Friday, November 6, 2015

মনৰ কথা

বিষয়ঃ উত্তৰ-পূৱ গ্ৰন্থমেলা
ভবেন সন্দিকৈ
এক:
গ্ৰন্থমেলা বহুতৰ বাবে এক কিতাপৰ লেখক-পাঠক-প্ৰকাশক-বিক্ৰেতাৰ সমন্বয়ৰ মেলা। কিন্তু আমাৰ বাবে গ্ৰন্থমেলা কেৱল ইয়াতে সীমাবদ্ধ নহয়।ই আমাৰ বাবে গ্ৰন্থৰ লগতে ৰাজনৈতিক আড্ডাৰো এক সমন্বয় ক্ষেত্ৰ। এসময়ত কটন কলেজৰ হোষ্টেলৰ গাতে লাগি থকা জৰ্জ খেলপথাৰত এই গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল। তেতিয়া আমি পকেটত পাঁচ পইচা নোহোৱাকৈ এক প্ৰকাৰৰ ৰাজকীয় কাৰবাৰত গ্ৰন্থমেলাৰ আনন্দ উপভোগ কৰিছিলো। ব্যক্তিগতভাৱে কবি-সাহিত্যিকৰ 'ক','সা' টো গুণ নোহোৱাকৈ সেইসময়ৰ বহু প্ৰভাৱশালী লেখক-সাহিত্যিকৰ সৈতে চাহ-কফিৰ আড্ডাৰ পৰা তেখেতসকলৰ দুই-এজনৰ ব্যক্তিগত মল্ল যুঁজ পৰ্যন্ত সাক্ষী হোৱাৰ সৌভাগ্য হৈছিল।

ইছমাইলদাৰ সৈতে ঘনিষ্ঠতাৰ সূত্ৰে সেইসময়ৰ ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী তথা প্ৰতিষ্ঠিত কবি অনিল চৰকাৰৰ দৰে বৰেণ্য ব্যক্তিৰ সৈতে কফিৰ আড্ডাৰ সৌভাগ্য হৈছিল এই গ্ৰন্থমেলাতে। একেদৰে কটনৰ প্ৰগতিশীল ছাত্ৰ মহলৰ বাৰ্তালোচনী 'ছাত্ৰবাৰ্তা'ৰ পুছিং চেল কৰিবলৈ গৈ হোৱা বিভিন্ন তিতা-মিঠাৰ অভিজ্ঞতাৰে সমৃদ্ধ হৈছিল সেই গ্ৰন্থমেলাৰ দিনবোৰ। তাৰ পাছতো আমাৰ বাবে গ্ৰন্থমেলা এক জাতীয় উ
সৱ সদৃশ আবেগ-অনুভূতি জড়িত এক নষ্টালজিক উসৱৰ সমষ্টি। মোৰ মনত পৰে এসময়ত জৰ্জ খেলপথাৰৰ পৰা গ্ৰন্থমেলাখন চৰকাৰে স্থানান্তৰৰ প্ৰতিবাদত অমৰণ অনশনৰ প্ৰস্তাৱ দিয়া বন্ধুজনলৈ, যাক বিগত দুটামান গ্ৰন্থমেলাত এবাৰো দেখা নাই। এয়া তেখেতৰ বিশ্ববিদ্যালয়ৰ চাকৰিৰ ব্যস্ততাৰ ফলত নে গ্ৰন্থৰ প্ৰতি অনীহা নেজানো। কিন্তু আমি বিগত কিছু বছৰৰ আগৰ অত্যাধিক সাংগঠনিক ব্যস্ততাৰ মাজতো গ্ৰন্থমেলালৈ দৌৰি আহিছিলো; আজিও যাও। বহুতকে আগৰ ৰূপত নেপাওঁ বা পোৱাটো সম্ভৱ নহয়।  যদিও দুই-এজনক লগ পালে এনে লাগে যেন আমাৰ কিছু মানুহৰ পৃথিবীখন একেই আছে, আমিও আছো।

নতুন গ্ৰন্থৰ সানিধ্যৰ লগতে এওঁলোকৰ সান্নিধ্যই আমাক আজিও গ্ৰন্থমেলাৰ প্ৰতি আকৰ্ষিত কৰি আহিছে। ইয়াৰ উপৰিও আজি বিভিন্ন ৰাজনৈতিক মতাদৰ্শত বিভক্ত এসময়ৰ অগ্ৰজ-অনুজৰ এক পবিত্ৰ মিলন-তীৰ্থ এই গ্ৰন্থমেলা। ইয়াত কোন আৰ-এচ-এচ, কংগ্ৰেছ, কমিউনিষ্ট, বিজেপি আদি বিচাৰ কৰি আড্ডা নহয়, আড্ডা হয় ব্যক্তিগত বন্ধুত্ব আৰু সহৃদয়তাৰ মাপকাঠিৰে। আমাৰ এই গ্ৰন্থমেলাৰ আড্ডাক লৈ গল্প-গুজৱ কৰা, মূৰ ঘূমোৱাসকল সচাকৈয়ে আমাৰ বাবে হাঁহিয়াতৰ পাত্ৰ। ব্যক্তিগতভাৱে নাস্তিক হলেও কওঁ -''ভগবানে তেখেতসকলক সুমতি দিওঁক।''


দুই:

লেখক-প্ৰকাশকে এক শ্ৰেণীৰ পাঠক সৃষ্টি কৰিব পাৰে।এইক্ষেত্ৰত লেখক প্ৰতিভূ দত্ত আৰু ভাতৃপ্ৰতীম ঈশ্বৰ প্ৰসন্ন কোঁচৰ নতুন প্ৰকাশন গোষ্ঠী ইমেজ গ্ৰাফিক্স এক অন্যতম উদাহৰণ। কেৱল ছ'চিয়েল মেডিয়াৰ প্ৰচাৰৰ জৰিয়তে সাহিত্য জগতত কোনোধৰণৰ পৰিচিতি নথকা প্ৰতিভূ দত্তদাৰ 'ভূ-ভাৰস্ত'ৰ গ্ৰন্থমেলাত অভিলেখ সংখ্যক বিক্ৰীয়ে এই কথাই প্ৰতীয়মান কৰিছে। একেদৰে বহুকেইখন আগশাৰীৰ গ্ৰন্থৰ জৰিয়তে অসমীয়া গ্ৰন্থজগতত এক স্হান দখল কৰিবলৈ সক্ষম হোৱা কবি-লেখক-সাংবাদিক মৃদুল কুমাৰ সন্দিকৈৰ চ'চিয়েল মেডিয়াৰ ওপৰত সম্পৰীক্ষামূলক উপন্যাস ''হাফ বয়ফ্ৰেণ্ড''ৰ অভিলেখ গঢ়া বিক্ৰী এইবাৰৰ গ্ৰন্থমেলাৰ এক তাপৰ্য্যপূৰ্ণ দিশ। গ্ৰন্থদুখনৰ সমালোচনাৰ দ্বায়িত্ব বিজ্ঞ সকলৰ ওচৰত এৰিও কওঁ যে সকলো লেখকে নিজৰ স্তৰৰ এক শ্ৰেণীৰ পাঠক সৃষ্টি কৰিব পৰাকৈ গ্ৰন্থৰ পঢ়ুৱৈ আছে; মাথো লাগে এক যুগসূত্ৰ-যি কাম প্ৰতিভূ দত্ত,মৃদুল কুমাৰ সন্দিকৈয়ে কৰি দেখুৱালে। অৱশ্যে এইখিনিতে কওঁ- ''গ্ৰন্থ এখনৰ জনপ্ৰিয়তা,বিক্ৰীৰ অভিলেখেই শেষ কথা নিশ্চয়কৈ নহয়।''

তিনি:

গ্ৰন্থমেলাত আড্ডাৰ বাহিৰেও দুই-এখন গ্ৰন্থ সংগ্ৰহৰ পুৰণি অভ্যাস এটা আছে। এতিয়ালৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্টলত পোৱা ১৯৬২ত প্ৰকাশিত মহাভাৰতৰ দুটা খণ্ড সংগ্ৰহ কৰিলো। আজিৰ তাৰিখত চাৰিশ মান টকাৰ গ্ৰন্থ দুখন বাৰ আৰু পঁচিশ টকাত পালো। খুব কম বয়সতে নাস্তিক হৈ পৰাৰ ফলত ৰামায়ন-মহাভাৰত আদি গ্ৰন্থসমূহ একেবাৰে নপঢ়িলো। এতিয়া সামাজিক-ৰাজনৈতিক জীৱনত পদে-পদে এই ভুলৰ বাবে অনুতপ্ত হৈছো। সেয়ে খুব কম দামতে পোৱা মহাভাৰতৰ এই খণ্ড দুটা সংগ্ৰহ কৰিলো।

একেদৰে সাম্প্ৰতিক ভাৰতবৰ্ষৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু 'গৰু'ক লৈ অনুজ সতীৰ্থ ছাহজাহানৰ সুখপাঠ্য গ্ৰন্থ 'গৰু 'আৰু মহাশ্বেতা দেৱীৰ সাহিত্য একাডেমি প্ৰাপ্ত গ্ৰন্থ 'অৰণ্যৰ অধিকাৰ' আনি পঢ়িলো। উ
পল বৰুৱাৰ ''আলিমুৰৰ কেঁকুৰি'', ''অসমীয়া জাতিৰ ভবিষ্যত'', মনোজ নাথৰ ''অসম আন্দোলন ইতিহাস:পটভূমি:ভবিষ্যত'', নিৰৱ চেতিয়াৰ ''এজন আলফাৰ দিনলিপি' আদিৰ লগতে অন্যান্য বহু গুৰুত্বপূৰ্ণ গ্ৰন্থৰ সংগ্ৰহ নিশ্চয় কৰিম। আৰু ভালেমান ভাল গ্ৰন্থ বজাৰলৈ আহিছে বুলি শুনিছো। সদাশয় ৰাইজেও গ্ৰন্থমেলাৰ অনুভৱ প্ৰকাশ কৰিলে আগ্ৰহী ৰাইজেও ন ন কিতাপৰ কথা নিশ্চয়কৈ জানিব পাৰিব।

No comments:

Post a Comment