Sunday, November 29, 2015

চিন্তন

আধুনিক প্রযুক্তিবিদ্যাৰ প্রভাৱ আৰু 
পৰিৱর্তিত সভ্য সমাজ
লীলাকান্ত পায়েঙ
বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ বিস্ময়কৰ অগ্রগতিয়ে আমাৰ সমাজ জীৱনৰ চেহেৰা চিনিব নোৱাৰাকৈ সলনি কৰিছে। আজিৰ শতিকাটো তেনেই সৰু হৈ পৰিছে। সময়ৰ লগে লগে পৰিবর্তন অহাটো স্বাভাৱিক। জীৱনৰ স’তে নতুনত্বৰ সহাৱস্থানৰ লগে লগে মানুহৰ জীৱন ধাৰণ প্রণালীৰ পৰিবর্তন আহি পৰে। বিবর্তনৰ জৰিয়তে আদিমৰপৰা চিন্তাশীল মানৱ জাতিলৈ ৰূপান্তৰিত হৈছে। বিশেষকৈ বিজ্ঞান বিষয়টো বহু দিশত সফল হল। বিজ্ঞানৰ উন্নতিৰ ফলতে প্রযুক্তবিদ্যাৰ সহায়েৰে আজিৰ জগতখন নিজৰ নিজৰ হাতৰ মুঠিত বন্দী কৰিব পাৰিছো। আজিৰ পৃথিৱীখনক সংযোগ সম্ভৱ হৈছে বিজ্ঞানৰ আবিষ্কাৰসমূহৰ প্রযুক্তিগত প্রয়োগৰ ফলত। এই প্রয়োগৰ যোগেদি পৰিবহন আৰু যোগাযোগ ব্যৱস্থালৈ অহা বৈপ্লৱিক পৰিৱর্তনসমূহৰ বাবে। প্রযুক্তিবিদ্যাৰ বিকাশে আমাৰ পৃথিৱীখন এনেদৰে সলনি ঘটাইছে যাৰ ফলত উদ্ভৱ হৈছে আজিৰ জীৱন যাপনৰ অতি সহজ সৰল পদ্ধতি। মানে হাত মেলি সকলো বস্তু নিজৰ জেপত ভৰাই থব পাৰি।

অৱশ্যে এই আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ উন্নতিৰ কিছু সীমাবদ্ধতাও আছে। কাৰণ, এই প্রযুক্তিবিদ্যাৰ ধনাত্মক আৰু ঋনাত্মক দুয়োটা দিশ আছে। প্রথমতে সমাজৰ আদর্শৰ কামত আৰু আনটো সমাজৰ ধ্বংসৰ কামত। ঋনাত্মকৰ কথা কলে আজিও পৰমাণুৱিক বোমাৰ যোগেদি ধ্বংস হোৱা নাগাচাকি আৰু হিৰোচিমাৰ কথা কোননো পাহৰিব পাৰে। এইয়া চাবলৈ গলে বিজ্ঞানৰ ফলত সৃষ্টি হোৱা আধুনিক প্রযুক্তিবিদ্যাৰ প্রতিটো সাফল্য আৰু আৱিষ্কাৰসমূহৰ একো একোটা ঋনাত্মক দিশ। আমি মানৱ জাতিয়ে সীমাবদ্ধতাৰ কথা কেতিয়াও পাহৰি যাব নেলাগে।

বিজ্ঞানীয়ে অজস্র প্রযুক্তবিদ্যা আৱিষ্কাৰ কৰিলে কিন্তু লগে লগে  যেন আমি হেৰুৱাই পেলাইছো মানৱতাবাদ। যেতিয়া বৈজ্ঞানিক ধাৰণাৰ পৰিৱর্তন ঘটি প্রযুক্তিবিদ্যাৰ ধাৰণা পায় তেতিয়া আমি লাভ কৰো মানৱ সভ্যতাৰ বাবে উপযোগী একোটা দিশ যাক কোৱা হয় ব্যৱহাৰিক আৰু প্রায়োগিক দিশ। সাম্প্রতিক আধুনিক প্রযুক্তিবিদ্যাৰ ফলত সমাজৰ পৰিৱর্তন আহিছে। কিন্তু ক'লৈ আহিছে। সমাজৰ ভাল কামৰ বাবে নে, নাই প্রযুক্তিবিদ্যাৰ সীমাবদ্ধতাক চেৰ পেলাই অন্য এক দিশত আগুৱাই লৈ গৈছো আমি! যিটো দিশ মানৱ সমাজৰ বাবে ধ্বংস বুলি জানো তথাপিও আমি এই পথকে আদৰি লৈছো।

একৈশ শতিকাৰ আধুনিক প্রযুক্তিবিদ্যাৰ ফলতে ইন্টাৰনেটৰ নিচিনা মাধ্যমৰ সৃষ্টি হল। লগে লগে ব্যৱধান আহিল মানৱ আৰু প্রকৃতিৰ। সম্প্রতি আমাৰ শিক্ষাসমূহত প্রযুক্তিবিদ্যাৰ মাত্রা বৃদ্ধি পাইছে। শিক্ষাত মূল্যবোধৰ অভাৱ ঘটিছে। লগে লগে শিক্ষাত নৈতিকতাৰ ভৰা পাঠ, ঈশ্বৰৰ প্রতি ভক্তিভাব, জ্যেষ্ঠসকলৰ প্রতি সম্নানবোধ আৰু আপোন মনোভাৱ নাইকিয়া হল। তাৰ ঠাইত নৈতিকতাৰ শিক্ষাত প্রাণ পালে নম্বৰৰ পিছত দৌৰ প্রতিযোগিতা। সকলো ধৰণৰ প্রযুক্তিবিদ্যাৰ সৃষ্টি হৈছে মানৱ জাতিৰ জটিল কামক অতি সহজভাবে সম্পন্ন কৰিবৰ বাবে। কিন্তু তাৰ সলনি আজিৰ আমাৰ নৱ-প্রজন্মই প্রযুক্তবিদ্যাবোৰ বহু সময়ত অপ্রয়োজনীয় ক্ষেত্রত ব্যৱহাৰ কৰা দেখা যায়। আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই আমাৰ জীৱন প্রণালী অতি সহজ কৰিলে হয়, কিন্তু মানৱ সমাজৰ হৃদয়ক ই অধিক জটিল আৰু যান্ত্রিকতালৈ পৰিবর্তন কৰিছে। মানৱতা যেন ক্ৰমাত নিঃশেষহে হৈছে।

আধুনিক প্রযুক্তবিদ্যাই আমাৰ নৱ-প্রজন্মৰ জগতখনলৈ আনিছে এক মানসিক পৰিবর্তন। ছ’চিয়েল মিডিয়াৰ সৃষ্টি হল। আধুনিক প্রযুক্তবিদ্যাৰে নৱ-প্রজন্মই সকলো দিশতে সফলতা লাভ কৰিছে। কিন্তু যিদৰে সৃষ্টিৰ বৰঙণি দিছে ঠিক তেনেকৈ বিনাশৰো পথত আগবাঢ়িছে। আধুনিক প্রযুক্তিবিদ্যাৰ ফলত সৃষ্টি হোৱা মাধ্যম ইন্টাৰনেট, ফেচবুক, ৱাটচ এপ, লেপটপ, টুইটাৰ, ই-মেল, এছ এম এছ, ম’বাইল ফোনবোৰৰ যোগেদি নিজৰ মাজতে এখন জগত সৃষ্টি কৰিছে। গোটেই বিশ্বত বর্তমান সময়ত ফেচবুক আৰু ৱাটচ-এপ ইমানেই জনপ্রিয় হৈ পৰিছে যে এতিয়াৰ নৱ-প্রজন্মৰ বাবে এক ফেশ্বনত পৰিণত হৈছে। অকল নৱ-প্রজন্ম বুলি কলে ভুল হব। এই দুইবিধে সমাজৰ সকলো চামৰ বাবে প্রিয় হৈ পৰিছে। মানে ফেচবুক আৰু ৱাটচ-এপ থকাটো সকলোৰ এটা যেন ষ্টেটাছ ছিম্বলহে। এইবোৰ মাধ্যমে আমাৰ পৰিয়ালৰ মাজত, গাঁও, চহৰ আদিত সংযোগৰ দূৰত্ব বহু ব্যৱধান কমাই আনিছে।  কিন্তু কিবা এটা পাইও আমি যেন হেৰুৱাই পেলাইছো আন এক কিবা।আমাৰ মাজৰপৰা নাইকিয়া হৈছে আত্মীয়তা, মৰম, প্রেম, ভালপোৱাৰ আন্তৰিকতা, ক্ৰমাত এলাগী হৈছে আদর্শ, সমাজৰ প্রচলিত নীতি-নিয়ম ইত্যাদি।

কবলৈ গলে আমি ৰ’বটিক হৈ পৰিছো। আমি ইমানেই ব্যস্ত হৈ পৰিছো যে আমি আমাৰ সমন্ধবোৰ ইন্টাৰনেটৰ জগতখনৰ হাই-হেল্লো’ৰ শব্দত সামৰি ৰাখি দিলো। আমি একো একোজন হৃদয়বিহীন আৰু যন্ত্র হৈ পৰিছো। জীৱনটো প্রতিটো ছেকেণ্ড যান্ত্রিকতাৰ মাজেৰে উপভোগ কৰিছো। আমি প্রত্যকজনে পিন্ধি লৈছো কৃত্রিমতাৰ আৱৰণ। বিলাসী জীৱন প্রণালী আৰু ভোগবাদত আমি এনেদৰে নিমজ্জিত হৈ পৰিছো যে মানৱতাবাদ শেষ কৰি পেলাইছো। সমাজৰ ষ্ট্যাণ্ডার্ড বজাই ৰাখিবলৈ প্রতিটো খোজতে মাথো অভিনয় কৰি গৈছো। যন্ত্র বুলি উল্লেখ কৰাৰ কাৰণ এইয়ে যে আমি এনেকৈ ব্যস্ত হৈ পৰিছো যে নিজৰ পুত্র-পৰিবাৰ,নিজৰ সমন্ধীয়ৰ কথা ভাবিবলৈ সময় নোপোৱা হৈছো। সমন্ধৰ এনাজৰীৰ শিকলিডালৰ বান্ধোন ছিঙি গৈছে। জীয়াই থাকিবৰ বাবে জীৱন নামৰ প্রতিযোগিতাত এনেকৈ ব্রতী হৈ পৰিছো যে আমি পাহৰি পেলাইছো পৰষ্পৰৰ প্রতি থকা সহমর্মিতা আৰু সহানুভূতিবোৰ। ইতিবাচক চিন্তাতকৈ নেতিবাচক চিন্তাধাৰা, অহিংসাতকৈ হিংসাৰ পয়োভৰ মাত্রাধিক পৰিমাণত বৃদ্ধি পাইছে। আজিকালি সৰু সৰু কথাত আমি পশুৰদৰে ব্যৱ্হাৰ কৰো ইজনে সিজনক। ভদ্রতাৰ সীমা চেৰাই পেলাইছো। অশালীনতাক সাৱটি শালীনতাৰ পোচাক খুলি দলিয়াইছো, কথাই কথাই হত্যা, আত্মহত্যা, প্রতিশোধ ইত্যাদি। আর্তজনৰ কান্দোন আৰু দুখ-বেদনা আদিয়ে আজিকালি আমাৰ অন্তৰাত্মা যেন কঁপাই নোতোলে। কোনেও কাৰো কথা ভাবিবলৈ আজি কাৰো হাতত সময় আৰু মৰম নাই। আপোনজনৰ মৃত্যুত খবৰ লবলৈ আমাৰ সময় নাই। আপোনজনৰ মৃত্যুত যদি খবৰ লব নোৱাৰে তেন্তে আপোনাৰ মৃত্যুত কোনে চকুলো টুকিব! দুখৰ সময়ত যদি নিজৰ আপোনজনক মুখত হাঁহি বিৰিঙাব নোৱাৰো তেন্তে আমি কাৰ বাবে জীয়াই আছো। আমি হাঁহিবলৈ পাহৰি গৈছো, আনকো হঁহোৱাবলৈ পাহৰি গৈছো। আমি বাৰু প্রকৃততে ক’লৈ গৈ আছো?

আমি হেৰুৱাই পেলাইছো সাধাৰণ শিষ্টাচাৰ আৰু শিক্ষাৰ প্রকৃত মূল্যবোধ। লেপটপ বা কম্পিউটাৰত মাউচৰ বুটাম ক্লিক কৰিয়ে আমি নিজৰ নিজৰ লক্ষ্যত উপনীত হব পৰা হ'লো। কাগজ, কলম, চিঠি-পত্র, বাতৰি-কাকত, আলোচনী, ব্যৱসায়, খাদ্য সকলোবোৰ ইলেকট্রনিক হৈ পৰিল। কম্পিউটাৰৰ মাধ্যমৰ যোগেদি কেইটামান ছেকেণ্ডৰ ভিতৰত প্রেৰণ, গ্রহণ, সংৰক্ষণ আjg বিতৰণ কৰিব পৰা হল। হাতে হাতে স্মার্ট ম’বাইল হটল। আমাৰ নৱ-প্রজন্ম স্মার্ট হৈ উঠিল। স্মার্ট হোৱাৰ পিছতো এই ভীৰৰ মাজত মানৱতাত সংযোগ থকা কিছু শব্দ হেৰাই যাবলৈ ধৰিছে। দুখৰ সময়তহে এতিয়া কাকো বিচাৰি পোৱা নাযায়। এয়াই সমাজৰ পৰিবৰ্তনৰ দুখলগা দিশ!

কেতিয়াবা এনে লাগে, প্রযুক্তিবিদ্যাৰ লগত খোজ দিওতে দিওতে যেন আমি সকলো হেৰুৱাই পেলালো দেখোন। এতিয়া স্মার্ট নোহোৱাটোৱে বৰ লাজৰ কথা। শেহতীয়াকৈ নগৰ-চহৰবোৰো স্মার্ট হল। আমি নিজকে স্মার্ট বুলি জানিও বাৰে বাৰে প্রতিপন্ন কৰি থাকিব লগীয়া হৈছে। আমি যদিও আমাৰ মনোভাৱ, চিন্তাধাৰা সলনি কৰিব পৰা নাই। বিজ্ঞান আৰু আধুনিক প্রযুক্তবিদ্যাৰ সমাজত বসবাস কৰো যদিও এতিয়াও কুসংস্কাৰ আৰু অন্ধ-বিশ্বাসৰপৰা মুক্ত কৰিব পৰা নাই। চাবলৈ গলে ইফালে আমি স্মার্ট। অথচ, আজিৰ এই স্মাৰ্টেচৰ দিনটো দেৱ-দেৱীক পূজা কৰাৰ নামত লাখ লাখ জীৱ-জন্তুক বলিদান দিও, নৰবলি দিও, ডাইনীৰ নামত হত্যা, ধর্ষণ ইত্যাদি আছেই! মানৱ সমাজৰ দুখ-দুর্গতি, অপায়-অমংগল আদি দুৰ কৰিবৰ বাবে লাখ লাখ জীৱ হত্যা কৰি যদি সমাজলৈ শান্তি আহে, তেন্তে আন জীৱক হত্যা কৰাই পূজা নেকি? আমাৰ সমাজত এফালে নাৰীক দেৱীৰূপে পূজা-অর্চনা কৰা হয়, আনহাতে এইখন সমাজতে বর্তমান বর্ধিত হাৰত নাৰী নির্যাতনৰ ঘটনাবোৰ সংঘটিত হয়। দিনক দিনে বলাৎকাৰ, কন্যা শিশু নির্যাতন, যৌতুকজনিত নাৰী নির্যাতন, ডাইনীৰ নামত নাৰী নির্যাতন আদি দৰে ঘৃণনীয় কাণ্ডবোৰ সংঘটিত হয়। এতিয়াও আমাৰ সমাজত কন্যা সন্তান বুলি মাকৰ পেটত থাকোতে হত্যা কৰা হয়। পশ্চিমীয়া সংঙ্কতিত ভোল গৈ আধুনিক বুলি নিজকে চিনাকি দি ভাল পোৱাৰ পিছতো ধর্মৰ নামত, জাত-পাত, উচ্চ-নীচ বুলি বা-বিচাৰ কৰো। আনকি এনে সময় আহিল এতিয়া খোৱা খাদ্যক লয়ো ৰাজনীতি ৰচিব লগীয়া হৈছো। এইয়া নেকি একৈশ শতিকাৰ মানৱ সমাজ! য'ত অপমৃত্যু হ'ল মানৱীয় গুণসমূহ, মূল্যবোধবোৰ আৰু মানসিকতা। সময় সমাগত। সকলো পাহৰি বিজ্ঞান আৰু আধুনিক প্রযুক্তবিদ্যাৰবোৰ সমাজৰ ভাল কামত ব্যৱহাৰ কৰো, ঘূৰাই আনো মানৱীয় গুণবোৰ, পৰিৱর্তন কৰো আমাৰ মানসিকতা, বিদ্যালয়-মহাবিদ্যালয়ত অন্তর্ভুক্ত কৰো নৈতিকতাৰ পাঠ। তেতিয়া হয়তো সুন্দৰ সমাজ এখনৰ সৃষ্টি হব। ইশ্বৰে প্রদান কৰা জীৱনটো মানৱীয় গুণৰে সুন্দৰভাৱে জীয়াই থাকিবলৈ শিকো আহক।আজিৰ পৰাই আৰম্ভ হওক, এই কছৰ
ৎ!

1 comment: