Saturday, November 7, 2015

চিন্তন


ৰাজনৈতিক হতাশা আৰু গ্ৰন্থমেলা 
প্ৰতিম প্ৰতাপ বৰুৱা
কোৱা হয় – All’s fair in love and war! ইয়াৰ অৰ্থটো আমি এনেকৈ বুজো - প্ৰেম আৰু যুদ্ধত জয়ী হ’বৰ বাবে যি উপায়েই অৱলম্বন কৰা নহওক লাগে, সকলো উপায়েই শুদ্ধ (বুলি তেওঁলোকে ধৰি লয়)। ইয়াত নীতি-নিয়ম, আদৰ্শ, আনুগত্য, ভাল-বেয়া, শুদ্ধ-অশুদ্ধ আদি কোনো কথা নাই। তাৰ সলনি মাত্ৰ এটা উদ্দেশ্যহে আছে আৰু সেই উদ্দেশ্যটো হ’ল – বিজয়। প্ৰেমেই হওক বা যুদ্ধই হওক, বিজয়ী হোৱাটোৱেই হ’ল একমাত্ৰ উদ্দেশ্য। বিজয়ী হ’বৰ বাবে প্ৰেমত পৰা প্ৰেমিক-প্ৰেমিকাসকলে বা যুদ্ধ কৰা সৈনিকসকলে অৱলম্বন কৰা উপায়টো গৌণ আৰু আনৰ বাবে নহ’লেও তেওঁলোকৰ নিজৰ বাবে সকলো সময়তে শুদ্ধ। আজিকালি সেই বাক্যাংশটো বা সেই ইংৰাজী জতুৱা ঠাঁচটো সলনি কৰি কোৱা হয় - All’s fair in love and war, and politics! অৰ্থাৎ ৰাজনীতিতো আজিকালি বিজয়ী হোৱাটোৱেই, সহজ ভাষাত যেন তেন প্ৰকাৰেণ ক্ষমতা আহৰণেই মুখ্য আৰু একমাত্ৰ উদ্দেশ্য, তাৰ বাবে ৰাজনীতিকসকলে অৱলম্বন কৰা উপায়টো/উপায়বোৰ গৌণ আৰু তেওঁলোকৰ নিজৰ বাবে সকলো সময়তে শুদ্ধ।

কিন্তু বিজয়ী হোৱাৰ বা ক্ষমতা আহৰণৰ এই উপায়বোৰ তেওঁলোকৰ (প্ৰেমিক-প্ৰেমিকাসকলৰ, যুদ্ধ কৰা সৈনিকসকলৰ, ৰাজনীতিকসকলৰ) নিজৰ বাবেহে সকলো সময়তে শুদ্ধ, সকলোৰে বাবে আৰু সকলো সময়তে এই উপায়বোৰ শুদ্ধ নহবও পাৰে। নহয়েই আচলতে। দশকজুৰি এটা নিৰ্দিষ্ট ৰাজনৈতিক মতাদৰ্শ (মত+আদৰ্শ) অতি নিষ্ঠাৰে (অন্তত: আমাৰ দৰে সাধাৰণ মানুহৰ দৃষ্টিত) আৰু অতি আকোৰগোঁজ মনোভাৱেৰে সমৰ্থন, পালন আৰু প্ৰচাৰ কৰা হ’ল। সেই ৰাজনৈতিক মতাদৰ্শৰ বিৰোধিতা কৰাসকলক শত্ৰুজ্ঞান কৰা হ’ল আৰু লগতে সেইসকলক শত্ৰুজ্ঞান কৰিবলৈ সাধাৰণ জনতাক আহ্বান জনোৱা হ’ল। সঁচাই-মিছাই বহুত কথা কোৱা হ’ল, বহুত বক্তৃতা দিয়া হ’ল, বহুত সমালোচনা, বহুত আন্দোলন কৰা হ’ল। নিজৰ সেই ৰাজনৈতিক মতাদৰ্শৰ সমৰ্থনত আৰু আন মতাদৰ্শবোৰৰ বিৰোধিতাৰে কিছুমান বাস্তৱ/অৱাস্তৱ দাৱী কৰা হ’ল, নানা ধৰনৰ যুক্তিৰে নিজৰ সেই মতাদৰ্শটোৰে বিশ্বাস কৰা কথাবোৰ মানুহক বুজাই দিয়া হ’ল, মানুহক অংশগ্ৰহণ কৰিবলৈ উদাত্তকণ্ঠে আহ্বান জনোৱা হ’ল। লগতে এই সমস্ত প্ৰক্ৰিয়াটোত নিজেও ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে লাভৱান হ’ল। তাৰ পিছত হঠাৎ এদিন দশকজুৰি সমৰ্থন আৰু পালন কৰি অহা সেই ৰাজনৈতিক মতাদৰ্শটো ত্যাগ কৰি সম্পূৰ্ণ বিপৰীত মেৰুত থকা আৰু দুদিন আগলৈকে নিজেই বিৰোধিতা কৰি থকা আন এটা ৰাজনৈতিক মতাদৰ্শৰ ঘোৰ সমৰ্থক হৈ পৰিল। আগতে নিজেই সমৰ্থন আৰু পালন কৰি অহা সকলোবোৰ মতাদৰ্শ আৰু দাৱীৰ বিৰুদ্ধে নতুনকৈ যুক্তি বিচাৰি পোৱা হ’ল। একেসময়তে দুটা ভিন্ন মতাদৰ্শৰ, দুদিন আগলৈকে ৰাজনৈতিক আদৰ্শগত শত্ৰুতা থকা মানুহ কিছুমানে নিজৰ নিজৰ নীতি-আদৰ্শবোৰ বিসৰ্জন/জলাঞ্জলি দি নতুন এটা নীতি-আদৰ্শ গ্ৰহণ কৰি পলকতে আদৰ্শগত মিলাপ্ৰীতিৰে ভাই-ভাই হৈ পৰিল।

এই কামবোৰ কেনে পৰিস্থিতিত, কি উদ্দেশ্যেৰে, কিহৰ আশাত বা কিহৰ অশংকাত কৰা হয়? এই কামবোৰক কি বুলি অভিহিত কৰা হয়? ৰাজনীতিৰ উদ্দেশ্য এতিয়া সেয়াই হৈছেগৈ নেকি? প্ৰয়াত ৰাষ্ট্ৰপতি আব্দুল কালামে কৈছিল – ৰাজনীতি দুবিধ – ক্ষমতাৰ ৰাজনীতি আৰু উন্নয়ণৰ ৰাজনীতি। কালামে কোৱা সেই উন্নয়ণৰ ৰাজনীতি অসমত আমি কেতিয়াবা দেখিবলৈ পামনে? এটা দুৰ্নীতিমুক্ত, স্বচ্ছ, দক্ষ আৰু উন্নয়নমুখী প্ৰশাসন ব্যৱস্থা আমি অসমত কেতিয়াবা পামনে? অসমৰ সমস্যাবোৰ সমাধান হ’বনে? প্ৰাকৃতিক আৰু মানৱ সম্পদেৰে সম্পদশালী অসম ভাৰতৰ ভিতৰতে এখন উন্নত, আগশাৰীৰ প্ৰদেশ কিয় হোৱা নাই বা হোৱাৰ আশা আছেনে? অসমীয়া ভাষা আৰু অসমৰ বাৰেৰহনীয়া সংস্কৃতিৰ ভবিষ্যৎ কি? – এই প্ৰশ্নবোৰ চিন্তা কৰি আছিলো। আচলতে এই প্ৰশ্নবোৰেই নহয়, সামগ্ৰিকভাৱে অসমত চলি থকা ৰাজনৈতিক কুচ-কাৱাজখিনিৰ বিষয়ে সাধাৰণভাৱে কথাবোৰ চিন্তা কৰি আছিলো। (আজিকালি অসমৰ বিষয়ে যিকোনো কথা চিন্তা কৰিলে পোনপ্ৰথমে অসমৰ ৰাজনীতিক আৰু অসমৰ ৰাজনীতিৰ শেহতীয়া কুচ-কাৱাজখিনিৰ কথাহে মনলৈ আহে।) অথচ অসমৰ ৰাজনীতিৰ বা ৰাজনীতিকসকলৰ বিষয়ে চিন্তা কৰাটো আজিৰ দিনত প্ৰায় অৰ্থহীন। কাৰণ অসমৰ ৰাজনীতিয়ে আজি সততা, দক্ষতা, মূল্যবোধ, নীতি-আদৰ্শ, আনুগত্য, ধাৰাবাহিকতা আদি সকলো হেৰুৱাই মাত্ৰ সুবিধাবাদ আৰু ক্ষমতাকেন্দ্ৰীক মিলা-নিমিলা, ক্ষণে ক্ষণে সলনি হোৱা অংক কিছুমানলৈ পৰ্য্যবসিত হৈছে। যোৱা মাত্ৰ কেইটামান মাহতে আমি এনে কিছুমান কথা শুনিবলৈ পাইছো, বা এনে কিছুমান বিষয়ত মৌনতা দেখিবলৈ পাইছো, বা নীতি-আদৰ্শ, আনুগত্য আদি জলাঞ্জলি দি এনে কিছুমান অসম্ভৱ যেন লগা কাম অনায়াসে সম্পন্ন হোৱা দেখিছো যে সেয়া আমি মূলত: অসমৰ এক ৰাজনৈতিক দুৰ্ভাগ্য বুলি কবলৈহে বাধ্য হৈছো। অৱশ্যে এনে ধৰণৰ কথা আৰু কামবিলাকে আমাক আজিকালি সিমান আচৰ্য্যচকিত নকৰে। তাৰ সলনি এইবিলাকে আমাক বিভ্ৰান্ত আৰু চিন্তিতহে কৰে। সেই বিভ্ৰান্তিয়ে আমাক এক বদ্ধমূল ধাৰণা দিছে যে – অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন বৰ্তমান উখল-মাখল যদিও, এই ৰাজনীতিয়ে অসমৰ উন্নয়ণৰ বাবে বা অসমৰ সাধাৰণ ৰাইজৰ সুখ-শান্তি-সমৃদ্ধিৰ বাবে বিশেষ একো কৰিবগৈ নোৱাৰে আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশে প্ৰকৃততে অসমৰ সাধাৰণ মানুহখিনিৰ মাজত একধৰণৰ ৰাজনৈতিক হতাশাৰহে সৃষ্টি কৰিছে। দুৰ্নীতি, অপশাসন, প্ৰতিশ্ৰুতিভংগ, সুবিধাবাদ, জাতি-ধৰ্মৰ ৰাজনীতি আদি কথাবোৰৰ স্পষ্ট বিৰোধিতা কৰা কেইজনমান উচ্চশিক্ষিত, পেছাদাৰী, দক্ষ, সাহসী আৰু সৎ লোক একেখন মঞ্চত একেলগে থিয় হৈ অসমৰ ৰাইজৰ সেই ৰাজনৈতিক হতাশা দূৰ কৰিব পাৰিলেহেঁতেন। সেই মঞ্চখনে আমাক এনে কেইজনমান জন-প্ৰতিনিধি দিব পাৰিলেহেঁতেন যি সঁচা অৰ্থত অসম আৰু অসমীয়াৰ জন-প্ৰতিনিধি হ’লহেঁতেন, যি আমাক, অসমৰ জাতি-জনগোষ্ঠীক, অসমৰ ভাষা-সংস্কৃতিক সুৰক্ষা দিলেহেঁতেন, আৰু যিসকলে দুৰ্নীতি আৰু অৱ্যৱস্থাবোৰ নিৰ্মূল কৰি অসমক এটা নিকা, দক্ষ আৰু উন্নয়নমুখী প্ৰশাসন ব্যৱস্থা দিলেহেঁতেন। সেই প্ৰশাসন ব্যৱস্থাটোৱে অসমত শান্তি আৰু সমৃদ্ধিৰ বাট প্ৰশস্ত কৰিলেহেঁতেন। কিন্তু আমাৰেই দুৰ্ভাগ্য যে এই ৰাজনৈতিক হতাশা দূৰ হোৱাৰ কোনো লক্ষণ আমি সদ্যহতে দেখা নাই।

বৰ্তমান আমি নেলচন মেণ্ডেলাৰ আত্মজীৱনী Long walk to freedom ৰ অসমীয়া অনুবাদ পঢ়ি আছো। সেই কিতাপখনতে পঢ়িবলৈ পালো – জীৱনৰ আগবয়সত মেণ্ডেলাই কাম কৰা আইন ফাৰ্মখনৰ এজন অংশীদাৰ লেজাৰ চাইল্ডস্কিয়ে ৰাজনীতি সম্পৰ্কে মেণ্ডেলাক এবাৰ কৈছিল – “মানুহৰ ভিতৰৰ কদৰ্য্য মানুহটোক যি বস্তুটোৱে বাহিৰলৈ আনে সেয়াই হ’ল পলিটিক্স।“ চাইল্ডস্কিৰ এই উক্তি হয়তো সম্পূৰ্ণ সঁচা নহয়, কিন্তু একেষাৰে অস্বীকাৰ কৰিব পৰা বিধৰো নহয়।

এনে এক উখল-মাখল অথচ হতাশজনক ৰাজনৈতিক পৰিৱেশৰ মাজতে অসমত আৰম্ভ হোৱা গ্ৰন্থৰ উৎসৱে (গ্ৰন্থমেলাই) আৰু সেই গ্ৰন্থৰ উৎসৱসমূহত মানুহৰ স্বত:স্ফূৰ্ত আৰু উৎসাহী অংশগ্ৰহণে মনলৈ কিছু সকাহ আনিছে। পৃথিৱীৰ প্ৰথমখন গ্ৰন্থমেলা ক’ত কেতিয়া হৈছিল সেই বিষয়ে এই মুহূৰ্তত আমাৰ হাতত নিশ্চিত তথ্য নাই যদিও ফ্ৰেংকফুৰ্টত প্ৰতি বছৰে অক্টোবৰ মাহৰ মাজভাগত অনুষ্ঠিত হোৱা ফ্ৰেংকফুৰ্ট গ্ৰন্থমেলাখনেই পৃথিৱীৰ আটাইতকৈ বৃহৎ গ্ৰন্থ মেলা সেই বিষয়ে আমাৰ দ্বিমত নাই। ১৭ শ শতিকাত ফ্ৰেংকফুৰ্ট চহৰৰ কাষতে থকা মেইন্‌জ্‌ চহৰত জোহান্‌ছ গুটেনবাৰ্গে ছপাশাল আবিষ্কাৰ কৰিছিল আৰু ঠিক তাৰ পিছতে কেইজনমান স্থানীয় কিতাপ বিক্ৰেতাই ফ্ৰেংকফুৰ্ট চহৰত নিচেই সৰুকৈ এখন গ্ৰন্থমেলাৰ আয়োজন কৰিছিল। সেই সৰু গ্ৰন্থমেলাখনেই কালক্ৰমত আহি আহি আজি বিশ্বৰ আটাইতকৈ বিশাল, আটাইতকৈ সন্মানীয়, আৰু সবাতোকৈ বেছি অংশগ্ৰহণকাৰী থকা গ্ৰন্থমেলাত পৰিণত হৈছেহি। ভাৰতৰ ভিতৰতে পুৰনি আৰু সৰহ সংখ্যক অংশগ্ৰহণকাৰী থকা গ্ৰন্থমেলা বুলি ক’লে আমি দিল্লীত ১৯৭২ চনত আৰম্ভ হোৱাৰে পৰা প্ৰতিবছৰে অনুষ্ঠিত হৈ থকা “নতুন দিল্লী ৱৰ্ল্ড বুক ফেয়াৰ”ৰ নাম ল’ব পাৰো। আমাৰ সৌভাগ্য যে যোৱা প্ৰায় ১৫ বছৰ ধৰি আমি দিল্লীৰ এই গ্ৰন্থমেলাখনৰ এজন নিয়মীয়া দৰ্শক আৰু গ্ৰাহক। অৱশ্যে যোৱা বেছ কিছু বছৰ ধৰি অসমৰ গ্ৰন্থমেলাসমূহত আমি উপস্থিত থাকিব পৰা নাই। অসমত গ্ৰন্থমেলাসমূহে প্ৰতিবছৰে যিধৰণে আশাপ্ৰদ সহাৰি পাই আহিছে সেয়া আমাৰ বাবে এক অতি ভাল খবৰ।

আমি আশা কৰিছো এই গ্ৰন্থৰ উৎসৱবিলাকে প্ৰতিবছৰে অসমৰ সাহিত্যৰ পৰিৱেশটো উন্নত কৰি যাব, কিতাপৰ আদৰ দিনে দিনে বাঢ়িব, লেখকসকলৰ (লেখিকা শব্দটোও লগতে সামৰিছো) মাজত নৱীন-প্ৰৱীণৰ মাজৰ ব্যৱধানটো কমি কমি গৈ এদিন নাইকিয়া হ’ব, উপযুক্ত লেখকসকলে বিনাবাধাই স্বীকৃতি পাব বা তেওঁলোকক বিনাদ্বিধাই স্বীকৃতি দিয়া হ’ব, লেখকৰ লগতে পঢ়ুৱৈৰ সংখ্যাও সমানুপাতিকভাৱে বাঢ়িব, লেখক-প্ৰকাশক-পাঠক পৰস্পৰে পৰস্পৰৰ আৰু ওচৰ চাপিব, অসমীয়া ভাষাত গ্ৰন্থ ৰচনা আৰু অসমীয়া ভাষাৰ গ্ৰন্থ প্ৰকাশ – দুয়োটাই অৰ্থনৈতিকভাৱে লাভৱান কাম হ’ব। লগতে আমি আশা কৰিম অসমৰ ডাঙৰ ডাঙৰ চহৰসমূহৰ লগতে সৰু সৰু, দুৰণিবটীয়া গাওঁ-চহৰসমূহতো প্ৰতিবছৰে নহলেও অন্তত: দুবছৰৰ মূৰে মূৰে, সৰুকৈ হলেও নিয়মীয়াকৈ গ্ৰন্থমেলাৰ আয়োজন কৰা হওক। প্ৰতিখন তেনে গাওঁ-চহৰত ৰাজহুৱা পুথিভঁৰাল হওক। আগ্ৰহীজনে কিতাপ পঢ়াৰ আনন্দৰপৰা কোনো কাৰণতে বঞ্চিত নহওক।
(লেখাটোত প্ৰকাশিত মতামত লেখকৰ একান্ত ব্যক্তিগত আৰু পদৱী/কাৰ্য্যালয় আদিৰ সৈতে কোনো সম্পৰ্ক নাই।)

No comments:

Post a Comment