জীৱন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


স্মকিং জ’ন! জ্যোতিৰূপম দত্ত
কেইদিনমান আগতে কাৰ্য্যালয় সংক্ৰান্তীয় এখন মিটিঙলৈ যাব লগা হৈছিল৷ মিটিঙৰ স্থান আছিল জি এছ ৰ’ডৰ এটা কাৰ্য্যালয়৷ চাৰে দহ বজাৰ পৰা আৰম্ভ হবলগীয়া মিটিংখনলৈ বুলি ওলাই প্ৰায় দহ বাজি বিশ মিনিটত জি এছ ৰ’ডৰ সেই বহু মহলীয়া সুদৃশ্য অট্টালিকাৰ তলত উপস্থিত হ’লো৷ বহুমহলীয়া অত্যাধুনিক অট্টালিকাটোৰ চতুৰ্থ মহলালৈ লিফটেৰে উঠি যাওতে লক্ষ্য কৰিলো যে লিফটৰ যতে ততে বলপেনৰ দাগ, আধা ফলা হেকিম কবিৰাজৰ বিজ্ঞাপনৰ ষ্টিকাৰ, লিফটৰ লেতেৰা মজিয়া৷ অৱশেষত কাৰ্য্যালয়ৰ দুৱাৰৰ মুখতে লিফট ৰ’লগৈ, বাহিৰত থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনে মোক আগবঢ়াই নি মিটিং আৰম্ভ হ’বলগীয়া ‘কন্‌ফাৰেঞ্চ ৰুমটো দেখুৱাই দিলে৷ মই ভাবিলো মোৰ দেৰিয়েই হ’ল কিজানি, আৰু পাচ মিনিটতে মিটিং আৰম্ভ হোৱাৰ কথা৷ দৌৰাদৌৰিকৈ ‘কন্‌ফাৰেঞ্চ ৰুমটোত সোমায়েই দেখিলো মাত্ৰ দুজন অভ্যাগত বহি আছে ম’বাইল টিপি টিপি! ছেঃ! ইমান দৌৰাদৌৰিকৈ নহা হলেও হ’লহেতেন!

লাহে লাহে এজন দুজনকৈ অতিথি আহি কোঠাটো ভৰি পৰিল৷ উদ্যোক্তা এজনে মাজতে এপাক মাৰি মাত লগাই গ’ল৷

মিটিঙৰ কথা সোধোতে ক’লে, “ ‘ছাৰ’ আহি পালেই আৰম্ভ কৰি দিম ! এই অলপ সময় আৰু, চাহ পঠিয়াই দিছো বাৰু !”

চাহ খাবলৈহে ইমান সোনকালে আহিলো যেনিবা ! দুজনীমান লচপচী দেখিহে মনত পৰিল, চুলিখিনি অলপ ঠিক ঠাককৈ লোৱাই ভাল হ’ব ৷ দৌৰাদৌৰিৰ কোবত গাড়ীৰ পৰা নামি মুৰ ফণিওৱাই ন’হল৷ এপাকত উঠি গ’লো টয়লেটৰ ফালে, সুদৃশ্য টয়লেটৰ বাহিৰে ভিতৰে চিকচিকিয়া মাৰ্বলৰ মজিয়া৷ পুৰুষৰ বাবে নিৰ্দিষ্ট টয়লেটটোত সোমাওঁতেই ভেকেটা গোন্ধ এটাই আদৰণি জনালে ৷ পিছ পকেটৰ পৰা ফণীখন উলিয়াই প্ৰকাণ্ড আইনাখন চাই চুলিখিনি ঠিক ঠাক কৰি ললো ৷ ঠিক ঠাকনো কি, পকা চুলি কেইডাল কেঁচা কেইদালেৰে অলপ গাপ দিলো আৰু ! এসময়ত হাতখন অকণ তিয়াওঁ বুলি বেছিনটোলৈ চকু দিহে দেখা পালো, ধুনীয়া বেছিনটোত টেপ নাই ! ই কি কথা ? কিবা বেলেগ অত্যাধুনিক কাৰবাৰ নেকি ? ইফালে সিফালে চালো ৷ নাই, টেপ নাই, একেবাৰে শুকান গোটেইখন ! খং এটা উঠি আহিল ! ওলাই আহি কাৰোবাক দেখো নেকি চালো, নাই কোনো নাই ৷

আহি আকৌ মিটিঙৰ কোঠা পালোহি ৷ চাহৰ পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে ৷ সুদৃশ্য পিৰিচ পিয়লাত বিভিন্ন চাহ-কফী, নিমখীয়া-মিঠা খাদ্য পৰিবেশন কৰা হৈছে ! চেনি দিয়া-নিদিয়া, গাখীৰ দিয়া-নিদিয়া হৰেক ৰকমৰ চাহ-কফী জাতীয় পানীয় ৷

অবশেষত প্ৰায় পঞ্চল্লিছ মিনিট দেৰিকৈ মিটিং আৰম্ভ হ’ল ৷ এটা কথা মন কৰিলো যে সকলোৰে হাতত দামী দামী মুল্যবান ঘড়ী ! হাতত মণিবন্ধত সঠিক সময় দেখুওৱা মুল্যবান ঘড়ী এটা পিন্ধিও সময়ৰ মুল্য বুজিবলৈ যেন কাৰো সময় নাই ! মিটিঙৰ সেই একেঘেয়ামী চৰ্বিত চৰ্বন কথাবোৰ চলি থাকিল ৷ মাজতে একোখনকৈ দামী নোটবুক আৰু কলম এটাও দি গ’ল ৷ ইফালে টুং টাংকৈ ম’বাইলবোৰো বাজি থাকিল ৷ ব্যস্ত অভ্যাগত দুজনমানে সশব্দে উঠি ম’বাইলবোৰ লৈ বাহিৰলৈ গৈ মাজে মাজে কথা পতা পৰ্বও চলি থাকিল ৷ দুঘণ্টামান পিছত সভাৰ সামৰণি পৰিল আৰু শেষত সকলোকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ কৰিলে ৷

দুপৰীয়াৰ আহাৰ ইতিমধ্যে পৰিবেশন কৰা আৰম্ভ হৈ গৈছিল ৷ ‘বুফে’ বুলি গম পাই অত্যুৎসাহী কেইজনমানে দৌৰাদৌৰিকৈ গৈ ইতিমধ্যে লাইনত থিয় দিলেই ! নকলেও বুজিছে চাগে তাৰে বেছিভাগেই মিটিঙলৈ দেৰিকৈ অহা লোক বুলি !

মই চিনাকি উদ্যোক্তা এজনক কলো টয়লেটত পানী নোহোৱাৰ কথাটো ৷ তেওঁ বিষয়টো শুনি মোক বুজোৱাত লাগিল, মানে টয়লেটৰ আটাইবোৰ টেপ বোলে কেইদিনমান আগতে চুৰ হ’ল ! এই বিষয়ে তেওঁ উৰ্দ্ধতন কৰ্ত্তৃপক্ষক ইতিমধ্যে জনাইছে আৰু অতি সোনকালেই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি হেনো কৰ্ত্তৃপক্ষই জনাইছে ! একেবাৰে সেমেকা নিয়মমাফিক চৰকাৰী স্পষ্টীকৰণ হেন উত্তৰ ! তেওঁ অবশ্যে এই বুলিও ক’লে যে আহাৰ পৰিবেশন কৰা ৰুমটোতে এটা বেছিন আছে, দৰকাৰত সেইটো ব্যৱহাৰ কৰিব পাৰে ৷

বাঃ কি চমৎকাৰ ব্যৱস্থা ! মহানগৰীৰ জি. এছ. ৰ’ড অবস্থিত আভিজাত্যৰ প্ৰতীক স্বৰূপ এই সুদৃশ্য বহুমহলীয়া অট্টালিকাটো মুখ্যভাৱে শীতাতপ নিয়ন্ত্ৰিত (Centrally AC), অট্টালিকাৰ বাহিৰত অনবৰতে দামী গাড়ীৰ ভিৰ থাকে আৰু অত্যাধুনিক নিয়ন লাইটেৰে বাহিৰে-ভিতৰে গোটেইখন জলমলাই থাকে ৷ বছৰত বহু কোটি টকাৰ ব্যৱসায় কৰা এজন অসমীয়া লোকৰ চালে চকুৰোৱা এই অট্টালিকাটোত থকা খোদ তেখেতৰেই এটা কাৰ্য্যালয়ৰ টয়লেটত দুসপ্তাহ ধৰি এটোপাল পানী নাই বুলি কলে কোনেনো বিশ্বাস কৰিব বাৰু ! ইফালে সমগ্ৰ কাৰ্যালয়টো অত্যাধুনিক ব্যৱস্থাৰে সজ্জিত, ৱাই-ফাই, 3000 লুমেনছৰ প্ৰজেক্টৰ, কৰ্ডলেছ মাইক্ৰফ’নযুক্ত ‘কন্‌ফাৰেঞ্চ ৰূম, বিষয়াসকলৰ নিজা নিজা সুদৃশ্য কেবিন, কৰ্মচাৰীসকলৰ ধুনীয়া শাৰী শাৰীকৈ থকা কিউবিকল্ আৰু লেপটপৰ স্ক্ৰীণত জুমি ব্যস্ত হৈ থকা ‘পাৱাৰ কৰ্পৰেট ড্ৰেছ’ পৰিহিত কৰ্মচাৰী সকল ! মই তাৰে দুজনমানৰ লেপটপৰ স্ক্ৰীণত ফ্লিপকাৰ্ট, স্নেপডীলৰ ছাইট খোলা হৈ থকাও দেখিলো অবশ্যে ! এইকেইদিন উৎসব পাৰ্বনৰেই দিন, সকলোতে বিভিন্নধৰণৰ ৰেহাইৰ পয়োভৰ, গতিকেই ...! পিছে কাৰ্য্যালয়ৰ কৰ্মচাৰীসকলে টয়লেটৰ পৰা আহি পেন্ট্ৰিত থকা বেছিনটোহে ব্যৱহাৰ কৰে হাত ধুবলৈ ! পিছে আমাৰ নিচিনা নিমাখিত অতিথিবোৰে সেইটোৰ অৱস্থিতিৰ উৱাদিহ নাপাই ড্ৰাই ক্লিনিং কৰাৰ বাহিৰেনো কি উপায় আছে বাৰু !

খাবলৈ গৈ প্লেটখন লৈ লাইনত থিয় দিলো ৷ এখুজি দুখুজিকৈ গৈ দেখিলো নানা বিধ সুস্বাদু খাদ্যৰ সম্ভাৰ ৷ দেখিলো, মাংসৰ টৌটোৰ কাষত এজন ওখ-পাখ হটঙা চেহেৰাৰ ৰুক্ষ চাৱনিৰ পহৰাদাৰ দণ্ডায়মান ! বাকীবোৰত পহৰাৰ ব্যৱস্থা নাই, তাৰমানে ডাইল-ভাজি-তৰকাৰী কিমান খাৱ খা, কিন্তু মাংস খাবলৈ পহৰাদাৰ জনৰ অনুগ্ৰহ লাগিব ! শাৰী পাতি আহি আহি পহৰাদাৰ জনৰ কৃপা বিচাৰিলো, দুটুকুৰা মাংস অকণ জোলেৰে সৈতে থেকেচা মাৰি দিলে থালখনত !

কিবাকে নিজকে চম্ভালি ভোজনপৰ্ব শেষ কৰিলো ! চিনাকি উদ্যোক্তাজন আগুৱাই নিয়মমাফিক সুধিলে সকলো থিকেই আছে নে নাই বুলি ৷ মোৰ বৰপেটীয়া খংটো ইতিমধ্যে চুলিৰ আগ পাইছিলগৈ ! এফালৰ পৰা গাই গ’লো, কলো যে পানীৰ টেপ চুৰি হোৱাৰ দুসপ্তাহৰ পাছতো কাৰো আহৰি ন'হলনে বাৰু ঠিক কৰাবলৈ, আজিৰ মিটিঙলৈ অহা অভ্যাগতসকলে বাৰু কেনেকৈ জানিব যে তোমালোকৰ কাৰ্য্যালয়ৰ একমাত্ৰ কাৰ্য্যক্ষম বেছিনটো এই ৰুমটোতহে আছে বুলি, টকা এশ খৰচ কৰি এবাল্টি পানী আৰু এটা মগেই বাৰু কিয় থৈ নিদিলা সেই লাখটকীয়া ‘পেৰীৱেৰ’ৰ বেছিনটোৰ কাষত ? অলপতে ‘বিশ্ব হাত ধোৱা দিবস’ গ’ল বুলি জানাই দেখোন, ওপৰৱালাক বাধ্য কৰাব লাগিব কৰ্মক্ষেত্ৰত নিম্নতম সুবিধাখিনি দিয়াৰ বাবে, ইত্যাদি ইত্যাদি ৷

মুৰ দুপিয়াই দুপিয়াই শুনি গ’ল ডেকাজনে, শেষত লাহেকৈ ক’লে, “ছাৰ ! স্মকিং কৰিব নেকি ? আমাৰ এটা চেপাৰেট স্মকিং জ’ন আছে, সেইফালে !”

বৰপেটীয়া খংটো উঠি মুৰটো গৰম হৈয়েই আছিল, কথাষাৰ শুনি ধোঁৱা ওলাই গ’ল একেবাৰে ৷ অলপ গৰমকৈ কিবা এটা কবলৈ লৈও ৰৈ গ’লো ৷ “মই চেলেউ নোহোপো, অভ্যাস নাই এইবিধৰ ৷ স্মকিং জ’নটো আটোমটোকাৰীকৈ ৰাখিছা, টয়লেটত পানীহে নাই পিছে! মিটিং শেষ, খোৱা-বোৱাও কৰিলো, গতিকে আহোহে দেই এতিয়া, পাৰিলে সোনকালে পানীৰ ব্যৱস্থা কৰিবা ৷” বুলি লাহেকৈ কৈ বিদায় ল’লো ডেকাজনৰ পৰা ৷ ডেকাজনে অভ্যাসবশতঃ হাতখন আগবঢ়াই দিলে কৰমৰ্দনৰ উদ্দেশ্যি ৷

মই মোৰ হাতখন অলপ পিছুৱাই ডেকাজনক কলো, “আজি কাকো মই ‘হেণ্ডশ্বেক’ কৰা নাই, তোমাকো নকৰো, নমস্কাৰহে জনালো দেই, কাৰণটো জানাই তুমি !” দুহাত জপাই ভাৰতীয় প্ৰথাৰে অভিবাদন কৰি ডেকাজনৰ পৰা বিদায় লৈ সেই ‘স্মকিং জ’নটোৰ পৰা বাহিৰলৈ ওলাই দীঘলকৈ উশাহ এটা ল’লো !
(গল্প নহয়, সচা কথা একেবাৰে !)

1 comment:

  1. বাহিৰে ৰং-চং ভিতৰি কোৱা ভাতুৰি

    ReplyDelete