চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল মানুহনো কোন? 
 হিতেন্দ্ৰ কুমাৰ শৰ্মা
সাধাৰণতে আমি মানুহক দুটা বহল ভাগত ভাগ কৰো – ভাল মানুহ আৰু বেয়া মানুহ। যদি মানুহজনৰ নাম, ধৰ্ম, ৰাজনৈতিক মতাদৰ্শ ইত্যাদিৰ বিষয়ে নজনাকৈয়ে মাত্ৰ এটা সাক্ষাতকাৰৰ পিছতে এজন মানুহৰ বিষয়ে কিবা মতামত দিব লগা হয় তেন্তে আমি বেছিভাগে কʼম “মানুহজন ভাল” বা “মানুহজন ফাল্টু বা বেয়া” বা অন্য কোনো নঞাৰ্থক শব্দ। এই মতামত মানুহজনৰ ব্যবহাৰ বা আচৰণৰ পৰাই সৃষ্টি হয়। সেয়েহে বাছত লেখা থকা, আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় বোলা কথাষাৰ বাস্তৱিকতে শুদ্ধই। কিন্তু মানুহজনৰ নাম,ধৰ্ম,প্ৰদেশ,ৰাজনৈতিক মতাদৰ্শ, শিক্ষাগত অৰ্হতা, পাৰিবাৰিক বুৰঞ্জী, ব্যক্তিগত জীৱন আদিৰ বিষয়ে সৱিশেষ বা বহুতো নজনা দিশ জনাৰ পিছত হয়তো আমাৰ মতামত সলনি হবও পাৰে।

কিন্তু এজন ব্যক্তিৰ আচৰণৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা মত প্ৰকৃততে শুদ্ধ হব পাৰেনে? এজন ধুৰন্ধৰ মানুহেও কৃত্ৰিমভাবে ভাল আচৰণ কৰি মানুহৰ মনত ভ্ৰম সৃষ্টি কৰিব পাৰে। বা এজন প্ৰকৃত ভাল মানুহৰ অলপ ৰুক্ষ আচৰণৰ বাবে তেওঁ এজন বেয়া মানুহ বুলি চিহ্নিত হব পাৰে ।গতিকে প্ৰকৃত ভাল মানুহ বিচাৰি পোৱাটো আৰু সৰ্বসন্মতভাবে তেওঁক ʼভালʼ বুলি গৃহীত কৰাটো অলপ কঠিন। সকলোকে সন্তুষ্ট কৰি ভাল হব খোজাজন আচলতে ভণ্ড, কাপুৰুষ আৰু আত্মবিশ্বাসহীন ব্যক্তি। মানুহে ভাল বুলি কলে তেনে লোকে প্ৰত্যয় বিচাৰি পায়, লাগে নিজৰ মত,চিন্তা,আদৰ্শ উটি-ভাহি যাওক।

আমি সৰুৰে পৰা শুনি অহা উপদেশফাঁকি হʼল, ডাঙৰ হʼলে ভাল মানুহ হবি । কিন্তু কোনোৱে পৰিস্কাৰকৈ বুজাই নকয় যে ভাল মানুহ কেনেকুৱা হব লাগে। আমাৰ পাৰিবাৰিক আৰু সমসাময়িক সামাজিক মূল্যবোধৰ ওপৰত ভিত্তি কৰি 'ভাল মানুহʼৰ এটা মোটা-মোটি ধৰণৰ থুল-মুল ভাবমূৰ্ত্তি আমাৰ মনত গঢ় লৈ উঠে। কাৰোবাৰ মতে মদ,ভাং নোখোৱা জুৱা নেখেলা, অভদ্ৰ ভাষা নোকোৱা হলেই সেয়া ভাল মানুহ, পঢ়া-শুনা বৰ বিশেষ নাথাকিলেও দোষ নাই। কাৰো মতে পঢ়া-শুনাত ভাল হলেই সি ভাল লʼৰা, তাৰ সাত খুন মাফ। আকৌ কোনোৱে হয়তো এইবিলাকত ইমান গুৰুত্ব নিদিয়ে, তেনে লোকৰ ভাল মানুহৰ সংজ্ঞাটো অলপ উদাৰ, বহল। মদ,ভাং খালেও কিনো বেয়া কথা, মাত্ৰ কাৰো হত্যা, চুৰি,ডকাইতি নকৰিলেই হʼল। জুৱা খেলিলে বেয়া মানুহ বুলি কʼত লিখা আছে? কাৰোৰ মতে, টকা-পইচা থকা, ভাল চাকৰি থকা, সা-সম্পত্তি, সমাজত উচ্চ স্থান থাকিলেই তেওঁলোক ভাল মানুহ, লাগে সেই ধন দুৰ্নীতিপ্ৰসূতই নহওক কিয়।

বহুতে আকৌ জীৱনত বিফল হৈ এই ভাল মানুহৰ মুখাৰ আৰত নিজৰ অসফলতা ধাকিব খোজে। পঢ়া-শুনা কৰিব নোৱাৰিলে, একো ব্যৱসায় বা কাজ-কৰ্মও নাই, টকা-পইচাৰ ফালেও দুৰ্বল কিন্তু লৰাটো ভাল, শান্ত-শিষ্ট, একো বেয়া অভ্যাস নাই, হাই-কাজিয়া নকৰে- ইত্যাদিবোৰ তেনেলোকৰ শুভচিন্তকসকলে দিয়া প্ৰমাণপত্ৰ। এই গুণবোৰক আওকাণ কৰাটো উচিত বুলি কব খোজা নাই, কিন্তু সকলোফালে বিফল হৈ কেৱল এই গুণকেইটা লৈ 'ভাল মানুহʼ হৈ থাকি কিবা লাভ আছেনে? যেতিয়া সৰ্বত্ৰ বিফলতা আৰু নিৰাশাই দেখা দিয়ে তেতিয়া এই ভাল গুণবোৰ ধৰি ৰখাটোও সহজ হৈ নাথাকে। ক্ৰোধ আৰু হতাশাই লাহে লাহে এই গুণবোৰ কাঢ়ি লৈ যায়; মানুহে গালি-গালাজ দিয়া, অতিমাত্ৰা মদ খোৱা,হাই কাজিয়া কৰা আদি ইয়াৰে লক্ষণ। তেতিয়া আৰু তেনে মানুহৰ ভাল বুলিবলৈ একো বাকি নৰয়গৈ। এক অন্ধকাৰে তেওঁৰ সমগ্ৰ সত্বা আগুৰি ধৰে।


এতিয়া আহো বুনিয়াদী প্ৰশ্নটোলৈ। ভাল মানুহবোৰ আচলতে কেনেকুৱা? একো বেয়া অভ্যাস নথকা, পৰোপকাৰী, মিতভাষী, দায়িত্বশীল, কৰ্ত্তব্যপৰায়ণ, সৎ ব্যক্তি এজনকে আমাৰ চলিত বিশ্বাসমতে ভাল বুলি কব পাৰি। যদি জ্ঞানী, ধনী, সম্ভ্ৰান্ত ঘৰৰ হয় তেন্তে সেয়া অতিৰিক্ত গুণ। সমাজত সাধাৰণতে দেখা পোৱা ভাল মানুহবোৰে অতি সাধাৰণভাবে জীৱন নিৰ্বাহ কৰি সাধাৰণভাবেই এই পৃথিবীৰ পৰা গুচি যায় এটা সময়ত। এনেকুৱা বহুত মানুহে সমাজত একো বৰঙণি নোযোগোৱাকৈয়ে মাত্ৰ এটা সাধাৰণ জীৱন কটায় ।এনে ভাল মানুহ হৈ কিবা লাভ আছেনে? আমাৰ দৃষ্টিত নাই ।জীৱনত যদি ৰোমাঞ্চ, এদভেঞ্চাৰ, উদ্দেশ্য আৰু সমাজৰ বাবে অৰ্থপূৰ্ণ কিবা এটা কৰাৰ আগ্ৰহ নাই তেন্তে সকলো ভাল গুণবোৰ অথলে যোৱাৰ নিচিনা হয়। আমাৰ দৃষ্টিত কালমাডী, এ ৰাজা, লালু প্ৰসাদ আদিবোৰ বেয়া মানুহ। কিন্তু এওলোকৰ জীৱন ঘটনাবহুল, উদ্দেশ্যপূৰ্ণ(লাগে সেই উদ্দেশ্য বেয়াই নহওক কিয়) আৰু সৰ্বসাধাৰণ তথাকথিত ভাল মানুহ জনতকৈ অধিক পৰিপূৰ্ণ, এক অৰ্থত । তেওঁলোকে সেই বেয়া কামবোৰ কৰিবলৈ ইমান ক্ষমতা আৰু প্ৰতিষ্ঠা পাবৰ কাৰণে বহুত কষ্ট আৰু ত্যাগ কৰিব লগা হৈছে,এই কথা স্বীকাৰ কৰিবই লাগিব।এজন সফল ৰাজনীতিক হৈ কেন্দ্ৰীয় মন্ত্ৰী হবলৈ আৰু দেশত নিজৰ পৰিচয় বনাবলৈ কিমান কষ্ট আৰু কৰ্ম কৰিব লাগে সেয়া সহজে অনুমেয়। সেইবুলি তেওঁলোকে বেয়া কাম কৰিবলৈ স্বীকৃতি পাব নোৱাৰে, সেয়া আন কথা। কিন্তু আমি তেনে কষ্ট কৰিব পাৰিম নে? যদি পাৰো, তেন্তে আমি তেওঁলোকৰ দৰে উচ্চ পদত অধিষ্ঠিত হোৱাৰ পিছত তেওঁলোকৰ নিচিনা বেয়া কাম নকৰাকৈ সৎ হৈ থাকিব পাৰিমনে? এই প্ৰশ্ন নিজকে সুধি চাব লাগে। এনে উদাহৰণ আশে-পাশে বহুত পোৱা যাব যে মানুহজন ভাল কিন্তু পুতেকৰ বাবে ঘোঁচ দি চাকৰি কিনিছে, বা এডমিশ্বন দিছে, অন্য সকলো ভাল কিন্তু মানুহজনে মাজে মাজে অফিচলৈ নাযায় ইত্যাদি ইত্যাদি।এ নে ভাল মানুহ যদি এজন কেন্দ্ৰীয় মন্ত্ৰী অথবা এজন ক্ষমতাশালী ব্যক্তি হয় তেওঁৰ পৰা আমি কি আশা কৰিম ? তেতিয়া তেওঁৰ ভাল মানুহৰ মুখাখন সুলকি পৰিব, মহন্তৰ চিন মাহনিত ওলোৱাৰ লেখিয়াকৈ! কিন্তু তেওঁ ইমান উচ্চ স্থানত থাকিব যে কোনোবাই বেয়া বুলিলেও আৰু তেওঁৰ গাত নালাগে। সঁচা অৰ্থত ভাল মানুহো আমাৰ সমাজত নথকা নহয়। যিসকলে ধন, ক্ষমতা আৰু যশৰ শীৰ্ষত থাকিও সমাজৰ অপকাৰ নকৰে আৰু আনৰ মংগলৰ বাবেহে কাম কৰে। এনে বহুত ৰাজনীতিক, প্ৰশাসনিক বিষয়া, উদ্দ্যোগপতি আজিও সমাজত বৰ্ত্তমান।
আন এক দিশৰ পৰা কথাবোৰ চালে, আচলতে সম্পূৰ্ণ ভাল বা সম্পূৰ্ণ বেয়া মানুহ যেন কোনো নাথাকে। সকলোৰে গাত অলপ অলপ দুয়োটা গুণ থাকে। ভাল হোৱাতকৈ সৎ হোৱাটোহে বেছি দৰকাৰ, নিজৰ প্ৰতি, নিজৰ দায়িত্ব, কৰ্তব্য, পৰিয়াল আৰু সমাজখনৰ প্ৰতি। ভাল হবলৈ নিজৰ সকলো ইচ্ছা, মত, আদৰ্শ ত্যাগ নকৰি সতসাহসেৰে প্ৰত্যাহ্বান স্বীকাৰ কৰাটো বেছি দৰকাৰী। ভাল হোৱাতকৈ ঘটনাবহুল, উদ্দেশ্যপুৰ্ণ, জীৱনোচ্ছল(vibrant), অভিযানহে হোৱা উচিত এই জীৱন, এবাৰেই পোৱা এই জীৱন ।

No comments:

Post a Comment