মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আলফা নেতাৰ সানিধ্য, মৰ্যদাপূৰ্ণ আলোচনা ইত্যাদি
ভৱেন সন্দিকৈ

এক
আলফাৰ যিকেইজন নেতাৰ প্ৰতি মোৰ শ্ৰদ্ধা, বিশ্বাস আছিল- তাৰ ভিতৰত অনুপ চেতিয়া আৰু শশ চৌধুৰী অন্যতম। ইয়াৰে শশ চৌধুৰী সম্পৰ্কত হোমেন বৰগোঁহাঞি ছাৰৰ সম্পাদিত অসম বাণী কাকতৰ 'সপ্তাহটোৰ মানুহজন' শীৰ্ষক লেখাটো পঢ়ি বিশেষভাবে আকৃষ্ট হৈছিলো। একেদৰে অনুপ চেতিয়া সম্পৰ্কত দুজনমান প্ৰাক্তন আলফাৰ লগত ব্যক্তিগত সৌদাহ্যপূৰ্ণ সম্পৰ্ক আৰু কেইজনমান প্ৰাক্তন আলফাই লিখা কেইবাখনো গ্ৰন্থ পঢ়ি তেখেতৰ ৰাজনৈতিক বিচক্ষণতা,কূটনীতিক পৰিপক্কতাৰ প্ৰতি আকৰ্ষিত হৈছিলো।

ইয়াৰে শশ চৌধুৰী ডাঙৰীয়াক ব্যক্তিগতভাৱে লগ পোৱাৰ সৌভাগ্য হৈছিল প্ৰয়াত বিশিষ্ট বুদ্ধিজীৱী যতীন্দ্ৰ কুমাৰ বৰগোহাঞি ছাৰৰ উদ্যোগত। তেতিয়া আমি 'আপ'ৰ ৰাজ্যিক যুটীয়া সমন্বয়ক। প্ৰয়াত বৰগোহাঞি ছাৰৰ সৈতে আমাৰ দীঘলীয়া সম্পৰ্কসূত্ৰে 'আপ' অসমৰ সম্পৰ্কত ছাৰৰ সৈতে প্ৰায়ে আলোচনা কৰো। এনে এক গুৰুত্বপূৰ্ণ আলোচনাত আমি কথা প্ৰসংগত সিদিনা শশ চৌধুৰীক লগ পোৱাৰ আগ্ৰহৰ কথা ক'লো। আমাৰ কথাৰ মাজতেই ছাৰে কৰোবাক ফোন কৰিলে। ফোন কৰা বিশ মিনিটমানৰ ভিতৰত ছাৰৰ ঘৰৰ কলিং বেল বাজিল।দুৱাৰ খোলাৰ পাছত দেখিলো আলফাৰ শশ চৌধুৰী হাজিৰ ছাৰৰ ঘৰত। আকৰ্ষণীয় চেহেৰা,বুদ্ধিদ্বীপ্ত চকু। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ অগাধ দখল কথা শুনিছিলো। বাস্তৱতো একেজন শশ চৌধুৰী।

সিদিনা দলীয় এক কাৰ্যসুচীৰ বাবে খুব ব্যস্ত আছিলো যদিও, বিভিন্ন বিষয়ত শশদাৰ সৈতে কথা পাতিব পৰা অগাধ পাণ্ডিত্য দেখি ডেৰ-দুঘন্টা কথা পাতিলো। সশস্ত্ৰ সংগ্ৰামৰ পৰা আমি এৰি অহা গণসংগ্ৰাম, এছ বি, আই বি পৰা আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা এজেন্সী, অসমৰ জাতি-জনগোষ্ঠীৰ ৰাজনৈতিক ভৱিষ্যতৰ পৰা ধানলৈকে এক দীঘলীয়া আলোচনা হ'ল। এই আলোচনাতে অনুপ চেতিয়া আৰু তেখেতৰ ৰাজনৈতিক-কূটনৈতিক বিচক্ষণতা, সাংগঠনিক দক্ষতা আদি সম্পৰ্কত অনেক কথা শুনিলো। তেখেত আলোচনা প্ৰক্ৰিয়ালৈ আহিলে অসমৰ সাম্ভাব্য ৰাজনৈতিক প্ৰেক্ষাপট, আমাৰ ভূমিকা আদি সম্পৰ্কেও আলোচনা হ'ল।আমিও তেখেতক ৰাষ্ট্ৰীয় দল এটাত জড়িত হব লগা হোৱাৰ প্ৰেক্ষাপট আৰু বিভিন্ন বিষয়ত আমাৰ দৃষ্টিভঙ্গীৰ কথা জনালো। নেতা-এম এল এ-এম পি হোৱা সপোন নহয়; কেৱল জাতীয় স্বাৰ্থৰ হকে সদায়েই কাম কৰি যোৱাৰ আমাৰ মানসিক দৃঢ়তাৰ কথা দোহাৰিলো। তাৰপিছত আৰু তেখেতক লগ পোৱাৰ সৌভাগ্য হোৱা নাই।

দুই
অনবৰতে সমাজ পৰিবৰ্তনৰ সপোন কঢ়িয়াই লৈ ফুৰা কৰ্মী আমি। তথাপি বিগত সংগ্ৰামী দিনবোৰত দেখিছো যে পষেক-মাহটোৰ ভিতৰত নিশ্চিত জামিনৰ সম্ভাৱনা থকা সত্বেও জাতীয় স্বাৰ্থত কেতিয়াবা জেললৈ যোৱাৰ প্ৰেক্ষাপট হলে হাজাৰ বাৰ ভাবো। বিগত বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনৰ সময়ত অনেকবাৰ আমি গ্ৰেপ্তাৰৰ পৰা কোনোমতে ৰক্ষা পৰিছো। অৱশ্যে চয়তানি কৰি নহয়; সৌভাগ্য ক্ৰমেহে বাচি আহিছো। সাধাৰণতে এনে আন্দোলনৰ ক্ষেত্ৰত সদায় শীৰ্ষ নেতাজন আৰু আন আন বহুতো নামত গোছৰ ৰুজু হয়। এই আইনগত সুৰুঙা লৈ সংগঠনটোৰ লগত জড়িত যদু-মধু-হৰি-ৰহিম আদি সকলোকে পুলিচে গ্ৰেপ্তাৰৰ সুযোগ লয় আৰু আইনগত এনে সুৰঙাৰ বাবে আমাৰ এসময়ৰ অনেক সতীৰ্থই ৰঙা ঘৰৰ আলহী হৈছে। সেইসূত্ৰে সোতৰ-ওঠৰ বছৰ নহয়;সোতৰ-ওঠৰ ঘন্টা স্ব ইচ্ছাৰে বন্দীত্বৰ জীৱন আমাৰ বাবে এক চৰম ত্যাগৰ বিষয় আছিল।এনেস্হলত স্বাধীনতা,জাতীয় মুক্তিৰ সপোন,জাতি-মাটিৰ প্ৰতি অগাধ ভালপোৱা আদিৰ বাবে ইমান বছৰ স্ব-ইচ্ছাৰে বন্দীত্বৰ জীৱন আকোঁৱালি লোৱা অনুপ চেতিয়া যিকোনো লোকৰ বাবে শ্ৰদ্ধাৰ পাত্ৰ নহবইবা কিয়।

কিন্তু দুখৰ বিষয় যে এনে এজন ব্যক্তিৰ চৰম ত্যাগৰ পাছত গৃহভূমিলৈ আগমনৰ মূহুৰ্ত্তত আমি তেখেতক সামান্য শ্ৰদ্ধাকণ জনাব পৰাকৈ এটা ৰাজনৈতিক প্ৰেক্ষাপট আজি নাই। এসময়ত ৰাষ্ট্ৰসংঘৰ মধ্যস্থততা, সাৰ্বভৌমত্ব আৰু বিদেশৰ মাটিত আলোচনাৰ দৰে মৰ্যদাপূৰ্ণ দাবীৰে ভাৰত চৰকাৰক প্ৰত্যাহ্বান জনোৱা আলফাৰ শীৰ্ষ নেতৃত্বক আজি অনুপ চেতিয়া অসমলৈ অনা-ননা সৰ্ম্পকত খবৰটোও দিবলৈ আগ্ৰহী নহয় ভাৰত চৰকাৰ। ফলত পৰিয়ালৰ লগতে মৃনাল হাজৰিকাৰ দৰে শীৰ্ষ নেতাইও কালিৰ দিনটো বোন্দা পৰ দিব লগা হ'ল বিমান বন্দৰত।

বিগত দিনবোৰৰ সীমাহীন ভূল-ভ্ৰান্তি, অপকৰ্ম আৰু ৰাজনৈতিক বিচক্ষণতাৰ, কূটনৈতিক দূৰদৰ্শিতাৰ সুফল বা কুফল কেৱল আলফাৰ এই নেতাসকলেই ভূগি লগা হোৱা নাই; জাতিটোক ভালপোৱা,তেখেতসকলৰ ত্যাগক স্বীকৃতি দিয়া আমি প্ৰত্যেকেই ভূগিছো। ই অসমীয়া জাতিৰ স্বাভিমানৰ অপমান। জনতাৰ চিন্তা-চেতনাৰ পাঠ লব নজনা সকলোৰেই কিন্তু এই অবস্থা অনিবাৰ্য। ই লাগিলে সশস্ত্ৰ সংগঠন, গণসংগঠন বা ৰাজনৈতিক দল যিয়ে নহওক। আশা ৰাখিছো অনুপ চেতিয়া ডাঙৰীয়াৰ ৰাজনৈতিক-সাংগঠনিক বিচক্ষণতাই নিঃশেষ হব ধৰা বৃহৎ অসমীয়া জাতিটোক নতুন দিশৰ সন্ধান দিব।

তিনি
তেতিয়া আলফা-চৰকাৰৰ আলোচনা বু-বু বা-বা চলি আছে। ফাঁচীবজাৰ জেলস্থিত শীৰ্ষ নেতৃত্বৰ আড্ডা চলে জি.এম.চি.এইছত। স্বাস্থ্য পৰীক্ষাৰ বাবে, তাৰ নামত দিনটো জেলৰপৰা বাহিৰত থাকি অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ সৈতে এটা যোগসূত্ৰ ৰক্ষা কৰে তেওঁলোকে। চৰকাৰেও সাম্ভাব্য আলোচনাৰ স্বাৰ্থত এই সুযোগ দিয়ে আলফাক। সংবাদ পত্ৰৰ লগত জড়িত হোৱাৰ লগতে আলফাৰ শুভাকাংক্ষী আৰু পিছলৈ আলফা-চৰকাৰৰ আলোচনাৰ মধ্যস্থতাকাৰী দুই-এজনৰ লগত মাজে-মাজে আমিও তালৈ যাও। তেতিয়া মেডিকেল কলেজৰ পিছফালে থকা হোটেল এখনত প্ৰকাণ্ড পৰঠা আগত লৈ আড্ডা হয় তেখেতসকলৰ লগত। পথ দুৰ্ঘটনাত নিজৰ হাত দুখন হেৰুওৱা আমাৰ ঢকুৱাখনাৰ জুলী বৰুৱাৰ খবৰ কেতিয়াবা প্ৰদীপ গগৈদাই আমাৰ মোবাইলৰ জৰিয়তেই লয়।তেখেতৰ জৰিয়তে জুলী বৰুৱাৰ সৈতে ফোনত চিনাকী হৈছিলো যদিও আজিলৈকে জুলীক ওচৰৰ পৰা লগ পোৱাৰ সৌভাগ্য হোৱা নাই। মাজতে দুয়োৰে বিবাহ হৈ যোৱাৰ কথা শুনি খুব ভাল লাগিল। অনুপ চেতিয়া আগমনৰ এই লুকা-ভাকুৰ মাজত সেইসময়ত আমি লগ পোৱা আলফা নেতৃত্বৰ সান্নিধ্যৰ কথা মনলৈ আহিছে। আশা কৰিছো, চেতিয়াৰ উপস্থিতিয়ে নাৰ্য দাবী সমূহ সৱলতাৰে উত্থাপন কৰাত বিশেষ ভাৱে সহায় কৰিব আৰু ফলপ্ৰসূ ইতিবাচক কিছুমান সমাধান অসমৰ ৰাইজে লাভ কৰিব।
আহক আমি সকলোৱে মিলি জাতিটোক সংকটৰ গৰাহৰ পৰা উদ্ধাৰ কৰাৰ বাটৰ সন্ধান কৰো আৰু হাত উজান দিও।

No comments:

Post a Comment