সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. নিটি আয়োগত হেঁচা দি বিজয়ী হ’ল অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ। মোদী চৰকাৰে পূৰ্বৰ বহু আঁচনিৰ ধন ৯০:১০ অনুপাতৰ পৰা কেন্দ্ৰৰ অনুদান ৫০শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত সলনি কৰি পূৰ্বৰ নীতিকে বাহাল ৰাখিবলৈ বাধ্য হোৱাৰ সুখবৰ। গগৈৰ হেঁচাতে আশা কৰ্মী, অংগনবাড়ী কৰ্মী, সহায়িকা, সৰ্বশিক্ষা অভিযানৰ ঠিকা ভিত্তিত নিযুক্ত শিক্ষক সকলৰ দৰমহাত এতিয়া কোনো হেৰফেৰ নঘটে বুলি নিটি আয়োগৰ উপ-সমিতিয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত বাতৰি প্ৰকাশ পাইছে।

২. গুৱাহাটীৰ আশে-পাশে থকা চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠাৱত এশ শতাংশই থলুৱাক নিযুক্তি নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰিলে সদৌ অসম ছাত্ৰ সন্থাই।

৩. সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগে অহা ১৯নৱেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। দৰমহা বৃদ্ধিৰ পৰামৰ্শৱলী চৰকাৰে গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চাকৰিয়াল আৰু পেঞ্চনাৰ সকলৰ দা-দৰমহা বৃদ্ধি পাব বুলিও সূত্ৰত প্ৰকাশ।

৪. ব্যৱসায়ত মন’পলি সৃষ্টিৰ প্ৰয়াসেৰে অশুভ অভ্যাস গঢ়ি তোলাৰ অপৰাধত জেট এয়াৰৱেট, ইণ্ডিগ আৰু স্পাইচ জেটৰ বিৰুদ্ধে দেশৰ কম্পিটিচন কমিচনে ২৫৮কোটি টকাৰ জৰিমনাৰ নিৰ্দেশ জাৰি কৰিছে।

৫. নাছাৰ মহাকাশ ষ্টেচনত লেটুচৰ খেতি কৰাৰ পৰীক্ষাত সফলতা পোৱাৰ পাছত এতিয়া তাত গজিবলৈ দিয়া পৰীক্ষামূলক শাক-পাচলিৰ খেতিত জানুৱাৰী মাহ পৰ্যন্ত ফুলো ফুলা দেখিবলৈ পোৱা যাব বুলিও নাছাৰ সূত্ৰই প্ৰকাশ কৰিছে।

৬. ইনফ’ছিছ বিজ্ঞান ফাউণ্ডেছনে এইবৰ্ষৰ ইনফ’ছিছ পুৰস্কাৰ সমূহ ঘোষণা কৰিছে। সোণৰ পদকৰ সৈতে নগদ ৬৫লাখ টকাকৈ প্ৰতিটো পুৰস্কাৰৰ সৈতে প্ৰদান কৰা হয়। জাৱহৰলাল নেহৰু উচ্চ-বৈজ্ঞানিক গৱেষণা প্ৰতিষ্ঠানৰ উমেশ ৱাঘমাৰেক অভিযান্ত্ৰিক আৰু কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰত অৰিহণাৰ বাবে পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে। কলা শাখা, সমাজ বিজ্ঞান, জীৱ বিজ্ঞান, গণিত আৰু পদাৰ্থ বিজ্ঞান বিষয়তো একোজনলৈ এই পুৰস্কাৰ আগবঢ়োৱা হৈছে।

৭. জুনিয়ৰ এচিয়া কাপ হকীৰ খেলত আজি ভাৰতীয় দলে চীনক ৪-১ গ’লৰ ব্যৱধানত পৰাজিত কৰি শাখাৰ শীৰ্ষ স্থান লাভ কৰে। কোৱোটাৰ ফাইনেলত ভাৰতীয় দলে ওমানৰ বিৰুদ্ধে খেলিব।

৮. হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে দেশজুৰি কাৰণ নিৰূপণৰ বাবে জৰীপ চলাব কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰালয়ে। এই সমগ্ৰ সমস্যাটোৰ সমাধানৰ বাবে ৰাজ্য সমূহলৈ প্ৰায় ৪০হাজাৰ কোটি টকাৰ আঁচনি প্ৰেৰণ কৰিব বুলিও জানিব পৰা গৈছে।

৯. মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ ছাত্ৰ-ছাত্ৰী সকললৈ প্ৰস্তুতিৰ বাবে এই বৰ্ষৰ পৰা ১লাখকৈ টকাৰ বিত্তীয় সাহাৰ্য আগবঢ়াব অসম চৰকাৰে। ২০০৭চনৰ পৰা এনেকৈ পঞ্চাশ হাজাৰকৈ টকাৰ সাহাৰ্য দি আহিছিল বুলিও জানিব পৰা গৈছে।

১০. অসম সাহিত্য সভাৰ সেতু-বন্ধন আৰু উজ্জীৱন যাত্ৰাৰ প্ৰতি সঁহাৰি দি মাজুলীৰ চাৰি সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী, নাৰায়ণ গোস্বামী, ননীগোপাল দেৱগোস্বামী আৰু পৰমানন্দ দেৱগোস্বামীয়ে সন্মানীয় হিতৈষী সভ্য পদ গ্ৰহণ কৰিছে। লগতে ভকত বৈষ্ণৱ সকলেও আজীৱন সভ্য পদ গ্ৰহণ কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

No comments:

Post a Comment