হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. টি-২০ৰ বাৰু নাম শুনিছো, কিন্তু এই জি-২০টো কি খেলনো বুলি টুইটাৰত প্ৰশ্ন তুলিলে হাজাৰ হাজাৰ অনুৰাগীয়ে। তুৰ্কীত জি-২০ত ভাগ লবলৈ নৰেন্দ্ৰ বৰদেউতা যোৱাৰ পাছৰে পৰা এই খেলখনৰ নিয়ম নীতিৰ বিষয়ে জানিবলৈ গুগোলত সদৌ ভাৰত অন্ধ-ভক্ত সন্থাই কৰা চাৰ্ছেও অভিলেখ গঢ়িছে বুলিও গোপন সূত্ৰত প্ৰকাশ পাইছে।

২. 'লালু কি কদম, ৰম পম পম' নামৰ এটি মিউজিক ভিডিঅ'ত অভিনয় কৰিবলৈ ৰসাল গগৈ পাটনাত উপস্থিত হৈছেগৈ বুলি জানিব পৰা গৈছে। মহাধুৰৰ-মহাজোঁট নামৰ ভাওনাখনৰো চিত্ৰনাট্যও তাতে গৈ সংগ্ৰহ কৰিব আনিব বুলিও গোপন সূত্ৰত প্ৰকাশ। এই ভাওনাখন অহা বহাগতে অসমৰ গাঁৱে-ভূঞে নগৰে চহৰে কইনাধৰা থিয়েটাৰে মঞ্চস্থ কৰিবৰ বাবেও মনসা কৰা বুলিও ভাওনা-লাইভ.কমৰ সূত্ৰত প্ৰকাশ!

৩. নৱম শ্ৰেণীলৈ পঢ়া এজন ৰাজ্য এখনৰ উপ-মুখ্যমন্ত্ৰী হোৱাত ৰাজ্যখনৰ জনতাৰ প্ৰতি শোকবোধত ভাগি পৰিছে সদৌ ভাৰত গেৰুৱাপ্ৰেমী সন্থা। দেশৰ হায়াৰ চেকেণ্ডেৰী পাছ শিক্ষামন্ত্ৰী লৈ গৌৰৱ কৰি থকা সন্থাটোক এই কন্দাকটাৰ নাটকখন কৰিলে শোভা নাপায় বুলিও সদৌ বিহাৰ লালুপাঞ্জু সন্থাই স্পষ্ট কৰি দিয়া বুলিও গুজৱ ওলাইছে।

৪. গোষ্ঠী সংঘৰ্ষত শৰণাৰ্থী হোৱা সকললৈ অহা চাউল, দাইল, মিঠাতেল, নিমখ গাঁতত পুতি অভিলেখ গঢ়িলে অসমৰে এটি জিলা প্ৰশাসনে। সদৌ অসম ভোকত থকা শৰণাৰ্থী সন্থাই এতিয়া দোষী কৰ্মচাৰীকো আধালৈকে পুতিবলৈ মনসা কৰা বুলি গোপন সূত্ৰত প্ৰকাশ পাইছে। সন্থাই মানুহ হিচাবে নিকৃষ্ট কাম কৰাৰো এটা সীমা থকা উচিত বুলিও মত প্ৰকাশ কৰি বিবৃতি জাৰি কৰিছে।

৫. মুম্বাইত পিটাৰ ভিনদেউক গ্ৰেপ্তাৰ কৰাৰ বাতৰিয়ে দেশৰ সমগ্ৰ চেনেল ছানি ধৰিছে। বাইদেউক 'লাও যিমানেই ডাঙৰ নহওক কিয় পাতৰ তল', ফৰ্মূলাৰে সেউ কৰি ৰখা হ'লে আজি ভিনদেউৰ এই গতি নহ'লহেতেন বুলিও উদ্বেগ প্ৰকাশ কৰিছে খাৰ-খোৱা খুলশালী সংস্থাই। জেলৰ পৰা ওলালেই ভিনদেউক অসমীয়া ফঁকৰা যোজনাৰ এখন কিতাপ উপহাৰ দিবই বুলিও সংস্থাই দৃঢ়তা প্ৰকাশ কৰাৰ কথাও জানিব পাৰিছো।

৬. পদযাত্ৰাৰে কৰি দিছপুৰৰ ফালে কৃষক গগৈয়ে গতি কৰা বুলি জানিব পৰা গৈছে। অহা ইলেকচনৰ বাবে ফিটনেছ গোটাবৰ বাবেহে দৈনিক ২৫কিলমিটাৰকৈ খোজকঢ়াৰ এই প্ৰস্তুতি বুলিও জানিব পৰা গৈছে। প্ৰতিদিনে পাঁচ হাজাৰ মানুহক খোৱাব-বোৱাব পৰাকৈ কোনে কোনে দান-বৰঙণি দিছে, তাৰো হিচাব ৱেব চাইট খুলি ৰাজহুৱা কৰিবলৈকো সদৌ কংগ্ৰেছী দালাল সন্থাই দাবী উত্থাপন কৰিছে। পিছে সৰু গগৈ, জ্যেষ্ঠ গগৈৰ মানুহলৈ কেৰেপ কৰা ভকত নহয় বুলিও প্ৰকাশ পাইছে।

৭. হাবিবন বৰুৱাও আলোচনা-বিলোচনাৰ মাজেৰে মূলসুঁতিলৈ আহিলেই ভাল বুলি মত প্ৰকাশ কৰিছে ৰসাল গগৈয়ে। এতিয়া কয়লা, চেকগেট, কণী, মাছ আদিৰ চিণ্ডিকেটৰ জৰিয়তে নিজা সাম্ৰাজ্য গঢ়ি লোৱাৰ বিপুল সম্ভাৱনা থকাৰ কথালৈ আঙুলিয়াই দি, বৰুৱাক নগৰমুৱা হবলৈ আহ্বান জনোৱা বুলিও জানিব পৰা গৈছে। সৰুকন গগৈলৈ ৰাজনীতিত সমৰ্থন দিয়াৰ প্ৰতিশ্ৰুতি দিলে সেই সাম্ৰাজ্য গঢ়াত ৰসাল গগৈয়েও খোদ পৃষ্ঠপোষকৰ ভূমিকা লব বুলিও কইনাধৰাৰ ৰান্ধনিৰ সূত্ৰে প্ৰকাশ পাইছে।

৮. অচমীয়া চাহিত্য চাফাৰ শতবৰ্ষ অনুষ্ঠানৰ প্ৰাকক্ষণত এক কোটি মানুহে গীত জুৰিব বুলি জানিব পৰা গৈছে। পিছে এই কাৰ্যসূচীত অংশ লোৱাৰ বাবে নিজা সন্তান অসমীয়া মাধ্যমত নপঢ়াতো বাধ্যতামূলক কৰা হৈছে বুলিও গোপন খবৰ প্ৰকাশ পাইছে। কেৱল পতাকা উৰুওৱা প্ৰতিযোগিতাৰ যোগেদিয়ে ভাষা-জাতি-মাটি ৰক্ষা কৰিব পাৰিবই বুলিও দ্বিমেৰিজ ৰাজবংশীয়ে দৃঢ়তা প্ৰকাশ কৰিছে বুলিও জানিব পৰা গৈছে।

৯. অহা নিৰ্বাচনী বতৰ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তত ৰাইজে 'নেতাক পহুখেদা দিয়া প্ৰতিযোগিতা'ৰ আয়োজন কৰিব বুলিও জানিব পৰা গৈছে। লাইভ চেনেলেৰ সহযোগত আৰু স্থানীয় সাংবাদিকৰ উচটনিত অনুষ্ঠিত কৰিব লগা 'লাইভ পহুখেদা'ত অংশ লবৰ বাবে আত্ম-সহায়ক গোট সমূহৰ পৰা আবেদন আহ্বান কৰা হৈছে। সৰ্বোচ্চ টিআৰপি দিব পৰা 'নেতাক পহুখেদা' দিয়া আয়োজকলৈ শ্ৰেষ্ঠতাৰ বঁটাৰ লগতে গাইপতি দুখনকৈ কম্বল আৰু ৰঙা গন্ধপুষ্পৰ কাৰ্টন প্ৰদান কৰাৰো আয়োজন কৰা হৈছে বুলিও চেনেলৰ সূত্ৰত প্ৰকাশ পাইছে।

১০. আজি পাটনাত নিতীশ বৰদেউতাৰ শপত গ্ৰহণ উপলক্ষে  'মোদী বিৰোধী সমবেত সংগীত' পৰিবেশন কৰা হব বুলিও জানিব পৰা গৈছে। এই গীতত কণ্ঠদান কৰিবলৈ অসমৰ দুই সুকণ্ঠী ৰাজনৈতিক গায়ক গগৈ আৰু বদৰুদা গৈ উপস্থিত হোৱা বুলিও জানিব পৰা গৈছে। দুয়ো খাটি অসমীয়া পকা মিঠাতেল খাই গলা চাফা কৰি সাজু হোৱা বুলিও গোপন সূত্ৰত প্ৰকাশ।

2 comments:

  1. আপুনি মানুহ মাৰি দিব দেই !
    দ্বিমেৰিজ ৰাজবংশী ! পঢ়ি হাঁহিত বাগৰি গলো ৷
    আপুনি স্পেচিয়েল ৰঙা গন্ধপুষ্প পোৱাৰ যোগ্য দেই !

    ReplyDelete
  2. সাম্প্ৰতিক ঘটনা-পৰিঘটনা সমূহক এক বিশেষ দৃষটি কোনেৰে চাই তৰ যি ব্যঙ্গত্মক প্ৰকাশ লিখনিৰ মাজৰে কৰিলা, তাক পঢ়ি ভাল পালো।

    ReplyDelete