Monday, November 16, 2015

বিশেষ লেখা


উপলক্ষঃ ১৬নৱেম্বৰ, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
সন্ধিক্ষণত সংবাদ মাধ্যম
অজয় লাল দত্ত
‘A free press can, of course, be good or bad, but, 
most certainly without freedom,
the press will never be anything but bad’.
-Albert Camus

স্বাধীন আৰু দায়িত্বশীল সংবাদ মাধ্যমৰ অস্তিত্ব ভাৰতত সুনিশ্চিত কৰিবলৈ, তথা সজাগতা সৃষ্টিৰ বাবেই ১৬নৱেম্বৰ দিনটো প্ৰতি বছৰেই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাবে পালন কৰা হয়। এই দিনটোতে সাংবাদিকতাত পেশাগত নৈতিকতাক বজাই ৰখাৰ স্বাৰ্থত ১৯৬৬চনত সাংবিধানিক সংস্থা ৰূপে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ স্থাপন কৰা হৈছিল। সংবাদ মাধ্যমৰ প্ৰতি জনসাধাৰণে পোষণ কৰা আশা পূৰণ কৰিব পৰাকৈ উচ্চ মান বজাই ৰখা আৰু বৰ্হিঃ শক্তিৰ হেঁচাৰ পৰা মুক্ত কৰি ৰখা নিশ্চিতি এই সংস্থাৰ অন্যতম লক্ষ্য। নৈতিক অভিভাৱক ৰূপে নিযুক্ত এই সংস্থাক ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ আন আহিলা সমূহৰ উৰ্ধত গৈয়ো সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ বাবে সাংবিধানিক অধিকাৰ দিয়া হৈছে। সময়ৰ সৈতে সলনি হোৱা পৰিস্থিতিয়ে সংবাদ মাধ্যমৰ লগতে এই সংস্থাকো নতুন নতুন প্ৰত্যাহ্বানৰ সন্মুখীন কৰাইছে। এই পটভূমিত এই ক্ষেত্ৰখনৰ বিভিন্ন দিশৰ পৰ্যালোচনাৰো নিশ্চয়কৈ প্ৰয়োজন আছে।

স্বাধীনতা আন্দোলনৰ সময়ৰ পৰা দেশত ৰাজনৈতিক সচেতনতা বৃদ্ধিৰে জাগৰণ তুলিব পৰাকৈ সংবাদ মাধ্যমে বিশাল ভূমিকা গ্ৰহণ কৰিছিল। তাৰ পাছৰ দশকবোৰত ইমাৰ্জেন্সিৰ দৰে ক’লীয়া ডাৱৰ, তাৰ পাছত গোলকীকৰণৰ নব্য অৰ্থনীতিয়ে সৃষ্টি কৰা ন-পৰিবেশৰ ভিন্ন উত্থান-পতন ধুমুহা নেওচি দেশৰ সংবাদ সেৱাই আজিৰ অৱস্থাত উপনীত হৈছেহি। পূৰ্বৰ সময়ত ৰাজনৈতিক দল, সামাজিক সংস্থাৰ মুখপত্ৰৰ প্ৰচলনৰ জনপ্ৰিয়তাৰ বিপৰীতে এতিয়া বাণিজ্যিক ৰূপত পেশাগত ভাৱে সমৃদ্ধ সংবাদ সংস্থা সমূহে বজাৰ দখল কৰিছে। সাম্প্ৰতিক সময়ত সংবাদ সংস্থা সমূহ ধনী ব্যৱসায়ী, ৰাজনৈতিক নেতা অথবা দলৰ প্ৰত্যক্ষ বা পৰোক্ষ হাতোৰাত বন্দী হৈ পৰিবলৈ পুঁজি নিৰ্ভৰ অৰ্থনৈতিক পৰিবেশেই বাধ্য কৰিছে। ছপা মাধ্যমেই হওক বা টিভি চেনেলেই হওক, সাধাৰণ মানুহৰ পক্ষে কোনো নতুন সংবাদ সেৱা খুলি বজাৰত থাওনি পোৱাটো আজিৰ তাৰিখত প্ৰায় অসম্ভৱেই। ইয়াৰ মূল কাৰণ হৈছে ইয়াৰ সৈতে জড়িত বিশাল পৰিমানৰ মূলধন আৰু ইয়াৰ সৈতে জড়িত থকা নিগেটিভ কেচ ফ্ল’। বাতৰি কাকত এখন প্ৰকাশ কৰিবলৈ ছপা কামত যিমান টকাৰ প্ৰয়োজন হয়, তাতকৈ বেছি ধনৰ প্ৰয়োজন হয় ঘৰে ঘৰে বাতৰি কাকত এখন পহোচাই দিবলৈ। বিতৰণ, বিপননৰ জৰিয়তে ৰাজ্যজুৰি বা দেশৰ জুৰি বজাৰ দখলৰ কথা চিন্তা কৰিলে প্ৰতিদিনেই প্ৰয়োজন হয়, বিশাল ধনৰাশিৰ। একেদৰেই একোটা টিভি চেনেল খুলিবলৈ লগা কেইকোটিমান টকাৰ বিপৰীতে ডাইৰেক্ট-টু-হোম সেৱাৰ ডিচ টিভি, টাটা-স্কাই, ভিডিঅ’কন ডি-টু-এইচ বা কেবোল আদিৰে ঘৰে ঘৰে পহোচাবলৈ লাগে প্ৰতিমাহে এই সেৱা প্ৰদানকাৰী কোম্পানীক দিব লগা কোটি টকীয়া ফীজো। গতিকে আৰম্ভণি কৰাটো যিমানেই সহজ, কিন্তু চলাই যোৱাটো সিমানেই কঠিন কাম হয়, এই দুয়োটা মাধ্যমৰ বাবেই। অসমত ছপা আৰু বৈদ্যুতিন মাধ্যমৰ কেইবাটাও সংস্থা আৰম্ভ কৰি বজাৰ দখল কৰি কৰি দেখুওৱাৰ কৃৰ্তিত্ব থকা অতনু ভূঞাই শেহতীয়া গ্ৰন্থ “টিআৰপি”ত সংবাদ সেৱাৰ এই ভিতৰুৱা হিচাববোৰ উদঙাই দেখুৱাইছে। চাৰ্কুলেচনৰ সংখ্যাৰ ওপৰত মানে অ'ডিট ব্যুৰো অৱ চাৰ্কোলেচনৰ তথ্যৰ ভিতিত বাতৰি কাকতত আৰু টিআৰপিৰ ভিত্তিত টিভিৰ চেনেলে বিজ্ঞাপন লাভ কৰে। নতুন বাতৰি কাকতে বিক্ৰীৰ টকা ঘূৰাই পোৱাতোও এটা দুৰূহ কাম আৰু নতুন চেনেলেও টি.আৰ.পিৰ খেলত প্ৰতিষ্ঠা পোৱালৈ কেৱল সমলৰ মানদণ্ডৰ ভিত্তিত, বিশাল ধনবলৰ ঠেকা অবিহনে টিকি থকাটো টান।

গতিকে বিশাল মূলধনী শক্তি থকা ব্যক্তি বা সংস্থাৰ দ্বাৰা প্ৰযোজিত নহলে আজিৰ তাৰিখত এই দুটা মাধ্যমত বজাৰ দখল কৰি সংবাদ মাধ্যম চলাই থকাটো অতিশয় কঠিন কাম। এই সমস্যাৰ বাবেই প্ৰতি বছৰেই বহুতো সংবাদ পত্ৰ, আলোচনী আদিয়ে জন্মলাভ কৰা আৰু অকালতে মৃত্যুবৰণ কৰাও আমি দেখিবলৈ পাইছো। অসমত কেইবাটাও টিভি চেনেলো অকালতে মৰহি যোৱাৰ উদাহৰণো আছে। বেছিভাগ কাকতেই অডিট ব্যুৰো অৱ চাৰ্কুলেচনৰ আগত বেছিকৈ ছপা হোৱা তথ্য দেখুৱাই বিজ্ঞাপন লভি টিকি থকাৰ কুচ-কাৱাজত লিপ্ত হবলৈ বাধ্য হোৱাৰ কথাও “টিআৰপি" কিতাপখনতে প্ৰকাশ পাইছে। বহু কেইখন পেপাৰে আকৌ মালিকৰ ক'লাধন বগা কৰাৰ স্বাৰ্থত বা লোকচান ভৰি হলেও বিশেষ ৰাজনৈতিক প্ৰপাগাণ্ডাৰ চলোৱাৰ কামত ব্যৱহাৰ হোৱা বাবেই প্ৰকাশ হৈ থকা বুলিও অভিযোগ উঠা দেখা যায়। অসমতো নিৰ্বাচনৰ প্ৰাক্-মূহুৰ্তত সৰু-বৰ চহৰতো দৈনিক-সাপ্তাহিক-পষেকীয়া বাতৰি কাকত-আলোচনী ‘নিজা নিজা প্ৰপাগাণ্ডা’ৰ লক্ষ্যৰে থলুৱাকৈ প্ৰকাশ কৰাও দেখা গৈছে। এইবোৰ গণ মাধ্যম কিমান দীৰ্ঘদিনৰ বাবে চলি থাকিব বা ইতিহাসৰ পাতত চিন ৰখা ধৰণৰ হব, তাৰ উত্তৰো সময়েই দিব।

ভাৰতৰ আন প্ৰান্তৰ দৰেই বিভিন্ন সংবাদ মাধ্যমৰ মালিক পক্ষৰ অফুৰন্ত মূলধনৰ উৎসক লৈয়ো সদায়েই প্ৰশ্নবোধক জিলিকি আছেই। অনুমান কৰিব পাৰিলেও প্ৰমাণৰ অভাৱত কথাবোৰ মুকলিকৈ কব নোৱাৰে। বহুতো সংবাদ মাধ্যমৰ মালিকানা আকৌ ভাৰতৰ বিশাল আইনী সুৰুঙা থকা কোম্পানী আইনৰ ঢাল ব্যৱহাৰ কৰিয়েই চলি আছে। প্ৰত্যক্ষ ভাৱে মালিক কোম্পানীটোৰ মালিক আকৌ পাঁচোটা আন কোম্পানী, যাৰ মালিক আকৌ আন কোনোবা কোম্পানীৰ দৰে এক পৌনঃপৌনিক কৰ্পৰেট সূত্ৰৰ জালত আচল মালিকৰ মুখ চৰকাৰী দস্তাবেজৰ আধাৰত নিৰ্ণয় কৰাটো দুৰূহ হৈ পৰে। তথাপিও পৰিচালন গোটৰ সঞ্চালক, অংশীদাৰিত্বৰ প্ৰকাশিত তথ্যৰ ভিত্তিত মানুহে কাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত সংবাদ সংস্থা বা চেনেল সমূহৰ পৰিচালিত হয় তাক অনুমান কৰিব পাৰেই। সম্পাদনা কক্ষৰ নীতিয়েও কাৰ প্ৰপাগাণ্ডা চলাই থকা হৈছে তাক উজলাই তোলেই। ৰাষ্ট্ৰীয় স্তৰত দেশৰ আধাতকৈ বেছি চেনেল তথা সংবাদ পত্ৰৰ মালিকীস্বত্বৰ কোম্পানীৰ অংশীদাৰিত্বৰ ভিত্তিত প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে নিয়ন্ত্ৰণ কৰিব পৰাকৈ আম্বানী পৰিয়ালৰ হাতত থকা বুলিয়েই জনপ্ৰিয় ৰাজহুৱা মাধ্যমত প্ৰকাশ পাই আহিছে। শেহতীয়াকৈ টিভি১৮ গোটৰ আই.বি.এনক প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ অনাৰ লগে লগে এই কোম্পানীৰ অধীনৰ বহুতো আঞ্চলিক ভাষাৰ চেনেল, মনোৰঞ্জন চেনেলো পোনপটীয়াকৈ ৰিলায়েঞ্চৰ হাতলৈ আহে। বাকীবোৰ চেনেল বা বাতৰি কাকতৰ মালিক, কোম্পানী আদিৰ বিষয়েও অৰ্থনৈতিক সূত্ৰ, ৰাজনৈতিক অংশীদাৰিত্ব আদিৰ বিষয়ে ইণ্টাৰনেটতে জানিব পাৰি। নিউজ-লণ্ড্ৰী.কমে এই বিষয়ে নিজৰ ৱেবচাইটত সূত্ৰবোৰ ফঁহিয়াই সবিশেষ বিশ্লেষণেৰে সবিশেষ অনলাইনতে উপলদ্ধ কৰি ৰাখিছে। আনকি বিদেশী পুঁজিপতিৰ অংশীদাৰিত্ব আৰু বহুজাতিক কোম্পানীৰ বিজ্ঞাপনৰ প্ৰৱাহৰ নিশ্চিতিয়েও সংবাদ মাধ্যমক প্ৰভাৱিত কৰি আহিছে।

মালিকৰ ব্যৱসায়িক তথা ৰাজনৈতিক স্বাৰ্থই সম্পাদনা নীতিত কিমান প্ৰভাৱ পেলায়, সেইটোও এটা বিতৰ্কিত বিষয়। বহুতো বিশিষ্ট সাংবাদিকে এই বিষয়ত নিজে কাম কৰা সংবাদ গোষ্ঠীৰ মালিকৰ প্ৰভাৱৰ পৰা নিজৰ সম্পাদনা নীতি মুক্ত বা কোনো প্ৰভাৱ নাই বুলিয়েই দাবী কৰে। কিন্তু আন সংবাদ গোষ্ঠীৰ ক্ষেত্ৰত ৰাজনৈতিক তথা অৰ্থনৈতিক প্ৰভাৱে খবৰ আৰু সম্পাদকীয় মতত প্ৰভাৱ পেলোৱাৰ কথা নুই নকৰে। এই পাৰস্পৰিক গোত্ৰ-বিৰোধী বা স্ববিৰোধী মতৰ বাবেই বাতৰি কাকত আৰু চেনেলৰ মাধ্যেমেৰে বিশেষ শ্ৰেণীৰ ন্যস্তস্বাৰ্থৰ প্ৰপাগাণ্ডা যে চলি নাথাকে, সেই কথা নুই কৰিব নোৱাৰা অৱস্থাত ৰাইজ উপনীত হয়। কোনো ঘটনাক লৈ ধাৰাবাহিক প্ৰতিবেদন, অনুসন্ধানমূলক বিস্ফোৰণৰ পাছত সাংবাদিকৰ স্থিতি যেতিয়া পাছলৈ সেমেকা হবলৈ বাধ্য হয়। মুকলিকৈ কোনেও আহি নকলেও মালিকপক্ষৰ হেঁচাত আৰু স্বাৰ্থ আঘাত হনা ক্ষমতাশালী লোকৰ পৰোক্ষ চাপত যে এয়া সংঘটিত হয় বুলি সকলোৱেই অনুমান কৰিব পাৰে। বহুক্ষেত্ৰত আকৌ প্ৰতিবেদন দিয়া সাংবাদিকেই আপোচ কৰাৰো উদাহৰণ দেখিবলৈ পোৱা যায়। আনহাতে কিছুমান বাতৰি-কাকতে বিজ্ঞাপনৰ বাবেই সমাজৰ ক্ষতি কৰা শক্তিকো বিৰোধ কৰিব নোৱাৰাত পৰে। প্ৰথম পৃষ্ঠাত কেঞ্চাৰ হাস্পতালৰ বাবে দাতব্য সেৱাৰ বাবে বাতৰি-কাকতখনে লোৱা পদক্ষেপ জিলিকি থাকিলেও শেষৰ পৃষ্ঠাজুৰি আকৌ চিগাৰেট, গুটখাৰ বিজ্ঞাপন ভৰি থকাৰ উদাহৰণো দেখা যায়। পেইড মেডিয়া বা পেইড নিউজৰ অভিযোগৰ আবৰ্ততো সোমাই পৰা মেডিয়াৰ সংবাদ কৰ্মী সকলক ৰাইজে সাংবাদিক 'হালধীয়া' নোহোৱাটোহে আচৰিত হব লগা কথা ধৰণৰ তীৰ্যক মন্তব্যও কৰা পৰিলক্ষিত হয়। নৈতিকতাহীন সমাজ ব্যৱস্থাত কেৱল সাংবাদিক সকলেই নৈতিকতাৰ ঠিকা লৈ থৈছে নেকি বুলিও তেনে সময়ত সেই পেশাৰ লোকসকলে মত প্ৰকাশ কৰে।

গোটেই সমাজখনকে শুদ্ধ পথ দেখুওৱাব বুলি ৰাইজে আশা কৰা বা দায়িত্ব লোৱা সংবাদসেৱী সকলেই খোদ নিজা প্ৰতিষ্ঠানৰ মালিকে দৰমহা আয়োগৰ নীতিমতে দৰমহা নিদিয়াৰ পাছতো শক্তিশালী প্ৰতিবাদ গঢ়ি তুলিব নোৱাৰা পৰিবেশো আমাৰ সমাজখনৰ বাবেই এক আইৰণি নহয়নে? বিগত সাধাৰণ নিৰ্বাচনৰ সময়ত বিশাল বিজ্ঞাপন, প্ৰলোভন আদিৰ কৱলত পৰা, সংবাদ গোষ্ঠীৰ মালিক পক্ষকে গোপন মিতিৰালিৰে নিজৰ ফলীয়া কৰি লোৱা আদি উৰণীয়া খবৰৰ বাবে “মেডিয়া আজি মোদীয়াহে” বুলিও বিৰোধীয়ে কটাক্ষ কৰা দেখা গৈছে। তাৰ বিপৰীতে শাসক বা স্বাৰ্থ সিদ্ধিত ব্যাঘাত জন্মিলেই ভক্তগণে প্ৰেছক নিলাজ শব্দৰ ব্ৰহ্মাস্ত্ৰৰে আক্ৰমণ কৰাৰ ঘটনাও দেশবাসীয়ে প্ৰত্যক্ষ কৰিব লগা হৈছে। অসমতো মত প্ৰকাশৰ ক্ষেত্ৰত আপোচ নকৰা বাবেই দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাব লগা হোৱা স্বৰ্গীয় কমলা শইকীয়া, পৰাগ কুমাৰ দাস, অনিল মজুমদাৰকে ধৰি শ্বহীদ সংবাদ কৰ্মী সকললৈ এই দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। নৈতিকতাৰ দায়িত্বও মূৰ পাতি লব লাগে, আনফালে পৰিয়াল স্বচ্ছলকৈ চলাব পৰাকৈ দা-দৰমহা, মাননিও নাপায়, ব্লেকমানিৰ ওপৰতে বহি থকা বুলি জানিও সেই মালিকৰ অধীনতে চাকৰি কৰাৰ মানসিক অশান্তি, বৰ্ধিত সামাজিক অহিষ্ণুতাৰ ফলত বাঢ়ি অহা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ মাজত সঁচাকৈয়ে আমাৰ সাংবাদিক সমাজ কেইবাতৰপীয়া চেপাঁৰ মাজতযে বাস কৰিব লগীয়া হৈছে, সেই কথা অনুভৱ কৰিব পাৰি। সাংবাদিক সকলৰ ঐক্যৰ যোগেদিহে বৌদ্ধিক শ্ৰমৰ উচিত মূল্য আদায়, সামাজিক সুৰক্ষাৰ নিশ্চিতি আদিৰ প্ৰাপ্তি সম্ভৱ হব। সমাজেও স্পৰ্শকাতৰ ও সহানুভূতিশীলতাৰে ভিন্ন ভাবুকিৰ সন্মুখীন হৈও সমাজৰ সেৱা কৰি যোৱা সাংবাদিকসকলৰ এই বহুমাত্ৰিক হেঁচাৰ পৰিৱেশৰ বিকল্পৰ সন্ধান কৰিবই লাগিব।

ইয়াৰ বিপৰীতে একবিংশ শতিকাৰ প্ৰথমটো দশকত, মালিকানাৰ জাল ফালি, মুক্ত চিন্তা, মুক্ত খবৰৰ প্ৰৱাহৰ জোৱাৰ আনিবলৈ সক্ষম হৈছে অনলাইন মেডিয়াই। ইণ্টাৰনেটৰ যোগে বিশ্বজোৰা বিনামূলীয়া বিপনন, অতি কম খৰছত বেৱচাইট বনোৱা, ভিডিঅ’ আৰু বাৰ্তা সংবহনৰ দ্ৰুত মাধ্যমৰ প্ৰযুক্তিয়ে এতিয়া “অনলাইন মেডিয়া”ক সশক্ত কৰিছে। আনকি নকৈ জনপ্ৰিয় হোৱা "ছ’চিয়েল মেডিয়াঃগণতন্ত্ৰৰ নতুন চতুৰ্থ স্তম্ভ" শীৰ্ষক শ্লোগানেও এতিয়া প্ৰতিষ্ঠিত সংবাদ গোষ্ঠীৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। অনুসন্ধান মূলক ৱেবচাইট ৱিকি-লিকচ, গুলেইল.কম, কোব্ৰা-পোষ্ট আদিয়ে বহুতো গোপন খবৰ ফাদিল কৰি দেশ অথবা বিশ্বক সচকিত কৰিছে। নিউজ-লণ্ড্ৰী.কমকে ধৰি বিভিন্ন অনলাইন টেক্সট আৰু ভিডিঅ’ৰে হাস্য মধুৰ ব্যংগৰ লগতে বিশ্লেষণেৰে সংবাদ প্ৰৱাহৰ ক্ষেত্ৰ সমৃদ্ধ কৰিছে। মালিকৰ স্বাৰ্থ হানি কৰি সমাজৰ বাবে কাম কৰিব নোৱাৰা বুলি অনুভৱ কৰা এদল সাংবাদিকে নিজেই ইণ্ডিয়াচম্বাদ.কমৰ জন্ম দিছে। ভাৰতৰ অনুসন্ধানমূলক সাংবাদিকতাৰ অন্যতম ধ্বজবাহক দীপক শৰ্মা ( কফিন কেলেংকাৰী, চলমান খুৰশ্বিদৰ কেলেংকাৰী ফাদিল কৰা)ৰ নেতৃত্বত বহুতো ভিতৰুৱা বিস্ফোৰক বতৰা প্ৰকাশ কৰা এই বেৱচাইটৰ ওপৰত এতিয়া গোচৰ ৰুজু কৰাৰ বাতৰিও ওলাইছে। তেওঁলোকৰ নিষ্ঠাৰ প্ৰতি সদয় হৈ বিনামূলীয়াকৈ উচ্চতম ন্যায়ালয়ত এই গোচৰৰ বিৰুদ্ধে যুক্তি দৰ্শাবলৈ বিশিষ্ট অধিবক্তাও আগবাঢ়ি অহাৰো যোগাত্মক বাৰ্তাও প্ৰকাশ পাইছে। হিন্দু কাকতৰ সম্পাদকৰ পদৰ পৰা সম্পাদকীয় নীতিৰ ক্ষেত্ৰত মালিক পৰিয়ালৰ হস্তক্ষেপৰ বাবেই বিতৰ্কৰ মাজেৰে আঁতৰি অহা সিদ্ধাৰ্থ ভদ্ৰৰাজনৰ দৰে ব্যক্তিয়ে নিজে আৰম্ভ কৰিছে www.thewire.in ৰ দৰে অনলাইন মেডিয়া। সচেতন পাঠকে এই বেৱচাইটৰ বাবে দান-বৰঙণি দি এই উদ্যম জীয়াই ৰাখিব আৰু সেয়ে সম্পাদকীয় নীতিও কেৱল পাঠকৰ ওচৰত দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্ণয় কৰাৰ এক মডেল নিৰ্মাণ কৰিবলৈ এই ৱেব-চাইটে প্ৰচেষ্টা চলাইছে। নিউজ-লণ্ড্ৰী.কমেও একেধৰণৰ মডেল যোগে কৰ্পৰেট বা ৰাজনৈতিক মহলৰ বিজ্ঞাপনৰ কৰুণাৰ বাহিৰত থাকি চলিবলৈ কেৱল পাঠকৰ ওচৰত দ্বায়বদ্ধতাৰ প্ৰতিশ্ৰুতিৰে সহায়-বৰঙণি ৰাইজৰ পৰাই আহ্বান কৰিছে।

একেদৰেই বহুতো সৰু সৰু স্বেচ্ছাসেৱী গোট, সচেতন নৱ-প্ৰজন্ময়ো কোনো অৰ্থনৈতিক হেঁচা বা তাৰ জালত নপৰাকৈয়ে নিজা ৱেবচাইট খুলি চিন্তাৰ কৰ্ষণ কৰিছে, আলোচনাৰ নতুন নতুন দ্বাৰ উন্মোচন কৰিছে। প্ৰতিনিয়ত বৃদ্ধি পোৱা সমাজ সচেতন অথচ নতুন চামৰ ক্ষুৰধাৰ বিশ্লেষণে প্ৰতিষ্ঠিত সকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দিল্লীত আম আদমী পাৰ্টিয়ে প্ৰতিষ্ঠিত চেনেল তথা সংবাদ গোষ্ঠীৰ সৈতে হোৱা মুকলি সংঘাতৰ সময়চোৱাত কেৱল চ’ছিয়েল মেডিয়াক ভৰসা কৰিও ইয়াক গণভিত্তি অৰ্জনৰ সফল আহিলা ৰূপে প্ৰমাণ কৰি দেখুৱালে। ৱেব টিভি, লাইভ-ৱেব কাষ্ট আদিৰ জৰিয়তেও মালিকবিহীন চেনেলৰ ধাৰণাৰে চিন্তা-ধাৰণাৰ মু্ক্ত প্ৰৱাহৰ উদাহৰণ দাঙি ধৰিলে।

ছ’চিয়েল মেডিয়াই সচেতন কৰি অনা সমাজখনত নাগৰিক সাংবাদিকৰ নতুন ধাৰণা এটাও সৱল ভাৱে গঢ় লৈ উঠিছে। টুইটাৰ, ফেচবুক আদিৰ জনপ্ৰিয়তাই কোনো খবৰৰ বাবে পেশাদাৰী সাংবাদিকৰ খবৰলৈ ৰৈ থকাৰ নিৰ্ভৰশীলতা নাশ কৰি আনিছে। পেশাদাৰী সাংবাদিকলৈ ৰৈ নাথাকি চ’চিয়েল মেডিয়া যোগে সমাজৰ স্বাৰ্থৰ সপক্ষে যিকোনো ঘটনাক উদঙাই দিয়াৰ সাহস কৰিছে এই প্ৰযু্ক্তিৰে সৱল সচেতন নতুন নাগৰিকে। কোনো ঘটনাৰ মোবাইলতে লোৱা ভিডিঅ’ৰ আপলোডে আনকি মন্ত্ৰী-বিধায়কৰো বিতৰ্কিত বিষয়ত প্ৰমাণ ৰূপে ব্যৱহৃত হৈ চকী লৰাই দিবলৈ সক্ষম হৈছে। সাধাৰণ মানুহৰ এনে ভিডিঅ'কে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠিত সংবাদ মাধ্যমে ব্যৱহাৰ কৰিবলৈ লৈছে। আনকি অৰ্ণৱ গোস্বামীয়ে ভি.ভি.আই.পিৰাজৰ বিৰুদ্ধে চলোৱা পদক্ষেপতো এইদৰে নাগৰিকেই সাংবাদিক হিচাবে ভিডিঅ’ সমল যোগাই সকলোৰে দৃষ্টি কাঢ়ি নিবলৈ সক্ষম হৈছে।কিন্তু সম্পাদনাহীন ছ’চিয়েল মেডিয়াৰ মু্ক্ত মত প্ৰৱাহ মাধ্যম, ফেচবুক, টুইটাৰ, হোৱাটচএপ আদিত সামাজিক অসহিষ্ণুতা, নেতিবাচক প্ৰচাৰ, ঘৃণাৰ খেতি আদিৰো অভিযোগ পোৱা গৈছে। এনেকুৱা নেতিবাচক দিশত হোৱা প্ৰচাৰ ৰোধ কৰাৰ বাবে কাশ্মীৰ, গুজৰাট আদি ৰাজ্যত জৰুৰী অৱস্থাত ইণ্টাৰনেট সেৱাকেই সাময়িক ভাৱে স্থগিত ৰাখিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যক্তি হিচাবে ব্যক্তিগত অভিমত সন্মান কৰিও, ছ’চিয়েল মেডিয়াত এনে ভুল তথ্য, বিকৃত বিশ্লেষণ, ফটোশ্বপৰ অপব্যৱহাৰ আদিক ৰোধ কৰাৰ প্ৰয়োজন আছে। এনে ঋণাত্মক প্ৰচাৰত বহুতো ৰাজনৈতিক/মৌলবাদী সংগঠনেই ধন-জন খৰছ কৰি সংগঠিত ৰূপত নামি পৰাটোও এটা চিন্তনীয় কথা হৈ পৰিছে। এনেবোৰ ঘটনাক ৰোধ কৰা বা পোহৰলৈ অনাৰ দায়িত্ব কিন্তু প্ৰতিষ্ঠিত সংবাদ সেৱী বা সংস্থায়েই যে লব লাগিব!

যোগাত্মক ব্যৱহাৰৰ উদাহৰণ স্বৰূপে, ছ'চিয়েল মেডিয়াৰ জৰিয়তে গোট খোৱা গোটেই তথ্য জনাৰ অধিকাৰ, ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন আদিৰে দেশৰ সাংবিধানিক বিধি ব্যৱস্থাই দিয়া নাগৰিকৰ যুঁজাৰ আহিলা সমূহো ব্যৱহাৰ কৰিবলৈ সংগঠিত হৈছে। এনে বৰ্ধিত সচেতনতাই অনাগত দিনত, খবৰ আৰু মতক নিজৰ পুঁজিৰে চিৰদিন নিয়ন্ত্ৰণত ৰাখিব বুলি আজিও কল্পনা কৰা সকলকো মূৰ্খৰ স্বৰ্গত বাস কৰাৰ দৰে অৱস্থা কৰিব, সেয়াও নিশ্চিত হৈ পৰিছে। বিশ্ব বা ৰাষ্ট্ৰৰ সতে ফেৰ মিলাই উত্তৰ-পূৱ তথা অসমতো আঞ্চলিক, স্থানীয় আনকি নৃ-গোষ্ঠীয় ভাষাতো বেৱচাইট, ফেচবুক গোট, অনলাইন আলোচনী আদি গঢ় লৈ উঠিছে। ভিতৰুৱা ঠাইৰ মুক কণ্ঠয়ো এতিয়া এই সামাজিক যোগসূ্ত্ৰৰ মঞ্চত পাবলৈ সক্ষম হৈছে সম-মৰ্যদা। পোনপটীয়াকৈ আনকি দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, সাংসদ, মুখ্যমন্ত্ৰী তথা বিভাগলৈ বাৰ্তা, প্ৰশ্ন তথা সমস্যা অৱগত কৰাটো সম্ভৱপৰ হৈছে। এই মঞ্চই কিমান শক্তিশালী মাধ্যম ৰূপে কাম কৰিবলৈ আৰম্ভ কৰিছে সেই কথা নেতাসকলেও উপলব্ধি কৰিবলৈ ধৰিছে। পূৰ্বৰ দৰে ছপা মাধ্যমৰ সম্পাদক সকলেও এতিয়া নিজা চেম্বাৰৰ দুৱাৰ বন্ধ নাৰাখি, মুক্তমনে ছ’চিয়েল মেডিয়া যোগে ৰাইজৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিবলৈ ধৰিছে। এয়াও পৰিবৰ্তিত সময়ক আঁকোৱালি লোৱাৰেই ইতিবাচক পদক্ষেপেই নহয়নে?

ভিক্টৰ হিগোৱে কৈ গৈছে ‘ Wherever we see the freedom of the press interfered with, there we see the nutrition of the human civilization interrupted’. সামাজিক পৰিপুষ্টিৰ বাবেই চিন্তাধাৰাৰ মুক্ত প্ৰৱাহৰ নিশ্চিত সুনিশ্চিত হবই লাগিব। আৰু এই পটভূমিতেই দেশত ইণ্টাৰনেটকো চেঞ্চৰ কৰা উচিত নে অনুচিত তাকে লৈও চলিবলৈ ধৰিছে চিন্তা-ভাৱনা। এই ক্ষেত্ৰত চৰকাৰ এখনে নেট-নিউট্ৰেলিটিৰ দৰে কাৰিকৰী নীতিৰ ক্ষেত্ৰত কি ভূমিকা লয়, সেয়াও হৈ পৰিছে আগ্ৰহৰ বিষয়। এই দুটা বিষয়ত পিছে সচেতন ৰাইজে ভাৰতত অনলাইন সমলক চেঞ্চৰমুক্ত আৰু ইণ্টাৰনেটক নেটনিউট্ৰেলিটিৰ ধৰ্ম বজাই ৰাখি এক তথ্য প্ৰৱাহৰ খোলা মাধ্যম ৰূপে থকাৰ পক্ষেহে জনমত পোষণ কৰাৰ কথাও পোহৰলৈ আহিছে। ডিজিটেল ইণ্ডিয়াৰ সৈতে টেলি-সংযোগ, ডাটা-প্ৰৱাহৰ উন্নত আন্তঃগাঁথনিয়ে দেশৰ গণ-মাধ্যম সমূহৰো চেহেৰা সলাই পেলাব। ৪জিৰ স্পীড, মোবাইল কেমেৰাৰ সহজলভ্যতাই ভিডিঅ’ জাৰ্নেলিজমকো যে ৰাইজৰ হাতলৈ তুলি দিব সেয়াও এক প্ৰকাৰ নিশ্চিতই হৈ পৰিছে।

এই পৰিবৰ্তিত যুগৰ সৈতে তাল মিলাই চ’ছিয়েল মেডিয়া হৈ পৰিছে গণতন্ত্ৰৰ নতুন চতুৰ্থ স্তম্ভ নতুন স্বৰূপ। এই ধাৰণাই আমাৰবোৰ ঠাইতো সঠিক ৰূপত প্ৰসাৰতা লাভ কৰি মালিকানাৰ ধাৰণাৰ পৰা খবৰ আৰু চিন্তাক মুক্ত কৰি নতুন জন-জাগৰণৰ সৃষ্টি কৰিব বুলিও আমাৰ দৃঢ় বিশ্বাস। সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দিশ থাকে, সেয়ে এই নতুন স্তম্ভই যাতে বিশ্বৰ বিশালতম গণতন্ত্ৰখনক সৱল কৰাতহে প্ৰয়োগ হয়, তাৰ বাবেও আমি সজাগ হব লাগিব। প্ৰযুক্তিৰ ন-পৃথিৱীখনত নৱ-প্ৰজন্মৰ লগতে শিক্ষিত আদহীয়া সমাজেও ক্ৰমাত খাপ খাই পৰাটো অতিশয় শুভ লক্ষণ। তথাপি, প্ৰতিষ্ঠিত সম্পাদনা কক্ষ বিশিষ্ট সংবাদ সেৱাৰ গুৰুত্ব আৰু ছপা তথা টিভি মাধ্যমৰ সাৰ্বজনীন গ্ৰহণযোগ্যতাৰ সমুখত ছ’চিয়েল মেডিয়া বিকল্প কেতিয়াও হব নোৱাৰে। ই পৰিপূৰক আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভলৈ পৰিপুষ্টি দিয়া মাধ্যমহে হৈ উঠাতো সমাজৰ বাবেই শুভ কথা হব। ধনী কোম্পানী তথা ৰাজনৈতিক শক্তিৰ জনসংযোগ (পি.আৰ কেম্পেইন)ৰ ঠিকা লোৱা কোম্পানীৰ প্ৰফেশ্বনেল প্ৰলোভন, চৰকাৰী-বেচৰকাৰী বিজ্ঞাপনৰ মায়াজালৰ সমুখত, বজাৰ ও পুঁজি নিৰ্ভৰতা থকা স্বত্বেও সংবাদ সংস্থাবোৰে দেশৰ সাধাৰণ জনতাৰ সামুহিক স্বাৰ্থত আপোচ কৰা-নকৰাৰ পৰীক্ষাও যে প্ৰতিনিয়ত দি থাকিব লগা হৈছে, সেই পটভূমিও আমি বুজি উঠিব লাগিব। আধুনিকতম প্ৰযুক্তি, জনপ্ৰিয় সামাজিক গণ-মাধ্যম তথা পাব্লিক ৰিলেচন কোম্পানীবোৰে সৃষ্টি কৰা নতুন পৰিৱেশে যে দেশৰ সংবাদ মাধ্যম এক সন্ধিক্ষণত উপনীত কৰিছেহি। ৰাইজে আশাৰে নিৰীক্ষণ কৰি থকা সংবাদ-সেৱী, বুদ্ধিজীৱি, সাংবাদিক সকলে যুগসাপেক্ষ এই প্ৰত্যাহ্বান কিদৰে গ্ৰহণ কৰে সেয়াও হব লক্ষণীয়।

1 comment:

  1. এটা শক্তিশালী লেখা !

    ReplyDelete