্ৰিত থলগিৰি মানুহৰ সম্প্ৰীতিময় জনাগাঁথনি থকা জিলাখন আচলতে বৈচিত্ৰ্যতাৰ মাজক ঐক্যক তুলি ধৰাৰ ক্ষেত্ৰত বিশাল ভাৰতৰ দৃষ্টিতে এক অনুপম উদাহৰণ স্বৰূপো। কিন্তু এই গৌৰৱময় সত্তাৰো প্ৰচাৰো হোৱা নাই। গ্ৰাম্য পৰ্যটনৰ বাবে সৰল গাঁৱলীয়া মানুহৰ জীৱনো হৈ পৰিব পাৰে এই আধুনিকতাৰ যান্ত্ৰিক পৃথিৱীৰ বাবে অন্যতম আকৰ্ষণৰ থলী। উদ্যোগীকৰণ, স্বাৱলম্বন, নিযুক্তি আদিৰ ক্ষেত্ৰখনো প্ৰতি বছৰেই উচ্চ আৰু উচ্চতৰ মাধ্যমিকত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক সফলতা দাবী কৰা জিলাখনৰ মানৱ সম্পদৰ অনুকূলে গঢ়ি তোলাৰ ক্ষেত্ৰত কৰণীয় বহুখিনিয়েই আছে। এনেবোৰ প্ৰশ্ন আৰু তাৰ সাৰ্থক উত্তৰ পাবৰ বাবে প্ৰয়াস কৰি অহা ৭-১০জানুৱাৰী ২০১৬ত আয়োজিত ধেমাজি উসৱৰ প্ৰাকক্ষণত, স্থানীয় জনসাধাৰণ আৰু প্ৰশাসনৰ দৃষ্টিলৈ অনাৰ বাবেই এই লেখাৰ অৱতাৰণা কৰা হৈছে।

ক. ৰাজনৈতিক লক্ষ্যঃ অহা ২০১৬চনৰ অনাগত বিধান সভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ লগতে ধেমাজিতো ৰাজনৈতিক বতাহ আৰম্ভ হৈছে। দেশৰ ভিন্ন প্ৰান্তত যি সাম্প্ৰদায়িক ৰাজনীতিৰ আৱহাৱা চলিবলৈ ধৰিছে, তাৰ বিপৰীতে বৰ্তমানলৈ পৰিস্কাৰ হৈ থকা জিলাখনৰ বতাহ যাতে কলুষিত নহয়, এই মুহূৰ্তত তাৰ বাবে ৰাইজ সচেতন হৈ উঠাৰ প্ৰয়োজন আছে। এই নিৰ্বাচনত যাতে ভৱিষ্য জনপ্ৰতিনিধি সকলৰ সমুখতঅনাগত পাঁচ বছৰত ধেমাজিয়ে বিচৰা যোগাত্মক পৰিবৰ্তনৰ এক তালিকা তুলিব দিব পাৰো, আৰু তাক ৰূপায়িত কৰাৰ বাবে সমজুৱা হেঁচাৰ সৃষ্টি কৰিব পাৰো, সেয়াও গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে। এই সন্ধিক্ষণত ধেমাজি উৎসৱৰ আয়োজন, আৰু ই ধেমাজিৰ থলুৱা সমস্যা, পাৰিপাৰ্শ্চিকতা আদি বিষয়ত আলোচনাৰ এক উপযুক্ত মঞ্চ হিচাবে গঢ় লৈ উঠাটো অতিশয় সুখৰ কথা।

ধেমাজিয়ে যোৱা তিনি দশকত যি ৰাজনীতি প্ৰত্যক্ষ কৰিছে, তাৰ পৰা শিক্ষা লোৱাৰ প্ৰয়োজন নিশ্চয়কৈ আছে। বিশেষকৈ বৰ্তমানৰ সময়ত মন কৰিব লগীয়া কথাটো হ’ল, এতিয়া লোকসভা, বিধান সভাৰ বাহিৰেও জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ পৰা গাঁও পঞ্চায়ত পৰ্যন্ত ভিন্ন স্তৰত ৰাজনৈতিক শাসন চলি আছে। তাৰোপৰি মিচিং, দেউৰী, তিৱা, বড়ো আদিকে ধৰি ভিন্ন স্বায়ত্ত-শাসিত আৰু উন্নয়ন পৰিষদ সমূহেও সমান্তৰাল ভাৱে সামাজিক উন্নতিৰ বাবে কাম কৰি আছে। উদ্যোগীকৰণৰ অভাৱ আৰু সেৱাখণ্ডৰ অভাৱে এতিয়া জিলাখনৰ বেছিভাগ শিক্ষিত যুৱক-যুৱতীকে ৰাজনৈতিক ক্ষেত্ৰখনলৈকে আকৰ্ষিত কৰিছে। আনকি স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱকেও গাঁও পঞ্চায়তলৈ প্ৰতিনিধি নিৰ্বাচিত হৈছে আৰু নাৰী সকলো এই ক্ষেত্ৰত আগৰণুৱা হৈছে, এইবোৰ যোগাত্মক কথা। তাৰ বিপৰীতে কল্যাণমূলক আঁচনিৰ ঠিকা, সেয়াই পেশা, ঠিকা পাবৰ বাবেই ৰাজনীতিৰ পথাৰত বোকা খচি থাকিব লগাৰ দৃশ্যও আন এক অস্বস্তিকৰ সত্য। এই ঠিকা আবণ্টন আৰু হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো ইমানেই বেছি ৰাজনীতিকৰণ হৈছে যে তাৰ ফলত বিচাৰ-বিবেচনাৰে সত্যৰ পক্ষত বা নীতিৰ পক্ষত থিয় দিলে তাৰ পৰা বঞ্চিত হোৱাটো নিশ্চিতই, ধৰণৰ পৰিবেশটো নিশ্চয়কৈ শুভ নহয়। শাসন লাভ কৰাৰ পাছত চৰকাৰী আঁচনি, ঠিকা, কল্যাণমূলক আঁচনিৰ সুফল যাতে দল-মত-ধৰ্ম-জাতি নিৰ্বিশেষ সকলোৱে পায় আৰু প্ৰকৃত আৰ্তজনে লাভ কৰে, দলীয় ৰাজনীতিৰ উৰ্ধতো সেই নিশ্চিতি ৰাইজে পাব লাগিব। অন্যথা, বিৰোধী দল, সমালোচনাৰ অধিকাৰ তথা গণতন্ত্ৰক সৱল কৰি ৰখাৰ প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হব। ইয়াৰ বাবে নাগৰিক সমাজ (সংস্থা, কমিটি, এনজিঅ’) সমূহে অনুঘটকৰ ভূমিকা লৈ সৱলতা প্ৰদৰ্শন কৰিবই লাগিব।

বিশেষকৈ দূৰদৰ্শী আৰু নীতিনিষ্ঠ নেতাৰ অভাৱে আমাক জুৰুলা কৰাৰ কথাটো কোনেও নুই কৰিব নোৱাৰে। জিলাখনৰ সৰ্বাংগীন উন্নতিৰ বাবে সকলোৰে গ্ৰহণযোগ্য, উচ্চ ব্যক্তিত্ব, উচ্চ শিক্ষিত, মাটি-পানীৰ সৈতে তেজ-নাড়ীৰ সম্পৰ্ক থকা নেতাৰ সন্ধানো কৰি যাব লাগিব। আমদানিকৃত নেতা, কেৱল একোটা জনগোষ্ঠীক লৈহে চিন্তা কৰা, বিভাজনৰ ৰাজনীতি কৰা, দল-বাগৰা নীতিহীন, পক্ষপাতদুষ্ট, কেলেংকাৰীৰ অভিযোগ থকা নেতা আদিক বহিস্কাৰ কৰি নিকা সৱল নেতৃত্বৰ সন্ধান ধেমাজিবাসীয়ে কৰিবই লাগিব। অনাগত দিনত এখন আদৰ্শ জিলা হিচাবে গঢ়ি তুলিবলৈ আৰু সকলো জাতি-জনগোষ্ঠীৰে জীৱন অধিক সুচলতৰ কৰি তুলিব পৰাকৈ দ্ৰুত বিকাশৰ ভিন্ন পদক্ষেপ হব লাগিব, আমাৰ ৰাজনৈতিক নেতৃত্ব বাচনিৰ বাবে অন্যতম চৰ্ত। ভোট কিনা-বেচাৰ ক্ষুদ্ৰ সময়ৰ প্ৰলোভনৰ জোৱাৰৰ বিপৰীতে দীৰ্ঘ দিনত সাৰ্বিক উন্নয়নেৰে ছবি সলাই দিব পৰা ৰাজনীতি হব লাগিব এই সচেতনতাৰ মূল আধাৰ।

খ. মাটিৰ প্ৰশ্নতঃ খেতি প্ৰধান জিলা হিচাবে খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায় অৱস্থা আমাৰ খেতিয়ক সকলৰ। বানে ধোৱা মাটিত বাৰে বাৰে সোণগুটি গজোৱাৰ সাধনা কৰিও ভাগৰি নপৰা ধেমাজিবাসীৰ বাবে এতিয়া বিকল্প চিন্তা কৰাৰ সময় আহিল। বানত ধান গলেও ক্ষতিপূৰণ নোপোৱা, সেই ঠাই এৰি আন ঠাইলৈ উঠি যোৱাৰো কোনো উপায় নোহোৱাৰ দোমোজাত ভূগি থকা মানুহ সকলৰ মৰ্ম বেদনা বুজি পোৱাৰ প্ৰয়োজন আছে। বিশেষকৈ ধেমাজি জিলাক আৰ্হি হিচাবে লৈ ৰাজ্যৰ বানাক্ৰান্ত লোকক চীনৰ দৰে প্ৰাকৃতিক কাৰণত শৰণাৰ্থীৰ মৰ্যদা প্ৰদানৰ বিশেষ নীতি তৈয়াৰ কৰাৰ প্ৰয়োজন আছে। ভূমিপুত্ৰ সকলে নিজা ঘৰ-ভেটি হেৰুৱাই বছৰ বছৰ ধৰি মাথাউৰিৰ ওপৰতে বসবাস কৰি থাকিব নেকি? জলসম্পদ বিভাগৰ বান প্ৰতিৰোধত বিফলতা, ভূমি সংৰক্ষণ বিভাগৰ খেতিৰ মাটিক সুৰক্ষা দিয়াৰ দ্বায়িত্বত বিফলতা আদিৰ ফল কিয় সাধাৰণ মানুহবোৰে বাৰে বাৰে মূৰ পাতি লব? কোটি টকাৰ আঁচনি আহে, ধনৰ অপচয় হয়, বানত উটাদি উটি যায়, অথচ বানাক্ৰান্তই জীৱনটো নতুনকৈ গঢ়ি লব পৰাকৈ বিকল্প ব্যৱস্থা নহয়, এয়া জানো ধেমাজিৰে জীয়া বাস্তৱ নহয়? যি সময়ত আমি বিদেশী অনুপ্ৰৱেশকাৰীক ধৰ্মৰ ভিত্তিত আমাৰ ৰাজ্যত আশ্ৰয় দিয়াৰ কথা ভাবিছো, ৰাজনীতি উতপ্ত কৰিছো, কিন্তু তাৰ বিপৰীতে আমাৰ জিলাখনৰ খিলঞ্জীয়া ভাই-ভনী সকলৰ এক সুৰক্ষিত আশ্ৰয়ৰ ব্যৱস্থাটোৰ কথা লৈ কোনেও মূৰ ঘমোৱা নাই! আনকি বৰ্তমান আৰু পূৰ্বৰ সাংসদ গৰাকীয়েও কেন্দ্ৰীয় মন্ত্ৰীত্বৰ বাব পোৱাৰ গৌৰৱ কৰা জিলাখনৰ গৃহহীনৰ আৰ্তনাদে আজিও দেশৰ সংসদত গুঞ্জৰিত হোৱা দেখিবলৈ নাপালো, কেন্দ্ৰৰ পৰা এক ‘মডেল পুনঃ-সংস্থাপন’ৰ পেকেজ আনি কাৰ্যতঃ ৰূপায়িত কৰাটো দূৰৰে কথা! কিন্তু এতিয়া মানুহে বিকল্পৰ কথা ভাবিব লাগিব আৰু ৰাজনৈতিক নেতৃত্বক আমাৰ প্ৰাপ্য অধিকাৰ দিবৰ বাবে বাধ্য কৰিব লাগিব। মূল সমস্যা কি? বানাক্ৰান্ত অঞ্চলবোৰৰ বিশেষত ভূমিৰ পট্টা আদিৰ শতকৰা হাৰ তথৈবচ! নদী অৱবাহিকা অঞ্চলৰ ভূমিৰ জৰীপ কৰি খেতি উপযোগী বুলি ঘোষণা কৰি তাত খেতি হ’লে বা নহ’লে বীমাৰ কোনো নিৰ্দিষ্ট ব্যৱস্থা নাই! খেতি কোনে কৰিছে, কিমান বিনিয়োগ কৰিছে, তাৰ কোনো ডাটাবেছ কৃষি বিভাগৰ ওচৰত ৰখাৰ ব্যৱস্থা নাই! কিমান পৰিয়ালৰ কিমান প্ৰকৃত ক্ষয়ক্ষতি হৈছে, সেয়া বান যোৱাৰ পাছত স্থানীয় গাঁওবুঢ়া আৰু সৰ্বদলীয় কমিটিৰ সৈতে পৰিদৰ্শন কৰি হিচাব কৰাৰ কাৰ্যকৰী ব্যৱস্থা নাই! বানৰ কেইদিনতে হেলিকপ্টাৰৰ পৰা চাই বা টেলিফোনতে লোৱা ক্ষয়-ক্ষতিৰ পৰিমাণৰ ভিত্তিত বিবৃত্তিত প্ৰকাশ পায় হাজাৰ হাজাৰ কোটিৰ ক্ষয়ক্ষতিৰ বিৱৰণ আৰু ধনো আহে কেন্দ্ৰৰ পৰা। কিন্তু বান যোৱাৰ পাছত আক্ৰান্ত সকলৰ জীৱনক পুনৰ থানথিত লগাবলৈ কাৰ্যত কোনো ব্যৱস্থা নহয়! ইয়াৰ বাবে অনাগত দিনত নতুন ভূমি আইনৰ ভিত্তিত ভূমিৰ অধিকাৰ, পট্টা আদি ৰাইজক সুলভ কৰিব লাগিব। কাৰ কিমান মাটি, কিমান খেতি, কিমান ক্ষতি ইত্যাদিৰ স্থানীয় ভিত্তিত সৰ্বদলীয় জৰীপ কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত তথ্য গোটোৱা আৰু তাৰ বিপৰীতে বীমাৰ ব্যৱস্থা, বাৰে বাৰে গৃহহীন হ’লে কোনো বিকল্প চৰকাৰী ভূমিত এনেকুৱা শৰণাৰ্থীৰ আবাসৰ ব্যৱস্থা গঢ়িব লাগিব। ইন্দিৰা আবাস যোজনাৰ ঠাইত আমাৰ পৰিবেশৰ সৈতে খাপ খোৱাকৈ “ইন্দিৰা মিৰি চাঙঘৰ আবাস”ৰ যোজনাৰ দৰে থলুৱা বিকল্প গঢ়ি বাস্তৱ ৰূপায়িত কৰিবলৈ আমাৰ নেতা সকলে ‘থিং গ্লবেল, এক্ট লোকেল’ আহ্বানৰ সৈতে ৰজিতা খুৱাই চৰকাৰক বাধ্য কৰিব লাগিব। এনেকুৱা আদৰ্শ স্থাপন কৰিবলৈ পাইলট প্ৰজেক্টৰ বাবে ধেমাজিয়েই যে উপযুক্ত জিলা সেই কথাও প্ৰতিষ্ঠা কৰিব লাগিব।

অসমৰ এগৰাকী কৃষক নেতাই এটা গুৰুত্বপূৰ্ণ কথা কৈছিল। অসমৰ বেছিভাগ কৃষি উপযোগী ওখ মাটি কাৰ ওচৰত আছে? চাহ বাগান, ৰবৰ বাগান আদি বিশাল ভূমিৰ কথালৈ তেওঁ আঙুলিয়াই দিছিল।চহৰৰ ভাল, ব্যৱসায়িক, পথৰ কাষৰ আদিৰ ভূমিও ওলাই গৈছে বহিৰাগতৰ হাতলৈ। এতিয়া মাত্ৰ গাঁৱৰ ভিতৰৰ আৰু নৈ-পৰীয়া বানে বিধ্বস্ত কৰা মাটিখিনিহে এতিয়া বাকী ৰৈছে খিলঞ্জীয়া থলুৱা হাতত! কথাষাৰ জানো মিছা? জাতি বাচিবলৈ মাটি লাগিবই, সেয়ে ৰাইজে বিষয়বোৰত উচিত নীতি আৰু ওখ বানে নোপোৱা মাটিত অন্তত গৃহহীনৰ এটি ভেটিৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ চৰকাৰক বাধ্য কৰাব লাগে নে নালাগে তাৰো বিবেচনা নিশ্চয়কৈ আৰম্ভ কৰক!

গ. নৈ আমাৰ আইঃ আমি নৈ পৰীয়া মানুহ। শৈশৱৰ পৰা সকলো সোঁৱৰণী নৈ পাৰৰ। নৈক আমি আই বুলি কও। পিছে এতিয়া নৈৰ তাণ্ডৱতে ধেমাজিৰ ৰাইজ বিধ্বস্ত হৈছে। সেয়ে আধুনিক প্ৰযুক্তিৰে নৈৰ ব্যৱস্থাপনা অনাগত দিনত আমাৰ জিলাৰ বাবে অন্যতম প্ৰত্যাহ্বান। হিমালয় পাদদেশৰ ঠাইখনত কেতিয়া কিমান বৰষুণ দিয়ে ঠিকনা নথকাৰ পৰা প্লেট-টেকটনিক বাউণ্ডেৰিত থকা ভূমিকম্পৰ বিপদজনক জ’নৰ স্বীকৃতি থকা, কোমল আৰু নকৈ গঠিত পাহাৰৰ পৰা বালিৰ সৈতে শিলো উটি অহাৰ বৈশিষ্ট্যৰ নদী সমূহৰ ব্যৱস্থাপনাক লৈ, এক বিশাল সুচিন্তিত আৰু উচ্চ প্ৰযুক্তিৰ ব্যৱস্থাপনা মডেল ধেমাজিতে গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে। জীয়াঢল, চিলে, গাই, সোৱণশিৰি, কুমতীয়া, কঢ়া আদি নৈৰ নিজা নিজা বৈশিষ্ট্য সমূহ অনুধাৱন কৰি, অভিজ্ঞতাৰ পৰা শিক্ষা লৈ তাৰ পাৰত শৰত সিংহ দেৱে কোৱাৰ দৰে সহ-অৱস্থানৰ আধুনিক আখৰা কৰাৰ সময় আহিল। কেৱল নৈক এতিয়া জলবিদ্যুৎৰ প্ৰচণ্ড ভাণ্ডাৰৰ ৰূপত গণ্য কৰা ভাৰত চৰকাৰৰ দৃষ্টি আৰু মানসিকতাক সলোৱাৰ বাবে ধেমাজিবাসী মাৰবান্ধি থিয় দিবৰ হ’ল। নদীৰ সমস্যাক অৱহেলা কৰি আমাক যমৰ যাতনা ভূগিবলৈ এৰি দিয়া চৰকাৰখনে এতিয়া কেৱল বৃহত নদীবান্ধৰ আখৰা চলাইছে। প্ৰচণ্ড শিল-বালি কঢ়িয়াই আনি তৰাঙ হৈ পৰা নৈ-পৃষ্ঠ সমূহ যে আমাৰ পথাৰবোৰতকৈ ওখহে হৈ পৰিছে, সেয়া দেখিও নেদেখাৰ ভাও ধৰিছে। জলবিদ্যুৎৰ বাবে কৃত্ৰিমভাৱে ধৰি ৰখা বিশাল জলভাণ্ডাৰক বোৱাই নিবলৈ প্ৰয়োজন হোৱা জলপথ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খানি তাৰ বহন ক্ষমতাৰ কমেও ৫ সুৰক্ষাৰ মানত (Safety Factor) ৰাখি কৰিব লগা এক সামুহিক নদী-ব্যৱস্থাপনা প্ৰকল্পৰ আজি প্ৰয়োজন আছে। ইয়াৰ অবিহনে ধেমাজিৰ মানুহৰ জীৱন আৰু ভৱিষ্যত যে ভয়ংকৰ হব সেই কথা জানি থওক। এক ‘ইণ্টিগ্ৰেটেড ৰিভাৰ মেনেজমেণ্ট মডেল’ৰ পাইলট প্ৰকল্পৰ বাবে আৰু নদী-বান্ধৰ সৈতে সুৰক্ষিত জনজীৱনৰ নিশ্চিতিৰ আৰ্হিৰ বাবেও যে ধেমাজিয়েই আজি উপযুক্ত জিলা। সেয়ে এই মঞ্চৰ পৰাই ৰাইজে সচেতন হওক, নৈৰ খনন, মাথাউৰি সহ বান ব্যৱস্থাপনাৰ নিশ্চিতি পোৱাৰ বাবে প্ৰচেষ্টা হাতত লওক।

৪. জীৱন-জীৱিকাৰ প্ৰশ্নতঃ ধেমাজি জিলাৰ ভিতৰুৱা গাঁও সমূহলৈ এতিয়া ৰাস্তা-ঘাট পূৰ্বতকৈ সুচল হৈছে। ওখ মাটি বোৰত বহুতেই ক্ষুদ্ৰ চাহ-বাগিচা, ৰবৰ খেতি, শাক-পাচলি আদি কৰি জীৱিকা উলিয়াইছে। কিন্তু তথাপিও শিক্ষিত সকলৰ বাবে জীৱিকাৰ সমস্যা ক্ৰমাৎ বৃদ্ধিহে হৈছে। বেলেগ বেলেগ চহৰ-নগৰলৈ সৰু-সুৰা চাকৰিৰ সন্ধানত সন্তান সকল ওলাই যাব লগা হৈছে। সেয়ে অনাগত দিনবোৰত ধেমাজিত জীৱন-জীৱিকাৰ ব্যাপক সম্ভাৱনাৰ সৃষ্টি কৰাৰ প্ৰয়োজন আছে। বিশেষকৈ ব্যক্তিগত আৰু সমবায় খণ্ডত দুগ্ধ পাম, মাছ পালন, গাহৰি পালন আদি থলুৱা ভাৱে চলি থকা আহিলা সমূহক অধিক পেশাগত ৰূপেৰে সমৃদ্ধ কৰিব লাগিব। কমেও দহ হাজাৰ টকা প্ৰতিমাহে গাঁৱতে আঠ ঘণ্টাকৈ কাম কৰি সন্মানেৰে উপাৰ্জন কৰিব পৰাৰ বিকল্প ব্যৱস্থাৰ সন্ধান ধেমাজিবাসীয়ে কৰি দেখুৱাব লাগিব। এই ক্ষেত্ৰত স্থানীয় জিলা প্ৰশাসনৰ উপৰিও জনগোষ্ঠীয় স্বায়ত্তশাসিত পৰিষদ সমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব লগীয়া আছে। ফ্ৰান্স, আমেৰিকা আদি দেশত যি ধৰণে বিশাল বিশাল দুগ্ধপাম তথা পশুপালনৰ পাম আছে, অত্যাধুনিক প্ৰযুক্তি, প্ৰফেশনেল বিপনন সেৱা আদিৰে উৎপাদকে উন্নত দাম পোৱাৰ ব্যৱস্থা হৈছে। সেইবোৰ আৰ্হি আমাৰ গাঁৱবোৰতো ব্যৱহাৰ কৰিবৰ হ’ল। স্পেচিয়েল ইকনমিক জ’নৰ লেখিয়াকৈ ডাঙৰ কোম্পানীবোৰক দিয়া সা-সুবিধাৰ দৰে গাঁৱতো বিশেষ অৰ্থনৈতিক ক্ষেত্ৰ গঢ়ি তুলিবৰ হ’ল। য’ত কেন্দ্ৰীয় ভাৱে সকলো আন্তঃগাঁথনি থাকিব, চিকিৎসক থাকিব, বিজুলী-পানী থাকিব, জন্তুৰ বীমা থাকিব, পশুখাদ্য উতপাদনৰ সুবিধা, বিক্ৰীৰ বাবে তাৰ পৰাই লৈ যোৱাৰ ব্যৱস্থা থাকিব। প্ৰচেচ ফুড বনাই কেৱল ভাৰতৰে নহয়, বিদেশৰ বজাৰলৈকো চাপ্লাই দিব পৰাকৈ উচ্চ শিক্ষিত মেনেজমেণ্ট প্ৰফেচনেলক প্ৰকল্পৰ সৈতে সংযুক্ত কৰিব লাগিব। গুৱাহাটীত কেইজনমান মেনেজমেণ্টৰ উচ্চ শিক্ষিত যুৱকে গাহৰি মাংসৰ এনে উতপাদন তথা বিপনন আৰ্হি তৈয়াৰ কৰিছে, আনকি ভেন্সাৰ কেপিটেলিষ্টৰ পৰা ৬কোটি টকাৰ মূলধনো লাভ কৰিছে। আমাৰ পৰিবেশনত উটপখীৰ ফাৰ্ম খুলি লাভ নাই, কিন্তু অনুকূলতালৈ চাই আধুনিক পদ্ধতিৰে বিশাল ৰূপত এনে সম্ভাৱনাৰ দুৱাৰ খোলাৰ বাবে ধেমাজিবাসী আজি সাজু হবৰ হ’ল। চৰকাৰে আগবঢ়োৱা সকলো উদ্যম গঢ়াৰ সুবিধা, ঋণ আদিৰ বিষয়ে সকলো স্কুল-কলেজ, ক্লাৱ, নামঘৰ আদিত বেংক, কৃষি, পশুপালন, মীন, উদ্যোগ বিভাগৰ বিষয়াক পুংখানুপুংখ ভাৱে বিশদ বিৱৰণ দিবলৈ আহিবলৈ বাধ্য কৰিব লাগিব। প্ৰকল্প বনোৱা আৰু ইয়াক কাৰ্যকৰী কৰি এনেকুৱা সফল মডেল গঢ়ি তুলিবলৈ আমাৰ দৃষ্টিত ধেমাজিৰ দৰে উৰ্বল আৰু সুজলা-সুফলা ভূমিযে অতিকৈ উপযুক্ত সেই কথাও ৰাইজক অৱগত কৰিব খুজিছো। একেদৰেই গাঁৱে গাঁৱে হস্ত-তাঁতৰ এনে ব্যৱস্থা, দেশজুৰি হস্ততাঁত আজিকালি মলে মলে বিক্ৰী কৰা এনজিঅ সমূহৰ সৈতেও নেটৱৰ্ক গঢ়িব লাগিব। কেৱল অসমতে নহয়, আনে পিন্ধিব পৰা সমল, ডিজাইন আৰু বিপনন নেটৱৰ্কো মেনেজমেণ্ট প্ৰফেচনেলৰ সহায়ত প্ৰশাসন তথা পৰিষদ সমূহে ব্যৱস্থা কৰিব লাগিব। উৎপাদকে উৎপাদন কৰিব গাঁৱতে, কিন্তু তাক বৰ্হিঃবিশ্বৰ বজাৰত বিক্ৰী কৰি উপযুক্ত দাম গাঁৱতে পোৱাৰ নিশ্চিতি দিয়াৰ এইকন ঘটক হবলৈ কোনো আগবাঢ়ি আহিলেই আমি ভাবো, গ্ৰাম্য জীৱন-জীৱিকাৰ এক বিশাল পৰিবৰ্তনৰ ছবি গঢ় লৈ উঠিব পাৰিব। আমাৰ মহিলাই পাৰম্পৰিক ভাৱে কোৰ লৈ ৰাস্তা নোতোলে, শিপিনী, শস্য অথবা পশুপালনহে কৰে, আৰু নিশ্চিত নিয়োগ যে, এইবোৰ খণ্ডতহে দিব লাগিব, সেই কথাও নীতি নিৰ্ধাৰণ কৰা সকলে বুজি উঠিব লাগিব।

ঙ. উচ্চ শিক্ষা, গৱেষণা আদিঃ ধেমাজিৰ শৈক্ষিক পৰিবেশ প্ৰশংসনীয়। সাহিত্য, সংগীত, শিল্প, ক্ৰীড়া সাধনাৰো। কিন্তু ভিন্ন ক্ষেত্ৰৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপনৰ ক্ষেত্ৰত ৰাজ্যৰ নেতাৰ বাবে যোৰহাটেই উজনি, লখিমপুৰেই চিন্তাৰ শেষ, ধৰণৰ ভাৱনাৰ বাবে আমাৰ জিলাখনে দুৰ্ভোগ ভূগি আহিছে। কৃষি প্ৰধান জিলা হিচাবে এখন কৃষি মহাবিদ্যালয়, একাষৰীয়া জিলা হিচাবে তথা অৰুণাচলৰ সৈতে সংযোগৰ কথা বিবেচনা কৰিও চুপাৰ স্পেচিলিটি হাস্পতাল, আনত নথকা আৰু বৰ্তমান নিয়োগৰ নিশ্চিতি থকা বিভাগেৰে এখন আদৰ্শ ইঞ্জিনীয়াৰিঙ কলেজ, বিশ্বভাৰতীৰ আৰ্হিত নলবাৰীত গঢ় দিয়া প্ৰতিষ্ঠানৰ দৰে চাৰু-কলাৰ প্ৰতিষ্ঠান, বিজ্ঞান-প্ৰযুক্তিৰ বিভিন্ন আবাসিক গৱেষণাগাৰ, আসাম ভেলী অথবা ৰয়েল গ্লবেলৰ দৰে উন্নত ব্যক্তিগতখণ্ডৰ বিনিয়োগকাৰীৰ আবাসিক স্কুলৰ বাবে জোনাইৰ পৰা সোৱনশিৰিলৈ এই বিশাল ভূমিৰ কোনো যোগ্যতাই নাইনে? খেলৰ ক্ষেত্ৰটো ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলুৱৈ নিৰ্মাণ কৰি থকা উজনিৰ এইখন জিলাৰ এটা প্ৰান্তত ছাই কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ কথাওটো বিবেচনালৈ অহা উচিত। ইয়াৰ বাহিৰেও স্থানীয় ভাৱে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে চাহ ফেক্টৰী, দুগ্ধজনিত ভেলু এডেড প্ৰচেছিং, বগীবিলৰ দলং হ’লে প্লাষ্টিক উদ্যোগ, সৰিয়হৰ তেল, তামোল আদিৰ প্ৰচেচিঙৰো প্ৰচুৰ সম্ভাৱনীয়তা ধেমাজিত আছে। এনেবোৰ সম্ভাৱনীয়তাক বাস্তৱায়িত কৰাৰ পথ অনাগত দিনতে আমি বিচাৰিব নালাগিবনে?

চ. দুৰ্নীতি আৰু ৰাজহুৱা পৰ্যবেক্ষণঃ ধেমাজিলৈ অহা কল্যাণমূলক আঁচনি আৰু বান ব্যৱস্থাপনাৰ ধনৰ হিচাব ল’লে পুঁজিৰ অভাৱত যে ধেমাজিৰ পৰিবৰ্তন নোহোৱাকৈ থকা নাই, সেই কথা অনুভৱ কৰিব পাৰি। সেয়ে নতুন প্ৰজন্মই এই ক্ষেত্ৰত কথাবোৰ নকৈ ভাবিব লাগিব। প্ৰতিটো কল্যাণমূলক আঁচনিৰ ধন সঠিক ভাৱে ব্যৱহৃত হৈছেনে, প্ৰকৃত হিতাধিকাৰীয়ে বস্তু পাইছেনে, এইবোৰ প্ৰশ্ন সুধিবলৈ এক অভ্যাস গঢ়িব লাগিব। আজিকালি ১০টকা খৰছেৰে তথ্য অধিকাৰ আইনৰ অধীনত প্ৰশ্ন তুলিও বহু খবৰ গোটাব পাৰি, বা প্ৰশাসনক নিৰ্দিষ্ট কামটো খৰতকীয়া ও কাৰ্যকৰী কৰিবলৈ বাধ্য কৰিব পাৰি। সজাগ হৈ প্ৰশ্ন তোলাৰ এই অভ্যাস গঢ় দিব পাৰিলে, জিলাখনত হব লগীয়া কামবোৰ নিশ্চয়কৈ নোহোৱাকৈ নাথাকিব। এই ক্ষেত্ৰত ক্লাৱ, সংস্থা, সমিতি সমূহে প্ৰতিটো পদক্ষেপতে ৰাজহুৱা পৰ্যবেক্ষণৰ ব্যৱস্থা গঢ়িব লাগিব। অনাগত দিনত শক্তিশালী ৰূপত ইয়াক গঢ় দি ধেমাজিক দুৰ্নীতি নিবাৰণৰ ক্ষেত্ৰতো এক মডেল হিচাবে গঢ় দিয়াৰ প্ৰয়োজন আছে। প্ৰতিখন গাঁৱতে এনে কৰ্মীবাহিনীৰ গঠন, সৰ্বদলীয় পৰ্যবেক্ষকৰ দল আদিৰ গঠনে ৰাজনৈতিক হেঁচাৰ পৰা সাৰ্বজনীন স্বাৰ্থজড়িত বিষয় সমূহত ৰাজহুৱা পৰ্যবেক্ষণক মুক্ত কৰি ৰাখিব পাৰিব। শিক্ষক সমাজে এই ক্ষেত্ৰত ছাত্ৰ-সমাজক পথ দেখুৱাব লাগিব। নিৰ্বাচন আহিব, নিৰ্বাচন যাব। কিন্তু আমাৰ সাধাৰণ মানুহৰ মৌলিক সমস্যাবোৰ একেদৰেই ৰৈ যাবলৈ দিব নোৱাৰি। যি সময়ত ভাৰতেই মঙল গ্ৰহলৈ যান পঠিয়াই আধুনিকতাৰ ধ্বজ উৰুৱাইছে, সেই সময়ত একেখন ভাৰতৰে একাংশ মানুহ কি মাথাউৰিৰ ওপৰতে চিৰদিন ৰৈ থাকিব? জাতি-মাটি আৰু পানীৰ প্ৰশ্নত শংকাত ভুগিও আধুনিক সুবিধাৰে এখন উন্নতৰ বসতিস্থলৰ সপোন দেখা ধেমাজিৰ মানুহৰ আশা আকাংক্ষাও চৰকাৰে পূৰণ কৰিব লাগিব। পুঁজি আনিলেই বা আহিলেই নহব, তাৰ ব্যৱহাৰো কাৰ্যত সৰ্বাত্মক পৰিবৰ্তনৰ বাবে হবই লাগিব। ইয়াৰ নিশ্চিতি বিচাৰিব লাগিব ধেমাজিবাসীয়ে নিজেই, আৰু এয়াই হব লাগিব ধেমাজিৰ ভিজন-২০২১ৰ মূল আধাৰ।

No comments:

Post a Comment