মুকলি চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাহিত্য অকাডেমী বঁটা বিতৰ্ক আৰু দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এটি বক্তব্য
প্ৰতি সম্পাদক,
এই লেখাটি মূলত: অসমৰ এচাম লব্ধ প্ৰতিষ্ঠিত সাহিত্যিকে শেহতীয়াকৈ সাহিত্য অকাডেমী বঁটা ওভটাই দি কৰা প্ৰতিবাদৰ বিষয়ে কোৱা কথাবোৰ, দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত তেওঁলোকৰ স্থিতি বা স্থিতিৰ অভাৱ ইত্যাদি বিষয়ত আমাৰ প্ৰতিক্ৰিয়া। আপোনাৰ কাকতকে ধৰি বিভিন্ন কাকতৰ জৰিয়তে আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব পাৰিছোঁ। নগেন শইকীয়াই ১১ অক্টোবৰৰ দৈনিক জনমভূমিৰ পাতত "দাদ্ৰি-কাণ্ড আৰু অকাডেমি বঁটা" শীৰ্ষক লেখাত মূখ্যত: তিনিজন সাহিত্যিকৰ কথা উল্লেখ কৰি (সম্ভৱত: সেই মূহুৰ্তত তেওঁলোক মূখ্যত: বাতৰিত থকাৰ বাবে) বৰ্তমানৰ প্ৰতিবাদৰ বিষয়ে দু-আষাৰ মান কৈছে, আৰু দেশৰ পৰিস্থিতি সন্দৰ্ভতো ক'বলৈ যত্ন কৰিছে। সম্ভৱত: তেখেতৰ লেখাটোৱেই শেহতীয়াকৈ সাহিত্যিকৰ প্ৰতিবাদ সংক্ৰান্তত অসমীয়াত বিস্তৃত লেখা আৰু পৰৱৰ্তী সময়ত আন একাংশ সাহিত্যিকে কোৱা কথা কেতবোৰো তেওঁৰ বক্তব্যত পোৱা যায়। গতিকে আমি তেওঁৰ লেখাটোত ইয়াত বিশেষ গুৰুত্ব দিম। দূৰ্ভাগ্যবশত: শইকীয়াই লেখক-সাহিত্যিকসকলৰ প্ৰতিবাদৰ তাৎপৰ্য, প্ৰেক্ষাপট উপলব্ধি কৰিবলৈ যত্ন কৰা নাই; দেশৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কেও তেওঁ কোনো গভীৰ অন্তৰ্দৃষ্টি প্ৰকাশ কৰিব পৰা নাই। 
 
প্ৰথম কথা আমি লক্ষ্য কৰিছোঁ যে, শইকীয়াই সাহিত্যিকসকলৰ প্ৰতিবাদৰ পটভূমি একধৰণে যথেষ্ট সংকীৰ্ণ কৰি লৈছে। এনে প্ৰতীয়মান হয় যেন সাহিত্যিকসকলৰ প্ৰতিবাদৰ কাৰণ দাদ্ৰী কাণ্ড মাথোঁ। দাদ্ৰী নিশ্চিতভাৱে একধৰণৰ অনুঘটক; আৰু নয়নতাৰা চেহগালে অকাডেমী ওভটাই দিয়াৰ পিছত আন বহু লেখকে এক প্ৰতিবাদৰ ভাষা পালে। কিন্তু তাৰো এমাহমান আগেয়ে হিন্দী ভাষাৰ সাহিত্যক উদয় প্ৰকাশে বঁটা ওভটাই দিছিল কৰ্ণাটকৰ লেখক-বুদ্ধিজীৱী কালবুৰ্গীৰ হত্যাৰ প্ৰতিবাদত তথা এই ক্ষেত্ৰত অকাডেমীয়ে সবল প্ৰতিবাদ নকৰা বাবে। একেসময়ৰ ওচৰে-পাজৰে কৰ্ণাটক সাহিত্য পৰিষদৰ বঁটা ওভটাই দিছিল ছয়জন লেখকে এই ঘটনা সংক্ৰান্তত। অৰ্থাৎ ইতিমধ্যেই এক প্ৰতিবাদৰ বাতাৱৰণে জন্ম পাইছিল। মহাৰাষ্ট্ৰত দুজন যুক্তিবাদীৰ হিন্দুত্ববাদীৰ হাতত নিহত হোৱা ঘটনাইও সচেতন বৌদ্ধিক মহলক উদ্বিগ্ন কৰি তুলিছিল। এইবোৰ কথা-বাৰ্তা শইকীয়াই মন নকৰিলেও নয়নতাৰা চেহগালৰ প্ৰকাশিত চিঠিখনেই স্পষ্টভাৱে ভালেখিনি কথা কৈছে। আমি মাথোঁ সামৰণিৰ বাক্যকেইটাই ইয়াত তুলি দিলোঁ:
 
“In memory of the Indians who have been murdered, in support of all Indians who uphold the right to dissent, and of all dissenters who now live in fear and uncertainty, I am returning my Sahitya Akademi Award”
 
বঁটা ওভটাই দিয়া প্ৰায়খিনি লেখকে বিভিন্ন ধৰণে কোৱা কথাখিনিৰ মূল বক্তব্য- দাদ্ৰী হত্যাই হওঁক, লেখক-সাহিত্যিকৰ হত্যা বা তেওঁলোকক ভাবুকি দিয়া, বিশেষকৈ গো-ৰাজনীতিৰ দ্বাৰা মানুহৰ খাদ্যাভ্যাসকো নিয়ন্ত্ৰণ কৰিবৰ ফেচিষ্ট চেষ্টা আদিৰ দ্বাৰাই হওঁক এক সংখ্যাগৰিষ্ঠকেন্দ্ৰিক ৰাজনৈতিক শক্তিয়ে ভাৰত বুলি আমি কল্পনা কৰা বহুত্ববাদী, গণতান্ত্ৰিক, ধৰ্ম-নিৰেপক্ষ ৰাষ্ট্ৰখনৰ মূল কাঠামোত আঘাত কৰিছে। নগেন শইকীয়াৰ লেখাটোত এই প্ৰসংগবোৰ বিশষ নাই। কালবুৰ্গী, দাভোলকাৰ প্ৰসংগ, লেখক-সাহিত্যিক, শিল্পৰ স্বাধীনতাৰ ওপৰত organised আক্ৰমণৰ প্ৰসংগ তেওঁ উল্লেখেই কৰা নাই। ফলত আমি পূৰ্বে কোৱাৰ দৰে পৰিস্থিতিৰ ভয়াৱহতা আৰু জটিলতা তেওঁ উপলব্ধি কৰা নাই। ঠিক একেদৰে দুই-এজনে আগেয়ে বিভিন্ন সময়ত বৰ্তমান বঁটা ওভটাই দিয়াসকলে প্ৰতিবাদ নকৰাৰ প্ৰসংগ টানি আনি এতিয়াৰ স্থিতিক প্ৰশ্ন কৰিছে-- কিন্তু তেওঁলোকৰ নিজৰ স্থিতি কি সেইবিষয়ে কোনো স্পষ্ট অৱস্থান আমি দেখা নাই। ফলত অসমৰ এই বিদগ্ধসকলৰ কথাবোৰ ল'ৰা-ধেমালিহে হৈ পৰিছে। 
 
দ্বিতীয়তে, শইকীয়াই প্ৰতিবাদৰ ধৰণৰ প্ৰসংগত অকাডেমীৰ চৰকাৰৰ পৰা স্বাত্যন্ত্ৰৰ কথা উল্লেখ কৰিছে। আন কেইজনমান সাহিত্যকেও এই দিশত কথা কেতবোৰ কৈছে। তেওঁলোকৰ কথাটো এনেকুৱাধৰণৰ যে-- অকাডেমী হৈছে চৰকাৰৰ পৰা পৃথক অনুষ্ঠান, ই স্বতন্ত্ৰ, গতিকে সাহিত্য একাডেমীৰ বঁটা ওভটাই দি প্ৰতিবাদ কৰা যুক্তিযুক্ত নহয়। তেওঁলোকৰ কথাখিনি ওপৰুৱাধৰণে সঁচা হ'লেও অকাডেমী একধৰণে ৰাষ্ট্ৰ আৰু ইয়াৰ কাঠামোত থকা কেতবোৰ প্ৰগতিশীল ধ্যান-ধাৰণাৰ বাহক; তেনেস্থলত যেতিয়া এই মূল্যবোধবোৰ আক্ৰমণৰ মুখত পৰে আৰু শাসকপক্ষই স্পষ্টভাৱে সেইবোৰক উদ্গনি দিয়ে, তেতিয়া স্বতন্ত্ৰ অনুষ্ঠান এটাই প্ৰতিবাদ কৰা,স্পষ্ট স্থিতি গ্ৰহণ কৰা জৰুৰী নহয় নেকি? এই প্ৰশ্নটোৱেই জানো লেখকসকলে প্ৰতিবাদৰ জৰিয়তে উপস্থাপন কৰা নাই? দৰাচলতেই একোটা 'স্বতন্ত্ৰ' অনুষ্ঠানৰ পৰা এনে প্ৰতিবাদ আহিব পৰা বা এনে অনুষ্ঠানে তুলি ধৰা আদৰ্শ শাসকৰ মতৰ লগত নিমিলা হ'ব পৰা হেতুকে বৰ্তমানৰ সংখ্যাগৰিষ্ঠতাবাদী চৰকাৰে বিভিন্ন অনুষ্ঠানত নিজৰ মানুহ বহোৱাৰ ৰাজনীতি এটা চলাই আছে আৰু য'ত বিৰোধৰ সমুখীন হৈছে তাতে দমন-নীতিৰ সহায় লৈছে। খোদ গুৱাহাটীতে পুণেৰ FTTI ত চলি থকা ঘটনাক লৈ সভা অনুষ্ঠিত হৈ গৈছে। বৰ্তমানে চৰকাৰৰ নীতিয়েই হৈছে হয় নীৰৱে থকা বা আমাৰ মতে চলা; বা দমনৰ মুখা-মুখি হোৱা। এনে মূহুৰ্তত calculated silenceয়ে অনুষ্ঠান এটাক ভিতৰৰ পৰাই দূৰ্বল কৰি পেলাব পাৰে; আৰু এনে মৌনতা এক্ধৰণৰ সন্মতিয়েই। 
 
শইকীয়াৰ আকৌ এটি প্ৰশ্ন হ'ল: 'এনে প্ৰতিবাদৰ যদি কোনোবাই ব্যাখ্যা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰা ৰাজনৈতিক প্ৰতিবাদ স্বৰূপে দাঙি ধৰে তাৰ গ্ৰহণযোগ্য উত্তৰ কি হ'ব? এইটো এটা আচৰিতধৰণৰ প্ৰশ্ন। লক্ষ্মীনন্দন বৰাই আকৌ পোনে পোনেই কৈছে 'মই ৰাজনীতিৰ গোন্ধ পাইছোঁ'। ৰাজনৈতিক কাৰণত বঁটা ঘূৰাই দিয়াৰ বিৰোধিতা কৰিছে হৰেকৃষ্ণ ডেকাইও। আমি এটা কথা অন্তত: আশা কৰিম যে ব্যাপক পৰিসৰৰ ৰাজনীতিৰ অৰ্থত নিশ্চয় এই সাহিত্যিকসকলে সাহিত্য আৰু ৰাজনীতিৰ মাজৰ সম্পৰ্কক তেল আৰু পানীৰ দৰে নাভাবে। আৰু সেয়ে আমি আশা কৰোঁ যে বঁটা ওভটাই দিয়ে সাহিত্যিকসকলে যে ভূলে-শুদ্ধই এই ব্যাপক ৰাজনৈতিক প্ৰশ্নটোৰ সন্দৰ্ভত নিজৰ বক্তব্য ৰাখিছে, সেই কথা বঁটা ঘুৰাই দিয়াটো ফলপ্ৰসূ নহয় বুলি ভবাসকলেও বুজিবলৈ যত্ন কৰক। এই কথাটো যদি মনত ৰাখে, তেনেহ'লে হয়তো নগেন শইকীয়াৰ প্ৰশ্নটোৰ দৰে অবান্তৰ প্ৰশ্ন কৰিবলগীয়া নহ'ব। লেখক সকলে যিবোৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে, তাৰ অংশৰূপে বৰ্তমানৰ চৰকাৰ, চৰকাৰ চলোৱা দলৰ আদৰ্শৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱা স্বাভাৱিক। বিশেষকৈ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ, বিজেপি দলৰ আৰু তেওঁলোকৰ সাংগো-পাংগসকলৰ কাৰ্য-কলাপৰ বাবে (আনকি যিবোৰ ৰাজ্যত তেওঁলোকৰ চৰকাৰ নাই তাতো), সেই প্ৰশ্ন উত্থাপন হ'বই। বিজেপি দলৰ বিভিন্ন কৰ্মী আৰু ৰাম সেনা, সনাতন সংস্থা আদি হিন্দুত্ববাদী সংগঠনৰ কথা-বাৰ্তাত কিবা এটা তফাৎ আছে নে? আনকি যোৱা লোকসভা নিৰ্বাচনৰ সময়ত গো-মাতাৰ নামত উগ্ৰ ভাষণ আমাৰ এতিয়াৰ প্ৰধানমন্ত্ৰীয়ে দি ফুৰিছিল। 
 
দেশৰ সাম্প্ৰতিক অৱস্থাৰ বিষয়ে ক'বলৈ গৈ শইকীয়াই মূলত: যিটো কথা ক'লে, সেইখিনি যথেষ্ট খেলি-মেলিৰে ভৰা আৰু সেইবিষয়ে যথেষ্ট ক'বলগীয়া আছে। অৱশ্যে, আমি আমাৰ কথাখিনি সাম্প্ৰতিকে চমুৱাই ৰাখিম। তেওঁ মূল সমস্যাটো ধৰ্মান্ধতাত বিচাৰি পাইছে। শইকীয়াই অৱশ্যে ৰাজনীতিৰ প্ৰসংগত মাত্ৰ ধৰ্ম আৰু ৰাজনীতিৰ সংমিশ্ৰণে ইতিহাসত সমস্যাৰ সৃষ্টি কৰি আহিছে আৰু সুবিধাবাদী ৰাজনীতি-জাতীয় সাধাৰণীকৰণ অলপমানহে দিলে। পোনতেই কৈ লওঁ, ধৰ্মান্ধতাৰ প্ৰতিবাদ হোৱা বান্চনীয় আৰু ধৰ্মৰ আভ্যন্তৰীণ আলাপ-আলোচনাবোৰো অতি দৰকাৰী। কিন্তু সৰলীকৰণে আমাক বাট দেখুৱাব নোৱাৰে। 
 
অসমতেই যদি চাওঁ, কোনো স্থিৰ এক গোটাধৰণৰ ধৰ্মীয় পৰিচয় আমাৰ সমুখলৈ পোনেই নাহে; তদুপৰি জনগণ আৰ্থিকধৰণে বহুধাবিভিক্ত; ধৰ্ম যিহেতু আছে ধৰ্মীয় বিভিন্ন পৰম্পৰাও আছে আৰু সেইবোৰৰ প্ৰাচীনত্বকলৈ সম্প্ৰদয়বোৰৰ নিজৰ নিজৰ মীথকবোৰো আছে; অথচ দৈনন্দিন এইবোৰৰ উদ্‌যাপনৰ সমান্তৰালভাৱে ৰাইজ কৃষক মুক্তি সংগ্ৰাম হওঁক বা আন বিভিন্ন সৰু-সুৰা নিজৰ অস্তিত্বৰ সৈতে জড়িত আন্দোলনতো জড়িত হৈ পৰে। কিন্তু এই কথাও মন কৰিব লাগিব যে, সংবাদ মাধ্যম, চচিয়েল মিডিয়া আদিৰ দ্বাৰা আৰ্থ-ৰাজনৈতিক ব্যৱস্থাটোৱে এক আধিপত্যকামী হিন্দুত্বধৰণৰ পৰিচয়েৰে অসমীয়া পৰিচয়ক বান্ধিবলৈ কেইবছৰমান ধৰি অহৰহ প্ৰচেষ্টা চলাই আছে, শংকৰদেৱ বিদ্যা নিকেতনৰ দৰে বিদ্যালয়ত অহৰহ হিন্দুত্বৰ গৌৰৱৰে গৌৰৱান্বিত হ'বলৈ শিশুসকলক প্ৰৰোচিত কৰি অহা হৈছে-- যাৰ শেহতীয়া পৰ্যায়ত গৰু ৰাজনীতিও জড়িত হৈ পৰিছে। কোনো পূৰ্ব নিৰ্ধাৰিত ধৰ্মান্ধৰ ৰেডিমেদ গোট এটা বিচৰাৰ পৰিৱৰ্তে এই monolithic পৰিচয় নিৰ্মাণৰ প্ৰক্ৰিয়াটোৰ ৰাজনীতিলৈ গুৰুত্ব দিয়া ভাল; হয়তো ধৰ্মান্ধতাক গুৰি বুলি ভবাৰ পৰিৱৰ্তে এক বিশেষ আৰ্থ-ৰাজনৈতিক ব্যৱস্থাৰ আধিপত্যৰ লক্ষণ হিচাপেহে ধৰ্মান্ধতাৰ গোটটো অধ্যয়ণ কৰিব পাৰি নেকি ভাবি চাব পাৰি। এই সামাজিক-ঐতিহাসিক অধ্যয়ণ অবিহনে বিনা প্ৰশ্নে ধৰ্মান্ধতাকলৈ ইননি-বিননি তুলিবলৈ গ'লে বুদ্ধিজীৱীসকলেও আচলতে enlightenment ৰ কাহিনী এটাৰ(য'ত তেওঁ নিজৰ অস্তিত্ব আৱিস্কাৰ কৰে)-- প্ৰতিমুখে ধৰ্মান্ধ, মানসিক অন্ধতাৰ ভুক্তভোগী জনসাধাৰণৰ ধাৰণা পূন:নিৰ্মাণ কৰি থাকিব আৰু জনসাধাৰণৰ মাজত থকা প্ৰতিবাদী, প্ৰগতিশীল সম্ভাৱনা কেতবোৰক নাকচ কৰি থাকি শাসকৰ সহায় কৰিব। 
 
এই কামবোৰক ৰাজনীতিকৰ ভোটৰ অংক বুলি ভাবিলেও হয়তো পৰিস্থিত ভালকৈ উপলব্ধি কৰিব নোৱাৰিম। উদাহৰণস্বৰূপে,কিছু খা-খবৰ কৰিলে গম পোৱা যাব যে বৰ্তমান লক্ষাধিক মুছলিম কুৰেশ্বি সম্প্ৰদায়ৰ পুৰুষানুক্ৰমে চলি অহা বৃত্তি এটা ধংস কৰি মহাৰাষ্ট্ৰত গো-মাংস নিষিদ্ধকৰণ, গো-মাতা ৰক্ষাৰ হুলস্থুলেৰে, হিংসাত্মক কাৰ্য-কলাপৰ বিভীষিকাৰে দেশত সংকুচিত কৰা বজাৰখনে কিদৰে ৰপ্তানি-কেন্দ্ৰিক বজাৰখনৰ বৃদ্ধিত সহায় কৰিব পাৰে- যি ব্যৱসায়ত যথেষ্ট-সংখ্যক উচ্চবৰ্ণীয় হিন্দু লোকো মালিক। অৰ্থাৎ, মূল কাৰণত ধৰ্মৰ প্ৰশ্নটো নায়েই, অৰু সুবিধাবাদী ৰাজনৈতিক নেতাতকৈও মন কৰিবলগীয়া কথা হ'ল গ্লোবেলাইজদ অৰ্থনীতি আৰু তাৰ মাজত ভাৰতৰ বিশেষ বৰ্ণ কেতবোৰৰ পৰম্পৰাগত আধিপত্য বজাই ৰখাৰ ব্যৱস্থা এটা নিৰ্মাণৰ কাহিনী এটাহে অবিৰাম চলি আছে। সাধৰণতেই, সেয়ে, বিজেপিৰ আৰু সাংগো-পাংগসকলৰ হিন্দুত্ববাদী এজেণ্ডাক 'বিকাশ'ৰ স্বাৰ্থত আওকাণ কৰাসকলে লক্ষ্য কৰা দৰকাৰ যে হিন্দুত্ববাদী নাটকখনৰ আঁৰত কেন্দ্ৰীয় চৰকাৰে ক্ৰমশ: কংগ্ৰেছী আমোলৰ জনবিৰোধী কামবোৰো আগুৱাই নিছে- সেয়া শ্ৰমিক আইনেই হওঁক, পৰিৱেশ-সংক্ৰান্তীয় নিয়মেই হওঁক। 'বিকাশ' মন্ত্ৰেৰে নব্য-উদাৰবাদক আগুৱাই নিয়া, আনফালে বিভিন্ন ধৰণে হিন্দুত্বৰ কাৰ্যসূচী ৰূপায়ণেৰে উচ্চবৰ্ণীয় আধিপত্য সেই ব্যৱস্থাত বজাই ৰখা- এই দুয়োটা এটা আনটোৰ পৰিপূৰকহে। লেখক-সাহিত্যিকৰ প্ৰতিবাদও একধৰণে এই দুয়োটা দিশৰ সৈতে জড়িত হোৱাৰ পৰিৱৰ্তে এটা দিশৰ সৈতে জড়িত হৈ পৰিছে। 
 
এইখিনিতে আমি ভাবোঁ যে লেখক-সাহিত্যিকৰ বঁটা ওভটাই দি কৰা কাৰ্যৰ প্ৰতিবাদৰ কেতবোৰ সীমাৱদ্ধতা ধৰণলৈ মন কৰিব লাগিব। অৱশ্যে ই এক অৰ্থত এক সমূহীয়া ব্যৰ্থতাও। উদাহৰণস্বৰূপে, তেওঁলোকে যি idea of India দাঙি ধৰিছে, সেই ধাৰণাক বিভিন্ন সময়ত দলিত-বহুজন অৱস্থানৰ পৰা হওঁক বা অসম, কাশ্মীৰ, মণিপুৰ আদি অন্চলৰ অৱস্থানৰ পৰা হওঁক সমালোচনা কৰি অহা হৈছে; শ্ৰমিক শ্ৰেণীৰ অৱস্থানৰ পৰাও তাৰ সমালোচনা সম্ভৱ। এনে অৱস্থাত, প্ৰশ্ন উত্থাপন হোৱা স্বাভাৱিক যে যদিহে ই শাসনাধিষ্ঠৰ বিৰুদ্ধে এক সমূহীয়া প্ৰতিবাদলৈ ৰূপান্তৰিত হ'বলৈ হয়, তেনেহ'লে ভাৰতৰ ধাৰণাক বিশ্বাস নকৰা বা তাৰ পৰা দূৰত্ব বজাই ৰখা গোট/বৰ্গই এইক্ষেত্ৰত কেনেদৰে অংশ ল'ব পাৰে। প্ৰশ্নটো আৰু সঠিকভাৱে ৰাখিবলৈ গ'লে সম্ভৱ এয়াহে যে লেখক-সাহিত্যিকসকলে নিজকে এই গোট/বৰ্গবোৰৰ প্ৰতিবাদৰ সৈতে চামিল কৰিবনে? অসমৰ সংক্ৰান্তত সামূহিক ব্যৰ্থতাৰ এটা ৰূপ এনে যে আমাৰ একসংখ্যক সাহিত্যিকে এনে প্ৰশ্নৰ বিষয়ে ভবাতকৈ বঁটা গ্ৰহণৰ বিৰোধিতাৰ টুলুঙা যুক্তি নিৰ্মাণত পটুতা দেখুৱাই আছে। আন এটা কথা হৈছে বৰ্তমান বিতৰ্কৰ এক কেন্দ্ৰীয় বিষয় হৈ পৰিছে প্ৰকাশৰ স্বাধীনতা; অৱশ্যেই ই এটা গুৰুত্বপূৰ্ণ প্ৰসংগ। কিন্তু মত প্ৰকাশৰ স্বাধীনতাক কেন্দ্ৰ কৰিয়েই মূল-সুতিৰ সংবাদ-মাধ্যমবোৰে যেতিয়া সাহিত্যিকসকলৰ প্ৰতিবাদৰ প্ৰশংসা কৰে আৰু একেসময়তে বঁটা কিয় ঘূৰাই দিব নালাগে যেতিয়া লেখাৰে আমাক বঁটাৰ বিতৰ্কতে ব্যস্ত ৰাখে আৰু শাসকেও নিজৰ পক্ষত মত প্ৰকাশৰ শ্বহীদ আৱিস্কাৰ কৰে, তেতিয়া সম্ভৱত: আমি নজৰ দিয়া ভাল আমাক কোনটো প্ৰসংগৰ পৰা আঁতৰাই ৰখা হৈছে। এইখিনিতেই সম্ভৱ আমি আৰ্থ-ৰাজনৈতিক প্ৰসংগ, চৰকাৰৰ নব্য-উদাৰনৈতিক ব্যৱস্থালৈ দৃষ্টি দিয়া দৰকাৰ আৰু বঁটা ঘূৰাই দিয়াকলৈ অনাহক বিতৰ্ক এটাৰ পৰিৱৰ্তে বৰ্তমান ভাৰতৰ চুকে-কোণে ছাত্ৰ, শ্ৰমিক, কৃষক আদিয়ে নব্য-উদাৰতাবাদী চৰকাৰী নীতিৰ প্ৰেক্ষাপটত চলাই ৰখা প্ৰতিবাদলৈ দৃষ্টি নিক্ষেপ কৰা প্ৰয়োজন। 
 
ইতিমধ্যে অসমৰ দুজন সাহিত্যিকে বটা ওভটাই দি সৰ্বভাৰতীয় প্ৰতিবাদত চামিল হৈছে; কিন্তু অসমৰ বৌদ্ধিক জগতৰ ফোপোলা ৰূপ এনে যে যিদৰে এচামে সাহিত্যিকে বঁটা ঘূৰাই দিয়া-নিদিয়াকে মূল ইছ্যু কৰি বিতৰ্কত লিপ্ত হৈ মূল প্ৰসংগবোৰৰ পৰা আঁতৰি আছে, ঠিক সেইদৰে হোমেন বৰগোহাঞিয়ে বঁটা ঘূৰাই দিও শাসক পক্ষক কৌশলগত সমৰ্থন দিছে। অসমৰ বৌদ্ধিক সমাজৰ এই টালি-বাজিবোৰৰ বিপৰীতে কিন্তু সময়ৰ দাবী হৈছে প্ৰতিবাদ কৰা তথা প্ৰতিবাদৰ পন্থা সম্পৰ্কে আলোচনা কৰা তথা প্ৰতিবাদৰ কাৰণ কি তাক বুজিবলৈ যত্ন কৰা ; আমি আশা কৰিম গণতান্ত্ৰিক মতাদৰ্শত বিশ্বাসীসকলে এই ঐতিহাসিক দায়িত্বৰ বাবে ঐক্যৱদ্ধ হ'ব। 
                                                                            বিনীত
অংকুৰ তামুলী ফুকন, গৌৰৱ ৰাজখোৱা
নয়নজ্যোতি, ময়ুৰ চেতিয়া, মহেশ ডেকা,
বিদ্যুত সাগৰ বৰুৱা, দেৱব্ৰত দাস,
ৰশ্মিৰেখা বৰা, কমল কুমাৰ তাঁতী,
বিপাশা বৰা, প্ৰফুল্ল নাথ, ননী ,
অংশুমান গগৈ, অমৃতা প্ৰীতম গগৈ

No comments:

Post a Comment