Thursday, November 5, 2015

স্বাস্থ্য চৰ্চা


সু-স্বাস্থ্যৰ বাবে টোপনি
ডাঃ বিৰাজ কুমাৰ শৰ্মা
টোপনি আমাৰ দৈনন্দিন জীৱন যাত্ৰা তথা সুস্থ জীৱনৰ এক এৰাব নোৱাৰ অংশ।| মানৱ জীৱনৰ বিৰামহীন কৰ্ম কাণ্ডৰ পৰা সাময়িক সকাহ তথা দিনৰ দিনটোৰ কৰ্মৰ পৰা আমাৰ শৰীৰটোক জিৰণি দিয়াৰ এক মাধ্যম টোপনি। নিদ্ৰা যোৱা অৱস্থা বা টোপনি হৈছে জিৰণিৰ এনে এক অৱস্থা যেতিয়া শৰীৰৰ সকলো ইচ্ছাকৃত কাৰ্য্য সাময়িকভাৱে স্থগিত থাকে আৰু মগজুৰ চেতনা আংশিক বা সম্পূৰ্ণৰূপে ব্যাহত হয়। যেতিয়া শৰীৰে ভাগৰ অথবা অৱশ অনুভৱ কৰে তেতিয়াই আমাক টোপনিয়ে হেচাঁ মাৰি ধৰে।

আমাৰ শৰীৰটো আচলতে এক অত্যন্ত জটিল বিষয় আৰু জীৱিত দেহ এটিৰ ভিতৰৰ শৰীৰতত্বৰ মাধ্যমত বিভিন্ন ক্ৰিয়া-বিক্ৰিয়া চলি থাকে। টোপনিয়ে আমাক সময়ে সময়ে বিভিন্ন শ্ৰমৰ পৰা সাময়িক সকাহ দি পিছৰ পৰ্যায়ত পুনৰ কাম কৰিব পৰাকৈ সকাহ দি এক সুস্থ দেহ তথা নিৰোগী শৰীৰ বৰ্তাই ৰখাত এক গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এজন মানুহে দিনটোৰ সকলো সময়তে সতেজ আৰু সক্ৰিয় হৈ থাকিবলৈ হ’লে নিশা পৰ্যাপ্ত নিদ্ৰা গ্ৰহণ কৰাটো একান্তই প্ৰয়োজনীয়। পৰ্য্যাপ্ত টোপনিয়ে যে মানুহক কৰ্মক্ষম কৰি ৰখাত সহায় কৰে তেনে নহয়, নানা ৰোগৰ কৱলৰ পৰাও মানুহক ৰক্ষা কৰে। নিশা ভালকৈ টোপনি নাহিলে মানুহ হৃদৰোগকে আদি কৰি নানা মানসিক ৰোগৰ কবলত পৰাৰ সম্ভাৱনা অধিক হয় |


আজি কিছুবছৰৰ আগতে এক ৰেল দূৰ্ঘটনাৰ তদন্ত কৰোতে এই কথা প্ৰমাণ পোৱা গৈছিলে যে উক্ত ৰেলচালকজনে টোপনিয়াই থকাৰ হেতুকে এক বৃহত কেকুঁৰীত সংকেত ভুল কৰি দূৰ্ঘটনাত পতিত হৈছিল আৰু প্ৰাথমিক তদন্তত এই কথা প্ৰমাণিত হৈছিল যে চালকজনে আগদিনা অপৰিমিত ৰূপত টোপনি গৈছিল বাবেই কৰ্তব্যৰ সময়ত তেওঁক টোপনিয়ে হেচাঁ মাৰি ধৰিছিলে। ৰাচিয়াৰ পৰমাণু ৰিয়েক্টৰ এটিত হোৱা এক দূৰ্ঘটনাৰ আৰত এজন কৰ্তব্যৰত বিষয়াৰ অপৰিমিত টোপনিয়েই পৰোক্ষভাৱে ক্ৰিয়া কৰিছিলে। আমি প্ৰায়েই দেখিবলৈ পাওঁ নৈশ বাছ তথা যান-বাহন সমূহ দূৰ্ঘটনাত পতিত হোৱাৰ কাৰণ তেওঁলোকক টোপনিয়ে হেচাঁ মাৰি ধৰাৰ ফল। ইয়াৰ কাৰন সময়মতে টোপনি গ্ৰহণ নকৰাৰ হেতু আৰু কৰ্তব্যৰ খাতিৰত চালকে পৰ্য্যাপ্ত টোপনী গ্ৰহন নকৰাৰ হেতু আমাৰ দেহৰ জৈৱিক ঘড়ীয়ে এইকথা নিয়ন্ত্ৰণ কৰি দেহক বিশ্ৰাম দিবৰ বাবে সংকেট দিয়ে আৰু যাৰ বাবে সেই অসম্পূৰ্ণ টোপনি যিকোনো সময়তে আহিব পাৰে। আজি আমাৰ ব্যস্ততম সমাজত দেহক বিশ্ৰাম দিয়াতকৈ যেতিয়াই তেতিয়াই কৰ্মত ব্যস্ত থকাৰ হেতুকে আৰু পৰিমিত ৰূপত টোপনি বা নিদ্ৰাসুখ গ্ৰহণ নকৰাৰ হেতুকে আজি আমাৰ সমাজত মানুহৰ মাজত বিভিন্ন ৰোগৰ লগতে মানসিক ৰোগ তথা মানসিক ভাৰাক্ৰান্ত, অৱসাদ আদিয়ে ভয়ংকৰ ৰূপত ক্ৰিয়া কৰিবলৈ লৈছে।

টোপনি ভাগৰুৱা শৰীৰৰ বাবে পৰম ঔষধ। দিনৰ ভাগত নানা কামত আৰু নানা জঞ্জালত মানুহৰ মন আৰু শৰীৰ ভাগৰত অথিৰ হয়, ৰাতিৰ ভাগত টোপনি মাৰি সিহঁতে সেই ভাগৰ সকলো পাহৰে। ৰাতি ভালকৈ টোপনি পালে, পুৱা উঠি এখন নতুন সংসাৰত ওলোৱা যেন অনুভৱ হয়। শৰীৰত নতুন উদ্যম আহে, মনত নতুন উৎসাহ হয় আৰু আগদিনাৰ এলাহ আমনি সমুলাঞ্চে নাইকিয়া হয়। এইবিলাক পৰিমিত টোপনিৰ ফল আৰু অপৰিমিত টোপনিৰ ফল ইয়াৰ বিপৰীত। অপৰিমিত ৰূপত টোপনি মাৰিলে গা গধুৰ হয়, মন বিষন্ন হয়, হাত ভৰিত কাম কৰাৰ উদ্যাম নাথাকে জঠৰতা অনুভৱ হয় আৰু উৎসাহ-উদ্যম আদি একো নাথাকে।

বিশেষজ্ঞসকলৰ মতে ৰাতি সাতৰ পৰা আঠ ঘন্টা সময় শুলেই পৰিমিত টোপনিৰ বাবে যথেষ্ট হয়। তথাপিও কিন্তু আমাৰ সমাজত টোপনিক যেন এক নেতিবাচক দৃষ্টিৰে চোৱা হয়। আমাৰ প্ৰধানকৈ গ্ৰামাঞ্চলত এই মানসিকতা অধিক। কথাতেই কয় যে মাছৰ চিকুন মোৱা টোপনিৰ চিকুন পুৱা। কিন্তু টোপনি গাঢ় হ’লে তেনে লোকক গা গধুৰ, টোপনি গধুৰ আদি অপবাদ দিয়াৰ উদাহৰণ আছে। আনহাতে টোপনি গাঢ় হোৱা মহিলাক যেন আমাৰ গ্ৰাম্য সমাজত বহুতে অন্য দৃষ্টিৰে চায় আৰু বহু অপবাদ দিয়ে। আজি কিছুবছৰ আগলৈ আমাৰ গ্ৰাম্য সমাজত ন-বোৱাৰীসকলৰ স্বাস্থ্য ভাঙি যোৱাটো এটি চিনাকী দৃশ্য আছিল | ইয়াৰ কাৰণ আছিল শহুৰৰ ঘৰত অধিক কামৰ বোজা লৈ ৰোষৰ বাবে পৰিত্ৰাণ পাবৰ বাবে দুপৰ নিশালৈ কাম কৰি দেহ ভাঙি পেলোৱা মহিলা সকলে আকৌ ৰাতিপুৱাই কাউৰীয়ে কা নকৰোতেই শয়ন ত্যাগ কৰাৰ হেতুকে শৰীৰে পৰ্য্যাপ্ত বিশ্ৰাম নোপোৱাৰ হেতুকে তথা টোপনি সম্পূৰ্ণ নোহোৱাৰ হেতুকে তেনে মহিলাসকলৰ স্বাস্থ্য ভাঙি পৰিছিল | কিন্তু বৈজ্ঞানিক দৃষ্টিৰে চালে এনে কৰাটো উচিত নহয়। কাৰণ এক সুস্থ স্বাস্থ্য আৰু নিৰোগী দেহৰ অধিকাৰী হ’বলৈ হ’লে টোপনিৰ গত্যন্তৰ নাই। মানুহৰ বয়সৰ লগত টোপনিৰ এক বিশেষ সম্বন্ধ আছে। শিশু কালত টোপনি অধিক হয় যদিও বয়স বঢ়াৰ লগে লগে টোপনিৰ তীব্ৰতা কম হ’বলৈ ধৰে।


আমি সাধাৰণতে টোপনিক চাৰিটা দশাত ভাগ কৰা হৈছে। সেই কেইটা হৈছে প্ৰথম দশা, দ্বিতীয় দশা, তৃতীয় দশা আৰু চতুৰ্থ দশা বা ৰেম (REM)। সাতৰ পৰা আঠ ঘন্টা সময়ৰ এক পৰিমিত টোপনি এই চাৰিটা দশাত সম্পূৰ্ণ হয় আৰু এই দশাকেইটাৰ মাজত কোনো ব্যাঘাত জন্মিব নালাগে।| টোপনিৰ তৃতীয়তো দশাত আমাৰ শৰীৰৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ভিন্ন হৰমন নিঃসৰিত হয়, দেহ গঠন প্ৰক্ৰিয়া সম্পন্ন হয়, যৌন হৰমন নিঃসৰিত হয় ইত্যাদি। আনহাতে, চতুৰ্থ দশা বা ৰেম (Rapid eye movement) হৈছে টোপনীৰ অন্তিম দশা আৰু য’ত আমি সপোন দেখিবলৈ আৰম্ভ কৰো। এনেদৰেই চাৰিটা দশাৰ মাজেৰে আমাৰ এৰাতিৰ নিদ্ৰা সম্পন্ন হয়। কিন্তু এই প্ৰক্ৰিয়াটোত বাধা পৰিলেই বা ব্যাঘাত জন্মিলেই আমাৰ শৰীৰত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায় | আনহাতে ৰাতি টোপনিৰ পৰা সাৰ পাই প্ৰসাব কৰিবলৈ যোৱাটো বহুতৰে অভ্যাস আছে। কিন্তু এইয়া সুস্থ শৰীৰৰ লক্ষণ নহয় আৰু এইয়া অপৰিমিত টোপনিৰ লক্ষণ। এনেবোৰ কাৰণে হৃদৰোগ বৃদ্ধি, মানসিক অৱসাদ, ৰক্তচাপ বৃদ্ধি আদিত ইন্ধন যোগায়। সেয়েহে টোপনি প্ৰক্ৰিয়াৰ মাজত কোনো ব্যাঘাত নজন্মাকৈ সম্পূৰ্ণ কৰিব লাগে।

আজি আমাৰ বহুলোকৰ মাজৰ এটি প্ৰধান সমস্যা হৈছে অনিদ্ৰাৰ সমস্যা | এইয়া আমাৰ যুৱক-যুৱতী সকলৰ মাজত প্ৰধানকৈ দেখিবলৈ পোৱা গৈছে | ইয়াৰ কাৰণ হয়তো বিভিন্ন মানসিক হেচা তথা অত্যাধিক টিভিৰ পৰ্দাৰ সন্মুখত কটোৱা, বহুদেৰিলৈকে কম্পিউটাৰৰ সন্মুখত কটোৱা বা আজিৰ ফেচবুক, হোৱাটএপৰ যুগত স্মাৰ্ট ফোনৰ জিলমিল স্ক্ৰিনৰ সন্মুখত অধিক সময় ধৰি কটোৱা ইত্যাদি। কিয়নো আমাৰ মগজুত চিৰ’ট’নিন আৰু মেলাট’নিন নামৰ দুবিধ নিউৰ’কেমিকেল পদাৰ্থ থাকে আৰু আমাৰ যিয়ে আমাৰ নিদ্ৰা আৰু সাৰে থকাৰ মাজত অনুপাত নিয়ন্ত্ৰিত কৰে | যেতিয়া পোহৰৰ প্ৰাৱল্য কমি আহে জৈৱিক ঘড়ীৰ নিয়ন্ত্ৰণত মেলাট’নিনৰ পৰিমান মগজুত বাঢ়ি অহাৰ হেতুকে আমাৰ তন্দ্ৰাৰ ভাব জাগি উঠে আৰু আমি টোপনিত পৰো | কিন্তু চকুৰ সন্মূখত যেতিয়া এনে চকু চাট মাৰি ধৰা পোহৰ অহৰহ পৰি থাকিব, তেতিয়া মগজুত মেলাট’নিনৰ পৰিমান ক’ম হোৱাৰ হেতুকে আমাৰ তন্দ্ৰাৰ ভাৱ সময়মতে অহাত ব্যাঘাট জন্মিব পাৰে আৰু অনিদ্ৰা, উজাগৰী নিশা আদি সমস্যাবোৰ গাঢ় হ’বলৈ ধৰে।| আনহাতে জৈৱিক ঘড়ীৰ নিয়ন্ত্ৰনত থকাৰ হেতুকে আমি এক নিৰ্দিষ্ট সময়ত শোৱাপাটীত পৰাতো একান্ত ই প্ৰয়োজনীয় আৰু ইয়াৰ হেৰফেৰ হ’লেই অনিদ্ৰা, টোপনি সম্পূৰ্ণ নোহোৱা, অপৰিমিত নিদ্ৰা, পুৱা দেৰিলৈ শুই থকা আদি সমস্যাই দেখা দিয়ে | এনেবোৰ সমস্যা ঘাইকৈ নৈশ গাড়ী চালক, কৰ্প’ৰেটৰ চাকৰিয়াল, সৈন্যবাহিনীৰ লোক, আৰক্ষীৰ লোক, জৰুৰী সেৱাত ব্ৰৰ্তী লোক, দিবা আৰু নৈশ কৰ্তব্য সলনি কৰি থকা লোক আদিৰ ক্ষেত্ৰত ঘাইকৈ দেখা পোৱা যায় |

অনিদ্ৰাৰ পৰা হাত সাৰিবলৈ হ’লে কিছুমান নীতি নিয়ম মানি চলা উচিত ঃ

১) সদায় এক নিৰ্দিষ্ট সময়ত বিছনাত পৰা আৰু ৰাতিপুৱা এক নিৰ্দিষ্ট সময়ত শোৱাপাটী ত্যাগ কৰাৰ এক অভ্যাস গঢ়ি তুলিব লাগে। পৰাপক্ষত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত অহা ভাতঘুমটিকণ কেতিয়াও ত্যাগ কৰিব নালাগে |

২) ৰাতি শোৱাৰ আগে আগে ৰাগীয়াল বস্তু বা মাদক দ্ৰব্য গ্ৰহণ কৰা অনুচিত |

৩) শোৱাৰ আগতে অযথা চিন্তাবোৰ মনলৈ নানি ঈশ্বৰৰ নাম লৈ ঈশ্বৰক চিন্তি চকুহাল জপাব লাগে |

৪) শয়ন কক্ষটো যিমান পাৰি পোহৰৰ পৰিমান কম হোৱা উচিত আৰু যাতে মুকলি বায়ুৰ চলাচল পৰ্যাপ্ত হয় তাৰ প্ৰতি ধ্যান দিয়াটো প্ৰয়োজন | শয়ন কক্ষৰ বেৰত প্ৰাকৃতিৰ দৃশ্যৰ পেইন্টিং আদি থাকিলে মনলৈ প্ৰশান্তিৰ ভাব আহে |

৫) শোৱাৰ আগে আগে আমাৰ বহুতৰে টিভি চোৱা বা নিশা দেৰিলৈ চিনেমা চোৱা, কম্পিউটাৰত কাম কৰা আদি অভ্যাস আছে | এনেবোৰ অভ্যাস পৰিত্যাগ কৰা উচিত | নিশা উজাগৰী কটাই কম্পিউটাৰৰ কাম-কাজ কৰাৰ পৰিবৰ্তে সোনকালে শুই সোনকালে উঠি এনে কাম-কাজ কৰাৰ অভ্যাস গঢ়ি তুলিলে স্বাস্থ্যৰ বাবে মংগল |

৬) শোৱাৰ আগে আগে বা বিচনাত পৰাৰ সময়ত মোৱাইল ফোনৰ ব্যৱহাৰ যতদূৰ সম্ভৱ কম কৰিব লাগে আৰু মোৱাইলৰ উজ্জ্বল স্ক্ৰীণৰ সন্মুখন চকুহাল বেছিসময় ৰাখিব নালাগে |

৭) যদি সম্ভৱ হয় শোৱাৰ আগে আগে মুকলি আকাশৰ তলত মুক্ত বায়ু চলাচল কৰা ঠাইত কিছুসময় কটোৱা উচিত |

৭) মাদক দ্ৰব্য গ্ৰহণেৰে নিদ্ৰা আনিবলৈ চেষ্টা কৰাটো অনুচিত।| কাৰণ এনে নিদ্ৰা পৰিমিত নহয় আৰু মাদক দ্ৰব্যই পিছলৈ আসক্তি জন্মাই ভয়ংকৰ বিপদ আনিব পাৰে যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আনহাতে শোৱাৰ আগে আগে ধূমপান গ্ৰহণ কৰিব নালাগে |

৮) নিদ্ৰা যাতে গভীৰ হয় আৰু কমেও সাতৰ পৰা আঠঘন্টা সময় যাতে সম্পূৰ্ণ নিদ্ৰা হয় তাৰ প্ৰতি ধ্যান দিয়া উচিত।

৯) অৱসাদ আতৰাবলৈ মাদক দ্ৰব্য গ্ৰহণ কৰা অনুচিত আৰু ইয়াৰ পৰিবৰ্তে শান্তিৰে এঘুমটি মাৰি লোৱাৰ প্ৰয়োজন।

১০) শুৱাৰ সময়ত এক কোৰ্লহালমুক্ত পৰিবেশ গঢ়ি লোৱা উচিত আৰু ঠাইখিনি হাই-উৰুমি, যান-বাহনৰ শব্দ আদিৰ পৰা দূৰত হোৱা উচিত |

১১) শোৱাৰ আগে আগে ডাঙৰ শব্দ সৃষ্টি কৰা বা হাই মিউজিকৰ গান শুনা অনুচিত।| ইয়াৰ পৰিবৰ্তে সৰু সৰুকৈ কোমল শব্দৰ পুৰণি গীত শুনিব পাৰি |

১২) অনাহাৰে থকা অনুচিত। শোৱাৰ আগে আগে পৰ্যাপ্ত খাদ্য গ্ৰহণ কৰা উচিত। কিন্তু চাহ, কফি আদি শোৱাৰ আগে আগে গ্ৰহণ কৰা অনুচিত কিয়নো চাহ-কফি আদিত থকা কেফেইন নামৰ পদাৰ্থবিধে মগজুত উত্তেজক হিচাবে কাম কৰি তন্দ্ৰাৰ ভাব নাশ কৰে টোপনিত ব্যাঘাত জন্মায়।

১৩) দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি বহুতৰে এঘুমটি মাৰাৰ অভ্যাস আছে। এনে অভ্যাস পৰাপক্ষত পৰিত্যাগ কৰা উচিত |

১৪) দিবা-নৈশ আদি ডিউটিত থকাসকলে ডিউটিৰ ভাগ বতৰোৱা কৰাৰ সময়ত জধে মধে দায়িত্ব দিয়াতকৈ এক বিজ্ঞানসন্মত মাধ্যমেৰে দিয়া উচিত যাতে লোকজনৰ পৰিমিত নিদ্ৰা ব্যাহত নহয়। আনহাতে নৈশ বাহন চলোৱা চালকসকলেও পৰিমিত ৰূপত নিদ্ৰাত পৰাটো অতিশয় জৰুৰী যাতে দেহ-মন আৰু কৰ্মত বিৰূপ প্ৰভাৱ নপৰে |

মনত ৰখা উচিত যে সু-স্বাস্থ্য তথা নিৰোগী হৈ থাকিবলৈ হ’লে শৰীৰক পৰ্যাপ্ত বিশ্ৰাম দিয়া উচিত আৰু টোপনী হৈছে আমাৰ দেহ মনলৈ প্ৰশান্তি আনি দি এক দেহ মনত সুস্থিৰতা প্ৰদান কৰা এটি অন্যতম প্ৰক্ৰিয়া আৰু যিয়ে মানুহক কৰ্মক্ষম কৰি ৰাখি সতেজ আৰু সক্ৰিয় হৈ থকাত গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

No comments:

Post a Comment