জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


টেঙেচী আৰু কনবিলাহীৰে ভাঙন মাছৰ আঞ্জা
 গীতা দত্ত

উপকৰণঃ
১. টেঙেচী শাকঃ  ১মুঠি।
২. কনবিলাহী ১৫টা মান।
৩. ভাঙন মাছ অলপ ভাল চাইজৰ ৫টা মান।
৪. নহৰু ১০ ফোটা।
৫. পাঁচ ফোৰণ অকনমান।
৬. কেঁচা জলকীয়া দুটা।

ৰন্ধন প্ৰণালীঃ
এখন কেৰিহীত অকনমান মিঠাতেল চীমৰ জুই কমকৈ ৰাখি গৰম কৰি লব। ভাঙন মাছ কেইটাত অলপ  নিমখ হালধি আণ্ডাজমতে সানি লৈ তেলত ভাজি লওক। একেবাৰে ৰঙাকৈ নাভাজিব, আধা ভজা ৰাখিলেই হব। মাছ কেইটা কাঢ়ি বাচন এটাত থৈ লওক।

একেই তেলত অকনমান পাঁচ ফোৰণ দি লগতে নহৰু কেইফোটাও দিয়ক। কেঁচা জলকীয়া কেইটাও মাজতে দীঘলীয়াকৈ ফালি দিব পাৰে। এতিয়া টেঙেচী শাকখিনি ভালকৈ ধুই তাত দি দিয়ক আৰু ৫মিনিট মান কম জুইতে ঢাকোন দি সিজিবলৈ দিয়ক। তাৰ পাছত কনবিলাহী কেইটা দি দিয়ক। এতিয়া নিমখ আৰু হালধি আন্দাজ মতে দি দিয়ক। দেখিব ১০মিনিট মানৰ ভিতৰতে জুতি লগা আঞ্জাখন তৈয়াৰ হৈ গৈছে। এতিয়া গৰম গৰমকৈ ভাতৰ সৈতে পৰিবেশন কৰি অসমীয়া ব্যঞ্জনটোৰ সোৱাদ লওক।

আন সকলো জুতি লগা আখল দিহা পঢ়িবৰ বাবে ক্লিক কৰিব পাৰেঃ
 http://www.xukhdukh.com/p/blog-page_5365.html
আৰু লঘু আহাৰৰ ৰেচিপিৰ বাবে ক্লিক কৰকঃ
http://www.xukhdukh.com/search/label/JUTI-LAGA-AKHAL
আপোনালোকেও এই ফৰমেটত ফটোসহ আখলৰ দিহা আমালৈ পঠাব পাৰে। ই-মেইলঃ xukhdukh@gmail.com

No comments:

Post a Comment