সুখ-দুখৰ বতৰাঃ ১৫নৱেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১৫নৱেম্বৰ

সুখ-দুখৰ বতৰাঃ ১৫নৱেম্বৰ

Share This

আজিৰ ভাল খবৰবোৰ
১. তুৰ্কীত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনত ৰাষ্ট্ৰ নেতা সকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সৰৱ শক্তি প্ৰয়োগৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছে। পেৰিছৰ গণহত্যাৰ প্ৰতিশোধ লোৱাৰ বাবে চলোৱা প্ৰচেষ্টাত ফ্ৰান্সৰ সৈতে সকলো সহযোগিতা আগবঢ়াব বুলিও আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰিছে। এই ঘটনাৰ প্ৰতি বিশ্বৰ জনতাই শোক প্ৰকাশ কৰিছে আৰু নিহতজনৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছে।

২. কলকতা জাতীয় সাহিত্য প্ৰকাশন ন্যাসে অহা ১৯-২১ ডিচেম্বৰলৈ কলকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় কমপ্লেক্সত এখন সাহিত্য আৰু সংস্কৃতি বিষয়ক সন্মিলনৰ আয়োজন চলিছে। কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ লগতে ৰসৰাস লক্ষ্মীনাথ বেজবৰুৱাৰ কৰ্ম আৰু সৃষ্টিৰো বন্দনা হব বুলিও বাতৰি প্ৰকাশ পাইছে।

৩. নিৰপৰাধী ছাত্ৰী প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডৰ মূল খলনায়ক জাওলা বসলুমতাৰী চিৰাং জিলাত সৈন্য বাহিনী আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰীৰ দলত নিহত হোৱাৰ বাতৰি।

৪. কালি অসমতো পালিত হয় নেহৰুৰ জন্মদিনত শিশু দিৱস। আৰোহণ, শিশু সাৰথিৰ উপৰিও বিজেপি দলৰ মহিলা শাখা, প্ৰদেশ কংগ্ৰেছ আগদিয়েও দিনটিয়াকৈ কাৰ্যসূচীৰ আয়োজন কৰে। শিশু দিৱসৰ উপলক্ষত বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্যসূচীও আয়োজিত হয়। অসম-ৰত্ন মামণি ৰয়ছম গোস্বামীকো কালি গুণমুগ্ধই জন্মদিনত শ্ৰদ্ধাঞ্জলি জনায়।

৫. আদ্যশ্ৰাদ্ধৰ দিনাও উদ্বোধন সদ্য প্ৰয়াত লেখক ধীৰেন্দ্ৰ নাথ তালুকদাৰৰ গল্প সংকলন ‘শুকুলা মেঘৰ আলিংগন’। বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে উন্মোচন কৰে গ্ৰন্থখন।

৬. চাহ শ্ৰমিক আইন, ১৯৫১ অসমত সম্পূৰ্ণ ৰূপে বলবত কৰিবলৈ অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ‘চাহ বাগানত শিশুৰ অধিকাৰৰ সুৰক্ষা আৰু ১৯৫১ চনৰ চাহ শ্ৰমিক আইন ৰূপায়ণ’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰত মন্ত্ৰী অজন্তা নেওগে এই কথা প্ৰকাশ কৰিছে।

৭. পৰহি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত অনুষ্ঠানত অসমৰ শিশুশিল্পী প্ৰতীক্ষা শৰ্মাক অভিনয় জগতত দেখুওৱা পাৰদিৰ্শিতাৰ বাবে ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে। আনহাতে বাধাগ্ৰস্ত লোকৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা শিশু বিশেষজ্ঞকো শিশু কল্যাণৰ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত কৰা হয়। শিশু দিৱসৰ উপলক্ষত মুঠ ত্ৰিশ গৰাকী শিশুক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।

৮. পুনেৰ বাইকাৰ্ছৰ দল টীম ফনিক্সে ব্ৰেভ হাৰ্টে কালি চাৰিদিনৰ বাবে উত্তৰ-পূৱ ভ্ৰমণৰ বাবে উপস্থিত হৈছে। বেয়ণ্ড ব্ৰহ্মপুত্ৰ নামেৰে চলোৱা এই দুঃসাহসিক দীৰ্ঘ দূৰত্বৰ মটৰ চাইকেল যাত্ৰাৰে উত্তৰ-পূৱৰ সৌন্দৰ্য উপভোগ কৰাই দলটোৰ উদ্দেশ্য বুলিও জানিব পৰা গৈছে।

৯. গুৱাহাটী দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিংহমৰ প্ৰেক্ষাগৃহত আজি আবেলি এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈছে। ডাঃ উমেশ চন্দ্ৰ বৰদলৈৰ ‘সৰাপাহি’ নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ৰিজু হাজৰিকাই।

১০. অহা ২০১৬চনৰ ১৪ ফেব্ৰুৱাৰীত ডাইনী বিশ্বাসৰ বিৰুদ্ধে ৫০০ চিত্ৰশিল্পীয়ে একেলগে ছবি আঁকি প্ৰতিবাদ জনাব। এই আয়োজন এথনিক আৰ্টিষ্ঠ ছ’চাইটি, অসমে কৰিছে বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment