Saturday, September 5, 2015

জীৱনৰ অনুভৱ

ছুখৰালিত শিক্ষক হোৱাৰ আনন্দ
দীপাংকৰ মল্ল বৰুৱা
প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামক যেতিয়া প্ৰশ্ন কৰা হৈছিল, আপুনি যদি বৈজ্ঞানিক বা ৰাষ্ট্ৰপতি নহ’লহেঁতেন, আপুনি কি হ’বলৈ পচন্দ কৰিলেহেঁতেন। কালামে টপৰাই কৈছিল, মই এজন শিক্ষক হ’লোঁহেতেন। শিক্ষকতাৰ মাজতে জীৱনৰ চৰম আনন্দ বিচাৰি পোৱা কালামে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হোৱাৰ পিছদিনাই দৌৰি গৈছিল শিক্ষক হৈ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিবলৈ। তেওঁৰ হেনো জীৱনৰ শেষ ইচ্ছা আছিল, শিক্ষাদান কৰি থাকোঁতে, ছাত্ৰ ছাত্ৰীৰ আগত শিক্ষকতা কৰি থাকোঁতে মৃত্যুক সাৱটি ল’বলৈ। ঈশ্বৰে তেওঁৰ ইচ্ছা পূৰণ কৰিছিল আৰু শ্বিলঙত আই আই এমৰ ছাত্ৰ-ছাত্ৰী সকলৰ আগত ভাষণ দি থাকোঁতেই হঠাতে তেওঁ চিৰদিনলৈ শুই পৰিছিল।

ঈশ্বৰে আমাক যি জ্ঞান বুদ্ধি প্ৰদান কৰিছে, সেইখিনি আনক বিলাই দিয়াৰ মহৎ কাৰ্য সম্পাদন কৰাই হ’ল শিক্ষকতা। যিসকল মানুহে নিজৰ জ্ঞান ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিলাই দিয়াটোতে জীৱনৰ মহত্ব বিচাৰি পায়, তেওঁলোকহে প্ৰকৃত শিক্ষক। আনক জ্ঞান বিলাই দিবলৈ শিক্ষকতাক যে বৃত্তি হিচাপে গ্ৰহণ কৰিব লাগিব তেনেও নহয়। আনক নিজে জনা খিনি শিকোৱাৰ অদম্য আগ্ৰহ থাকিলে যিকোনো মানুহে যিকোনো সময়তে শিক্ষক হ’ব পাৰে।

মোৰ কৰ্মজীৱন আৰম্ভ হৈছিল শিক্ষক হিচাপে। যোৰহাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত মই অস্থায়ী প্ৰৱক্তাৰ পদত যোগদান কৰিছিলোঁ। সেই সময়ত শিক্ষকতা মোৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। নিজৰ পঢ়া শুনা সাং কৰাৰ ঠিক পিচতেই পোনেই শিক্ষক হিচাপে অৱতীৰ্ণ হ’বলগীয়া হোৱাত মই কিছু পৰিমাণে নাৰ্ভাছ হৈছিলোঁ। মোৰ ছাত্ৰ সকলৰ মাজত মোৰ স্কুলীয়া জীৱনৰ লগৰীয়া দুজনমানো আছিল। সেয়েহে লাজ পোৱাৰ ভয়ত পদে পদে সাৱধান হ’বলগীয়া হৈছিল। প্ৰতিটো ক্লাছ লোৱাৰ আগতে যথেষ্ট পঢ়া শুনা কৰিছিলোঁ। ছাত্ৰ হৈ থাকোঁতে যিবোৰ বিষয় আওকান কৰিছিলোঁ সেইবোৰো খৰচি মাৰি পঢ়িছিলোঁ কোনোবা বুধিয়ক ছাত্ৰৰ প্ৰশ্নবাণত বিদ্ধস্ত হোৱাৰ আশংকাত। ছাত্ৰ হৈ থাকোঁতে যিমান পঢ়া শুনা কৰিছিলোঁ, শিক্ষকতাৰ বাবে তাতকৈও বেছিকৈ পঢ়া শুনা কৰিবলগীয়া হৈছিল।

অলপ দিনৰ ভিতৰতে বুজিব পাৰিছিলোঁ, শিক্ষকতাত যিমান কষ্ট আছে, সিমান আনন্দও আছে। এটা ক্লাছ ভালকৈ ছাত্ৰ ছাত্ৰীৰ মন:পূত হোৱাকৈ সমাপ্ত কৰাৰ আনন্দখিনি শব্দৰে বুজাব নোৱাৰি। ছাত্ৰ ছাত্ৰী সকলে মোৰ ক্লাছ কৰি ভাল পোৱা বুলি যেতিয়া আনৰ মুখত শুনিছিলোঁ, মনটো আবেগত ভৰি পৰিছিল। পৰীক্ষাৰ প্ৰশ্ন কাকত তৈয়াৰ কৰা, উত্তৰ বহী পৰীক্ষা কৰা, প্ৰয়োগশালাত ছাত্ৰ ছাত্ৰীক সহায় কৰা আদি নতুন কামৰ লগত পৰিচিত হৈ পৰিছিলোঁ। শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীৰ পৰা আৰু বাহিৰৰ সমাজ খনৰ পৰা সন্মানো পাইছিলোঁ যথেষ্ট। সেয়েহে এবছৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ পিছতে তেল কোম্পানীৰ চাকৰি পাই শিক্ষক পদ এৰিবলগীয়া হোৱাত মনৰ ভিতৰত বেথা অনুভৱ কৰিছিলোঁ।

কোম্পানীৰ চাকৰিত দিনে ৰাতিয়ে ব্যস্ত হৈ পৰাৰ পিছৰে পৰা শিক্ষকতাৰ পৰা আঁতৰি আহিলোঁ। তথাপিও শিক্ষকতা কৰা দিনবোৰৰ স্মৃতি প্ৰায়ে মনলৈ আহে। পিছলৈ মই পঢ়োৱা ছাত্ৰ কেইজনমানক কনিষ্ঠ সহকৰ্মী হিচাপেও পাইছিলোঁ। কোম্পানীৰ চাকৰিৰ পৰিৱৰ্তিত পৰিস্থিতিত মোৰ মাজত থকা শিক্ষকজন লাহে লাহে কৰবাত হেৰাই গৈছিল।

বহুবছৰ চাকৰি কৰাৰ পিছত ২০১১ চনত কোম্পানী প্ৰযোজিত ডেৰ বছৰীয়া ব্যৱস্থাপনা বিষয়ৰ স্বাতকোত্তৰ পাঠ্যক্ৰম এটাত পঢ়িবলৈ সুযোগ পাইছিলোঁ। গুৰগাৱঁৰ মেনেজমেণ্ট ডেভেলপমেণ্ট ইন্সটিটিউট বা চমুকৈ এম ডি আইত (MDI) আকৌ ছাত্ৰ হিচাপে হোষ্টেল নিবাসী হৈছিলোঁ। আকৌ যেন কিছুদিনৰ কাৰণে কলেজীয়া জীৱনলৈ ঘূৰি গৈছিলোঁ। আকৌ লগ পাইছিলোঁ নতুন নতুন শিক্ষকক। তাৰে কিছুমান শিক্ষক হয়তো সমবয়সীয়া বা বয়সত সৰুও আছিল। সেই সকল শিক্ষকৰ কেইবাজনৰো লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল। এনে শিক্ষানুস্থান সমূহত শিক্ষক আৰু ছাত্ৰৰ নিকট সম্পৰ্কৰ কথা অনুভৱ কৰিব পাৰিছিলোঁ।

ব্যৱস্থাপনাৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত পঢ়া শুনাৰ অত্যাধিক হেঁচা থাকে। অনবৰতে প্ৰজেক্ট, প্ৰেজেণ্টেচন, কুইজ, পৰীক্ষা আদিত ব্যস্ত হৈ থাকিবলগীয়া হয়। নিজৰ বাবে সময় প্ৰায় নাথাকেই। তাৰ মাজতো কেতিয়াবা হোষ্টেলৰ সকলো সতীৰ্থই মিলি ৰাতি আড্ডা মৰা হৈছিল, ওৰে ৰাতি চলি থকা চাহ, কফি, মেগী, চাওচাও পোৱা দোকানবোৰত বিভিন্ন বিষয়ৰ কথা পাতি মানসিক চাপৰ পৰা সকাহ পাবলৈ চেষ্টা কৰিছিলোঁ।

তেনে এটা আড্ডাতে ব্ৰহ্মানন্দ নামৰ লগৰীয়া ছাত্ৰ এজনৰ মনত খেলালে যে, আমি যিহেতু এবছৰৰ বাবে গুৰগাৱঁৰ বাসিন্দা হৈছোঁ, সেয়েহে আমি গুৰগাৱঁত অলপ অচৰপ সামজিক কাম-কাজত জড়িত হোৱা উচিত। আন এজন ছাত্ৰ তুহিনে আইডিয়া দিলে, আমি অন্তত: কিছু সময় উলিয়াই ওচৰ পাজৰৰ দুখীয়া ল’ৰা ছোৱালীবোৰক পঢ়া শুনাত সহায় কৰিব পাৰোঁ। অলপ সময়ৰ ভিতৰতে কথাটো কেইবাজনৰো মনত লাগিল। আমি থকা কলেজখনৰ ওচৰতে এটা পিছপৰা অঞ্চল আছে বুলি এজনে খবৰ আনিলে। নাম ছুখৰালি। সেই অঞ্চলটো হিন্দী চলিত ভাষাত ঝোপৰ পট্টী বা জুপুৰি ঘৰৰ চুবুৰি বুলি ক’ব পৰা যায়।

পিছদিনাই কেইজনমান লগৰীয়াৰ সৈতে ওলালোঁ ছুখৰালিলৈ। সৰু সৰু জুপুৰি ঘৰ থকা এটা অঞ্চল। এটা ঘৰত সোমাই আমাৰ উদ্দেশ্যৰ কথা কলোঁ। অলপ সময়ৰ ভিতৰতে কেইবাগৰাকী মুনিহ তিৰোতা গোট খালে। আমি সৰু ল’ৰা ছোৱালী বোৰক পঢ়ুৱাবলৈ অহা বুলি জানিব পাৰি তেওঁলোক আচৰিত হ’ল। আজিকালিৰ দিনত কোনে বিনা পইচাই পঢ়ুৱাবলৈ আহে বুলি তেওঁলোকৰ হয়তো সন্দেহো হ’ল। প্ৰথমতে তেওঁলোকে থেৰোঁ গেৰোঁ কৰিলে। ইজনে সিজনলৈ চোৱা চুই কৰিলে। আমি এম.ডি.আইৰ ছাত্ৰ বুলি আমাৰ পৰিচয় পত্ৰ দেখুওৱাত তেওঁলোকৰ সন্দেহ কিছু পৰিমাণে দূৰ হ’ল। সেই অঞ্চলত এটা পানীৰ টেংকী আছিল। সেই পানী টেংকীটোত সংলগ্ন মটৰ আৰু অন্যান্য সৰঞ্জাম কাৰ্যক্ষম কৰি ৰাখিবলৈ এটা চৰকাৰী কাৰ্যালয় আছিল। সেই কাৰ্যালয়ত চকিদাৰ হিচাপে কাম কৰা লোকজনে প্ৰস্তাৱ দিলে যে শনিবাৰ দেওবাৰে যিহেতু কাৰ্যালয় বন্ধ থাকে, সেয়েহে আমি সেই দিন দুটাত সেই কাৰ্যালয়টোৰ ঘৰটোতে আমাৰ ক্লাছ ল’ব পাৰিম। প্ৰথমতে সেই চকিদাৰ জনে আৰু তেওঁৰ সম্পৰ্কীয় মানুহ এজনে তেওঁলোকৰ মুঠ চাৰিটা ল’ৰা ছোৱালীক আমাৰ ক্লাছত অন্তৰ্ভুক্ত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। 
 
কথা মতেই কাম। আমাৰ নতুন অভিযানটোৰ নাম দিয়া হ’ল Teach One । প্ৰত্যেকেই অন্তত: এজনকৈ ছাত্ৰৰ পঢ়া শুনাত সহায় কৰাৰ সংকল্পৰে অভিযানটো আৰম্ভ কৰা হ’ল। শনিবাৰ আৰু দেওবাৰে যাবলৈ দুটা দল সাজু কৰা হ’ল। শনিবাৰে পিছবেলা চাৰি বজাৰ পৰা ছয় বজালৈ আৰু দেওবাৰে ৰাতিপুৱা আঠ বজাৰ পৰা দহ বজালৈ আমাৰ ক্লাছৰ সময় ঠিৰাং কৰা হ’ল। মোৰ ভাগত দেওবাৰৰ ৰাতিপুৱাৰ সময়খিনি পৰিল। সপ্তাহটোৰ ভাগৰ মাৰিবলৈ দেওবাৰে দেৰীলৈ শোৱাৰ হেপাঁহকণ সামৰি ৰাতিপুৱাই খোজকাঢ়ি আমি ঠিক কৰা ঠাই খনলৈ যাবলৈ ল’লোঁ।

অলপ দিনৰ ভিতৰতে আমাৰ ক্লাছটো জনপ্ৰিয় হৈ উঠিল। চাওঁতে চাওঁতে কিছুদিনৰ ভিতৰতে আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা চাৰি গৰাকীৰ পৰা ত্ৰিশগৰাকী হ’লগৈ। কলেজীয়া ছাত্ৰ ছাত্ৰীৰ পৰাও অনুৰোধ আহিল। কিন্তু ঠাইৰ অভাৱত আৰু অধিক সংখ্যক ছাত্ৰ ছাত্ৰীক একেলগে সময় দিবলৈ অসমৰ্থ হোৱাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ত্ৰিশগৰাকীতে সীমাবদ্ধ কৰিবলগীয়া হ’ল। কিছুদিন শিক্ষকতা কৰিয়েই আমি বুজিব পাৰিলোঁ যে সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীৰ সমস্যা ইংৰাজী আৰু গণিতত। সেয়েহে আমি বিভিন্ন শ্ৰেণীত পঢ়া ল’ৰা ছোৱালীবোৰক গণিত আৰু ইংৰাজী বিষয়তহে সহায় কৰিবলৈ আৰম্ভ কৰিলোঁ। ল’ৰা ছোৱালীবোৰে নিজে পঢ়ি বুজি নোপোৱা কথাবোৰ শিকিবলৈ বা ঘৰৰ কাম (home work) কৰাত সহায় কৰিবলৈ শনিবাৰ আৰু দেওবাৰলৈ বাট চোৱা হ’ল। আমাক দেখিলেই ছাত্ৰ ছাত্ৰীসকলে ‘মাষ্টৰ জী, মাষ্টৰ জী’ বুলি উল্লাসিত হৈ আগবাঢ়ি অহা দেখি মনত অতি সন্তোষ পাইছিলোঁ।

এনেদৰে নিজৰ অশেষ ব্যস্ততাৰ মাজতো সময় উলিয়াই দুখীয়া দৰিদ্ৰ মানুহৰ পদূলিলৈ গৈ বিনামূলীয়াকৈ শিক্ষকতা কৰি উপলব্ধি কৰিছিলোঁ শিক্ষক হোৱাৰ আনন্দ। সৰু সৰু ল’ৰা ছোৱালীবোৰে যেতিয়া আমি পঢ়োৱাৰ পিছত তেওঁলোকে লাভ কৰা নম্বৰৰ বাবে আনন্দ প্ৰকাশ কৰিছিল, মাক দেউতাক বোৰে যেতিয়া কৃতজ্ঞতাত গদ গদ হৈ মিঠাই খুৱাইছিল আমি বুজিব পাৰিছিলোঁ আমাৰ শিক্ষকতাই সেই দুখীয়া দৰিদ্ৰ মানুহবোৰক যথেষ্ট প্ৰভাৱিত কৰিছে। কিছুদিনৰ ভিতৰতে পঢ়া শুনাত আগতকৈ ভাল ফল প্ৰদৰ্শন কৰি ল’ৰা ছোৱালী বোৰে প্ৰমাণ কৰি দিছিল যে অকণমান সহায় কৰি দিলে তেওঁলোকেও পৰীক্ষাত ভাল নম্বৰ পাব পাৰে।

আমাৰ গুৰগাৱঁৰ কেম্পাছত কটাবলগীয়া এবছৰ কাল অতিক্ৰম কৰাত আমি এদিন সেই ঠাইৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল। আমি অতি দুখ মনেৰে আমাৰ ক্লাছ বন্ধ কৰাৰ কথা ঘোষণা কৰিবলগীয়া হৈছিল। আমি শেষবাৰ যোৱাৰ সময়ত আমাৰ ছাত্ৰ ছাত্ৰী কেইগৰাকীয়ে অশ্ৰুসিক্ত নয়নেৰে আমাক বিদায় সম্ভাষণ জনাইছিল। বাৰে বাৰে অনুৰোধ কৰিছিল আকৌ আহিবলৈ। তেওঁলোকৰ পৰা এইদৰে আঁতৰি আহিবলগীয়া হোৱাত অপৰাধবোধত ভূগিছিলোঁ। এজন ছাত্ৰই কান্দি কান্দি তাৰ জন্মদিনলৈ ৰৈ যাবলৈ কৰা অনুৰোধত চকু সেমেকি উঠিছিল।

পাঠ্যক্ৰম সম্পূৰ্ণ কৰি এদিন ঘূৰি আহিছিলোঁ মোৰ কৰ্মস্থলীলৈ। আকৌ সোমাই পৰিছিলোঁ গতানুগতিক কৰ্ম ব্যস্ততাৰ মাজত। কিন্তু গুৰগাৱঁৰ এটা অখ্যাত চুবুৰীত কণ কণ শিশুসকলৰ শিক্ষক হোৱাৰ সেই আনন্দই আজিও মোৰ মন আলোড়িত কৰে। হয়তো সেই সময়ত কলেজীয়া ছাত্ৰৰ দৰে জীৱন নিৰ্বাহ কৰাৰ বাবে, কোনো পদমৰ্যাদা বা সামাজিক স্থিতিৰ বাধ্যবাধকতা নোহোৱাৰ বাবে মুক্তমনেৰে দুখীয়া মানুহৰ পদূলিলৈ গৈ শিক্ষক হোৱাৰ আনন্দ লাভ কৰাটো সম্ভৱ হৈছিল। আমি প্ৰত্যেকেই যদি এইদৰে অন্তত: এজনকৈ দুখীয়া দৰিদ্ৰ শিশুক পঢ়া শুনাত সহায় কৰিবলৈ অকণমান সময় উলিয়াব পাৰোঁ, শিক্ষক হোৱাৰ আনন্দ প্ৰাণভৰি উপভোগ কৰিব পাৰোঁ, আমাৰ সমাজখনেই এদিন পৰিৱৰ্তন নহ’বনে?

No comments:

Post a Comment