মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শ্ৰীমন্ত শংকৰদেৱ আৰু বীৰ লাচিত বৰফুকনৰ আদৰ্শ -কৃতিত্বক সৰ্বভাৰতীয় স্তৰত জনপ্ৰিয়কৰণৰ প্ৰয়াস
আশ্বিক উজ জামান
'চংকৰ দেউ বাবা’ আৰু 'হিন্দুবীৰ লাচিত’ সম্পৰ্কীয় বিতৰ্কৰ আঁত ধৰি ফেচবুকৰ মাধ্যমত ভাতৃপ্ৰতীম বিপ্লৱ বৰাৰ লিখনিৰ ওপৰত হোৱা আলোচনাত ভাগ লোৱা সকলোয়ে এই কথাত সহমত পোষণ কৰে যে, অসম ৰাজ্যৰ বাহিৰৰ মানুহৰ গুৰুজনা আৰু বীৰ লাচিতৰ বিষয়ে সম্যক জ্ঞান নথকাৰ ফলত এনেকুৱা বিতৰ্কৰ সৃষ্টি হৈছে | কিন্তু কেৱল মাত্ৰ সিহঁতৰ জ্ঞান নাইবুলি ৰোহ ঘৰত সোমাই থাকিলেই আমাৰ দায়িত্ব শেষ হৈ নাযায়। আমি বিশ্বাস কৰো অসমীয়া যুৱ-সমাজৰো এই বিষয়ে বহু কৰ্তব্য আছে। যোৱাকালি ফেচবুকত হোৱা আলোচনাৰ জৰিয়তে ৰাইজে এক ৰোড-ম্যাপ যুগুত কৰাৰ গুৰু দায়িত্ব দিয়া দিছিল। নিজৰ সীমিত জ্ঞানৰে তলত দিয়া পদক্ষেপ সমূহ আগবঢ়ালো। ৰাইজে আলোচনা-বিতৰ্কৰ মাজেদি তাক চূড়ান্ত ৰূপ দিব বুলি আশা কৰিলো।

১) ইচ্ছুক ব্যক্তি সকলোকে একগোট কৰি ফেচবুকত এটা গ্ৰুপ/পেইজ খোলা যাওক| এই গ্ৰুপ/পেইজকে পিছত মূল মঞ্চলৈ ৰূপান্তৰিত কৰা হ’ৱ|

২) এই গ্ৰুপৰ মাজতে এটা ’ষ্টাডি গ্ৰুপ’ থকাটো অতি প্ৰয়োজন। যাতে গুৰুজনা আৰু বীৰ লাচিতৰ সম্পৰ্কীয় ঐতিহাসিক তথ্য সমূহ চালিজাৰি , এই দুই যুগ-পুৰুষৰ বিষয়ে প্ৰয়োজনীয় সকলো তথ্য/ সমল ইংৰাজী ভাষাত উপলদ্ধ হোৱাকৈ যুগুত কৰা যায়| বিভিন্ন বিষয়ে এতিয়াও অধ্যায়ণ হোৱা নাই, উদাহৰণ হিচাপে বীৰ লাচিতৰ জন্ম আৰু মৃত্যুৰ বছৰ সম্পৰ্কে এতিয়ালৈ থিৰাং কৈ একো কৱ পৰা নাযায়| তেনেকৈ গুৰুজনাৰ ভাৰত ভ্ৰমনৰ বিষয়ে অধ্যায়ণ কৰাৰ বহু সুযোগ (scope) আছে। এই ’ষ্টাডি গ্ৰুপ’ত আপোনালোকে বিভিন্ন সদস্যৰ নাম প্ৰস্থাৱ কৰিব পাৰে।

৩) মধ্য যুগৰ ভাৰতীয় ইতিহাস যেতিয়া লিখা হয়, তেতিয়া দেখা যায় আহোম ৰজাসকলৰ অথবা লাচিত বৰফুকনৰ যি কীৰ্তি তাৰ বিষয়ে সমূলি উপেক্ষা কৰা হয়। দখলদাৰী মোঘল সাম্ৰাজ্যৰ বিৰুদ্ধে আহোম বা লাচিৰ কৃতিত্বক কেৱল মাত্ৰ এটা passing reference তে শেষ কৰা হয়। অথচ বাৰে বাৰে মোঘল সেনাৰ হাতত পৰাস্ত হৈয়ো শিবাজী বা ৰাণা প্ৰতাপ সিংহ হৈ পৰে শৌৰ্য্য আৰু বীৰত্বৰ প্ৰতীক। সম্ভৱত অসমৰ পৰা দিল্লী এতিয়াও বহু যোজন দূৰ| ঠিক সেইদৰে ভক্তি আন্দোলনৰ ৰথও আহি বংগ দেশত স্তব্ধ হয়। ভাৰতীয় প্ৰেক্ষাপটত ভক্তি আন্দোলনত গুৰুজনাৰ যি অৱদান, সেয়া মীৰা বাই, চৈতন্যদেৱ অথবা সুৰ দাসৰ তুলনাত কোনো অংশে কম নহয়, কিন্তু আচৰিত ধৰণে ভাৰতীয় ইতিহাসবিদ সকলে শ্ৰীমন্ত শংকৰ দেৱৰ অৱদানক উপেক্ষা কৰা দেখা যায়। শ্ৰীমন্ত শংকৰ দেৱ আৰু বীৰ লাচিতৰ বিষয়ে ভাৰতীয় ইতিহাসবিদ সকলক অৱগত আৰু সংবেদনশীল (sensitize) কৰিবলৈ ৰাষ্ট্ৰীয় স্তৰৰ বিভিন্ন বিশ্ববিদ্যালয়ত 'চেমিনাৰ’ অনুষ্ঠিত কৰিব লাগিব| এই ক্ষেত্ৰত জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, জামিয়া মিলিয়া, আলিগড় মুছলিম বিশ্ববিদ্যালয়, বানাৰস হিন্দু বিশ্ববিদ্যালয়, পুণে বিশ্ববিদ্যালয়, যাদৱ্পুৰ বিশ্ববিদ্যালয়, আন্নামালাই বিশ্ববিদ্যালয় আদিত অধ্যায়নৰত অসমীয়া ছাত্ৰ-ছাত্ৰীৰ সহায় সহযোগিতা লৱ লাগিব।

৪) National Council of Educational Research and Training (NCERT) ৰ দ্বাৰা প্ৰকাশিত পুথি ভাৰতৰ প্ৰায় সমগ্ৰ ৰাজ্যতে- ৰাজ্যিক বোৰ্ড অথবা কেন্দ্ৰীয় বোৰ্ড (CBSE)ৰ অধীনত পঞ্জীয়ণকৃত স্কুলেই হওক, পাঠ্যপুথি হিচাপে প্ৰচলিত। এই পাঠ্যপুথি সমূহতো শ্ৰীমন্ত শংকৰ দেৱ আৰু বীৰ লাচিতৰ বিষয়ে কোনো উল্লেখ নাথাকে বা থাকিলেও শিৱাজী বা কৱিৰৰ তুলনাত গুৰুত্বহীন। সংশ্লিষ্ট কৰ্তৃপক্ষক এই বিষয়ে লিখিত আকাৰে জনাব লাগিব| প্ৰয়োজন হলে ৫০ হেজাৰ চহী সহ এক আৱেদনো পঠোৱাৰ বিষয়ে চিন্তা-চৰ্চা কৰিব পাৰি। NCERT অথবা HRD Ministry লৈ লিখা চিঠি আৰু চহী সংগ্ৰহৰ অচিলাত ৰাষ্ট্ৰীয় গণ-মাধ্যমৰ জৰিয়তে উত্তৰ-পূৱৰ ইতিহাসৰ প্ৰতি কৰা অৱজ্ঞা সম্পৰ্কে এটা সুস্থ বিতৰ্কও সৃষ্টি কৰিব লাগিব| সেই বিতৰ্ক হৱ লাগিব সম্পূৰ্ণ ভাৱে designed,| অসম তথা উত্তৰ-পূৱৰ বিভিন্ন দলৰ পৰা নিৰ্বাচিত হোৱা সাংসদ দুই-এজনৰ হতুৱাই সংসদত এই বিষয়ে প্ৰশ্নৰো অৱতাৰণা কৰিব লাগিব>

৫) বিভিন্ন ৰাষ্ট্ৰীয় ইংৰাজী তথা হিন্দি বাতৰি কাকত যেনে দ্য হিন্দু, ইন্ডিয়ান এক্সপ্ৰেছ, হিন্দুস্থান টাইমছ, নৱভাৰত টাইমছ তথা আলোচনী যেনে ইন্ডিয়া টুডে, আউটলুক আদিত গুৰুজনা আৰু বীৰ লাচিতৰ বিষয়ে বিভিন্ন প্ৰবন্ধ-নিবন্ধ লিখিব লাগিব। এই বাতৰি কাকত তথা আলোচনী সমূহত কৰ্মৰত অসমীয়া সাংবাদিক তথা সম্পাদক সকলৰ সহায় লোৱাটো একান্ত প্ৰয়োজনীয়।

৬) শ্ৰীমন্ত শংকৰ দেৱ আৰু বীৰ লাচিতৰ নামত সুকীয়াকৈ একো একোটা বাৰ্ষিক চেমিনাৰ/ভাষণৰ আয়োজন কৰিব লাগিব| ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ সহযোগত উত্তৰ-পূৱৰ বাহিৰৰ যিকোনো নগৰত বিশেষকৈ দিল্লী, মুম্বাই, কলিকাতা, চেন্নাই, বেংগালোৰ আদিত এই চেমিনাৰ/ ভাষণ আয়োজিত কৰিব লাগিব। এই ক্ষেত্ৰত উক্ত নগৰ সমূহত থকা অসমীয়া সমাজৰ সহযোগিতা লব লাগিব।

৭) জনপ্ৰিয় হিন্দী গান ’বুল্লাহ কি জানা ম্যা কৌন’ শুনাৰ পিছতহে আমাৰ নিচিনা ভাৰতৰ বহুতে জানিব পাৰিছিল যে, বুল্লাহ অৰ্থাত বাবা বুল্লেহ শ্বাহ এজন পাঞ্জাৱী ছুফি-ভক্তি কৱি আছিল। তেনেকুৱা বঙালী ভক্তি-কৱি লালন ফকিৰৰ গান বিভিন্ন হিন্দী ফিল্মত ব্যৱহৃত হৈছে| বুল্লেহ শ্বাহ, বাবা গোলাম ফৰিদ, লালন ফকিৰ আদিক আন ভাষা-ভাষীৰ বহু মানুহে জানিছে কেৱল মাত্ৰ হিন্দী ফিল্মত ব্যৱহৃত গীত-কৱিতাৰ জৰিয়তে। হিন্দী ফিল্ম জগতত বিশেষকৈ ফিল্মী সংগীতত অসমীয়া যুৱক-যুৱতীয়ে সকলে নাম কৰি আছে, জুবিন, পাপন, অনুৰাগ আদি শিল্পীৰ জৰিয়তে গুৰুজনাৰ বৰগীত ৰাষ্ট্ৰীয় স্তৰত জনপ্ৰিয় কৰিব পাৰি। এইক্ষেত্ৰত পিছে বিজ্ঞ সকলৰ তথা পিউৰিটান সকলৰ মতামত গ্ৰহণ কৰিহে আগবঢ়া ভাল হৱ|

৮)প্ৰখ্যাত নিৰ্দেশক গৌতম ঘোষৰ দ্বাৰা পৰিচালিত বাংলা ফিল্ম ’মনেৰ মানুষ’ লালন ফকিৰৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে। উক্ত ফিল্মে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্ত: ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কেৱল বঁটায়ে জিকা নাই, লালন ফকিৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছে। ঠিক তেনেদৰে, গুৰুজনাৰ জীৱনীভিত্তিক অথবা বীৰ লাচিতৰ জীৱনী ভিত্তিক এক উচ্চ মানদন্ড বিশিষ্ঠ চলচিত্ৰ নিৰ্মাণ কৰা যায়। প্ৰ্য়োজন হলে ক্ৰাউড ফান্ডিঙ (Crowd Funding)ৰ ব্যৱস্থা কৰিব পাৰি।

৯) মুঠতে, শ্ৰীমন্ত শংকৰ দেৱ তথা বীৰ লাচিতৰ জীৱনী, আদৰ্শ আৰু কৃতিত্বক যদি সৰ্ব-ভাৰতীয় তথা আন্ত:ৰাষ্ট্ৰীয় স্তৰত জনপ্ৰিয় কৰিব হয়, তেনেহলে আমি এক 'agressive strategy' লৱ লাগিব> সকলোয়ে মিলি আগবাঢ়িলে এতি কম সময়ৰ ভিতৰতে শ্ৰীমন্ত শংকৰ দেৱৰ নাম কবীৰ অথবা তুলসীদাসৰ নিচিনা ভক্তি আন্দোলনৰ শ্ৰেষ্ঠ নায়ক সকলৰ সৈতে একেলগে উচ্চাৰিত হব আৰু লাচিত বৰফুকন শিৱাজী বা ৰাণা প্ৰতাপ কিয়, মধ্যযুগৰ পৃথিৱীৰ ইতিহাসত এজন অন্যতম শ্ৰেষ্ঠ সেনানায়ক হিচাপে বিশ্বই জানিব|

সীমিত জ্ঞানেৰে এই খিনি যুগুত কৰি উলিয়াইছো, ভূল-ভ্ৰান্তি থকাটো অতি স্বাভাবিক। কিন্তু উদ্দেশ্য যিহেতু আমাৰ সকলোৰে ভাল, গতিকে আলোচনা-বিতৰ্কৰ জৰিয়তে এক সকলো্ৰে গ্ৰহণযোগ্য ৰোড-ম্যাপ তৈয়াৰ কৰিব পৰা যাব বুলি মোৰ দৃঢ় বিশ্বাস, মুঠতে, কিবা এটা কৰিব লাগে।

2 comments:

  1. Apunar kotha khini bohut bhal hoisa.. anakuwa koribo parola sosai bhal hobo

    ReplyDelete
  2. পঢ়ি ভাল লাগিল

    ReplyDelete