Monday, September 14, 2015

সাম্প্ৰতিক প্ৰসংগ

শাসকৰ হঠকাৰী সিদ্ধান্ত আৰু
বুদ্ধিজীৱিৰ সংগতিহীন আলোচনা
প্ৰতিম প্ৰতাপ বৰুৱা
সিদ্ধান্তবিলাক অন্য কৰ’বাত, অন্য কোনোবাই অতি গোপনীয়তাৰে লয়। সিদ্ধান্তবিলাক ল’বলৈও কিছু সময় লাগে, বহুত অংক মিলাবলগীয়া হয়। সিদ্ধান্তবিলাক লোৱাৰ আগলৈকে সেইবিলাকৰ বিষয়ে সাধাৰণ জনগণে ঘুণাক্ষৰেও জানিবলৈ নাপায়। যাৰ ওপৰত এই সিদ্ধান্তবোৰ জাপি দিয়া হয় তেওঁলোকৰ লগত সিদ্ধান্তবোৰ লবৰ সময়ত কোনো ধৰণৰ আলোচনা কৰা নহয়। এইটো বৰ্তমান প্ৰচলিত কেন্দ্ৰীভূত গণতন্ত্ৰৰ এক বিড়ম্বনাই নহয়নে?

এনেকুৱা সিদ্ধান্তৰ পিছত ৰাজহুৱা প্ৰতিক্ৰিয়া হোৱা স্বাভাৱিক আৰু সেয়েই সেইবিলাকৰ ওপৰত তৰ্ক-বিতৰ্ক, আলোচনা, সমৰ্থন, বিৰোধিতা, আন্দোলন আদি হয়। সেই আলোচনাবিলাকে কিন্তু পূৰ্বতে শাসকে উচ্চস্তৰত লোৱা সেই সিদ্ধান্ত সলনি কৰিব পৰাৰ উদাহৰণ কম। কিন্তু সেই আলোচনাবিলাকে কিছুমান মানুহৰ ব্যক্তিগত আৰু ৰাজনৈতিক চিন্তা-চৰ্চাৰ পৰিচয় দিয়ে।

য়েতিয়াই কিছুমান অসহনীয়, বিতৰ্কিত সিদ্ধান্ত অসমৰ ওপৰত জাপি দিয়া হয় তেতিয়াই আমি লক্ষ্য কৰো যে মূল বিষয়টোৰ ওপৰত সিমান আলোচনা নহয়, বা ইচ্ছাকৃতভাৱে আলোচনাবোৰ অইন এফালে ঢাল খুওৱা হয়। প্ৰতিবাদৰ নামত বন্ধ দিয়াটো সমৰ্থনযোগ্য নহয়। বন্ধই কোনো সমস্যাৰ সমাধান নানে। কিন্তু বেছিভাগ আলোচনাত এই বন্ধ দিয়াটোকহে এটা ইছ্যু হিচাপে ব্যৱহাৰ কৰা হয়। কালিৰ অসম বন্ধটোৰ বিৰুদ্ধে বহুত আলোচনা হৈছে। কিন্তু সেই বন্ধ ঘোষনা কৰাৰ মূল কাৰণটোৰ বিষয়ে, মানে চুবুৰীয়া বিদেশী ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ (অসমলৈ) অবৈধ ভাৱে অনুপ্ৰৱেশ কৰা বিদেশী নাগৰিকসকলৰ মাজৰে অ-মুছলমানসকলক ভাৰতীয় নাগৰিকত্ব দিবলৈ লোৱা সিদ্ধান্তটোৰ বিষয়ে, বা সেই সিদ্ধান্তটোত অসমৰ খিলঞ্জীয়া লোকসকলৰ সমৰ্থন আছেনে নাই, সেই সিদ্ধান্তই ভবিষ্যতে অসমৰ জনগোষ্ঠীয় জীৱন, অসমৰ ভাষা-সংস্কৃতিৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে সিমান আলোচনা হোৱা দেখা নাই। যিটো বুদ্ধিজীৱিয়ে দিক্-দৰ্শন দিব বুলি আশা কৰা সমাজ এখনৰ বাবে অতি দুৰ্ভাগ্যজনকেই নহয়নে?

একেসময়তে সেই সিদ্ধান্তটো সমৰ্থন কৰা বা বিৰোধিতা কৰাৰ বিষয়ে স্পষ্ট, সকলোৱে পৰিস্কাৰকৈ বুজি পোৱা, সহজ-সৰল মতামতো আমি সিমানকৈ দেখিবলৈ পোৱা নাই। (মূল বিষয়টোক পৰিস্কাৰকৈ, খোলাখুলিভাৱে সমৰ্থন বা বিৰোধিতা নকৰাকৈ বিভিন্ন আনুসংগিক বিষয় টানি আনি আলোচনা চলাই যাব পৰাটোও একধৰণৰ সুবিধাবাদ।) বন্ধৰ বিৰুদ্ধে বা আন কিছুমান আনুসংগিক বিষয়ে বিভিন্ন কথা আলোচনা কৰি মূল বিষয়টোক আলোচনাৰ পৰা আঁতৰত ৰাখিবলৈ উদ্দেশ্যপ্ৰণোদিতভাৱে চেষ্টা কৰা হৈছেনেকি – এইটো এটা চিন্তা কৰিবলগীয়া বিষয়।

সন্দেহ নাই, মানৱীয়তাৰ নামত লোৱা এই সিদ্ধান্তবোৰৰ আঁৰত আচলতে ৰাজনৈতিক সুবিধাবাদ, ৰাজনৈতিক ক্ষমতা আহৰণৰ অংক আদি কথাবোৰহে জড়িত হৈ আছে আৰু ইয়াত সাধাৰণ জনতাৰ মত, স্বাৰ্থ আৰু অংশগ্ৰহণ আদি প্ৰায় শূণ্যই। কিন্তু সেই সিদ্ধান্তবোৰৰ ফলাফলে এসময়ত অসম আৰু অসমীয়া জাতি-জনগোষ্ঠী, অসমৰ ভাষা-সংস্কৃতিলৈ অতি গভীৰ সংকট কঢ়িয়াই আনিব বুলি আজি আমি পতিয়ন গৈছো। কিছুসংখ্যক ক্ষমতালোভী ৰাজনীতিক আৰু সেই ৰাজনীতিকসকলে প্ৰতিপালন কৰা বা সেই ৰাজনীতিকসকলৰ দ্বাৰা প্ৰতিপালিত হ'বলৈ ইচ্ছা কৰা কিছুসংখ্যক লোকৰ দুমুখীয়া, দায়বদ্ধতাহীন চৰিত্ৰ এইখিনি সময়ত ওলাই পৰিছে।
হয়, মই প্ৰথমতে অসমীয়া, তাৰ পিছতহে ভাৰতীয়। অসম, অসমৰ সকলো জাতি-জনগোষ্ঠী, অসমৰ সকলো ভাষা-উপভাষা, অসমৰ সকলো সংস্কৃতি মোৰ আপোন। এইখিনি সম্পদলৈ সংকট নামি আহিলে মই উদাসীন হৈ থাকিব নোৱাৰো। অসমতে কোনোবাই “অসমীয়া মূৰ্দাবাদ” বুলি ধ্বনি দিলে মই আহত নোহোৱাকৈ থাকিব নোৱাৰো। মই জানো মোৰ একো কৰাৰ ক্ষমতা নাই। কিন্তু সেইবুলিয়েই নিজে নিৰাপদ দূৰত্বত ৰৈ ৰং চাবলৈ ইচ্ছা নকৰো আৰু কিছুমান অবিবেচক সিদ্ধান্তৰ সমৰ্থনো কেতিয়াও নকৰো। এয়া আবেগ নহয়, নিজৰ ভবিষ্যতক লৈ এক শংকাহে।

No comments:

Post a Comment