Monday, November 30, 2015

জীৱন

পৰিস্থিতি 
দেৱীকা ফুকন
দিনটোৰ ব্যস্ততাৰ অন্তত যেতিয়া বাৰাণ্ডাৰ চকীখনত বহো, তেতিয়ালৈ গধূলী হয়গৈ৷ ওচৰ - চুবুৰীয়া কোনো কোনো ওলাই আহে সান্ধ্য ভ্ৰমণৰ বাবে৷ গধূলীৰ বজাৰ সমাৰ কৰিবৰ বাবে মানুহবোৰ ওলাই অহাৰ ফলত পৰিবেশটো যানবাহনৰ মাতত অলপ হুলস্থুলীয়া হৈ পৰে৷ সেই হুলস্থুলীয়া পৰিবেশতো কণমানিদুজনমানে চিঞৰি পঢ়াৰ মাত ভাঁহি আহে৷ একে একে দুই, একে দুইয়ে তিনি অথবা এ ফৰ এপ্পল্ , বি ফৰ বল , চি ফৰ কেট্ ৷ সেয়া সুমিত আৰু তাৰ ভণীয়েকৰ মাত৷ কাষৰে জুপুৰী ঘৰ এটাত ভাড়া কৰি থাকে ৷ বয়স দুয়োটাৰে পাঁচৰ পৰা সাত আঠ বছৰৰ ভিতৰত ৷ মাজে মাজে মাকে টেক্ টেকিয়া মাত এটাৰে চিঞৰে৷ "ইমানদিন হ’ল , ইস্কুলৰ বাইদেউৱে কিতাপ, বহী দিয়াই নাই নেকি তহঁতক? কাইলৈ ক’বিগৈ দিবলৈ৷” সুমিতৰ ভণীয়েক কাষৰে অংগনবাড়ি কেন্দ্ৰলৈ যায়, পঢ়িবলৈ, খাবলৈ৷ দেউতাকে হাজিৰা কৰি পোৱা টকা আৰু মাকে আৰ-তাৰ ঘৰত কাম কৰি পোৱা টকাকেইটাৰে চাৰিজনীয়া পৰিয়ালটো কোনোমতে চলি যায়৷ সুমিতে পঢ়ে ওচৰৰে এল, পি স্কুলখনত৷

সিহঁতে বাস কৰা লেতেৰা পৰিবেশটোৰ পৰাই ৰাতিপুৱা চাফ্ চিকুন হৈ বিদ্যালয়লৈ ঢাপলি মেলে সিহঁত দুটাই৷ ভণীয়েকৰ পৰিধানত এটা তাইতকৈ জোখত ডাঙৰ চোলা৷ পিঠিৰ চেইনডাল চিগা ৷ সেয়ে পিঠিৰ এবখলা ওলায় যায়৷ তালৈ তাইৰ ভ্ৰুক্ষেপ নাই৷ বহী কিতাপ আদি পুৰণা বেগ এটাত লৈ বেগাই খোজ দিয়ে কেন্দ্ৰলৈ৷ তাইয়ে আগভাগ লয় গান গোৱা, কবিতা পঢ়া আদিত৷ অকণো খোকোজা নলগাকৈ বিহু আৰু অন্যান্য গানবোৰ কেনেকৈ যে গাব পাৰে তাই আচৰিত হওঁ৷ কাৰণ গান শিকা দূৰৰে কথা , শুনিবলৈও কাষৰ বিহাৰী ঠেলাচালকজনৰ ৰেডিঅ’ এটাৰ বাহিৰে আন একোৱে নাই৷ অকনো সুৰ তাল নকটাকৈ গানবোৰ গাই থকা দেখিলে ধৰিব নোৱাৰি কিমান অভাৱৰ মাজত ইহঁত ডাঙৰ দীঘল হৈছে৷ তদুপৰি সিহঁতৰ আত্মবিশ্বাসৰ লগত আমাৰ সকলো সা-সুবিধা পাই নামী -দামী বিদ্যালয়ত পঢ়িবলৈ যোৱা সন্তানসকলে ফেৰ মাৰিব নোৱাৰিব৷ সেই কণমানি কেইটাই যেতিয়া বাটে পথে দেখে তেতিয়া যিদৰে পৰিপক্ক মানুহৰ দৰে মাত লগাই তেতিয়া জানিবৰ মন যায়, সিহঁতবোৰে ক’ত পায় ইমান আত্মবিশ্বাস৷

সম্ভৱত পৰিবেশেই শিকাই সকলো৷ এই কণমানি কেইটাই দুপৰীয়া চুবুৰীটোত পিটপিটাই ফুৰে৷ সিহঁতৰ সন্ধান চুবুৰীয়াৰ বাৰীৰ আম, কঠাল, বগৰী আদি৷ হিংসা লাগে কেতিয়াবা ইমান বেপেৰুৱা জীৱন এটা জীয়াবলৈ পোৱাৰ বাবে৷ কিন্তু পিছমূহুৰ্ত্ততে সিহঁতৰ ভৱিষ্যতটো চকুৰ আগলৈ আহে৷ সিহঁতে যিটো এলেকাত ভাড়া কৰি আছে তাত থকা সৰহসংখ্যক ছোৱালীয়ে একেবাৰেই কমবয়সত বিয়াত বহিছে৷ আৰু এক দুই বছৰতে ল’ৰা ছোৱালী জন্ম দি পৰিপক্ক হৈ পৰিছে৷ ল’ৰাবোৰো ব্যতিক্ৰম নহয় ৷ ১৪ / ১৫ বছৰ হৈছে কি নাই পলুৱাই ছোৱালী আনি সতি সন্ততিৰে ঘৰ ভৰাই পেলাইছে৷ আৰু পিছলৈ উপাৰ্জনৰ অভাৱত চুলাই মদ খাই পত্নীক মাৰপিট্ কৰি অশান্তিৰ সৃষ্টি কৰে ৷ অথবা চুৰি-টাৰী কৰি জীৱন চলাই যাব শিকি লয়৷ এই যে মৰমলগা মুখৰ সুমিত আৰু তাৰ ভণ্টী , সিহঁত দুটাৰ ভৱিষ্যতো হয়তো বাকী সকলৰ দৰেই হ’ব! দৌৰা-ঢপৰা কৰি কোনো খোকোজা নলগাকৈ শুদ্ধকে গান গাব জনা সুমিতৰ ভণীয়েকজনীক চাগে দহবছৰ মান বয়স হ’লেই গটাই দিয়া হ’ব কাৰোবাৰ হাতত৷ মানুহক ধুনীয়াকৈ মাতবোল কৰা সুমিতে কিতাপৰ সকলো জ্ঞান পাহৰি হাতত ল’ব হোটেলৰ বাচন ধুবলৈ, নহ'লে ৰিক্সা চলাবলৈ৷

অশিক্ষিত মাক-দেউতাকে সৰুতে হাতত ধৰি অ-আ-ক-খ শিকালে৷ কিন্তু পিছৰ পৰ্য্যায়ৰখিনিত তেওঁলোকে পাৰিব নে সিহঁতক আগবঢ়াই নিবলৈ৷ সুমিতৰ মাকৰ ফটা চাদৰখনে সিহঁতক আৰু কিমান দিনলৈ ঢাকি আশ্ৰয় দিব! পৰিস্থিতিয়ে মানুহক পৰিচালিত কৰে৷ সুমিতহঁতক পৰিস্থিতিয়ে জোখতকৈ বেছিকৈহে শিকায়৷ ভৱিষ্যতৰ লগত মোকাবিলা কৰিবলৈ কিজানি সুমিতহঁতো সক্ষম হৈ পৰিব৷ কিন্তু , সুমিত আৰু তাৰ ভণীয়েকে যদি সিহঁতৰ আত্মবিশ্বাসক হেৰুৱাই ভৱিষ্যতক আকোঁৱালিবলগীয়া হয় ! কিজানি পাহৰণিৰ গৰ্ভত হেৰাই যাব সুমিতৰ নম্র ব্যৱহাৰ, ভণীয়েকৰ মিঠা কণ্ঠ আৰু সিহঁত দুয়োটাৰে মুখৰ মিঠা হাঁহি !

1 comment: