Monday, November 2, 2015

ৰূপালী পৰ্দা

দৰ্শকৰ দৃষ্টিৰে 'খেল'
অয়ন উত্তম
‘অসমীয়া ছবিৰ দুৰ্যোগৰ দিন চলিছে’— এয়া বৰ্তমান সততে উচ্চাৰিত হোৱা বাক্য৷ ইয়াৰ বিপৰীতে কিবা এটা পোৱাৰ আশাৰেই ‘বন্দনা’ চিত্ৰগৃহত সোমাইছিলোঁ ‘খেল— দ্য গেম’ উপভোগ কৰিবলৈ৷ অশোক কুমাৰ বিষয়াৰ প্ৰযোজনা আৰু পৰিচলনা, ৰাজদ্বীপৰ কাহিনী, লক্ষ্মী-নাৰায়ণ ষ্টুডিঅ’ৰ বেনাৰৰ ‘খেল’ ছবিখনে যেন পুনৰবাৰ দৰ্শকৰ আশাৰ সৈতেহে ‘খেলিলে’! আৰু ‘অসমীয়া ছবিৰ দুৰ্যোগৰ দিন এতিয়াও শেষ হোৱা নাই’ এনে দুটা বাক্যৰেই হয়তো লেখাটি শেষ কৰিব পাৰি!

কিন্তু ইতিবাচক দিশবোৰক জানো নুই কৰিব পাৰি। সেমেকা বজাৰতো অসমীয়া ছবি নিৰ্মাণ কৰি আগতেও জোৱাৰ অনা গোষ্ঠীটোৰ ছবিখনৰ আটাইতৈ ভাল দিশ অভিনয়। হয়, অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ অভিনয়ৰ বাবেই সম্পূৰ্ণ আঢ়ৈ ঘণ্টা চিত্ৰগৃহটিত বহি থাকিব লগা হ’ল৷ যদিও ছবিখনৰ কোনো এটা গীতেই দৰ্শকৰ মনত চিৰস্থায়ী আসন লাভ কৰিবলৈ সক্ষম নহ’ল, কিন্তু ‘লোকেশ্যন’ চিনাক্ত কৰাত পৰিচালক সফল হৈছে, ভাল লাগিল৷

ড্ৰাগছ্ ব্যৱসায়ৰ সৈতে জড়িত অংকুৰ বিষয়াক নায়ক সজাবলৈ উঠি-পৰি লগা, দহোটামান গান দি ছবিখন দীঘলীয়া কৰা, ‘সিংঘম’ৰ দৰে ‘পুলিচী কয়দা’ত ‘ভিলেইন’ক বধ কৰা ইত্যাদিৰ বলিউড ধৰ্মী সমল নিশ্চয়কৈ আছে। ঠিক যেন বৰ্তমান চলি থকা ‘ভ্ৰাম্যমান’ৰ ‘বৰ্ষশ্ৰেষ্ঠ’ অভিহিত ‘নাটক’ এখন উপভোগ কৰি ওলাই আহোঁতে যি ভাবৰ উদয় হয়, সেয়াই আহিল মনলৈ। গতিকে এয়া ব্যক্তিগত মত বুলিয়েই ল’ব আৰু বন্ধু-বান্ধৱীয়ে চিনেমাখন উপভোগ কৰি ‘অসমীয়া ছবিৰ দুৰ্যোগ’ৰ দিনৰ অৱসান ঘটাব বুলিয়েই আশা কৰিলোঁ৷

ছবিখনৰ সংগীত ধ্ৰুৱ ফুকন, জয়ন্ত পাঠক, কামাল ৰছিদ আৰু সুবিল বাৰ্গৰ, অভিনয় শিল্পীসকল হৈছে বৰষা ৰাণী বিষয়া, অংকুৰ কুমাৰ বিষয়া, দিগন্ত শৰ্মা জয়ন্ত দাস, পূজা হাজৰিকা, দেৱাশিস ভট্টাচাৰ্য, নিকুমণি বৰা, প্ৰাণকৃষ্ণ মহন্ত, নৱনীল বৰুৱা আৰু মনোজ মাৰ্টিন ইত্যাদি৷ ‘যৌৱনে আমনি কৰে’, ‘বুকুৰ মাজত জ্বলে’, ‘চেনাই মোৰ ঢুলীয়া’ ইত্যাদি ছবি উপহাৰ দিয়া লক্ষ্মী-নাৰায়ন ষ্টুডিঅ’ছ্ বেনাৰৰ নতুন ছবি ‘খেল— দ্য গেম’ ছবিখনৰ পৰা বহুত বেছি আশা কৰিছিলোঁ। এই আশা ভৱিষ্যতলৈ কঢ়িয়াই নিবই লাগিব, অসমীয়া ছবিৰ খাটিৰতে৷ বিভিন্ন ঠাইৰ পৰা খবৰ আহিছে, ছবিখন চাবলৈ হ'ল ভৰি দৰ্শক হৈছে। এয়াও ‘দুৰ্যোগ’ৰ দিনৰ বিপৰীতে কণমান আশ্বাসেই নহয়নে?


ইয়াৰ বিপৰীতে গুৱাহাটী মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ‘আৰয়ান থিয়েটাৰ’ৰ প্ৰযোজনাত গুৱাহাটী লাইনছ্ ক্লাব প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা ‘অন্ধা য়ুগ’ নাটকখনে উপস্থিত দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়৷ প্ৰখ্যাত উপন্যাসিক, কবি, নাট্যকাৰ ধৰমবীৰ ভাৰতীয়ে ১৯৫৪ চনতেই ‘অন্ধা য়ুগ’ নাটকখন ৰচনা কৰিছিল৷ কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰায় শেষ সময়চোৱাত দেখা দিয়া ৰাজনৈতিক জটিল সময়খিনিৰ বিষয়ে নাটকখনৰ যোগেদি বহু কথা জানিব পৰা যায়৷ মূলতঃ অশ্বস্থমা, কৃতবৰ্মা, কৃপাচাৰ্য, সঞ্জয়, ধৃতৰাষ্ট্ৰ, গান্ধাৰী, বিদূৰ, শ্ৰীকৃষ্ণ, ধৃষ্টদ্যুম্ন, বৃদ্ধ ভিক্ষাৰী আদি কেইটামান চৰিত্ৰক লৈয়ে নাটকখন ৰচনা কৰা হৈছিল৷ খুব কম পৰিসৰত নাটকখন কৰা অসম্ভৱ যদিও ‘আৰয়ান থিয়েটাৰ’ৰ অভিনেতা-অভিনেত্ৰীসকলে বহুখিনি কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ অশ্বত্থামাৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকী প্ৰশংসাৰ পাত্ৰ৷

পাণ্ডৱৰ বিৰুদ্ধে প্ৰতিশোধৰ জিঘাংসাত
অশ্বত্থামাই ‘ব্ৰহ্মাস্ত্ৰ’ প্ৰয়োগ কৰিবলৈ লোৱাৰ সময়তো কোনো এজন আগবাঢ়ি নহা, শ্ৰীকৃষ্ণক ব্যাধৰ হাতত মৃত্যু হ’বলৈ দিয়া গান্ধাৰীৰ শাও, সঞ্জয়ৰ দিব্যদৃষ্টিয়ে দিয়া মনোকষ্ট ইত্যাদি বিশেষ বিশেষ কেইটামান দিশ আগবঢ়াই দৰ্শকক চিন্তা কৰিবলৈ বাধ্য কৰাইছে ‘আন্ধা য়ুগে’৷ মূল নাটকখনৰ সাৰাংশহে ‘আৰয়ান থিয়েটাৰে’ প্ৰদৰ্শন কৰিলে, সম্পূৰ্ণ নাটকখন চোৱাৰ সুবিধা ভৱিষ্যতে পাম বুলি নিশ্চয় আশা কৰিব পাৰি৷

নাটকখনৰ পৰিচালক আছফাক খানে যৎপৰোনাস্তি কৰিছে নাটকখন উপভোগ্য কৰাৰ ক্ষেত্ৰত— ইয়াৰ বাবে পৰিচালক খানলৈ ধন্যবাদ জনালোঁ (লগতে নাটকখন উপভোগ কৰিবলৈ নিমন্ত্ৰণ জনোৱাৰ বাবেও)৷ আগলৈও আছফাকৰ পৰিচালনাত সুন্দৰ নাটক উপভোগ কৰাৰ আশা কৰিলোঁ৷ লায়নছ্ ক্লাবৰ মঞ্চখন নাটক মঞ্চস্থ কৰাৰ বাবে উন্নত নহয়, দৰ্শকৰ কোলাহল কিছু পৰিমাণে বৃদ্ধি পাইছিল আৰু গ্ৰীনৰূমত হৈ থকা কথোপকথনখিনিও দৰ্শকে শুনিবলৈ পাইছিল৷ এনে ধৰণৰ দুই-এটা খুটি-নাটি থাকি যোৱা স্বাভাৱিক, কিন্তু প্ৰায়খিনি অভিনেতা-অভিনেত্ৰীয়েই প্ৰথমবাৰৰ বাবে মঞ্চত অভিনয় কৰিছে আৰু দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে— ‘আৰয়ান থিয়েটাৰ’ৰ উন্নতি কামনা কৰিলোঁ৷

No comments:

Post a Comment