Thursday, November 12, 2015

মনৰ কথা

অসম লোকসেৱা আয়োগৰ জীয়া বাস্তৱ 
ডাঃ বিৰাজ কুমাৰ শৰ্মা
অৱশেষত আশা কৰা মতেই চাকৰিটো নহ'ল৷ সেই বিশেষ দিনটোত, অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পশু চিকিৎসকৰ সাক্ষাতকাৰ দিবৰ বাবে হাতত ফাইলটো লৈ আগবাঢ়িছিলো৷ এনেয়ে এটা ভয় যে এপিএচছিত হেনো ফিটিং নহলে চাকৰি নহয়৷ তথাপিও নিজৰ জ্ঞান-বুদ্ধিৰ ওপৰত বিশ্বাস আছে যেতিয়া আগবাঢ়িলো সাক্ষাতকাৰৰ মুখামুখি হবলৈ৷

কৰবাত পঢ়িছিলো যে কোনোবা বিদেশী ৰাষ্ট্ৰত চাকৰিৰ বাবে সাক্ষাতকাৰ দিব অহা প্ৰাৰ্থী এজনক হেনো সোধা হৈছিল যে দুৱাৰমুখত থকা কাৰ্পেটখনত ভৰি মচি অহা হৈছেনে নাই৷ যেতিয়া প্ৰাৰ্থীজনে মচি অহা বুলি কলে, তেতিয়া তেওঁক কলে যে "তুমি মিছা কথা কৈছা কাৰণ আমাৰ দুৱাৰমুখত কতো কাৰ্পেট নাই৷ তুমি প্ৰথমতেই মিছা মাতিছা যেতিয়া চাকৰি পালে গোটেই চাকৰি জীৱনত ফাঁকি দিবা আৰু এনে ব্যক্তিৰ পৰা আমাৰ দেশৰ ক্ষতি হব৷ তুমি এই পদৰ বাবে আমাৰ দৃষ্টিত অযোগ্য৷" সেয়েহে সকলো দিশ চাই চিতি ল’লো৷

সাক্ষাত গ্ৰহণকাৰী আয়োগৰ সদস্যজনে আঙুলিয়াই দিলে অসম চৰকাৰৰ পশুপালন বিভাগৰ প্ৰতিনিধি জনলৈ৷ প্ৰথম প্ৰশ্ন আছিলে যে বৰ্তমান অসমত ভয়ানক ভাৱে বৃদ্ধি পোৱা গঁড় হত্যা ৰোধ কৰিবলৈ কেনে পদক্ষেপ লোৱা উচিত৷ এই বিষয়ে মই বহুকেইখন কাকতত মোৰ অভিমত প্ৰকাশ কৰিছিলো৷ সেইবাবে কৈ গ’লো কেনেদৰে আগবাঢ়িব লাগিব, কেনেদৰে প্ৰথমতে চোৰাং বজাৰখন উচ্ছেদ কৰিবৰ বাবে ইউনিফাইদ কমাণ্ডৰ আৰ্হিত সেনা, আৰক্ষীৰ যুটীয়া প্ৰচেষ্টাত আগবঢ়া উচিত, কেনেদৰে চোৰাং চিকাৰীয়ে পলাই যাব পৰা সাম্ভাব্য পথ যেনে কাৰ্বি আলং আৰু ব্ৰহ্মপূত্ৰৰ ফালে সুৰক্ষা কিছু কটকটীয়া কৰা উচিত৷

পিছৰ প্ৰশ্ন হ'ল অসমৰ চাৰিসীমা কোৱা৷ সুন্দৰভাৱে ক'লো, কাৰণ নিজৰ মাতৃভূমিৰ চাৰিসীমা নজনাটো চূড়ান্ত মূৰ্খামী৷ ইয়াৰ পিছৰ প্ৰশ্নঃ ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন৷ মই ক’লো যে ভাৰতৰ ৰাষ্ট্ৰপতি ৷ পুনৰ প্ৰশ্ন যে ভাৰতৰ ৰাষ্ট্ৰপতি কোন৷ মই মনতে ভাবিলো যে কি এল.কে.জিৰ ছাত্ৰক সোধাৰ দৰে প্ৰশ্ন কৰিছে৷ উত্তৰটো ক’লো৷ আকৌ প্ৰশ্ন আয়োগৰ সদস্যৰ যে ধৰা বিশেষ অভিযানৰ বাবে তুমি গোপনে বাংলাদেশলৈ যাব লাগে, তুমি তোমাৰ চাংসাৰিৰ ঘৰৰ পৰা বাংলাদেশ যাবৰ বাবে নদীপথটো কোৱা আৰু কি কি ঠাই বাটত পাই যাবা কৈ যোৱা৷ উত্তৰ দিলো শুদ্ধকৈ কাৰণ বিজ্ঞানৰ ছাত্ৰ হ’লেও আমাৰ ভৌগলিক জ্ঞান নথকা নহয়৷ এইবাৰ মোৰ ছাৰ্টিফিকেটবোৰ চোৱাত লাগিল৷ কলে যে তোমাৰ নেট আছে, পিএইচডি কৰি আছা, বেলেগত ভাল চাকৰি পাবা, ইয়াত কি কৰিব আহিছা৷ মই কলো যে আজিৰ তাৰিখত চৰকাৰী চাকৰি এটা পোৱা ইমান সহজ নহয়, গতিকে উপায় নাই চাৰ৷ নূন্যতম যোগ্যতাখিনি আছে বাবে আহিছো উপায় নাই৷ ক’লে যে তোমাৰ বিষয় চাৰ্জাৰী৷ গাইগৰুৰ চিজাৰিয়ান অপাৰেশ্ব্যন কেনেদৰে কৰে আৰু কি এনাচ্ থেচিয়া ব্যবহাৰ কৰা হয় কৈ যোৱা ৷ নোৱাৰাৰ প্ৰশ্ন নাহে ৷ কৈ গলো৷

শেহত বিষয়বস্তুৰ লগত সামঞ্জস্য নথকা কিছুমান বেবেৰিবাং প্ৰশ্ন৷ পশুচিকিৎসক হিচাবে সোধাৰ প্ৰয়োজন আছিল যে তোমাৰ ভিছন কি, গ্ৰাম্য অৰ্থনৈতিক ক্ষেত্ৰখনত পশু চিকিৎসক হিচাবে তোমাৰ ভূমিকা কি হ’ব ইত্যাদি? কিন্তু তেনে কোনো প্ৰশ্ন নাহিল৷ সাক্ষাতকাৰৰ পিছত যেতিয়া বাহিৰলৈ ওলাই আহিছিলো, মোৰ মনত এনে ভাব হ’ল যে মোক আছলতে পশুচিকিৎসক পদৰ বাবে সাক্ষাতকাৰ লৈছিলেনে নে সামৰিক বিষয়া তথা বন বিষয়াৰ পদৰ বাবে সাক্ষাতকাৰ লৈছিলে !

ৰিজাল্ট ওলাল৷ লিষ্টত নাম নাই৷ চাকৰিটো নহ'ল৷ এই বিষয়ে মোৰ অভিজ্ঞতাৰ কথা কাকতত প্ৰকাশ পোৱাত এইবাৰ এপিএচছিৰ দ্বাৰা উত্তীৰ্ণ এজন ডিএচপিয়ে ধমকিৰ সুৰত কলে যে আমাক কি তই একো নাজান বুলি ভাবিছ৷ মোক হেনো চাই লব৷ পেপাৰত লিখাৰ বাদে মই হেনো আন একো কৰিব নোৱাৰো৷ এতিয়া মোৰ কনিষ্ঠ সকলক এই কথাই কব লাগিব যে আজি দেশখনত সকলোতে দূৰ্নীতিয়ে শিপাইছে যেতিয়া সোঁতৰ বিপৰীতে গৈ দিশহাৰা হৈ হাৰি যোৱাৰ প্ৰয়োজন নাই৷ সোঁতৰ দিশতে নাও মেলাৰ বাহিৰে উপায় নাই৷ বহুতকে দেখিছো দূৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বহুতেই এতিয়া দূৰ্নীতিৰ ওচৰত নিজকে সমৰ্পিত কৰিছে৷ এপিএচছিৰ দূৰ্নীতিগ্ৰস্ত এজন সদস্য এখন দৈনিক কাকতৰ নিয়মীয়া স্তম্ভলেখক আৰু অসমৰ স্বাৰ্থত ডাঙৰ ডাঙৰ প্ৰবন্ধ লিখে৷ সুন্দৰ নাটক কাৰণ ৰাইজৰ দৃষ্টিত সেইজন এজন বিশিষ্ট বুদ্ধিজীৱি ৷ চকুমুদা কুলিৰ ভাও লোৱা ব্যস্ত শাসক৷ কাৰণ টোপনি যোৱা মানুহক জগাব ভাল কিন্তু টোপনিৰ ভাও লোৱা মানুহক জগাবলৈ টান৷ এয়াই আজিৰ সমাজ।

কিন্তু আজি মই সাহসেৰে কম যে হয় এপিএচছিত মোৰ অভিজ্ঞতাৰ কথা কাকতত লিখিছিলো আৰু অসমৰ বহুকেইখন আগশাৰীৰ কাকতে মোৰ লেখাতো গুৰুত্ত্বসহকাৰে প্ৰকাশ কৰিছিলে৷ এইয়া এক জীয়া বাস্তৱ ৷

No comments:

Post a Comment