Thursday, September 17, 2015

প্ৰৱন্ধ

বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত
অসমৰ চাহ-বাগিছাসমূহত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ

ডঃ কমল কুমাৰ তাঁতী

(১)
ঐতিহাসিক তথ্য-পাতিসমূহ আৰু তদানীন্তন ব্ৰিটিছ চৰকাৰৰ বিভিন্ন চৰকাৰী নথি-পত্ৰৰ জৰিয়তে এই কথা স্পষ্টভাৱে প্ৰমাণিত হৈছে যে, বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত, অৰ্থাৎ ১৯০০ চনৰপৰা ১৯৩০ চনৰ মাজৰ সময়চোৱাত, ঔপনিৱেশিক অসমৰ চাহ-বাগিছাসমূহত আদিবাসী চাহ-শ্ৰমিকসকলৰ নেতৃত্ত্বত এলানি শ্ৰমিক আন্দোলন সংঘটিত হৈছিল ৷ তদুপৰি, কিছু তথ্য-পাতিয়ে এই কথাও উনুকিয়াই দিয়ে যে – বৃহত্তৰ অসমীয়া জাতি-গঠন প্ৰক্ৰিয়াত এই শ্ৰমিক আন্দোলনসমূহে এক গুৰুত্ত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে ৷ পিছে দূৰ্ভাগ্যবশত: বিভিন্ন কাৰণত ঔপনিৱেশিক অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ ‘জাতীয় ইতিহাস’ত এই আন্দোলনসমূহে কোনোকালেই যথাযোগ্য গুৰুত্ত্ব পোৱা নাই ৷ সেইবাবেই ঔপনিৱেশিক অসমৰ ইতিহাসৰ কিছু গুৰুত্ত্বপূৰ্ণ কথা এই লেখাটোৰ জৰিয়তে আলোকপাত কৰিব বিচৰা হৈছে ৷

১৯০৬ চনত প্ৰকাশিত হোৱা ‘The Romantic East: Burma, Assam and Kashmir’-শীৰ্ষক গ্ৰন্থখনৰ ১১১ নং পৃষ্ঠাত ইউৰোপীয় ভ্ৰমণকাৰী তথা লেখক ৱাল্টাৰ ডেল মাৰে ঔপনিৱেশিক অসম, আদিবাসী মূলৰ চাহ-শ্ৰমিকসকল আৰু (পণ্য-সামগ্ৰী হিচাপে) চাহ-পাতৰ মাজত থকা একমাত্ৰ সম্পৰ্কটো সঠিকভাৱেই একেটা বাক্যতে উদঙাই দেখুৱাইছিল – “The romance of Assam is a romance of commerce, the history of a savage country brought under civilised rule through the cultivation, by alien labour, of a single product” ৷ বিশিষ্ট ইতিহাসবিদ ড0 বোধিসত্ত্ব কৰে ৱাল্টাৰ ডেল মাৰৰ এই উক্তিটোৰ কথা উল্লেখ কৰি “Energizing Tea, Enervating Opium: Culture of Commodities in Colonial Assam”-শীৰ্ষক তেওঁৰ বিখ্যাত গৱেষণা-পত্ৰখনত সঠিকভাৱেই মন্তব্য কৰিছে এইবুলি – “the truth of a territory can be expressed as the fact of a commodity” ৷

প্ৰকৃতপক্ষে ঔপনিৱেশিক-সাম্ৰাজ্যবাদী ব্ৰিটিছ ব্যৱসায়িক শক্তিসমূহৰ সৈতে অসমৰ চাহপাত-কেন্দ্ৰিক ব্যৱসায়িক সম্পৰ্ক স্থাপন হয় ১৮৩৯ চনৰ ১০ জানুৱাৰীৰ দিনা – কিয়নো সেইদিনাই পোনপ্ৰথমবাৰৰ বাবে লণ্ডনত ‘Assam Tea’ অৰ্থাৎ অসমৰ চাহ-পাতৰ নিলাম কৰা হয় ৷ উল্লেখযোগ্য যে, কৃষিভিত্তিক এই জঁটিল ব্যৱসায়িক সম্পৰ্কসমূহৰ পাতনি মেলে স্কটলেণ্ডৰ ব্যৱসায়ী ৰবাৰ্ট ব্ৰুছে ৷ ১৮২৩ চনত ভাৰতৱৰ্ষলৈ অহা ৰবাৰ্ট ব্ৰুছৰ মূল উদ্দেশ্য আছিল – অসমৰ এটা খিলঞ্জীয়া জনজাতি চিংফৌসকলৰ মূল ব্যক্তি বিচা গামক সাক্ষাৎ কৰাৰ লগতে চিংফৌসকলে খেতি কৰা চাহ-পাতৰ কেইবাটাও প্ৰজাতিৰ বিষয়ে জ্ঞান আহৰণ কৰি, পৰ্যায়ক্ৰমে সেইবোৰৰ খেতি-বাতি আৰম্ভ কৰা ৷ ১৮২৪ চনত হঠাতে ৰবাৰ্ট ব্ৰুছৰ মৃত্যু হয় ৷ মৃত্যুৰ আগে আগে তেওঁ নিজ ভাতৃ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছক চিংফৌসকলৰপৰা চাহপাত সম্পৰ্কে তেওঁ অৰ্জন কৰা জ্ঞানখিনি বিশদভাৱে অৱগত কৰি থৈ যায় আৰু লগতে এইবুলিও কৈ থৈ যায় যে – কেৱলমাত্ৰ অসমতেই এনে প্ৰজাতিৰ চাহপাতৰ ব্যৱসায়িক খেতি সম্ভৱপৰ ৷ ইয়াৰ প্ৰায় এটা দশকৰ পিছতহে ব্ৰিটিছ চৰকাৰে চীনদেশৰ সলনি অসমত চাহ-খেতি ব্যৱসায়িকভাৱে আৰম্ভ কৰাৰ বাবে চিন্তা-চৰ্চা কেন্দ্ৰীভূত কৰিবলৈ সিদ্ধান্ত লয় ৷


১৮৩৪ চনৰ আৰম্ভণিতে ব্ৰিটিছ চৰকাৰে এখন ‘চাহ সমিতি’ (Tea Committee) গঠন কৰি দিয়ে ৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায়িকভাৱে চাহ-খেতি আৰম্ভ কৰাৰ বাবে কোনটো অঞ্চলক নতুন উদ্যোগক্ষেত্ৰ হিচাপে বাচি লৈ ইয়াৰ সকলো শক্তি কেন্দ্ৰীভূত কৰিব, সেই বিষয়ে এই সমিতিৰ জৰিয়তে এক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চেষ্টা কৰা হৈছিল ৷ ব্ৰিটিছ সামৰিক বাহিনীৰ সৈতে আলোচনা-বিলোচনা কৰাৰ পিছত ‘চাহ সমিতি’য়ে সিদ্ধান্ত গ্ৰহণ কৰে যে – ব্যৱসায়িকভাৱে চাহ-খেতি কৰাৰ বাবে অসমেই হৈছে সবাতোকৈ উপযুক্ত অঞ্চল ৷ চাহ সমিতিৰ ছুপাৰিশমতেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্যোগত ১৮৩৯ চনত ‘আসাম কোম্পানী’ৰ গঠন কৰা হয় আৰু অসমত ব্যৱসায়িকভাৱে চাহ-খেতিৰ পাতনি মেলা হয় ৷

স্থানান্তৰত মই ইতিমধ্যেই মত প্ৰকাশ কৰিছোঁ যে, সামন্ততন্ত্ৰ-ৰাজতন্ত্ৰৰ বিনাশ ঘটাই অসমত প্ৰকৃত অৰ্থৰ ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ সূচনা কৰা হয় - অসমত নতুনকৈ গঢ় লৈ উঠা চাহ-বাগিছাবোৰত কাম কৰোৱাবলৈ তদানীন্তন ভাৰতৱৰ্ষৰ বিভিন্ন প্ৰদেশৰ পৰা আদিবাসী লোকসকলৰ ‘বলপূৰ্বক প্ৰব্ৰজন’ৰ (Forced Migration) জৰিয়তে ৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সূচনা হয় ‘শ্ৰমিক আৰু শ্ৰম’ৰ ‘বলপূৰ্বক স্থানান্তৰিতকৰণ’ৰ (Forced Displacement of Labour and Labourer) জৰিয়তে ৷

ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰ আৰু বিদেশী ঔপনিৱেশিক পূঁজিপতি মহলে ভাৰতৱৰ্ষৰ বিভিন্ন আদিবাসী-অধ্যুষিত অঞ্চলসমূহৰপৰা ‘আড়কাঠিয়া চালান’ আৰু ‘চৰ্দাৰী ব্যৱস্থা’ৰ জৰিয়তে মূলত: আদিবাসী লোকসকলক অসমৰ চাহ বাগিছাসমূহত কাম কৰোৱাবলৈ ‘বলপূৰ্বক প্ৰব্ৰজন’ কৰোৱাইছিল৷ ঐতিহাসিক তথ্য-পাতিসমূহে এই কথা প্ৰমাণিত কৰিছে যে এই প্ৰব্ৰজন আৰম্ভ হৈছিল ১৮৫৮-৫৯ চনত ৷

১৮৬৩ চনত ব্ৰিটিছ চৰকাৰে প্ৰথমখন ‘শ্ৰমিক আইন’ ব্ৰিটিছ সংসদত গৃহীত কৰে, যাৰ জৰিয়তে বলপূৰ্বক প্ৰব্ৰজনৰ এই প্ৰক্ৰিয়াটো সুচল কৰি তোলা হয়৷ এই আইনযোগে ভাৰতৱৰ্ষৰ বিভিন্ন প্ৰদেশৰপৰা শ্ৰমিক আমদানি কৰাৰ বাবে ‘আড়কাঠী’-সকলক (লাইচেন্সপ্ৰাপ্ত নিয়োগকৰ্ত্তা) প্ৰয়োজনীয় অনুমতি প্ৰদান কৰা হয় ৷ পুনৰ ১৮৭০ চনত এই আইনখনৰ সংশোধনী ঘটাই শ্ৰমিক আমদানিৰ প্ৰক্ৰিয়াটো আৰু অধিক সুচল কৰি তুলিবলৈ ‘চৰ্দাৰী ব্যৱস্থা’কো প্ৰয়োজনীয় অনুমতি দিয়া হয় ৷

১৮৬৭-৬৮ চনৰ বংগৰ প্ৰশাসনীয় প্ৰতিবেদনৰ মতে, সেই সময়ত অসমৰ চাহ-বাগিছাসমূহত ২২,৮০০ জন আমদানিকৃত শ্ৰমিক আৰু ১১,৬৩৩ জন স্থানীয় শ্ৰমিক কৰ্মৰত আছিল ৷ ১৮৮০ চনৰ পৰৱৰ্ত্তী সময়চোৱাত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ উদ্যোগত শ্ৰমিক আমদানিৰ জৰিয়তে হোৱা এই ‘বলপূৰ্বক প্ৰব্ৰজন’ প্ৰবলৰূপে বৃদ্ধি পায় ৷ ইয়াৰ পৰিণামস্বৰূপে, ১৯০১ চনৰ Census of India-ৰ ৰিপ’ৰ্টমতে, মুঠ প্ৰব্ৰজিত, মূলত: আদিবাসী মূলৰ চাহ শ্ৰমিকৰ সংখ্যা হৈছিলগৈ ৬৪৫,০০০ জন ৷

ভাৰতৰ বিশিষ্ট সমাজ-বিজ্ঞানী ৰাণাপ্ৰতাপ বেহেলে তেওঁৰ কেইবাখনো বিখ্যাত গৱেষণা-পত্ৰত এই ‘বলপূৰ্বক প্ৰব্ৰজন’ৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছে ৷ ‘Coolies, Recruiters and Planters: Migration of Indian Labour to the Southeast Asian and Assam Plantations during Colonial Rule’-শীৰ্ষক এখন বিখ্যাত গৱেষণাপত্ৰত তেওঁ উল্লেখ কৰামতে, ১৮৭৩-১৯৩২ চনৰ ‘Assam Labour Reports’ আৰু ১৯৩৪-১৯৪৭ চনৰ ‘Reports on Emigrant Labour’ অনুসৰি, ১৮৭৩-১৯৪৭ চনৰ সময়চোৱাত অসমলৈ বলপূৰ্বকভাৱে আমদানিকৃত আদিবাসী শ্ৰমিকৰ সৰ্বমুঠ সংখ্যা হৈছিলগৈ ৩২,৭২,৮০০ জন (প্ৰায় ৩৩ লাখ)৷ অৰ্থাৎ ভাৰতৱৰ্ষই স্বাধীনতা লাভ কৰাৰ মূহুৰ্ত্তত অসমৰ চাহ-বাগিছাসমূহত প্ৰায় ৩৩ লাখ আদিবাসী-চাহ শ্ৰমিক কৰ্মৰত আছিল ৷

উল্লেখযোগ্য যে, এই চৰকাৰী পৰিসংখ্যাবোৰত কেৱল চৰকাৰীভাৱে আমদানিকৃত শ্ৰমিকৰ এক সাধাৰণ পৰিসংখ্যাহে উল্লেখ কৰা হৈছিল ৷ বেচৰকাৰীভাৱেও, সেই সময়চোৱাত বহু আদিবাসী লোক স্ৱতন্তৰীয়াভাৱে আৰু নিজৰ পৰিয়াল-পৰিজনৰ (যিসকলে পূৰ্বতেই অসমলৈ আমদানিকৃত) সংশ্ৰৱত থাকি কাম কৰিবলৈ অথবা অন্য কাৰণত অসমলৈ গুছি আহে ৷ গতিকে ১৯৪৭ চনত, অসমলৈ বলপূৰ্বকভাৱেই হওক অথবা নিজ ইচ্ছাতেই হওক, অসমলৈ প্ৰব্ৰজন কৰা আদিবাসী লোকৰ মুঠ সংখ্যা ৪০-৪৫ লাখৰ কম নিশ্চয় নাছিল ৷

ভাৰতৱৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছতেই অসমলৈ আদিবাসী চাহ-শ্ৰমিকৰ এনে প্ৰব্ৰজন একেবাৰেই কমি যায় আৰু ১৯৫০-ৰ দশকৰ শেষভাগলৈ আদিবাসী শ্ৰমিকৰ বলপূৰ্বক আমদানি সম্পূৰ্ণৰূপে বন্ধ হৈ যায় ৷ উল্লেখযোগ্য যে, এইসকল আদিবাসী লোক পিছলৈ আৰু কেতিয়াও নিজৰ মূল ঠাইলৈ ঘূৰি নগ’ল ৷ অসমকেই নিজৰ ‘একমাত্ৰ বাসভূমি’ অথবা ‘দেছ’(দেশ) বুলি সাৱটি লৈ, অসমীয়া ভাষাকে নিজৰ মূখৰ মাত বুলি ধৰি লৈ এইসকল লোকে পৰৱৰ্ত্তী সময়চোৱাত অসমৰ বৃহত্তৰ জাতি-গঠন প্ৰক্ৰিয়াত এক অভূতপূৰ্ব অৱদান আগবঢ়ালে ৷

সম্ভৱত: এই কথাটো বহু আগতীয়াকৈ নিজস্ব দূৰদৃষ্টিৰে অনুধাৱন কৰিব পাৰিছিল কাৰণেই চাগৈ, উনবিংশ শতিকাৰ দ্বিতীয়টো ভাগত সেই সময়ত নতুনকৈ গঢ় লোৱা অসমীয়া মধ্যবিত্তসকলৰ একাংশই আদিবাসী শ্ৰমিকসকলৰ এই বলপূৰ্বক প্ৰব্ৰজনৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল ৷ আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা আদিকে ধৰি বহুকেইজন বিশিষ্ট অসমীয়া লোকে এই সম্পৰ্কে সহমত প্ৰকাশ কৰাৰ লগতে এই কথাটোত পতিয়ন গৈছিল যে, এনেবোৰ প্ৰব্ৰজন অবিহনে অসমৰ অৰ্থনৈতিক প্ৰগতি সম্ভৱপৰ নহ’ব আৰু সেয়ে তেওঁলোকে ব্ৰিটিছ চৰকাৰক অনুৰোধ জনাইছিল - যাতে অসমলৈ এনে প্ৰব্ৰজন অব্যাহত ৰখা হয় ৷

কিন্ত্ত ইয়াৰ বিপৰীতে গৈ তদানীন্তন চিফ কমিছনাৰ হেনৰী হপকিন্সনে মত প্ৰকাশ কৰিছিল যে, অসমলৈ আদিবাসী চাহ-শ্ৰমিকসকলৰ প্ৰব্ৰজনক উৎসাহিত কৰি থকাটো উচিত নহ’ব - কিয়নো দিনে দিনে বৃদ্ধি পাই গৈ থকা জনসংখ্যাৰ বাবে প্ৰয়োজনীয় যথেষ্ট পৰিমাণৰ খাদ্যশস্য অসমত উৎপাদিত নহয় অথবা সেই বৃহৎ পৰিমাণৰ খাদ্যশস্য উৎপাদন কৰিব পৰাকৈ অসমৰ তদানীন্তন জনসমষ্টি সক্ষম নহয় ৷ সেয়েহে আদিবাসীসকলৰ পৰিৱৰ্ত্তে, অসমৰ পতিত মাটিসমূহত বিভিন্ন ধৰণৰ খাদ্যশস্যৰ খেতি-বাতি কৰিবলৈ কোনো পৰম্পৰাগত কৃষক সম্প্ৰদায়কহে অসমলৈ প্ৰব্ৰজন কৰোৱাব লাগে ৷ এনেবোৰ কাৰণতেই প্ৰকৃততে ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ উদ্যোগত অসমলৈ পূৰ্ববংগীয় কৃষক সমাজ, বিশেষকৈ মৈমনসিঙীয়া মুছলমান কৃষক ৰাইজৰ প্ৰব্ৰজনে পাতনি মেলিছিল ৷

(২)
১৯০০-১৯৩০ চনৰ সময়চোৱাত অসমৰ চাহ-বাগিছাসমূহত আদিবাসী চাহ-শ্ৰমিকসকলৰ নেতৃত্ত্বত সংঘটিত হোৱা শ্ৰমিক আন্দোলনসমূহৰ সম্পৰ্কে কিছু কথা এই লেখাৰ জৰিয়তে আলোকপাত কৰিব বিচৰা হৈছে ৷ ‘Forms of Labour Protest in Assam Valley Tea Plantations, 1900-1930’-শীৰ্ষক গৱেষণাপত্ৰখনত বিশিষ্ট সমাজ-বিজ্ঞানী ৰাণাপ্ৰতাপ বেহেলে এই বিষয়ে আলোচনা আগবঢ়াইছে ৷

কুখ্যাত বনুৱা চালান ব্যৱস্থাৰ জৰিয়তে উনবিংশ শতিকাৰ শেষভাগলৈ ব্ৰিটিছ ঔপনিৱেশিক পূঁজিপতিমহলে অসম আৰু বৰাক উপত্যকাৰ চাহ-বাগিছাসমূহত এক ঔপনিৱেশিকতাবাদী ব্যৱস্থা গঢ়ি তোলে আৰু চাহ-শ্ৰমিকসকলক শাৰীৰিক আৰু সামাজিকভাৱে সাম্ৰাজ্যবাদী-ঔপনিৱেশিকতাবাদী শাসনৰ কঠোৰ নিয়ন্ত্ৰণত ৰখাৰ ব্যৱস্থা কৰা হয় ৷ বিভিন্ন আইন-কানুন আৰু বাগিছাৰ নীতি-নিয়মৰ জৰিয়তে চাহ-বাগিছাৰ ভিতৰচোৱাত আৰু বাহিৰচোৱাত শ্ৰমিকসকলৰ সকলোধৰণৰ সামাজিকতা আৰু গতিশীলতাত নাকী লগোৱাৰ ব্যৱস্থা কৰা হয় ৷ বাগিছাৰ বাহিৰৰ পৃথিৱীৰ সৈতে কোনো ধৰণৰ যোগাযোগ ব্যৱস্থা নাইকিয়া কৰি শ্ৰমিকসকলক ‘বাগিছাৰ ভিতৰতে আবদ্ধ কৰি ৰখাৰ নীতি’ অৱলম্বন কৰা হৈছিল ৷ এই নীতি-নিৰ্দেশনাবোৰ অৱমাননা কৰিলে শ্ৰমিকসকলক কঠোৰ শাস্তি দিয়া হৈছিল ৷ শ্ৰমিকসকলক অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিকভাৱে চিৰদিনৰ বাবে পংগু কৰি তোলাৰ ব্যৱস্থাও কৰা হৈছিল ৷

ব্ৰিটিছ চৰকাৰ সমন্বিতে বিদেশী ঔপনিৱেশিক পূঁজিপতি মহলৰ এনেবোৰ সাম্ৰাজ্যবাদী চক্ৰান্তৰ বিষয়ে চাহ-শ্ৰমিকসকলে অলপকৈ হ’লেও বুজিব পাৰিছিল আৰু পাৰ্যমানে বিভিন্ন ধৰণেৰে ইয়াৰ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল৷ এনেবোৰ প্ৰতিবাদ আৰম্ভ হৈছিল ব্যক্তিগত স্তৰত; আৰু ক্ৰমান্বয়ে এনে ব্যক্তিগত স্তৰৰ প্ৰতিবাদসমূহ সংঘবদ্ধ হৈ এক সমূহীয়া প্ৰতিবাদৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছিল৷

১৯০৬ চনৰ ‘Report of the Assam Labour Enquiry Committee’-শীৰ্ষক প্ৰতিবেদনখনৰ মতে, অসমৰ চাহ-বাগিছাসমূহত সংঘটিত হৈ থকা বিভিন্ন সংঘৰ্ষ-প্ৰতিবাদবোৰৰ প্ৰতি ১৯০৩ চনত ব্ৰিটিছ চৰকাৰৰ মনোযোগ আকৰ্ষিত হয় ৷ চাহ-বাগিছাসমূহৰ মালিকপক্ষ আৰু চাহ-শ্ৰমিকসকলৰ মাজত থকা সম্পৰ্কবোৰৰ কিমান দূৰলৈকে অৱনতি ঘটিছে, সেই সম্পৰ্কে ততালিকে প্ৰতিবেদন দাখিল কৰিবলৈ ব্ৰিটিছ চৰকাৰে স্থানীয় প্ৰশাসনসমূহক নিৰ্দেশ দিয়ে৷ তাৰ পৰিপ্ৰেক্ষিততে অসম প্ৰশাসনে ব্ৰিটিছ আই.চি.এছ বিষয়া জে.চি.আৰবাথনটক নিযুক্ত কৰি দুৱাৰছ অঞ্চল, মাদ্ৰাজ আৰু ছিলনৰ (শ্ৰীলংকা) চাহ-বাগিছাসমূহৰ সৈতে অসমৰ চাহ-বাগিছাসমূহত প্ৰচলিত হৈ থকা নীতি-নিয়ম আৰু তদানীন্তন অৱস্থাৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷

আৰবাথনটে পৰৱৰ্ত্তী বছৰটোতে দাখিল কৰা প্ৰতিবেদনখনৰ মতে, (ক) ভাৰত বা ছিলনৰ আন কোনো বাগিছাতে অসমত প্ৰচলিত হৈ থকা চুক্তিনামা প্ৰথাৰ (indenture system) কোনো অস্তিত্ত্বই নাই; (খ) যি সময়ত আন আন অঞ্চলসমূহৰ চাহ-বাগিছাসমূহত বনুৱাৰ ব্যৱস্থা আৰু নিযুক্তি দালালৰ জৰিয়তে কৰা হৈছিল, সেই সময়ত অসমলৈ বনুৱাৰ আমদানি কৰা হৈছিল ‘বলপূৰ্বকভাৱে’ (in force)৷ তদুপৰি যি মূহুৰ্ত্ততে এজন শ্ৰমিক অসমৰ বাগিছা এখনত আহি উপস্থিত হয়, সেই মূহুৰ্ত্ততে শ্ৰমিকজনৰ সৈতে নিযুক্তিদাতাৰ সকলো সম্পৰ্ক শেষ হয় ৷ আৰবাথনটে তেওঁৰ প্ৰতিবেদনত অসমৰ চাহ-শ্ৰমিকসকলৰ তদানীন্তন আৰ্থ-সামাজিক অৱস্থা সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰাৰ লগতে মত প্ৰকাশ কৰে যে – ‘the long period of indenture in Assam is a deterrent to emigration’.

ছাৰ হেনৰী কটনে ১৯০১ চনত প্ৰকাশিত হোৱা তেওঁৰ ‘Assam Annual Report on Labour Immigration into Assam for the year 1900’-শীৰ্ষক প্ৰতিবেদনখনত অসম শ্ৰম নিয়মসমূহৰ (Assam labour system) কাম-কাজৰ পদ্ধতিসমূহক তীব্ৰভাৱে সমালোচনা কৰিছিল ৷ তেওঁৰ মতে, অসমৰ চাহ-শ্ৰমিকসকলৰ আৰ্থ-সামাজিক অৱস্থা একেবাৰেই সন্তোষজনক নাছিল; শ্ৰমিকসকলৰ মজুৰিৰ হাৰো আছিল তেনেই সামান্য ৷ তেওঁ সেই মজুৰিক আখ্যা দিছিল – ‘a miserable average pittance’ হিচাপে ৷ প্ৰতিবেদনখনত তেওঁ অতি সামান্য মজুৰিৰ কেইবাটাও নিদৰ্শন দাঙি ধৰাৰ লগতে প্ৰায়বোৰ বাগিছাৰে শ্ৰমিকসকলৰ ঋণগ্ৰস্ত-লাওলোৱা অৱস্থাটোৰ বিষয়েও উল্লেখ কৰিছিল ৷ চাহ-মালিকসকল আৰু শ্ৰমিকসকলৰ মাজত সংঘটিত হৈ থকা সংঘৰ্ষ-বিবাদ-প্ৰতিবাদসমূহৰ নিদৰ্শন দাঙি ধৰি প্ৰতিবেদনখনত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল – বাগিছাসমূহৰ কুলিসকলৰ ওপৰত অন্যায়ভাৱে অযথা কঠোৰ শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত মেজিষ্ট্ৰেটসকল খুবেই কাৰ্যক্ষম আছিল ! চাহ-মালিকসকলৰ নিজৰ ভূল থাকিলেও তাৰ শাস্তি চাহ-শ্ৰমিকসকলৰ ওপৰতেই জাপি দিয়া হৈছিল ৷ প্ৰতিবেদনখনে বাগিছা-পৰিদৰ্শকসকলৰ অদক্ষতা আৰু (নাৰী শ্ৰমিকসকলৰ) কঠোৰ পৰিশ্ৰমে শিশুৰ জন্মহাৰৰ ওপৰত পেলোৱা ভীষণ ক্ষতিকৰ প্ৰভাৱৰ কথাও গভীৰভাৱে বিবেচনা কৰি এইবোৰৰ তীব্ৰ নিন্দা কৰিছিল ৷ ১৯০৬ চনৰ ‘Report of the Assam Labour Enquiry Committee’-ত ছাৰ হেনৰী কটনৰ প্ৰতিবেদনখনৰ বিষয়ে উল্লেখ আছে এইবুলি – ‘This Report excited the greatest resentment among persons interested in tea, and the Indian Tea Association addressed a protest to the Government of India.’

প্ৰথম বিশ্বযুদ্ধৰ পৰৱৰ্ত্তী সময়চোৱাত অসমৰ চাহ-বাগিছাসমূহত শ্ৰমিকসকলৰ এনেবোৰ প্ৰতিবাদে স্পষ্টভাৱে ৰাজনৈতিক আৰু সংঘবদ্ধ ৰূপ ল’বলৈ আৰম্ভ কৰে ৷ চাহ-শ্ৰমিকসকল ইতিমধ্যেই নিজস্ব মৌলিক অধিকাৰসমূহ সম্পৰ্কে অধিক সচেতন হৈ উঠিছিল আৰু এই অধিকাৰসমূহ পূৰণৰ বাবে বিভিন্ন দাবী-সম্ৱলিত আন্দোলন গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিল ৷ চাহ-বাগিছাসমূহত সঘনাই ধৰ্মধট হ’বলৈ লৈছিল; চাহ-বাগিছাসমূহত লক-আউট হ’বলৈ ধৰে ৷ দিনে দিনে চাহ-শ্ৰমিকসকলৰ এই আন্দোলনসমূহ তীব্ৰতৰ হোৱাৰ লগতে বহু সময়ত হিংসাত্মকো হৈ উঠিছিল ৷ অবৰ্ণনীয় দৰিদ্ৰতা, শোষণ-নিপীড়ণ, চাহ-বাগিছাৰ দৈনন্দিন কাম-কাজত হোৱা তীব্ৰ মানসিক-শাৰীৰিক কষ্ট আৰু লগতে ঔপনিৱেশিক শাসনে কোঙা কৰি পেলোৱা চাহ-শ্ৰমিকসকলৰ আন্দোলনে এনে ৰূপ লোৱাত কোনো অস্বাভাৱিকতা নাছিল ৷ ৰাণাপ্ৰতাপ বেহেলৰ মতে – ‘চাহ-শ্ৰমিকসকলৰ আন্দোলনসমূহৰ এটা গুৰুত্ত্বপূৰ্ণ দিশ আছিল - এইসমূহৰ স্বত:স্ফূৰ্ততা আৰু কঠোৰ শাৰীৰিক-মানসিক কষ্টৰ বিৰুদ্ধে তেওঁলোকৰ হিংসাত্মক প্ৰকাশ’ ৷ চৰকাৰী প্ৰতিবেদনসমূহতো চাহ-শ্ৰমিকসকলৰ প্ৰতিবাদ-আন্দোলনৰ ঘটনাসমূহক সাধাৰণতে ‘হিংসাত্মক ঘটনা’, ‘বে-আইনী সমাবেশ’, ‘সংঘৰ্ষ-দাঙ্গা’, ‘ভাবুকি দিয়া’ আৰু ‘মাৰপিটৰ ঘটনা’ আদি বুলিয়েই উল্লেখ কৰা হৈছিল ৷

ব্ৰিটিছ চৰকাৰৰ আভ্যন্তৰীণ প্ৰতিবেদনবোৰৰ মতে, ১৯০০-১৯৩০ চনৰ সময়চোৱাত ‘বে-আইনী সমাবেশ’ আৰু ‘সংঘৰ্ষ-দাঙ্গা’ৰ কাৰণে চাহ-শ্ৰমিকসকলৰ বিৰুদ্ধে প্ৰায় ২৭২ টা গোচৰ ৰুজু কৰা হৈছিল ৷ ইয়াৰ লগতে ‘মাৰপিট’, ‘ভাবুকি দিয়া’ আৰু ‘হিংসাত্মক ঘটনা’ আদিৰ কাৰণে আন ৭৯ টা গোচৰ ৰুজু হৈছিল ৷ এনে ঘটনাবোৰৰ বিশদ বিৱৰণ পিছে চৰকাৰী প্ৰতিবেদনসমূহত প্ৰায়ে নাথাকিছিল; প্ৰতিবেদনসমূহত আনকি বহুবোৰ ঘটনাৰ বিষয়ে কোনো উল্লেখেই কৰা নহৈছিল ৷ ৰাণাপ্ৰতাপ বেহেলৰ মতে, চৰকাৰী প্ৰতিবেদনসমূহত উল্লেখ কৰা সংখ্যাতকৈ বহু বেছি ঘটনা এই সময়চোৱাত ঘটিছিল ৷ চাহ-মালিকসকলেও এনে ঘটনাবোৰৰ কোনো বহল প্ৰচাৰ বিচৰা নাছিল আৰু এই ঘটনাসমূহে যাতে আন আন চাহ-শ্ৰমিকসকলক প্ৰভাৱিত কৰি নতুনকৈ কোনো বৃহৎ ঘটনা-আন্দোলন ঘটাব নোৱাৰে, তাৰ বাবে সকমোৱে বিশেষ সাৱধানতা অৱলম্বন কৰিছিল ৷

চাহ-শ্ৰমিকসকলৰ এই আন্দোলনবোৰৰ আন এটা উল্লেখযোগ্য কাৰণ আছিল – নিজৰ মানৱীয় মৌলিক অধিকাৰসমূহৰ লগে লগে মহিলা চাহ-শ্ৰমিক আৰু আন আন মহিলাসকলৰ মৌলিক অধিকাৰসমূহ সম্পৰ্কে তেওঁলোক অধিক সচেতন হৈ উঠিছিল ৷ এনেবোৰ সংঘৰ্ষ-প্ৰতিবাদৰ আন এটা কাৰণ আছিল – চাহ-শ্ৰমিকসকলক ইউৰোপীয় কৰ্মচাৰীসকলে সঘনাই কৰা দূৰ্ব্যৱহাৰ আৰু মাৰপিটৰ ঘটনাসমূহ ৷ ১৯০০ চনৰ ‘Assam Labour Report’-ত তদানীন্তন লখিমপুৰ জিলাৰ উপায়ুক্তজনে চাহ-শ্ৰমিকসকলৰ সংঘৰ্ষ-প্ৰতিবাদৰ কাৰণ হিচাপে উল্লেখ কৰিছিল এনেদৰে – ‘Blows given by managers, or more commonly by assistant managers, to coolies, either for the bad work or refusal to work, were the immediate cause of most of the rioting cases which occurred during the year.’

চাহ-শ্ৰমিকসকলৰ এনেবোৰ আন্দোলন-সংঘৰ্ষ-প্ৰতিবাদৰ কাৰণ কেৱল চাহ-মালিকসকলৰ অত্যাচাৰ-অন্যায়ৰ বিৰুদ্ধে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটোৱেই নাছিল, বৰং চাহ-শ্ৰমিকসকলে কিছুমান সামাজিক আৰু ব্যক্তিগত অধিকাৰৰ সপক্ষেও সজোৰে দাবী জনাইছিল ৷ ১৯২০ চনৰ দশকটোত চাহ-শ্ৰমিকসকলৰ আন্দোলনসমূহৰ মূল বিষয় হৈ উঠে – মজুৰি বৃদ্ধি আৰু বয়-বস্ত্তৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা ৷

১৯২০-২২ চনৰ সময়চোৱাত অসমত চাহ-বাগিছাসমূহত শ্ৰমিক-আন্দোলনবোৰে তীব্ৰতৰ ৰূপ লয় আৰু প্ৰথমবাৰৰ কাৰণে পূৰ্বৱৰ্ত্তী সকলোবোৰ সংঘাত-আন্দোলনক সংখ্যাগত দিশৰপৰা ই চেৰ পেলায় ৷ ৰাণাপ্ৰতাপ বেহেলে লিখিছে যে – ‘১৯২০-২২ চনৰ ঘটনাসমূহ অৰ্থনৈতিক সমস্যাসমূহৰ ওপৰত অধিক জোৰ দিয়া এক বৃহৎ প্ৰতিৰোধ-সংগ্ৰাম গঢ়ি তোলাৰ বাবে এক পদক্ষেপ হিচাপে বিবেচনা কৰিব পাৰি ৷’ এই সময়চোৱাতে বিভিন্ন অৰ্থনৈতিক-সামাজিক অধিকাৰসমূহ সাব্যস্ত কৰিবলৈ চাহ-শ্ৰমিকসকলে প্ৰবল ৰূপত আন্দোলন গঢ়ি তোলে ৷ এনে শ্ৰমিক-আন্দোলনসমূহৰ তীব্ৰতা ইমানেই বৃদ্ধি পাইছিল যে, ব্ৰিটিছ চৰকাৰে এই ঘটনাসমূহক বিশেষভাৱে গুৰুত্ত্বসহকাৰে লৈ এই বিষয়ে অনুসন্ধান কৰিবলৈ এখন ‘Enquiry Committee’ গঠন কৰি দিবলগীয়া অৱস্থা পাইছিলগৈ ৷ এই ‘Enquiry Committee’-ৰ মতে, ১৯০০-১৯২০ চনৰ মাজৰ সময়চোৱাত চৰকাৰী প্ৰতিবেদনসমূহত ‘সংঘৰ্ষ-দাঙ্গা’, ‘ভাবুকি দিয়া’, ‘বে-আইনী সমাবেশ’,‘হিংসাত্মক ঘটনা’ আদি শব্দৰ ব্যৱহাৰ দিনকদিনে বৃদ্ধি পাইছিল আৰু ১৯২০ৰ দশকটোৰ প্ৰথমৰপিনে চাহ-শ্ৰমিকসকলৰ আন্দোলনসমূহ সকলোতকৈ তীব্ৰতৰ হৈ উঠিছিল ৷ ৰাণাপ্ৰতাপ বেহেলে চিত্তাকৰ্ষকভাৱে মন্তব্য কৰিছে যে, ‘১৯২০ৰ দশকত এনে শ্ৰমিক প্ৰতিবাদ-আন্দোলনসমূহ বুজাবলৈ ব্ৰিটিছ প্ৰশাসনে ‘ধৰ্মঘট’-শীৰ্ষক পৰিভাষাটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাটোৱেই এইসমূহৰ প্ৰধান লক্ষণ হৈ উঠিছিল ৷’

(৩)
১৯০৪ চনৰপৰা ১৯১৬ চনৰ মাজৰ সময়চোৱাত অসমৰ চাহ-বাগিছাসমূহত গঢ় লৈ উঠা এক বিশেষ বিদ্ৰোহৰ বিষয়ে কিছু কথা এই লেখাটোৰ জৰিয়তে আলোকপাত কৰিব বিচৰা হৈছে – যাক মই ‘হাট-বিৰোধী বিদ্ৰোহ’ বুলি অভিহিত কৰিব বিচাৰিছোঁ ৷

সমাজ-বিজ্ঞানী ডঃ সঞ্জয় বৰবৰাই তেওঁৰ ‘Struggles in the Tea Plantations of Assam: Then and Now’-শীৰ্ষক এটা গৱেষণামূলক প্ৰবন্ধত বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমৰ চাহ-বাগিছাসমূহত সংঘটিত হোৱা প্ৰতিবাদী আন্দোলনসমূহ আৰু ব্ৰিটিছ ঔপনিৱেশিকতাবাদী-সাম্ৰাজ্যবাদী শক্তিসমূহৰ সৈতে অসমৰ আদিবাসী চাহ-শ্ৰমিকসকলৰ সংঘাতৰ বিষয়ে কিছু কথা আলোচনা কৰিছে ৷ তেওঁ মত প্ৰকাশ কৰিছে যে, তদানীন্তন অসমৰ চাহ-বাগিছাসমূহ আৰু ইয়াৰ সমীপৱৰ্ত্তী অঞ্চলসমূহত গঢ় লৈ উঠা শ্ৰমিক আন্দোলনসমূক বুজি পাবলৈ হ’লে আমি ইয়াৰ দুটা গুৰুত্ত্বপূৰ্ণ দিশ ভালকৈ চালিজাৰি চাব লাগিব৷

প্ৰথমটো হৈছে, ভাৰতৱৰ্ষকে ধৰি এছিয়া মহাদেশৰ বিভিন্ন অঞ্চলত গঢ় লৈ উঠা সাম্ৰাজ্যবাদ-বিৰোধী আন্দোলনসমূহ ৷ তদানীন্তন অসমৰ সাম্ৰাজ্যবাদ-বিৰোধী আন্দোলনৰ প্ৰধান নেতৃবৃন্দ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু সেই সময়চোৱাত অসমত ভূমুকি মৰা বাওঁপন্থী শক্তিসমূহ ৷ দ্বিতীয়টো দিশ হৈছে, জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে, সাংস্কৃতিক সীমা অতিক্ৰমি অসমৰ থলুৱা-খিলঞ্জীয়া কৃষকসমাজ আৰু আদিবাসী চাহ-শ্ৰমিকসকলৰ মাজত গঢ় লৈ উঠা গোষ্ঠীগত সহযোগিতা, যাক ডঃ বৰবৰাই Strategic Alliance বুলি আখ্যা দিছে ৷ ডঃ সঞ্জয় বৰবৰাৰ এই যুক্তিটোৰ প্ৰসংগ টানি আমি এই কথা উনুকিয়াই দিব খোঁজো যে, সেই সময়চোৱাত অসমৰ চাহ-বাগিছাসমূহত সংঘটিত এই শ্ৰমিক-কৃষক আন্দোলনসমূহৰ মাজেদিয়েই প্ৰকৃততে বৃহত্তৰ অসমীয়া জাতি-গঠন প্ৰক্ৰিয়াই পাতনি মেলে ৷

অসমৰ আদিবাসী বুদ্ধিজীৱী উইলফ্ৰে’ড তপ্নই তেওঁৰ ‘Struggles of Adivasis of Assam’–শীৰ্ষক এটা প্ৰবন্ধটোত ১৯০৪ চনৰপৰা ১৯১৬ চনৰ ভিতৰত সংঘটিত ‘হাট-বিৰোধী বিদ্ৰোহ’ আৰু এই বিদ্ৰোহৰ নেতা ‘খ্ৰীষ্ট’ছন মুণ্ডা’ৰ বিষয়ে বহুখিনি গুৰুত্ত্বপূৰ্ণ কথা উল্লেখ কৰিছে ৷

তদুপৰি, বিশিষ্ট সমাজ-তাত্ত্বিকদ্বয় চেবাষ্টিয়ান কাৰ’টেম্প্ৰেল আৰু বি. দত্ত ৰয়ৰদ্বাৰা সম্পাদিত ‘Tea Garden Labourers of North East India’ (১৯৯০)-শীৰ্ষক বিখ্যাত গ্ৰন্থখনত সন্নিবিষ্ট হোৱা বিশিষ্ট সমাজ-বিজ্ঞানী ৰামকৃষ্ণ চট্টোপাধ্যায়ৰ ‘Christian Missionaries and Labour Migration to Assam Tea Gardens in Colonial Times’ (Occasional Paper No. 80, Centre for Studies in Social Sciences, Calcutta, 1986)’-শীৰ্ষক প্ৰবন্ধটোৰ মতে, ১৯২১ চনত ব্ৰিটিছ চৰকাৰে গঠন কৰি দিয়া ‘Labour Enquiry Committee’-ক দাখিল কৰা ‘Labour Enquiry Report’-তো তদানীন্তন দৰং জিলাৰ ডেপুটী কমিছনাৰজনে খ্ৰীষ্ট’ছন মুণ্ডাৰ বিষয়ে বহুখিনি গুৰুত্ত্বপূৰ্ণ উল্লেখ কৰি থৈ গৈছে ৷

তদানীন্তন ব্ৰিটিছ চৰকাৰৰ আভ্যন্তৰীণ প্ৰতিবেদনমতে, খ্ৰীষ্ট’ছন মুণ্ডাই ১৯০৪ চনৰপৰা ১৯১৬ চনৰ ভিতৰত অসমৰ আদিবাসী চাহ-শ্ৰমিক আৰু স্থানীয় অসমীয়া কৃষক-ৰাইজক সংগঠিত কৰি ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল ৷ ১৯২১ চনৰ ‘Labour Enquiry Report’-ত উল্লেখ থকা মতে, খ্ৰীষ্ট’ছন মুণ্ডা আছিল তদানীন্তন দৰং জিলাৰ ফুলবাৰী চাহ-বাগিছাত থকা গীৰ্জাৰ পেষ্টৰ ৷ ১৮৮৯-১৯০০ চনৰ সময়চোৱাত ভাৰতৱৰ্ষৰ মহান আদিবাসী বিদ্ৰোহী নেতা বিৰছা মুণ্ডাৰ নেতৃত্ত্বত ‘উলগুলান’ বা ‘মুণ্ডা বিদ্ৰোহ’ সংঘটিত হৈ থকাৰ সময়তে তেওঁ (বৰ্ত্তমানৰ ঝাৰখণ্ডৰ) খুন্তি অঞ্চলত থকা নিজৰ পূৰ্বপুৰুষৰ ঘৰলৈ যায় ৷

বিৰছা মুণ্ডাৰ ব্যক্তিত্ত্ব আৰু তেওঁৰ নেতৃত্ত্বত হৈ থকা ‘উলগুলানে’ খ্ৰীষ্ট’ছনক সাংঘাটিকভাৱে প্ৰভাৱিত কৰে ৷ কিছুদিনৰ পিছত ফুলবাৰী চাহ-বাগিছালৈ ঘূৰি আহিয়েই তেওঁ আদিবাসী চাহ-শ্ৰমিক আৰু স্থানীয় অসমীয়া কৃষক-ৰাইজক ব্ৰিটিছ চাহ-মালিকসকলৰ বিৰুদ্ধে সংগঠিত কৰিবলৈ আৰম্ভ কৰে ৷ লগতে তেওঁৰ নেতৃত্ত্বত আদিবাসী চাহ-শ্ৰমিকসকলে বিৰছা মুণ্ডাৰ ‘উলগুলান’ৰ বাবেও দান-বৰঙনি সংগ্ৰহ কৰিবলৈ লয় আৰু কেইবাবাৰো সেই দান-বৰঙনি তেওঁলোকে ছোটানাগপুৰলৈ পঠিয়াই দিয়ে ৷

তেনে সময়তে ব্ৰিটিছ চৰকাৰে অসমৰ বিভিন্ন ঠাইত কিছুমান ‘হাট’ বা ‘গাঁৱলীয়া বজাৰ’ আৰম্ভ কৰে – যিবোৰক অৰ্থনৈতিক বিনিময়ৰ কেন্দ্ৰৰূপে গঢ়ি তোলা হয় ৷ সেই হাটবোৰতে ‘গোলা’ নামেৰে কিছুমান দোকানো আৰম্ভ হয়, যিবোৰৰ কাম আছিল - বয়-বস্ত্ত বেচা-কিনা কৰা আৰু দূখীয়া-অভাৱী মানুহক সূতত ধন ধাৰলৈ দিয়া ৷ ধন ধাৰে দিয়া এই লোকসকল পিছে স্থানীয় লোক নাছিল ৷ এওঁলোকৰ মূল উদ্দেশ্য আছিল - গাঁৱলীয়া, নিৰক্ষৰ কৃষক-শ্ৰমিক আৰু চাহ-শ্ৰমিকসকলক ঠগি তেওঁলোকক শোষণ কৰা ৷ ব্ৰিটিছ চৰকাৰেও নিজস্ব ঔপনিৱেশিক স্বাৰ্থ পূৰণৰ অৰ্থে ধন ধাৰে দিয়া এইসকল মহাজন-জাতীয় লোকক পোনপটীয়াকৈ উৎসাহিত কৰিবলৈ লৈছিল ৷ এনেদৰেই আদিবাসী চাহ-শ্ৰমিকসকলৰ লগতে থলুৱা অসমীয়া কৃষক-ৰাইজক শোষণ-নিপীড়ণ কৰাৰ বাবে আৰু এটা পথ মুকলি কৰা হৈছিল ৷

খ্ৰীষ্ট’ছন মুণ্ডাকে ধৰি আন আন কিছু লোকে এই কথাটো ফটফটীয়াকৈ বুজিব পাৰিছিল আৰু এয়া যে সাম্ৰাজ্যবাদী ব্ৰিটিছ চৰকাৰ আৰু ব্ৰিটিছ চাহ-মালিকসকলৰে আন এক চক্ৰান্ত, সেই কথা উপলব্ধি কৰিব পাৰি এনে ‘হাট’-সমূহ আৰু লগতে ব্ৰিটিছ চৰকাৰৰ বিৰু্দ্ধে তেওঁলোকে বিদ্ৰোহ ঘোষণা কৰিলে ৷

খ্ৰীষ্ট’ছন মুণ্ডা আৰু তেওঁৰ বন্ধু-বান্ধৱসকলে স্থানীয় থলুৱা-খিলঞ্জীয়া অসমীয়া কৃষকসকলৰ সহযোগত, ফুলবাৰী চাহ-বাগিছা আৰু ইয়াৰ ওচৰ-পাঁজৰৰ চাহ-বাগিছাসমূহৰ সমীপত থকা ‘হাট’-সমূহ আৰু সেইসমূহত থকা ‘গোলা’-বোৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে ৷ তেওঁলোকে হাটসমূহ আক্ৰমণ কৰি ধ্বংস কৰিবলৈ ধৰিলে, গোলাসমূহ লুট কৰাৰ লগতে এই গোলাবোৰ জ্বলাই দিবলৈ আৰম্ভ কৰিলে ৷

তাৎপৰ্যপূৰ্ণভাৱে, খ্ৰীষ্ট’ছন মুণ্ডাৰ নেতৃত্ত্বত চলা এই ‘হাট-বিৰোধী বিদ্ৰোহ’ত আদিবাসী চাহ-শ্ৰমিকসকলৰ লগতে স্থানীয় থলুৱা-খিলঞ্জীয়া অসমীয়া কৃষকসকলেও পূৰ্ণ সহযোগ আগবঢ়াই এই বিদ্ৰোহত নামি পৰিছিল ৷ এই বিদ্ৰোহীসকল ক্ৰমান্বয়ে সোণাজুলি চাহ বাগিছা, কাঠনি চাহ-বাগিছা, হেলেম, কছাৰীগাওঁ আদি অঞ্চলসমূহতো বিয়পি পৰিছিল আৰু সেই অঞ্চলসমূহত থকা হাটসমূহ আক্ৰমণ কৰা আৰম্ভ কৰিছিল আৰু গোলাসমূহ ধ্বংস কৰিবলৈ লৈছিল ৷

খ্ৰীষ্ট’ছন মুণ্ডাই এই বিদ্ৰোহক ক্ৰমান্বয়ে বিস্তৃত ৰূপত লৈ যাব বিচাৰিছিল ৷ সেয়েহে লাহে লাহে তেওঁ এই বিদ্ৰোহৰ মূল লক্ষ্য কৰি লয় ব্ৰিটিছ চাহ-মালিকসকল আৰু ব্ৰিটিছ চৰকাৰক ৷ ক্ৰমান্বয়ে এই বিদ্ৰোহৰ তীব্ৰতা বাঢ়ি অহা দেখি ব্ৰিটিছ চৰকাৰ শংকিত হ’বলৈ ধৰে আৰু খ্ৰীষ্ট’ছন মুণ্ডাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গোচৰ জাপি দি তেওঁৰ সন্ধানত পুলিচী অভিযান তীব্ৰতৰ কৰি তোলে ৷ ইতিমধ্যেই এই বিদ্ৰোহ তুংগত উঠিছিল আৰু ইয়াৰে অনুপ্ৰৰণাত লাহে লাহে আদিবাসী চাহ-শ্ৰমিকসকলে অসমৰ বিভিন্ন অঞ্চলত হাট-সমূহ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল ৷

পুলিচী অভিযানৰ তীব্ৰতাত এদিন খ্ৰীষ্ট’ছন মুণ্ডা গ্ৰেপ্তাৰ হয় আৰু বিনা বিচাৰে তেওঁক ১৯১৬ চনৰ কোনোবা এটা দিনত ফুলবাৰী চাহ-বাগিছাৰ মুকলি স্থানত ৰাজহুৱাকৈ ফাঁচীকাঠত ওলমাই দিয়া হয় ৷ এনেদৰেই এটা বিদ্ৰোহী সত্তাৰ অকাল সামৰণি ঘটে ৷

খ্ৰীষ্ট’ছন মুণ্ডাক ফাঁচী দিয়াৰ পিছতো পিছে ‘হাট-বিৰোধী বিদ্ৰোহ’ৰ সামৰণি পৰা নাছিল, বৰং এই বিদ্ৰোহৰ তীব্ৰতা দিনক দিনে বৃদ্ধিহে পাইছিল ৷ খ্ৰীষ্ট’ছন মুণ্ডাৰ ফাঁচীৰ পিছত দৰং জিলাৰ কেইবাখনো চাহ-বাগিছাৰ আদিবাসী চাহ-শ্ৰমিকসকলে একত্ৰিত হৈ পুনৰ আন্দোলন আৰম্ভ কৰে আৰু ব্ৰিটিছ চাহ-মালিকসকলক চাহ-শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি আৰু আন আন সা-সুবিধা দিবলৈ প্ৰবল দাবী জনায় ৷

১৯২১ চনৰ ১৬ অক্টোবৰৰ দিনা দৰং জিলাৰ মোনাবাৰী আৰু কাঠনি চাহ-বাগিছাৰ আদিবাসী চাহ-শ্ৰমিকসকলে উন্নত সা-সুবিধা প্ৰদানৰ দাবীত আন্দোলন গঢ়ি তোলে ৷ তাৰো কিছুদিনৰ আগতে, ১৯২১ চনৰ ২১ মাৰ্চৰ দিনা হেলেম চাহ-বাগিছাত মজুৰি বৃদ্ধিৰ দাবীত গঢ়ি তোলা এক আন্দোলনত চাহ-শ্ৰমিকসকলে বাগিছাৰ মহৰী, জমাদাৰ আৰু আন কিছুসংখ্যক কৰ্মচাৰীক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে ৷ ঠিক সেইদৰে ১৯২১ চনৰে ৯ আৰু ১০ অক্টোবৰৰ দিনা সোণাজুলি আৰু কছাৰীগাওঁ চাহ-বাগিছাত শ্ৰমিকসকলে বাগিছাৰ মেনেজাৰ আৰু জমাদাৰক আক্ৰমণ কৰে ৷ এনেবোৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাত, ব্ৰিটিছ চৰকাৰে এনেবোৰ বিদ্ৰোহক কঠোৰ হাতেৰে দমন কৰিবলৈ আৰম্ভ কৰে ৷ এটা সময়ত এই শ্ৰমিক বিদ্ৰোহসমূহ সমূলঞ্চে ধ্বংস কৰাত ব্ৰিটিছ চৰকাৰ সফল হয় ৷

এই সময়চোৱাৰ শ্ৰমিক আন্দোলনসমূহে তীব্ৰতৰ ৰূপ লাভ কৰিলেও, পৰৱৰ্ত্তী সময়ত পিছে এই আন্দোলনসমূহে এক ‘ঐক্যবদ্ধ আৰু সংঘবদ্ধ চাহ-শ্ৰমিক আন্দোলন’ হিচাপে গঢ় লৈ উঠিব নোৱাৰিলে আৰু সেই কাৰণতেই সম্ভৱত: অসমৰ সেই সময়চোৱাৰ ইতিহাসত ই যথাযোগ্য গুৰুত্ত্ব লাভ কৰিবলৈ সক্ষম নহ’ল ৷ পৰৱৰ্ত্তী সময়চোৱাতো অসমৰ ইতিহাসবিদসকলে এই বিক্ষিপ্ত শ্ৰমিক-আন্দোলনসমূহৰ ঐতিহাসিক গুৰুত্ত্ব উপলব্ধি কৰিবলৈ সক্ষম হোৱা দেখা নগ’ল৷ সেয়েহে বোধকৰোঁ, অসম আৰু অসমীয়াৰ ইতিহাসত আজিপৰ্যন্ত খ্ৰীষ্ট’ছন মুণ্ডা আৰু তেওঁৰ ঐতিহাসিক অৱদানৰ কোনো উল্লেখ নাই ৷

(লেখক শ্বিলং-স্থিত ‘মেঘালয় প্ৰযুক্তিবিদ্যা আৰু ব্যৱস্থাপনা বিশ্ববিদ্যালয়’ৰ পদাৰ্থবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক, ম’বাইল: +৯১-৭৩০৮০০৩৯৪১)

No comments:

Post a Comment