Saturday, November 21, 2015

সাম্প্ৰতিক প্ৰসংগ

ইছলামিক সন্ত্ৰাসবাদৰ গুৰিবঠা বনাম অসম
আবিদ আজাদ
ইছলাম, ইছলামিক মৌলবাদ, ইছলামিক সন্ত্ৰাসবাদৰ ওপৰত কিছু ব্যক্তিগত অনুভৱ প্ৰকাশ কৰিবলৈ লৈছো। বিষয়টো সাম্প্ৰতিক সময়ৰ সৈতে খাপ খাইছে। তথা অপ্ৰিয় বাস্তৱৰ অনুধাৱন কৰি ভৱিষ্যতটো সুন্দৰ কৰাৰ বাবে কথাখিনি সমাজৰ সচেতন ব্যক্তিসকলে বুজিবলৈ চেষ্টা কৰাটো উচিত। মনৰ দুৱাৰ খুলি মুকলি ভাৱেৰে সকলো পক্ষৰে কথাবোৰ বুজিবলৈ চেষ্টা কৰাটোও সময়ৰেই আহ্বান।
এচাম মুছলমান লোক উগ্ৰ মুছলমান হ'বলৈ ধৰাটো ৰ'দৰ পোহৰৰ দৰে সঁচা। এয়া কোনো নতুনকৈ আৰম্ভ হোৱা কথা নহয়। আন্তৰ্জাতিক প্ৰেক্ষাপটত বহু আগতেই আৰম্ভ হৈছিল এইবোৰ কাণ্ড-কাৰখানা। এক বৃহৎ সংখ্যক মুছলমানে ইছলামক সপ্তম-অষ্টম শতিকালৈ পুনৰ ঘূৰাই লৈ যাব বিচাৰে। তেওঁলোকে প্ৰতিজন মুছলমানৰ চাল-চলন, পিন্ধন-উৰণ, চিন্তাধাৰা সপ্তম-অষ্টম শতিকাৰ আৰৱ দেশৰ স্থানীয় লোক সকলৰ দৰে হোৱাটো উগ্ৰ ভাৱে বিচাৰে। পাকে-প্ৰকাৰে ভাৰতীয় মুছলমানৰ স্মৃতিৰ পৰা আঁতৰাই দিব বিচাৰে- মইনুদ্দিন চিস্তি, নিজামুদ্দিন আউলিয়া, আমিৰ খুচৰু, শ্বাহ জালাল আদিৰ দৰে সৰ্বধৰ্ম পূজ্য সন্ত সকলৰ সম্প্ৰীতিৰ দোলেৰে স্থাপন কৰা প্ৰেম আৰু শান্তি বিয়পোৱা ইছলামক। তেওঁলোকে পাহৰাই পেলাব খোজে আজান ফকিৰ, গিয়াছুদ্দিন আউলিয়া প্ৰভৃতি সন্ত সকলৰ সৰ্বজন গ্ৰহণীয় উদাৰ ইছলামক।

খেজুৰ আৰবতো হয়, অসমতো হয়; কিন্তু তেওঁ লোকে বুজিবলৈ চেষ্টা নকৰে- একে প্ৰজাতিৰ খেজুৰ হোৱা সত্বেও ভৌগলিক অৱস্থান ভেদে দুয়োবিধ খেজুৰৰ আকৃতি-প্ৰকৃতি যে একে নহয়! তেওঁলোকৰ মতে সপ্তম-অষ্টম শতিকাৰ আৰব দেশৰ ইছলামেই হৈছে একমাত্ৰ পৰিশুদ্ধ ইছলাম! ইছলামক এইধৰণে ঘূৰাই পাব বিচৰা অতীতমূখী, পুনৰুত্থানবাদী ধাৰাটোকে কোৱা হয়- 'ৱাহাবিজম'৷ এই "ৱাহাবিজম"ৰ পৃষ্ঠপোষক আন কোনো নহয়- স্বয়ং ছৌদি শাসক বৰ্গ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পোৱা কৌটি-কৌটি দান-বৰঙনি তেওঁলোকে এইবোৰ কাম-কাজ চলাই নিবলৈ ঢালি-বাকি খৰচ কৰে। অলপ মন কৰে যেন- এই 'ৱাহাবিজম'ৰ দৰে মৌলবাদৰ লক্ষ্য আৰু প্ৰসাৰৰ সৈতে 'ইছলামিস্ত সন্ত্ৰাসবাদ'ৰ পোনপটিয়া সম্পৰ্ক নাছিল যদিও সময়ৰ পৰিৱৰ্তনৰ সৈতে কোনো পধ্যেই নিমিলা ইছলামৰ এই 'ৱাহাবিজম' ধাৰাই যি ধাৰ্মিক (দীনি) শিক্ষা দিয়ে সি একাংশ মুছলমানক উগ্ৰ ইছলামিক মৌলবাদী ধাৰণাৰ দিশে ক'ব নোৱাৰাকৈ লৈ যাবলৈ সাঁকোৰ দৰে কাম কৰে। ফলত 'ইছলামিস্ত সন্ত্ৰাসবাদ' আৰু 'ৱাহাবিজিম'ৰ মাজত কাৰ্য-কাৰণৰ এক সুন্দৰ সেতুবন্ধন দেখিবলৈ পোৱা যায়।


প্ৰগতিশীল চিন্তাবিদ, সংস্কাৰক-লিখক প্ৰয়াত আছগৰ আলি ইঞ্জিনিয়াৰে ৱাহাবিজমৰ উত্থানৰ বিষয়ে সোধা এক সাক্ষাৎকাৰত কৈছিল- "ৱাহাবি আৰু ছালাফি পন্থীসকল হৈছে সাম্প্ৰদায়িক, বিশুদ্ধতাবাদী আৰু পুনৰুত্থানবাদী। বিশ্বৰ মুছলমান সকলৰ বাবে এইবোৰ ভয়ংকৰ কথা। আমি সহনশীলতা আৰু বিবিধতা কামনা কৰোঁ। আমি আন সম্প্ৰদায়ৰ সৈতে মিলিজুলি থাকিব বিচাৰোঁ। ৱাহাবিজমে তাক হ’ব নিদিয়ে।" [livemint.com] আন এটা সাক্ষাৎকাৰত তেওঁ কৈছিল- "এটা বক্তৃতাৰ অন্তত কোনোবা এজন ব্যক্তিয়ে মোক মালেছিয়াত সুধিছিল, 'ব্ৰাদাৰ, আপুনি মুছলিম নে?' মই ক'লোঁ- নিশ্চয় হয়। তেওঁ ক'লে, 'আপুনি ধৰ্মনিৰিপেক্ষ গণতন্ত্ৰ কিদৰে সমৰ্থন কৰিব পাৰে? ইছলামত ধৰ্মনিৰপেক্ষতা হৈছে হাৰাম (নিষিদ্ধ)।' মই ক'লো- আপুনি এনেকুৱা এখন দেশত বাস কৰে য'ত মুছলিম সকল সংখ্যাগৰিষ্ঠ। ভাৰতলৈ আহক আৰু মোৰ সৈতে থাকক। ছেকুলাৰিজ্‌ম মানে কি বুজি পাব।" [twocircles.net]

মৌলবাদত বিশ্বাসী সকলে এইবোৰ কথা বুজি পাই নে নাপাই নাজনো কিন্তু তেওঁলোকে কোৰানৰ বাণীকে অবজ্ঞা কৰে বা সেই বাণীক নিজৰ ইচ্ছামতে অৰ্থ বনাই লোৱা যেন লাগে। কোৰাণত স্পষ্টকৈ কোৱা হৈছে- "হে মানৱ, আমিয়েই তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ। তাৰ পিছত তোমালোকক বিভিন্ন জাতি-উপজাতিত বিভক্ত কৰিছোঁ যাতে তোমালোকে পৰস্পৰে পৰস্পৰক চিনিব পাৰা।" (আল-হুজুৰাত ৪৯:১৩) "ধৰ্মৰ ক্ষেত্ৰত জোৰ-জবৰদস্তিৰ কোনো স্থান নাই।" (আল-বাকাৰা ২:২৫৬) অৰ্থাৎ কাকো বিশ্বাস আনিবলৈ বাধ্য কৰাব নোৱাৰে। "যি ইচ্ছা কৰে বিশ্বাস কৰক আৰু যি ইচ্ছা কৰে প্ৰত্যাখান কৰক।" (আল-কাহাফ ১৮:২৯) উগ্ৰ মৌলবাদীবোৰে মৌলবাদ আৰু ধৰ্মীয় গোড়ামী প্ৰচাৰ কৰিবলৈ কোৰানৰ পৰা বিচাৰি বিচাৰি অনেক আয়াত আৰু অৰ্থ উলিয়াব পাৰে কিন্তু মানৱীয় প্ৰমূল্যৰে ভৰা এই আয়াতবোৰে মানুহক কি দীক্ষা দিছে তাক হ'লে ইচ্ছাকৃত ও ষড়যন্ত্ৰমূলক লক্ষ্যৰে ঢাকি ৰাখিব খোজে।

ইছলামৰ অসমীয়াকৰণ বা ভাৰতীয়কৰণ ৱাহাবি আৰু মৌলবাদী সকলে অকনো বৰ্দাস্ত নকৰে। তেওঁলোকৰ মতে এইবোৰ হৈছে 'ভেজাল ইছলাম'। কিন্তু ভাৰতবৰ্ষৰ কৌটি কৌটি সৰ্বসাধাৰণ মুছলমানে এই 'ভেজাল ইছলাম'ক লৈয়ে বুকু ফুলাই গৌৰৱ কৰে। সেয়ে কওঁ- মুষ্টিমেয় ৱাহাবি মোল্লা-মুফ্‌তিৰ গহ্বৰ-মুখী আহ্বানত আকৃষ্ট হ'বলৈ ধৰা দেশ-প্ৰেমিক মুছলমান সকলে উদাৰতা আৰু আধুনিক মনৰ পৰিচয় দিয়ক। ইছলাম ধৰ্মৰ প্ৰৱৰ্তনৰ সময়ত পয়গম্বৰ হজৰত মোহম্মদে (ছঃ) যদি উদাৰতা আৰু আধুনিক মনৰ পৰিচয় নিদিলে হেতেন, বিশ্ববাসীয়ে মোহম্মদ কোন আছিল সেয়া জানো চিনি পালে হেতেন! হাজাৰ বাধা আৰু অকথ্য নিৰ্যাতনকো নেওচি হজৰত মোহম্মদে সমাজ সংস্কাৰৰ নিমিত্তে যদি সেই সপ্তম শতিকাতে সহনশীলতাৰ অভুতপূৰ্ব নিদৰ্শন দেখুৱাই থৈ যাব পাৰিছিলে আজিৰ আধুনিক যুগৰ মুছলমানে কিয় নোৱাৰে? এয়াতো নিশ্চয় নতুনকৈ কবলগীয়া নহয় যে তেখেতে সকলো ধৰ্মক আৰু সকলো ধৰ্মৰ লোককে সন্মান আৰু প্ৰেমৰ চকুৰে চাইছিল।

দুখজনক আৰু ভয়ংকৰ কথাটো হৈছে- 'ৱাহাবিজম'ত বিশ্বাসী লোকে আকৌ নিজকেহে একমাত্ৰ পৰিশুদ্ধ আৰু আনক সম্পূৰ্ণ অশুদ্ধ বুলি জ্ঞান কৰে। 'আনক' বুলি কওঁতে তাত আন মুছলমানো সোমায় আছে। এই 'ৱাহাবিজম' অসমতো প্ৰবেশ কৰিছে। এতিয়া নহয়, আশীৰ দশকতে। বিদেশী খেদাৰ নামত সাম্প্ৰদায়িক মেৰু বিভাজন আৰম্ভ হ'বলৈ ধৰা সময়চোৱাত নিজ 'ধৰ্ম ৰক্ষা'ৰ স্বাৰ্থত এই 'ৱাহাবিজম' ধীৰ গতিৰে প্ৰবেশ কৰিছিল অসমত। প্ৰথম অৱস্থাত, এই 'ৱাহাবিজম' আনৰ ধৰ্মক আক্ৰমণ কৰাৰ পৰিৱৰ্তে, আনৰ পৰা নিজৰ ধৰ্মক 'ৰক্ষা' কৰাৰ স্বাৰ্থতহে প্ৰবেশ কৰিছিল! পিছে নিজৰ ধৰ্মক 'ৰক্ষা' কৰাৰ উগ্ৰ ৰূপটোৱেই যে সন্ত্ৰাসবাদ সেয়াহে বহুতে বুজিব নোখোজে৷ খুব লাহে লাহে চলিছিল এই প্ৰক্ৰিয়া। কিন্তু অসমৰ জনগাঁঠনিগত বাতাবৰণেই এনেকুৱা যে ইয়াত ধৰ্মীয় গোড়ামীৰ খেতি কৰিলে খেতি ভাল নহয়।

১৯৯২ ৰ বাবৰি মছজিদ ধ্বংসই সমগ্ৰ ভাৰততে মুছলমান সকলক জোকাৰি গ'ল। তাৰ প্ৰভাৱ অসমতো পৰিল। সাৰ-পানী নাপাই সুপ্ত হৈ থকা 'ৱাহাবিজম' জীয়াই উঠিবলৈ এক ডাঙৰ সুযোগ বিচাৰি পালে। তাৰ পাছত গুজৰাট কাণ্ড। তাৰ পাছত বিটিএডি কাণ্ড। যি অসমভূমিত সাম্প্ৰদায়িকতাৰ খেতি কৰিলে খেতি নহৈছিল, তাত ইউৰিয়া, এম,অ',পি,ৰ দৰে কৃত্ৰিম সাৰৰ যোগান এনেকৈ ধৰা হ'ল যে আজিৰ তাৰিখত অসম সাম্প্ৰদায়িকতাৰ এখন সাৰুৱা ভূমি। এখন ভাল বজাৰ!

উগ্ৰ ইছলামিক মৌলবাদৰ নলে গলে লগা বন্ধু হৈছে উগ্ৰ হিন্দু মৌলবাদ। দেখাত দুইটাক চৰম বিৰোধী যেন দেখা যায় যদিও আচলতে দুয়োটাৰ মাজত বৰ লেটি-পেটি সম্পৰ্ক। ইটোই সিটোক আহাৰ খুৱাই৷ ইটোই আনটোক নোহোৱাকৈ বেছি দূৰলৈ যাব নোৱাৰে। দুইটাই একে লগে বহি তেজৰ মদ খাই ঘৃণাৰ ন ন কৌশল আৱিষ্কাৰ কৰে গোপন 'লেবৰেটৰী'বোৰত৷

উগ্ৰ ইছলামিক মৌলবাদক লৈ সমগ্ৰ বিশ্বই শংকিত। সকলো ধৰ্মৰ লোক সংকিত। কিন্তু আটাইতকৈ বেছি শংকিত মুছলমান সকল নিজেই। কাৰণ ইছলামৰ এই উগ্ৰ পৰিচয়ে যদি আটাইতকৈ বেছি কাৰোবাক ক্ষতি কৰিছে, সেয়া মুছলমান সকলকেই কৰিছে। নিজে মুছলমান নোহোৱাকৈ তাক হৃদয়াংগম কৰাটো সহজ নহয়।

'ৱাহাবিজম'ত সংপৃক্ত হৈ থকা উগ্ৰ ইছলামিক ধাৰাক প্ৰতিহত কৰিবলৈ বিশ্বৰ উদাৰবাদী সমস্ত মুছলমান লোকেই বিৰাম-বিহীন অহিংস প্ৰয়াস চলাই আহিছে। সমস্যাটো বুজি পোৱা নাস্তিক বা আন ধৰ্মৰ লোকেও এনে ধৰণৰ প্ৰয়াসত সক্ৰিয় অৰিহনা যোগাই আহিছে। কিন্তু এই 'ৱাহাবিজম'ৰ শক্তি-ক্ষমতা অতি বেছি। ছৌদি শ্বেখৰ টকাৰ অভাৱ নাই। মন কৰিব লগীয়া যে- এই শ্বেখবোৰে আকৌ "বেহেস্ত" যাবলৈ এইবোৰ কৰি থকা বুলি নাভাবিব। এইবোৰ টকা ঢালি-বাকি খৰচ কৰি আছে কেৱল নিজৰ গাদী বচাই ৰাখিবলৈ হে। এই শ্বেখ সকলৰ পৰিস্কাৰ পাগুৰিৰ আঁৰৰ ভোগ-বিলাস সৰ্বোচ্চ ৰহস্যময় 'ডিস্কো-লাইফ'ৰ ভু-ৰখা মহলে এইবোৰ কথা ভালদৰেই জানে। মানুহ ধৰ্ম ধৰ্ম কৰি অন্ধকাৰ পোতাশালত কাজিয়া-পেচাল কৰি মৰি থাকক; তেওঁলোকৰ ব্যৱসায় আৰু সিংহাসন অটুট থাকিলেই হ'ল! সকলোতকৈ ডাঙৰ কথা (সাঁথৰ)- গোটেই বিশ্বত 'ডেমোক্ৰচি'ৰ কথা কোৱা আমেৰিকাই কিন্তু ছৌদি-আৰৱৰ একচত্ৰী 'বাদশ্বাহী' শাসনৰ বিৰুদ্ধে কোনো দিনেই মাত মতা নাই। বৰং বহুক্ষেত্ৰত সাৰ-পানীহে দি আহিছে।

অসমৰ মানুহে কথাই কথাই 'সাতমপূৰুষীয়া সম্প্ৰীতি', 'শংকৰ-আজানৰ দেশ' … এইবোৰ ডাইলগ দিয়া বন্ধ কৰি স্বপ্ন-লোকৰ পৰা বাস্তৱ ধৰালৈ নামি অহাৰ প্ৰয়োজন। সেইবোৰ দিন অসমত নাই। বেয়া দিন আহিছে। 'ধৰ্মনিৰপেক্ষ' (secular) শব্দটোকো এচামে তৰল কৰি পেলাবলৈ উঠিপৰি লাগিছে। কিছুমান নেতা আৰু বক্তাই নিজৰ নীচ-সাম্প্ৰদায়িকতা আৰু গোড়া ধৰ্মান্ধতাক ৰাজহুৱা মাধ্যমত ঢাকি ৰখাৰ উদ্দেশ্যে ভাটৌৰ দৰে এই শব্দবোৰ আওৰাই থাকি এই শক্তিশালী শব্দবোৰক অচল কৰি পেলাইছে। কিন্তু ইয়াৰ মহান তাৎপৰ্য কেতিয়াও উপলব্ধি কৰিব নিবিচাৰে। টিভিৰ পৰ্দাত এইবোৰ ডাইলগ দি চিঞৰি থাকিলে কামত আহিব জানো! হাতে-কামে কৰি দেখুওৱাটোহে আচল কথা। ভাষণবাজী বহুত হৈছে।

অসমৰ উঠি অহা মুছলমান যুৱক সকল আগতকৈও বেছি সতৰ্ক হোৱাৰ প্ৰয়োজন আহি পৰিছে। ইমানদিনে মুছলমান সুধী সমাজৰ যিসকল লোকে কোনো মুছলাম ব্যক্তিৰ বিৰুদ্ধে ইছলামিক মৌলবাদ বা সন্ত্ৰাসবাদৰ বাতৰি ওলালেই তাত এক 'Conspiracy Theory'-ৰ গোন্ধ পাইছিল তেওঁলোকেও যেন কথাবোৰ নতুন ৰূপেৰে পুনৰ চালি-জাৰি যাবলৈ যত্ন কৰে। দিন-কাল সঁচাকৈয়ে বেয়া।

5 comments:


  1. প্ৰথম খণ্ডঃ

    আবিদ আজাদ চাহাবৰ মনতে পুঁহি ৰখা বহু দিনৰ শত্ৰুতা আৰু ঈৰ্ষামূলক বিজানু সদৃশ অনুভৱ খিনি পঢ়ি এষাৰ লিখিবলৈ বাধ্য হলো। তেওঁ প্ৰথম শাৰীতে লিখিছেঃ

    {ইছলাম, ইছলামিক মৌলবাদ, ইছলামিক সন্ত্ৰাসবাদৰ ওপৰত কিছু ব্যক্তিগত অনুভৱ প্ৰকাশ কৰিবলৈ লৈছো।}

    তেওঁৰ প্ৰথম বাক্যশাৰীয়ে প্ৰকাশ কৰিছে যে, তেওঁৰ মনত ইছলাম সম্পৰ্কে বিষাক্ত বিজানুয়ে আক্ৰমণ কৰিছে। আৰু মই ভাৱোঁ তেওঁ কেৱল ইছলামৰ শত্ৰু নহয় বৰং যিকোনো ধৰ্মৰ শত্ৰু। কাৰণ কোনো ধৰ্ময় সন্ত্ৰাসবাদৰ শিক্ষা নিদিয়ে। সন্ত্ৰাসবাদৰ কোনো নিজা ধৰ্ম নাই। এনে লিখনিৰ দ্বাৰা তেওঁ সম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাব বিচাৰে। এই দৃষ্টিৰে লক্ষ্য কৰিলে তেওঁ নিজেই এজন সন্ত্ৰাসবাদ। কাৰণ, মিলা-প্ৰীতিৰে বাস কৰা এটা ঠাইত বিশেষ এটা জাতিক জগৰীয়া কৰাটো সমিচীন নে? কোনো এটা জাতিৰ কোনো এজন ব্যক্তিয়ে দোষ কৰিলে সেই দোষ গোটেই জাতিৰ ওপৰত জাপি দিয়াটো ঠিক নে? কোনো বিবেকবান ব্যক্তিয়েই ইয়াক সমৰ্থন নকৰিব। ধৰা হ’ল আবিদ আজাদে কিবা এটা অপৰাধ কৰিছে সেই বুলি তেওঁৰ গোটেই বংশ অপৰাধী নে? গতিকে এনে ধৰণৰ বাক্য ব্যৱহাৰ কেৱল কাণ্ডজ্ঞান নথকা বিবেকহীন লোকৰ পৰিচয়।
    এইটো কথা সঁচা যে, বিভিন্ন জনে বিভিন্ন ধৰণে সন্ত্ৰাসবাদ শব্দটো অপব্যৱহাৰ কৰে। একে সময়তে এজন ব্যক্তি কাৰোবাৰ চকুত সন্ত্ৰাসবাদ আকৌ কাৰোবাৰ চকুত দেশভক্ত হিচাপে পৰিলক্ষিত হয়। গতিকে সন্ত্ৰাসবাদ শব্দটো ব্যৱহাৰ কাৰী ব্যক্তিৰ পিনে দৃষ্টিপাত কৰা অত্যান্ত আৱশ্যক।
    ইয়াত আবিদ চাহাবেও সেই পদ্ধতিয়েই অৱলম্বন কৰিছে(সন্ত্ৰাসবাদ শব্দটোৰ অপব্যৱহাৰ কৰাৰ প্ৰায়াস কৰিছে)। ইছলামে কেতিয়াও সন্ত্ৰাসবাদক অনুমোদন নকৰে। আৰু কেনেকৈ এইটো কৰিব পাৰে যাৰ শাব্দিক অৰ্থই হৈছে শান্তি, তাৰ আদেশ-নিষেধ কেনেকুৱা হ’ব এইটো নুন্যতম জ্ঞান থকা ব্যক্তিও অনুধাবন কৰিব পাৰিব। যি ধৰ্মই যুদ্ধত তাৰ সৈন্য বাহিনিক আদেশ দিয়েঃ
    গছ নাকাটিবা। মহিলা আৰু শিশু সকলৰ ওপৰত আক্ৰমণ নকৰিবা। বেমাৰি ব্যক্তিক আক্ৰমণ নকৰিবা। বয়সস্থ ব্যক্তিক আক্ৰমণ নকৰিবা। ইবাদত ঘৰ ধ্বংস নকৰিবা। মৃত ব্যক্তিক বিকৃত নকৰিবা (অংগ প্ৰতংগ নাকাটিবা)। ঘৰ দুৱাৰ ধ্বংস নকৰিবা। কোনো পশু নামাৰিবা (খোৱাৰ বাহিৰে) আত্মসমৰ্পণকাৰীক নামাৰিবা। পলোৱাই যোৱা ব্যক্তিক নামাৰিবা আৰু ইছলামত প্ৰৱেশ কৰিবলৈ কাকো জবৰদস্তি নকৰিবা।
    তথাপিও এনে এটা সুন্দৰ ধৰ্মক বদনাম কৰিবলৈ কিছুমান কিটানুমেন উঠি পৰি লাগিছে। এনে অপশক্তিক দমন কৰিবলৈ আল্লাহেই যথেষ্ট। যুগে যুগে তাৰ প্ৰমাণ হৈ গৈছে।

    তেওঁ আন এটা বাক্যত কৈছেঃ
    {এচাম মুছলমান লোক উগ্ৰ মুছলমান হ'বলৈ ধৰাটো ৰ'দৰ পোহৰৰ দৰে সঁচা। এয়া কোনো নতুনকৈ আৰম্ভ হোৱা কথা নহয়। আন্তৰ্জাতিক প্ৰেক্ষাপটত বহু আগতেই আৰম্ভ হৈছিল এইবোৰ কাণ্ড-কাৰখানা। এক বৃহৎ সংখ্যক মুছলমানে ইছলামক সপ্তম-অষ্টম শতিকালৈ পুনৰ ঘূৰাই লৈ যাব বিচাৰে। তেওঁলোকে প্ৰতিজন মুছলমানৰ চাল-চলন, পিন্ধন-উৰণ, চিন্তাধাৰা সপ্তম-অষ্টম শতিকাৰ আৰৱ দেশৰ স্থানীয় লোক সকলৰ দৰে হোৱাটো উগ্ৰ ভাৱে বিচাৰে।}


    আবিদ চাহাব ময়ো এজন প্ৰকৃত মুছলিম হোৱাটো কামনা কৰোঁ। আৰু প্ৰকৃত ইছলাম সেইটোৱে যিটো নবী মুহাম্মদ চাল্লাল্লাহু আলাই অছাল্লামে প্ৰচাৰ কৰি গৈছে। সেই শতিকাত উভতি যোৱাটো প্ৰত্যেক মুছলিমৰ কাম্য। য’ত নাই কোনো কৰেপচন, ধোঁকা বাজি, চুৰি-ডকাইতি, জিনা-ব্যভিচাৰ, হত্যা লুন্ঠণ আৰু নাস্তিকতাবাদ প্ৰৱনতা ইত্যাদি। গতিকে এনে এক সমাজত উভতি যোৱাটো প্ৰত্যেক মুছলিমৰেই নহয় বৰং প্ৰত্যেক সুস্থ বিবেকবান মানুহৰ কাম্য।

    আৰু কৈছেঃ
    {তেওঁলোকৰ মতে সপ্তম-অষ্টম শতিকাৰ আৰব দেশৰ ইছলামেই হৈছে একমাত্ৰ পৰিশুদ্ধ ইছলাম! ইছলামক এইধৰণে ঘূৰাই পাব বিচৰা অতীতমূখী, পুনৰুত্থানবাদী ধাৰাটোকে কোৱা হয়- 'ৱাহাবিজম'৷ }

    নিশ্চয়, সঁচা কথা, মোৰ মতেও সপ্তম-অষ্টম শতিকাৰ আৰব দেশৰ ইছলামেই হৈছে একমাত্ৰ পৰিশুদ্ধ ইছলাম। যদি সেই ইছলামক ঘুৰাই পোৱাৰ আশা পোষনকাৰী ধাৰণাটোক ৱাহাবিজম বুলি কোৱা হয় তেন্তে ময়ো এজন ৱাহাবী। কিন্তু এই নাম কেৱল উপলুঙা কৰিবলৈহে ব্যৱহাৰ কৰে। প্ৰত্যেকজন মুছলিমেই সেই হেৰাই যোৱা ইছলামক পাব বিচাৰে কেৱল আপোনাৰ দৰে নাস্তিকৰ বাহিৰে। বৰ্তমান বিশ্বত একমাত্ৰ ছৌদি আৰবেই সেই দেশ য’ত প্ৰকৃত ইছলামৰ চিন্তা-ধাৰা জীৱিত আছে। সেয়ে নাস্তিকসকলৰ সহ্য নহয় কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰৰ দ্বাৰা অপবাদ দি থাকে। প্ৰকৃত ইছলামৰ এই পতাকা কিয়ামতৰ পোৱালৈকে বিশ্বৰ চুকে কোনে ওলমী থাকিব ইন শ্বা আল্লাহ।

    অব্যাহত........

    ReplyDelete
  2. অতি সুন্দৰ লিখনি৷ সৎ সাহস কৰি এই সময়োপযোগী প্ৰবন্ধ লিখাৰ বাবে - শ্ৰীমান আবিদ আজাদ লৈ মোৰ শত প্ৰনাম ৷
    যি "ধৰ্ম"ই কাৰোবাক সপ্তম-অষ্টম শতিকালৈ ঢেলি দিব বিচাৰে, নিজৰ প্ৰতিবেশীক ঘৃণা কৰিবলৈ শিকাই আৰু সুদূৰ আৰবদেশৰ আদব-কাইটা গ্ৰহণ কৰিবলৈ শিকাই তাক আমি সজোৰে ওফৰাই পেলাবই লাগিব৷ নহ’লে কি হৈছে তাৰ পৰিনাম আমি জানো৷ আজান-শংকৰৰৰ দেশত আজান-শংকৰৰ ধৰ্মহে চলিব৷ ই কাৰোবাৰ কাৰণে "ভেজাল" হ’লেও ই যে এই শতিকাৰ অতি প্ৰয়োজনীয় হৈ পৰিছে তাক আমি নিজ চকুৰে দেখিছোঁ৷ তথাকথিত বিশুদ্ধ ধৰ্মৰ ভয়ংকৰ পৰিণতিবোৰ আমি ইতিমধ্যে দেখিছোঁ৷ সেইবোৰ আমাৰ নিশ্চয় কাম্য নহয়৷

    ReplyDelete
  3. আবিদ আজাদ চাহাবৰ এটা প্ৰবন্ধ (ইছলামিক সন্ত্ৰাসবাদৰ গুৰিবঠা বনাম অসম) ৰ ওপৰত কিছু ব্যক্তিগত অনুভৱ প্ৰকাশ কৰিবলৈ লৈছো। বিষয়টো সাম্প্ৰতিক সময়ৰ সৈতে খাপ খাইছে। তথা অপ্ৰিয় বাস্তৱৰ অনুধাৱন কৰি ভৱিষ্যতটো সুন্দৰ কৰাৰ বাবে কথাখিনি সমাজৰ সচেতন ব্যক্তিসকলে বুজিবলৈ চেষ্টা কৰাটো উচিত। মনৰ দুৱাৰ খুলি মুকলি ভাৱেৰে সকলো পক্ষৰে কথাবোৰ বুজিবলৈ চেষ্টা কৰাৰ আহ্বান জনালো।
    .
    এচাম উগ্ৰ লোক মুছলমানৰ নামত মিছা কথা প্ৰচাৰ কৰাৰ বাবে চেষ্টা চলোৱাটো ৰ'দৰ পোহৰৰ দৰে সঁচা। এয়া কোনো নতুনকৈ আৰম্ভ হোৱা কথা নহয়। আন্তৰ্জাতিক প্ৰেক্ষাপটত বহু আগতেই আৰম্ভ হৈছিল এইবোৰ কাণ্ড-কাৰখানা।
    .
    এক বৃহৎ সংখ্যক মানুহে ইছলামক সন্ত্ৰাসবাদৰ ধৰ্ম বুলি প্ৰমাণ কৰিব বিচাৰে। হয়তো তাৰে ভিতৰত আবিদ আজাদ চাহাবো এজন। পাকে-প্ৰকাৰে মানুহৰ স্মৃতিৰ পৰা ইছলাম আঁতৰাই দিব বিচাৰে। তেওঁলোকে পাহৰাই পেলাব খোজে ইছলামৰ আদৰ্শ।
    .
    মৌলবাদী মুছলিমো আছে, অমুছলিমো আছে; কিন্তু তেওঁলোকে বুজিবলৈ চেষ্টা নকৰে- মৌলবাদীৰ প্ৰকৃত অৰ্থ। প্ৰগতিশীল চিন্তাবিদ, সংস্কাৰক-লিখক আবিদ আজাদে তেখেতৰ ব্লগত মৌলবাদ শব্দটোক সন্ত্ৰাসবাদৰ লগত যোগ কৰি ভয়ংকৰ অৰ্থ প্ৰকাশ কৰিছে। তাৰে লগত ইছলামিক সন্ত্ৰাসবাদী শব্দৰ দ্বাৰা ইছলামক সন্ত্ৰাসবাদ বুলি প্ৰমাণ কৰাৰ চেষ্টা কৰিছে। তদুপৰি 'ৱাহাবি শব্দ আৰু চৌদি আৰৱৰ ওপৰত বহুতো মিছা অপবাদ দিছে আৰু এইবোৰ সম্পৰ্কে অতি ভয়ংকৰ কথা কৈছে যিটো অতি দুখজনক।
    তথাপি আমি সহনশীলতা আৰু বিধি বিধতা কামনা কৰোঁ। আমি আন সম্প্ৰদায়ৰ সৈতে মিলিজুলি থাকিব বিচাৰোঁ। মই এতিয়া তেখেতক মৌলবাদী শব্দটোৰ সঠিক ধাৰণা দিম বুলি আশা কৰিছো।
    .
    মৌলবাদী শব্দটোৰ সংজ্ঞাঃ
    .
    মৌলবাদী এনেকুৱা এজন ব্যক্তি যিজনে অনুসৰণ কৰে তাৰ চিন্তা বিশ্বাসৰ মূলনীতি ও শিক্ষা সমূহক।
    কোনোবাই যদি ভাল ডাক্তৰ হ'ব বিচাৰে তেতিয়াহ'লে তাক জানিব লাগিব, বুজিব লাগিব আৰু কঠোৰ অনুশীলন চলাব লাগিব ঔষধৰ মূল কার্যকাৰিতাৰ ওপৰত। অন্য কথাত তেওঁ হ'ব লাগিব ঔষধি জগতৰ একনিষ্ঠ মৌলবাদী। অৰ্থাৎ তেওঁ হব লাগিব মৌলবাদী ডাক্তৰ। একেইভাবে কোনোবাই যদি গণিতজ্ঞ বা গণিতবিদ হ'ব বিচাৰে তেতিয়াহ'লে তাক জানিব লাগিব, বুজিব পৰা হ'ব লাগিব আৰু একাগ্র মনোযোগেৰে অনুশীলনী চলাব লাগিব গণিতৰ মূল সূত্রৰ ওপৰত। অর্থাৎ তাক হ'ব লাগিব গণিত শাস্ত্রৰ মৌলবাদী। একেইভাবে কোনোবাই যদি বিজ্ঞানী হ'ব খুজে তেতিয়াহ'লে তাক জানি ল'ব লাগিব, বুজিব লাগিব আৰু গভীৰ গবেষণাত নিমগ্ন হৈ অনুশীলনী চলাব লাগিব বিজ্ঞান মৌলতত্ত্ব ও মূল সূত্রসমূহৰ ওপৰত। অর্থাৎ তাক হ'ব লাগিব বিজ্ঞান জগতৰ মৌলবাদী।
    .
    কিন্তু সকলো মৌলবাদী একে নহয়ঃ
    .
    সকলো মৌলবাদীৰ চিত্র যেনেকৈ একেই তুলিকাৰে আঁকিব পৰা নাযাব তেনেকৈ ভাল কি বেয়া কি সেয়া তৎক্ষণাত এনেকৈ কোনো মন্তব্যও কৰিব পৰা নাযাব। যি কোনো মৌলবাদীৰ শ্রেণী বিন্যাস নির্ভৰ কৰে তাৰ কাম ও তাৰ কর্ম জগতক লৈ। এজন মৌলবাদী ডকাইত বা মৌলবাদী চুৰ সমাজৰ বাবে ক্ষতিকাৰক সেয়ে সি গৰিহণাৰ যোগ্য।অন্যহাতে এজন মৌলবাদী চিকিৎসক সমাজৰ বাবে কল্যাণকৰ আৰু শ্রদ্ধা ও সন্মানৰ পাত্র।
    ইছলামিক মৌলবাদী হল সেই ব্যক্তি, যিয়ে ইছলামৰ মৌলিক বিষয়বোৰ জানে, অনুসৰণ কৰে আৰু কঠোৰ ভাৱে ইয়াৰ অনুশীলন কৰে। ইছলামৰ মৌলিক বিষয়বোৰ মানৱতাৰ কাৰণে আৰু সমগ্ৰ বিশ্বৰ বাবে কল্যাণকৰ। ইছলামৰ এনেকুৱা এটাও মৌলিক নীতি নাই, যিটো মানৱতাৰ কাৰণে ক্ষতিকৰ। আৰু প্ৰকৃত মুছলিম সকলে মৌলবাদী হবলৈ লজ্জাবোধ নকৰে। মহান আল্লাহৰ দয়াত আমি এজন মৌলবাদী মুছলিম হ'বলৈ পাই গৰ্বিত।
    .
    যিসকলে মৌলবাদী মানে সন্ত্ৰাসবাদ বুলি ভাবে, তেওঁলোকৰ জ্ঞান নাই বুলি ভাবো। অল্প বিদ্যা ভয়ংকৰী- এইটো আবিদ আজাদ চাহাবৰ পৰা স্পষ্ট হৈ উঠিছে।

    ReplyDelete
  4. ফেচবুকৰ পৃষ্টা এটাৰ পৰা কমেন্টো কপি কৰি দিলো যাতে আজাদ চাহাবে কমেন্টো পঢ়ে...

    ReplyDelete
    Replies
    1. ছাজিদ ভাই৷ জাযাকাল্লাহু খাইৰা৷

      Delete