Sunday, November 1, 2015

জীৱনৰ অনুভৱ

পূজা, বিহুৰ উপহাৰ আৰু অভিভাৱক 
 দিগন্ত কুমাৰ বড়া
তলসৰা শেৱালীৰ সুৱাসে, দুৱৰিত উপচি পৰা নিয়ৰৰ মুকুতাই, কহুৱাৰ শুভ্ৰতাই ধৰিত্ৰীলৈ আনিছে শাৰদী ৰাণীক। ই কোনো অতিবাস্তৱ কথা নহয়। প্ৰকৃতিৰ নিয়মক ৰক্ষা কৰি আহিল শাৰদী ৰাণী। শৰতৰ সেমেকি উঠা সন্ধ্যাই মনবোৰ পুলকিত কৰি তুলিছে, যেনেদৰে ন-ৰূপ পাইছে পথাৰৰ বোকাময় গৰুবাটটোৱেও। শিল্পী-সাহিত্যিকৰ কাপেৰে নিগৰি আহিছে ন ন মাদকতাৰে ভৰপূৰ কাব্য সৃষ্টি। চেঙেলীয়া ডেকা-গাভৰুৰ হিয়া উথলি উঠিছে পূৰ্ণিমাৰ ন জোনটিৰ দৰে। তেনে এটি শাৰদী শাৰদী লগা দিনটেই মহিষাসুৰক বধ কৰি ধৰিত্ৰীক নিস্কণ্টক কৰিছিল দুৰ্গা মাই। সেয়ে, শাৰদীৰ লগে লগে আহিছে ঢাক-ঢোল, মৃদংগৰ শব্দ, দুৰ্গা বন্দনাই মুখৰিত হৈছে আকাশ-বতাহ। ডেকা-বুঢ়া সকলোৰে মন আনন্দত আত্মহাৰা। তেনে এক কাল্পনিক যেন লগা বাস্তৱ হাততে পৰিছে যেতিয়া উপভোগ নকৰিনো থাকে কোন ? গাৱৰ জাক জাক ল'ৰা-ছোৱালী খোজকাঢ়ি, চাইকেলেৰে দুৰণিৰ পূজা চাবলৈ যোৱাৰ মাদকতা আজিৰ প্ৰজন্মই নিশ্চয় নাই পোৱা। কিন্তু, পূজা চোৱাৰ ধৰণ বেলেগ হ'লে হ'ব কি, পূজা চাবলৈ আগতেওঁ‌ গৈছিলো, এতিয়াও যাম ।

পূজা বুলি ক'লেই দুৰ্গা বন্দনাক বাদ দিও আছে এখন মনোৰম বজাৰ। গৰম জেলেপী, ৰঙা-নীলা বেলুন, পুতলা পিষ্টল, খাৰু-মণি, ৰং-বিৰঙী শিশু খেলনা আদি। পূজাৰ এই চকমকনিত শিশুক আমি দিবলৈ বাধ্য মন পচন্দৰ খেলনা বিধ। কিন্তু, এই পূজাৰ খেলনা বিধ আমি শিশুৰ হাতত তুলি দিওঁ‌তে নিশ্চয় ভবাৰ আহৰি নাই ইয়াৰনো উপকাৰিতা কি ? পিষ্টলটি লাগ বুলিলেই হাতত তুলি দিছো। এবাৰলৈ ভাবিলোনে তাৰ পৰা শিশুটিয়ে কি শিকিব?

শিশুৰ মন সদায়েই জ্ঞানপিপাসু। এই কথাত আমি শিক্ষক-অভিভাৱকে কেতিয়াও, কোনো পৰিস্থিতিতে পাহৰাতো উচিত নহয়। এটা ৰঙা বেলুনে শিশুটিক এখন কাল্পনিক জগতলৈ উৰুৱাই নিব, যাৰ পৰা তেওঁ‌ কিছু উপলব্ধি কৰাৰ থল থাকিব। তাৰ তুলনাত পিষ্টলটোৱে দিব কি? ঘৰৰ ভিতৰত গাৰুটোকে পাহাৰ কৰি যদি সন্ত্ৰাসবাদীৰ আখৰা কৰেহি? শিশুটিক আমি দেখোন ভিডিঅ' গেম টিৰ পৰিৱৰ্তে এখন ভায়োলিন, এযোৰ তবলা, এটি বাঁ‌হি দিব পাৰো । যিবোৰ সামগ্ৰী খেলৰ লগে লগে এটি কলাৰ প্ৰতিও আগ্ৰহান্বিত হ'ব। এখন শিশু উপন্যাস, এখন ছবি অঁ‌কা কিতাপ, ৰঙ-বিৰঙী পেঞ্চিল-কলম আদি উপহাৰ দিব নোৱাৰোনে ? যিয়ে শিশুটিক বিদ্যালয়ৰ একঘেয়ামী শিক্ষাৰ পৰা কিছু আঁতৰি কিবা এটি শিকাৰ থল দিব। পূজাৰ কাপোৰ-কানি দিওঁ‌তেও আমি সীমা চেৰাই গৈছো নেকি? পূজা বুলিয়েই, ধন আছে বুলিয়েই তিনি-চাৰিযোৰ কাপোৰ দিয়াৰ কিবা যুক্তি আছে জানো। যি ব্যৱস্থাই শিশুটিক সৰুৰ পৰা ভোগবাদী সমাজৰ প্ৰতি আগ্ৰহান্বিত কৰিব। সহপাঠী এজনে কেনেকৈ জীয়াই থকাৰ তাড়নাত শিশু শ্ৰমিক হৈছে, সেইকথা উপলব্ধি কৰাবলৈ সৰুতেই শিকাব লাগে । তেতিয়াহে আজিৰ শিশু কাইলৈৰ দেশৰ সু-নাগৰিক হ'ব ।


পূজাৰ বজাৰত অভিভাৱকৰ হাতে হাত ধৰি জাক জাক পখিলা সদৃশ শিশু শৰতৰ কোনো এটি দিনতে হোৱা শিশু গ্ৰন্থমেলাখনলৈনো কেইটি শিশুক লৈ যায়? পূজাৰ বেলুনটিৰ লগতে শিশু গ্ৰন্থমেলাখনলৈও নিবচোন, কিমান যে সিহঁ‌তে আনন্দ পাব। সেই আনন্দ আপুনি অভিভাৱক হিচাপে উপলব্ধি কৰাব লাগিব। পূজাৰ মাজতেই আহিছিল কাতি বিহু। শিশুটিয়ে নজনাতো ডাঙৰ কথা নহয়। ডাঙৰ কথা আপুনি তেওঁ‌ক নজনোৱাতো। তুলসীৰ তলত নামগোৱা প্ৰত্যেকৰে বাবে সম্ভৱ নহ'ব পাৰে কিন্তু বৰ্ণনাতো দিয়াততো অসম্ভৱ নিশ্চয়কৈ নহয়।

আমি ডাঙৰবোৰে সদায় এটা কথা কওঁ‌, আজিৰ প্ৰজন্মই পথাৰ চিনি নাপায়, কাতি বিহুত পথাৰত চাকি জ্বলোৱাৰ তাৎপৰ্য্য নুবুজা হৈছে। আচলতে, কেৰোণতো ক'ত? শৰতৰ এই পৰতে নিজৰ শিশুটিক পথাৰ এখনলে নি তাৰ মাদকতা উপভোগ কৰাৰ সুযোগ দিছোনে? সকলোৱে একমুখে ক'ব যে, বিদ্যালয়, ঘৰৰ কাম, কাৰ্য্যালয়ৰ কামৰ পৰা পথাৰলৈ যোৱাৰ আহৰি ক'ত? ক'তা, আমিচোন প্ৰত্যেক মাহৰে এটি দিন এক'লেণ্ডলৈ গৈছো, প্ৰত্যেক মাহৰে এটি দিন শিশু উদ্যানলৈ, শ্বপিং মললৈ(বজাৰ) গৈছো, চিনমা চাবলৈ গৈছো। তেন্তে নগৰৰ কাষৰ পথাৰ খনলৈ যোৱাত আহৰি নাই কিয়? আচলতে আমাৰ সদিচ্ছাৰহে অভাৱ । আহক, এইবাৰ পূজাত শিশুটিক কেবল জ্ঞান আহৰণৰ আহিলাহে উপহাৰ হিচাপে দিওঁ‌ ।

No comments:

Post a Comment