Thursday, September 17, 2015

শ্ৰদ্ধাঞ্জলি

সোঁৱৰণত অশ্ৰু-অঞ্জলি 
শশীমাই শইকীয়া দত্ত
যোৱা ২০১৩চনৰ বিশ্বকৰ্মা পূজাৰ পুৱা, ১৭ ছেপ্তেম্বৰত দূৰণিৰ পৰা আহিছিল সেই দুঃখবৰটো। বিশ্বকৰ্মা পূজালৈ বুলি গোটাই থোৱা সামগ্ৰী সমূহ যোগাৰ কৰিবলৈ আহোতেই ফোন আহিছিল, শুনি থৰ লাগিছিলো, "কনমামা আৰু নাই"। তাৰ অৰ্থ আছিল মস্কোত কৰ্মৰত আমাৰ মৰমৰ সৰু ভাইটি আৰু এইখন সংসাৰত নাই! পূজাৰ সামগ্ৰী যতে আছিল ততে পৰি ৰ'ল। পৰিয়ালৰ ইটোৱে সিটোলৈ ফোন কৰি সবিশেষ জানিবৰ বাবে ব্যস্ত হৈ পৰিলো। দিনটো হঠাতে আৱতৰীয়া কলীয়া ডাৱৰে অনা শোকাকুল দিনলৈ পৰিণত হ'ল।

পৰিয়ালৰ সৈতে, শিপাৰ সৈতে সদায়ে যোগসূত্ৰ ৰক্ষা কৰা, নিজকে স্বাৱলম্বী হবলৈ শিক্ষা দিয়া, বিদেশত তিনি দশকতকৈ অধিক থাকিও মাটিৰ মানুহ হৈ জীয়াই থাকিব বিচৰা মোৰ ভাই হোমেন শইকীয়াই আমাক এৰি আঁতৰি গ'ল। পুৱতি নিশা বিদেশৰ মাটিৰ বন্ধ কোঠাত শেষ নিশ্বাস পেলোৱা কথাটো বিশ্বাস কৰিবলৈ টান লাগিলেই সেয়াই আছিল ৰুঢ় বাস্তৱ। বিদেশৰ জীৱন যাত্ৰা সামৰি অসমৰ ভিতৰুৱা জন্মঠাই  ধেমাজি মাছখোৱাত স্বেচ্ছাসেৱী সংগঠনেৰে সেৱা আগবঢ়াই জীৱনৰ বাকীচোৱা সময় সদব্যৱহাৰ কৰিম বুলি ভবা বা দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈকো নাপালে ভাইটি হোমেন শইকীয়াই।

মাছখোৱাৰ এগৰাকী নিৰক্ষৰ খেতিয়কৰ সন্তান হৈও চৰকাৰী স্কুলৰ শিক্ষাৰেই নিজকে প্ৰতিটো স্তৰতে জিলিকি উঠা ভাইটি হোমেনে কমিউনিষ্ট দেশ ৰাছিয়াত পঢ়িবলৈ যাবলৈ সুযোগ পাইছিল। খনি বিভাগৰ অভিযন্তা ৰূপে উচ্চ শিক্ষা লভা আমাৰ পৰিয়ালৰ প্ৰথমজন অভিযন্তা ৰূপে পেশাগত দিশতো লাভ কৰিছিল সফলতা। আমাৰ পিছপৰা ঠাইৰ নৱ-প্ৰজন্মৰ বাবে, দুখীয়া পৰিয়ালৰ পৰাও ভালদৰে শিক্ষাৰ আধাৰ গঢ়ি বিদেশ পৰ্যন্ত গৈ উচ্চ শিক্ষা লভাৰ বাবে আছিল ব্যতিক্ৰমী প্ৰেৰণা স্বৰূপ। ঘৰ-পৰিয়ালৰ সকলোকে সামৰি একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰা ভাইটিৰ বছেৰেকৰ শেহৰ ভ্ৰমণটোলৈ আমি সদায়েই আগ্ৰহেৰে বাট চাই থাকো। সি আহিলে কন বিলাহী, বেঙেনা পিটিকা বনাই ঘৰুৱা খাদ্যৰ আপ্যায়ন কৰিবলৈ, মাছৰ পিটিকাৰ আগ্ৰহ পূৰাবলৈ উন্মুখ হৈ থাকো। সি আৰু নাহে, সেয়াই বাস্তৱ।

দুটি স্কুলীয়া সন্তান আৰু পত্নীৰ সৈতে সংসাৰখন এৰি থৈ যোৱাৰ লগতে আমাৰ বিশাল পৰিয়ালটোলৈকো এই ঘটনাই আনিলে চিৰদিনৰ বাবেই বিশাল শূণ্যতা। সি যতেই আছে, কুশলে থাকক। আজি বছেৰেকীয়া শ্ৰাদ্ধৰ দিনা তাৰ স্মৃতিত জনাইছো সোঁৱৰণিৰ অশ্ৰু-অঞ্জলি।

No comments:

Post a Comment