Friday, November 13, 2015

মনৰ কথা


গ্ৰন্থমেলা আৰু কিতাপৰ পৃথিৱীৰ সমস্যাবোৰ
ড০ অঞ্জল বৰা
পৃথিৱীৰ আটাইতকৈ ঐতিহ্যসম্পন্ন মহান শব্দটোৱেই হ’ল গ্ৰন্থ বা কিতাপ৷ এই কিতাপেই হ’ব পাৰে আমাৰ জীৱনৰ বিশ্বাসী বন্ধু, সৎ উপদেশ দিওঁতা আৰু আমাৰ আনন্দৰ সংগী৷ আমাৰ জ্ঞানৰ সংৰক্ষণ, স্থায়ীকৰণ আৰু সঞ্চয়ৰ বাবে কিতাপেই হৈছে একমাত্র মাধ্যম৷ এখন ভাল কিতাপ অধ্যয়নে আমাৰ মনলৈ বিমল আনন্দ আৰু নিবিড় সুখানুভূতি কঢ়িয়াই আনে৷ মানুহৰ নিঃসঙ্গতাৰ প্ৰতিটো মুহূৰ্ততে কিতাপে মানুহক সঙ্গ দিয়ে আৰু বিশ্বাসী বন্ধুৰ দৰে চিৰদিনৰ বাবে আমাক ভাল কাম কৰাত অনুপ্ৰাণিত কৰে৷

কিতাপৰ লগত গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ সম্পৰ্ক অংগাংগী৷ সেয়ে চিচাৰে কৈছিল- ‘এখন বাগিচা আৰু এটা পুথিভঁৰাল যদি তোমাৰ ঘৰত আছে, তেনেহ’লে তোমাৰ প্ৰয়োজনীয় সকলো আছে৷’ অসমত প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত সমগ্ৰ অসমবাসীয়ে আশাৰে বাট চাই থকা এটা অনুষ্ঠান হ’ল গ্ৰন্থমেলা৷ গ্ৰন্থমেলা এতিয়া বছৰেকীয়া উত্সৱলৈ পৰিণত হৈছে৷ গুৱাহাটীৰ লগতে সমগ্ৰ অসমৰ প্ৰধান প্ৰধান নগৰসমূহত বছৰৰ শেষৰ ফাললৈ ন ন গ্ৰন্থৰ সুবাস লৈ লেখক-প্ৰকাশকসকল পাঠকৰ কাষলৈ যায়৷ লেখক, পাঠক আৰু প্ৰকাশকৰ এই সমবাহু ত্ৰিভুজটোৰ মাজতে এটা জাতিৰ চিন্তা-চেতনাই নতুন পোখা মেলে আৰু অনাগত দিনৰ বাবে সৃষ্টিৰ নতুন কঠীয়া পাৰে৷

কিন্তু যোৱা ৩০ অক্টোবৰৰ পৰা চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংন্থাৰ দ্বাৰা অনুষ্ঠিত কৰা সপ্তদশ উত্তৰ-পূব গ্ৰন্থমেলাই আমাক বাৰুকৈয়ে নিৰাশ কৰিলে৷ কাৰণ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংন্থাৰ দ্বাৰা অনুষ্ঠিত কৰা উত্তৰ-পূব গ্ৰন্থমেলা হিচাপে যি ধৰণেৰে প্ৰকাশন গোষ্ঠীসমূহৰ উদুলি-মুদুলি পৰিৱেশ হ’ব লাগিছিল, সেইধৰণৰ কোনো পৰিৱেশ আমি দেখা নাপালোঁ৷ আনকি অসমৰে বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰকাশন গোষ্ঠীক গ্ৰন্থমেলাত দেখিবলৈ পোৱা নগ’ল৷ তাৰ বিপৰীতে তুলনা কৰিলে অন্যান্য দোকান-বজাৰৰ সংখ্যাহে অধিক দেখা পোৱা গ’ল৷ গ্ৰন্থমেলাক আমি আন আন পণ্য সামগ্ৰীৰ মেলাৰ লগত কেতিয়াও তুলনা কৰিব নোৱাৰো৷ সেয়ে বৰ্তমান গ্ৰন্থমেলাৰ এনে বজাৰ সদৃশ পৰিৱেশ দেখি অনুভৱ হ’ল - আগৰ গ্ৰন্থমেলা আৰু বৰ্তমানৰ গ্ৰন্থমেলাৰ মাজত যেন ক’ৰবাত পাৰ্থক্য আহি পৰিছে৷ গ্ৰন্থমেলাৰ পূৰ্বৰ ঐতিহ্য যেন কিছু লাঘৱ হৈছে৷ এই কথাবোৰ নিশ্চয় সময় থাকোতেই সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংন্থাই বিচাৰ কৰি চোৱা উচিত৷


দ্বিতীয়তে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ গ্ৰন্থমেলাসমূহৰ উত্সৱমুখৰ পৰিৱেশ আৰু লাখ লাখ টকাৰ কিতাপ বিক্ৰী হোৱাৰ খবৰৰ পিছতো আমাৰ মনত প্ৰায়ে সন্দেহ উপজে যে প্ৰকৃততে এই গ্ৰন্থমেলাসমূহে সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ চাহিদা পূৰণ কৰিব পাৰিছেনে? গুৱাহাটী বা আন আন চহৰৰ ডাঙৰ ডাঙৰ গ্ৰন্থমেলাসমূহৰ পৰা দূৰলৈ গৈ থাকি যেতিয়া আমি নিজৰ গাঁওখনত উপস্থিত হওঁ, তেতিয়া অনুভৱ হয় এই অঞ্চলবোৰ যেন এতিয়াও গ্ৰন্থমেলা আৰু ন ন গ্ৰন্থৰ সেই উত্সৱৰ পৰা বহু নিলগত আছে৷ গাঁও অঞ্চলৰ নিম্ন মধ্যবিত্ত বা দৰিদ্ৰ শ্ৰেণীৰ ল’ৰা-ছোৱালী বা ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াবা কল্পনা কৰিব পাৰিবনে এনে গ্ৰন্থমেলাৰ কথা? লিৰিকি-বিদাৰি, চুই চাই অনুভৱ কৰিব পাৰিবনে গ্ৰন্থৰ এই সুবাস?

আজিও গাঁওসমূহত পুথিভঁৰালৰ অভাৱ৷ স্কুলসমূহতো গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ নাই৷ ঘৰতো বহু মাক-দেউতাকৰ নতুন গ্ৰন্থ কিনি দিয়াৰ ক্ষমতা নাই৷ তাতোকৈ ডাঙৰ কথা হৈছে কাগজ আৰু ছপাযন্ত্ৰৰ অত্যাধিক খৰচৰ বাবে হোৱা গ্ৰন্থৰ অত্যাধিক মূল্য৷ তেন্তে প্ৰতিবছৰ অনুষ্ঠিত হোৱা গ্ৰন্থমেলাসমূহে সকলো শ্ৰেণী পাঠকৰ প্ৰত্যাশা পূৰণ কৰিব পাৰিছেনে? এনে বহু কাৰণতেই আজিও ৰাজ্যখনৰ আধাসংখ্যক পঢ়ুৱৈয়েই নতুন নতুন গ্ৰন্থৰ সুবাসৰ পৰা আঁতৰি থাকিব লগা হৈছে বুলিব পাৰি৷ এটা কথা মন কৰিলে দেখা যায় যে সময়ৰ পৰিৱৰ্তন আৰু কৰ্মব্যস্ততাই মানুহক লাহে লাহে গ্ৰন্থৰ কাষৰ পৰা আঁতৰাই নিবলৈ ধৰিছে৷ তাৰ লগতে সংযোগ হৈছে মানুহৰ ভোগসৰ্বস্ব ধ্যানধাৰণা আৰু ম’বাইল, টিভি, ফে’চবুক আদিৰ দৰে আনুষঙ্গিক বিষয়সমূহ৷ এইখিনিতে এটা কথা উল্লেখ নকৰিলে ভুল হ’ব যে আমাৰ আধুনিক পৰীক্ষাকেন্দ্ৰিক শিক্ষা ব্যৱস্থাইও বহু সময়ত ছাত্ৰ—ছাত্ৰীক গ্ৰন্থ অধ্যয়নৰ পৰিৱেশৰ পৰাও আঁতৰি থাকিবলৈ বাধ্য কৰিছে৷ ক্লাছ, পৰীক্ষা, এছাইণ্টমেণ্ট, টিউচন আদিৰ ব্যস্ততাৰ মাজতে আজি বহুতো ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰায় ২৫-২৬ বছৰ পাৰ হৈ যায়৷ তাৰপিছত জীৱনৰ কৰ্ম ব্যস্ততাৰ মাজত সোমাই পৰি মানুহে গ্ৰন্থ অধ্যয়নৰ পৰিৱেশৰ পৰাই আঁতৰি আহিবলৈ বাধ্য হয়৷ গতিকে আমি গ্ৰন্থমেলাৰ এই তথাকথিত উত্সৱৰ পৰা আঁতৰি কিছু ব্যতিক্ৰমভাৱে চিন্তা কৰাৰ সময় আহি পৰিছে৷

প্ৰতিখন নতুন গ্ৰন্থৰেই সুবাস যাতে প্ৰতিজন পঢুৱৈয়ে পাব পাৰে তাৰ বাবে প্ৰকাশকসকলে সময়ে সময়ে ভ্ৰাম্যমান গ্ৰন্থমেলাৰ ব্যৱস্থা কৰা উচিত৷ সৰু সৰু অঞ্চল, বিদ্যালয়, গাঁও সামৰি এনে ভ্ৰাম্যমান গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পাৰি৷ তাৰ বাবে বছৰৰ নিৰ্দিষ্ট সময়লৈ ৰৈ থকাৰ সময় নাই৷ বিহুৰ বতৰত বিহু মণ্ডপত, পূজাৰ বতৰত পূজাৰ মণ্ডপত এনে ক্ষুদ্ৰ গ্ৰন্থমেলাৰ আয়োজন কৰি মানুহক নতুন চিন্তা-চেতনাৰ দিশে আকৃষ্ট কৰা উচিত৷ গতানুগতিক আন মেলাৰ দৰে গ্ৰন্থমেলাতো কেৱল বিক্ৰীৰ হিচাপ-নিকাচ নকৰি কিমান পাঠকৰ কাষলৈ কিতাপ একোখন যাব পাৰিছে সেই দিশটোলৈহে অধিক মন দিয়া উচিত৷ গাঁৱসমূহৰ যুৱক সংঘ, বিদ্যালয় আদিয়েও প্ৰতিখন গাঁৱতে ৰাজহুৱা অৰ্থ সাহায্যৰে একোটাকৈ ক্ষুদ্ৰ পুথিভঁৰাল গঢ়ি তোলাৰ কথা ভাবিব লাগে৷ চৰকাৰেও অপ্ৰয়োজনীয় আঁচনিসমূহত ধন খৰছ নকৰি প্ৰতিখন গাঁৱতে ক্ষুদ্ৰ পুথিভঁৰাল সৃষ্টিৰ বাবে আঁচনি গ্ৰহণ কৰিব লাগে৷


আমাৰ অসম কাকতৰ ২ নৱেম্বৰ সংখ্যাত প্ৰকাশিত এটা বাতৰি অনুসৰি বহুকেইজন প্ৰকাশকে ‘অনলাইন ছাইটৰ বহুল ব্যৱহাৰে গ্ৰন্থ প্ৰকাশকৰ ব্যৱসায়ত যথেষ্ট লোকচান কৰিছে’ বুলি মত প্ৰকাশ কৰিছে (পৃষ্ঠা ৭)৷ কিন্তু মন কৰিলে দেখা যায় যে বৰ্তমান অনলাইন ছাইটসমূহৰ মাধ্যমেৰে গ্ৰন্থ অধ্যয়নৰ ব্যৱস্থা হোৱা বাবে দেশ-বিদেশৰ বিভিন্ন ঠাইত থকা পঢ়ুৱৈসকল লাভৱানহে হৈছে বুলিব পাৰি৷ বৰ্তমান ইংৰাজী গ্ৰন্থ বিক্ৰীৰ বাবে ফ্লিপ কাৰ্ড ডট্ কম, আমাজান ডট্ কমৰ দৰে কিছুমান ৱেবচাইটে কম মূল্যতে কোনো খৰছ নোলোৱাকৈ পাঠকক কিতাপ যোগান ধৰি আহিছে৷ বৰ্তমান গ্ৰন্থমেলাত ১০ শতাংশ কম মূল্যত পাব পাব পৰা কিতাপখন ফ্লিপ কাৰ্ড ডট্ কমৰ দৰে ৱেবচাইটত ঘৰতে থাকি ৩৫ শতাংশ কম মূল্যত পাব পৰা হ’ল৷ এইটো কোনো কাৰণতে বেয়া কথা বুলি ক’ব নোৱাৰি৷ কেইদিনমানৰ আগতে ‘প্ৰান্তিক’ৰ লেখাৰ মাধ্যমেৰে চিনাকি হোৱা প্ৰায় ১৫ বছৰ কানাডাত বাস কৰা এগৰাকী মহিলাই আমাক ফোন কৰি কৈছিল যে তেওঁ কানাডাত থাকিয়েই নিয়মীয়াকৈ অনলাইনত অসমীয়া বাতৰি কাকত আৰু দুই এখন আলোচনী পঢ়িবলৈ পাইছে৷ কিন্তু অসমীয়া কিতাপ কিনিব পৰাকৈ কোনো সুব্যৱস্থা নথকাৰ বাবে অসমীয়া জাতীয় সাহিত্যৰ সোৱাদ লোৱাৰ পৰা আঁতৰি থাকিব লগা হৈছে৷ বৰ্তমান ফাণ্ডাবাবা ডট্ কমৰ দৰে দুই এটা ৱেবচাইটে অনলাইনৰ জৰিয়তে অসমীয়া কিতাপৰ যোগান ধৰিবলৈ আৰম্ভ কৰিছে৷ নিশ্চয়কৈ ই অতি শুভ লক্ষণ৷ আমিও অসমৰ বাহিৰত থকাৰ সময়ত ফাণ্ডাবাবা ডট্ কমৰ মাধ্যমেৰে দুই এখন কিতাপ ঘৰতে থাকি লাভ কৰিছিলোঁ৷ সেয়ে প্ৰকাশকসকলে সময়ৰ লগত খোজ মিলাই তেওঁলোকৰ কিতাপসমূহ কেৱল গ্ৰন্থমেলা আৰু দোকানত বিক্ৰীৰ বাবে নাৰাখি অনলাইনৰ জৰিয়তে লাভ কৰিব পৰাকৈও ব্যৱস্থা কৰা উচিত৷

ইয়াৰোপৰি প্ৰতিখন কিতাপৰে দুটা সংস্কৰণৰ ব্যৱস্থা কৰা উচিত৷ এটা উন্নত মানৰ কাগজেৰে পুথিভঁৰালত সংৰক্ষণৰ বাবে আৰু আনটো কম মূল্যৰ কাগজ দি কেচাঁবন্ধাৰে প্ৰকাশ কৰা উচিত৷ যাতে প্ৰতিজন পঢ়ুৱৈয়ে কিতাপখন কিনাৰ সাহস কৰিব পাৰে৷ আজিকালি দেখা যায় ব্যৱসায়িক দিশটোৰ কথা ভাবি কিতাপ একোখনৰ কাগজ, চিয়াঁহী আৰু বেটুপাতৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়ে৷ যাৰ ফলত কিতাপখনৰ মূল্য বৃদ্ধি হয় ঠিকেই কিন্তু লেখকজনৰ উদ্দেশ্য কেতিয়াও সাৰ্থক নহয়৷ এনে কাৰণতে আজিকালি বহু পাঠক কম মূল্যৰ ই-বুকৰ প্ৰতিও আগ্ৰহী হোৱা দেখা গৈছে৷ লেখক এজনৰ প্ৰধান উদ্দেশ্য হৈছে - যাতে তেওঁৰ কিতাপখন অধিক সংখ্যক পাঠকৰ কাষলৈ যায় আৰু পাঠকেও কিতাপখনক আদৰি লয়৷ কিন্তু অত্যাধিক মূল্যই এনে ক্ষেত্ৰত কেতিয়াবা বাধাৰ সৃষ্টি কৰাও দেখা যায়৷ সেয়ে লেখক-প্ৰকাশকসকলে এনে দিশটোৰ প্ৰতিও মনোযোগ দিয়া উচিত৷ গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ, কিতাপ বিক্ৰীৰ সুব্যৱস্থা, কম মূল্য আদিৰ ওপৰতহে গ্ৰন্থৰ ভৱিষ্যত নিৰ্ভৰ কৰিব আৰু তেতিয়াহে লেখক, পাঠক আৰু প্ৰকাশকৰ এই সমবাহু ত্ৰিভুজটোৱে আমাৰ চিন্তা-চেতনাক আলোড়িত কৰি এখন সুষ্ঠ-সৱল সমাজ গঢ়াৰ অংশিদাৰ হ’ব পাৰিব৷

No comments:

Post a Comment