Monday, September 14, 2015

চিন্তন

অসমীয়াক বচাব কোনে? 
ময়ূৰ বৰা
দীৰ্ঘদিন ধৰি আমাৰ ৰাজ্যখনে সন্মুখীন হৈ আহিছে বিভিন্ন সমস্যাৰ৷ তেনেবোৰ সমস্যাৰ অন্তহীন লানিয়ে সকলো সচেতন অসমীয়াক কৰি তুলিছে চিন্তিত৷ দৰাচলতে স্বৰাজোত্তৰ অসমৰ ইতিহাস হৈছে বঞ্চনা,শোষণ আৰ ইয়াৰ বিৰুদ্ধে গঢ়ি তোলা আমাৰ আন্দোলনবোৰৰ ইতিহাস৷ কেন্দ্ৰীয় চৰকাৰে অসমক কৰা শোষণ,বঞ্চনাৰ কথা লিখি শেষ কৰিব নোৱাৰি৷ স্বাধীন অসমৰ দুই-তিনিজন মুখ্য মন্ত্ৰীক বাদ দি আন সকলোৱে ৰাজ্যখনৰ সমস্যা লাঘৱ কৰক চাই নিজৰ অদূৰদৰ্শী আৰু দুৰ্বল নেতৃত্বৰ যোগেদি বৃদ্ধিহে কৰিছে৷ পৰিতাপৰ বিষয় যোৱা দুটামান দশকত অধিকাংশ অসমীয়া মানুহে প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰা ভাষিক আৰু সাংস্কৃতিক চেতনাহীনতায়ো ভূতৰ ওপৰত দানহ পৰাৰ দৰে জাতিটোক টেঁটুচেপা দি ধৰিছে৷ তেনে এক আৰ্থ-সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত সকলো স্বাভিমানী অসমীয়াৰ মনলৈ অহা প্ৰশ্নটো হ’ল-এই সংকটকালত কিহে ৰক্ষা কৰিব পাৰে অসম আৰু অসমীয়াক?

আমাৰ মতামত এইক্ষেত্ৰত অত্যন্ত স্পষ্ট৷ অসমীয়াক এই সংকটকালত কেৱল ৰক্ষা কৰিব পাৰে কেৱল উদাৰ জাতীয়তাবাদে৷ এক সুস্থ আঞ্চলিকতাবাদী শক্তিয়ে সেই উদাৰ জাতীয়তাবাদৰ ধ্বজা বহন কৰি জাতিটোক কিছু পৰিমাণে আশ্বস্ত কৰিব পাৰে৷ সদাশয় পঢ়ুৱৈ ৰাইজে এটা কথা ভাবিবলৈ যত্ন কৰক৷ ভালেই হওক বা ভুলেই হওক , ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰ্দেশনাত অসমৰ গৰিষ্ঠসংখ্যক খিলঞ্জীয়া জনসাধাৰণে এনআৰচি জমা দিয়া কামটো সম্পূৰ্ণ কৰিলে৷ নিৰ্ভুল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এখন প্ৰকাশ হৈ ওলোৱাৰ আগতেই দেশখনৰ দুয়োটা বৃহৎ ৰাজনৈতিক দলে সমগ্ৰ বিষয়টোৰ লগত জড়িত থকা বিশেষ কেইটামান দিশৰ ওপৰত বিভ্ৰান্তিকৰ মন্তব্য প্ৰকাশ কৰি পানী অধিক ঘোলা কৰিলে৷ ৰাজ্যৰ মুৰব্বীজনে এনআৰচিৰ কাম চলি থকাৰ সময়ত ২০১৪ চনৰ ভোটাৰ তালিকাৰ কথা উল্লেখ কৰি তাত নাম থকা সকলো লোকৰ নাম এনআৰচিত সোমাব লাগে বুলি বহু উদ্ভট মন্তব্য দিলে৷

এই সকলোবোৰ কাম কৰা হ’ল কেৱল ভোটেবেংককেন্দ্ৰিক ৰাজনীতিৰ কথা ভাবি৷ সদায় হোৱাৰ দৰে অসম আৰু অসমীয়াৰ স্বাৰ্থ হৈ পৰিল গৌণ৷ মুখ্য মন্ত্ৰীজনে তেনেবোৰ মন্তব্য আগবঢ়োৱাৰ সময়ত এবাৰো ভাব নাচালে ৮৫৫ জন অসমীয়া শ্বহীদৰ কেঁচা তেজৰ কথা, আৰু নাভাবিলে বহু বিৰতিৰ মূৰত কেইবাশ কোটি টকা খৰচ কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হাতত লোৱা এনআৰচি উন্নীতকৰণৰ যোগেদি এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ গুৰুত্বৰ কথা৷ ক্ষুদ্ৰ ৰাজনৈতিক ন্যস্তস্বাৰ্থৰ কদৰ্য পুখুৰীত আন সকলো কথা বুৰ গ’ল৷

এতিয়া আহোঁ দেশখন শাসন কৰা আনটো ৰাষ্ট্ৰীয় দললৈ৷ ‘একাত্ম মানৱতাবোধ’ৰ পৰা ‘সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদ’লৈ সততে উদ্বিগ্ন হৈ থকা এই দলটোও আনটো দলৰ দৰেই ৰাজনৈতিক ক্ষুদ্ৰ স্বাৰ্থৰ সমীকৰণ মিলোৱাৰ কামতেই নিমগ্ন৷ দেশৰ ৰাজনৈতিক পথাৰখনত কিছু যোগাত্মক পৰিৱৰ্তন আনিবলৈ সক্ষম হ’লেও অসমৰ বেলিকা তেওঁলোকৰ দ্বৈত চৰিত্ৰ প্ৰকাশ পাবলৈ বেছি সময় নালাগিল৷ লোকসভাৰ নিৰ্বাচনৰ আগতে মুখ্য প্ৰচাৰক নৰেন্দ্ৰ মোদীয়ে সকলো বাংলাদেশী অবৈধ নাগৰিক টালি-টোপোলা বান্ধি বিতাড়িত হ’বলৈ সাজু হ’বলৈ উদাত্ত কণ্ঠে ঘোষণা কৰিছিল৷ এতিয়া নিৰ্বাচনো গ’ল,চৰকাৰো হ’ল যেতিয়া অসম আৰু অসমীয়াৰ স্বাৰ্থ ধোঁৱাচাঙত উঠিলগৈ৷ বৰ্তমান সেইটো দলৰ সিদ্ধান্ত আৰু ঘোষণাত কেৱল ‘ভ্ৰান্ত মানৱতাবাদ’ৰ তিৰবিৰণি দেখিবলৈ পোৱা যায়৷ যোৱা ৭ ছেপ্টেম্বৰ তাৰিখৰ কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনাত জানো তাৰে প্ৰকাশ ঘটা নাই? ভ্ৰান্ত বুলি এইবাবেই কৈছোঁ যে সাম্প্ৰতিক সময়ত সমগ্ৰ ইউৰোপক ব্যতিব্যস্ত কৰি তোলা পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ পৰা অহা শৰণাৰ্থীৰ সমস্যাটোক তেওঁলোকে ৰাজনৈতিক দিশৰ পৰা নিৰীক্ষণ কৰা নাই৷ মূলতঃ ইউৰোপীয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক আৰু আন কিছু শক্তিৰ কথা মনত ৰাখি সেইবোৰ ৰাষ্ট্ৰই কোনে কিমান শৰণাৰ্থী ৰাখিব সেইবিষয়ে বস্তুনিষ্ঠ সিদ্ধান্ত লৈছে৷ আৰু আমাৰ ভাৰতবৰ্ষত শাসকীয় দলটোৱে প্ৰচ্ছন্নভাৱে বিচাৰিছে অধিকাংশ হিন্দু শৰণাৰ্থী অসমৰ মাটিতে (খুব বেছি একাংশ পশ্চিমবংগত হ’লেও) থাকক৷ অসমীয়া সত্তাটোক ‘মানৱতাবাদ’ৰ নামত থানবান কৰিব বিচৰা এই ভয়ংকৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠাটো কেতিয়াও সংকীৰ্ণ জাতীয়তাবাদ নহয়, বৰং ই হ’ব পাৰে আমি পূৰ্বতে উল্লেখ কৰি অহা উদাৰ জাতীয়তাবাদৰ প্ৰথমটো আধাৰ৷

প্ৰশ্ন হয় উদাৰ জাতীয়তাবাদৰ জৰিয়তে আমি মানৱতাক একাষৰীয়া কৰিবলৈ চাইছোঁ নেকি? অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই গোটেই জীৱন সকীয়াই গ’ল, অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীৰ বহু চিঞৰ বয়োজ্যেষ্ঠ বহু অসমীয়াৰ হৃদয়ত আজিও অনুৰণিত, ড. ভূপেন হাজৰিকাই দুখীয়া নহওঁ বুলি অসমীয়াই ভুৱা সান্ত্বনা লভাৰ বিপদৰ কথাও কৈ গ’ল৷

নিজৰ আইক ভাল বুলিলেও আনৰ আইক ঘিণ কৰাটো নুবুজায় বুলিও ভূপেন হাজৰিকাই উদাত্ত কণ্ঠেৰে সোঁৱৰাই দিলে৷ তেনে এক ভয়াৱহ সন্ধিক্ষণত আমি অসমক আন এখন ত্ৰিপুৰালৈ ৰূপান্তৰিত হ’বলৈ দিমনে? প্ৰতিটো লোকপিয়লতে হ্ৰাস পাইছে অসমীয়াভাষীৰ সংখ্যা আৰু বৃদ্ধি পাইছে বাংলাভাষীৰ সংখ্যা৷ এই বাস্তৱ সত্যটো জানো মানৱতাৰ দোহাই দি আমি আওকাণ কৰাটো আত্মহত্যাৰ লেখীয়া নহ’ব? ১২ ছেপ্টেম্বৰৰ বিভিন্ন বাতৰিকাকতত পঢ়িলোঁ অসমৰ এখন মৰ্যাদাপূৰ্ণ মহাবিদ্যালয়ৰ বাংলা বিভাগৰ এজন সহযোগী অধ্যাপকে কেন্দ্ৰীয় চৰকাৰৰ হিন্দু বাংলাভাষী সন্দৰ্ভত লোৱা সিদ্ধান্তটো মানিব নোখোজা অসমীয়াসকলক ডিঙিত ধৰি বাহিৰ কৰি দিবলৈ ফেচবুকযোগে মন্তব্য কৰিছে৷ পিছত অধ্যাপকজনে নিজৰ ফেচবুক একাউন্টে হেক্ কৰি আন কোনোবা দুৰ্বৃত্তইহে তেনে কাৰ্য কৰিছে বুলি কৈছে যদিও বহু লোকে সেই কথা মানি লোৱা নাই৷

পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা শুনা মোৰ স্পষ্টকৈ মনত আছে কিদৰে মোৰ খুৰা শ্বহীদ অনিল বৰাক ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ সময়ত হোজাইত দুৰ্বৃ্ত্তই হত্যা কৰাৰ আগমুহূৰ্তত পানী বিচাৰোঁতে বাংলাভাষী যুৱতীয়ে মুখত উতলা পানী ঢালি দিছিল৷ তাৰ বাবে মোৰ আৰু পৰিয়ালৰ মনত কোনো বাংলা বিদ্বেষ নাই৷ কিন্তু লগতে কথাই প্ৰতি ৰবীন্দ্ৰনাথ আৰু আন বাংলা শিল্পী-সাহিত্যিকৰ কথা যান্ত্ৰিকভাৱে আওৰাই থকা একাংশ অসমীয়া সাহিত্যিকৰ দৰে তেওঁলোকৰ প্ৰতি অহেতুক প্ৰীতিও নাই৷ আৱেগ নহয়, বৰং যুক্তিৰ ওপৰত ভেজা দি মই সুস্পষ্টকৈ ক’ব বিচাৰোঁ যে মূলতঃ বিদেশী নাগৰিকৰ সমস্যাই ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত কৰা অসম মুলুকত এজনো হিন্দু বাংলাদেশীক থাকিবলৈ দিয়া অনুচিত৷ ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ বাংলাদেশৰ পৰা অহা সেইসকল লোকৰ ক্ষেত্ৰত মই সহমৰ্মিতা প্ৰকাশ কৰোঁ৷ কিন্তু এজন ভাৰতীয় হিচাপে মই বিচাৰোঁ যে তেওঁলোকক অসমৰ বাহিৰে দেশৰ আন সকলোবোৰ ৰাজ্যত সংস্থাপিত কৰা হওক৷ অসমত এজনো হিন্দু বাংলাদেশীক সংস্থাপন কৰাৰ সপক্ষে মাত মাতিলে তেওঁ হ’ব মোৰ দৃষ্টিত এজন অসমবিৰোধী বা অসমীয়াবিৰোধী৷ অসমক যাতে দ্বিতীয় ত্ৰিপুৰা বনোৱা নহয়, তাৰ বিৰুদ্ধে যুঁজিবলৈ আমি সকলো সাজু হৈ থাকিব লাগিব৷ এয়া যেন অসমীয়াৰ বাবে শেষ শৰাইঘাটৰ ৰণ!

উদাৰ জাতীয়তাবাদৰ কথা ক’লে বহুতে অগপ, অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰে সংগঠনলৈ আঙুলিয়ায় আৰু কয় যে তেওঁলোকেও এই সংকটকালত কোনো সদৰ্থক ভূমিকা লব’ পৰা নাই৷ প্ৰথম কথা অসম গণ পৰিষদ আজি এটা নিস্তেজ দল৷ কোনো ধৰণৰ বৌদ্ধিক আৰু সাংগঠনিক প্ৰাণচঞ্চলতা নাথাকিলে এটা দল কেনেকৈ অপ্ৰাসংগিক হৈ পৰিব পাৰে,তাৰ জ্বলন্ত প্ৰমাণ অসম গণ পৰিষদ৷ শাসনত থকা কালছোৱাত এই দলটোৱে গ্ৰহণ কৰা তীব্ৰ বৰ্ণবাদী ভূমিকাৰ বাবে বড়োকে আদি কৰি সকলো জনজাতি ভাই অসমীয়াভাষীসকলৰ পৰা বিচ্ছিন্ন হৈ গ’ল৷ বাহুল্যলৈ নোযোৱাকৈ ক’ব পাৰি নিজৰ শক্তি-সামৰ্থ্য থকা সময়ত বৰ্ণাভিমানৰ বোকাত লুতুৰি-পুতুৰি হোৱা অগপ দলটো আছিল উদাৰ জাতীয়তাবাদৰ পৰা শতযোজন দূৰত অৱস্থান কৰা এটা অদূৰদৃষ্টিসম্পন্ন ৰাজনৈতিক দল৷ সেই অদূৰদৰ্শিতাৰ পৰিমাণ তেওঁলোকে বৰ্তমানে ভোগ কৰিছে৷

অসম সাহিত্য সভাৰ লগত উদাৰ দৃষ্টিভংগীৰ কিবা সম্পৰ্ক আছে নে নাই চাবলৈ আমি ঘূৰি যাব লাগিব সত্তৰ আৰু আশীৰ দশকলৈ কেইবাজনো সভাপতিৰ অভিভাষণবোৰলৈ৷ সেই অভিভাষণবোৰত থকা অত্যন্ত অনুদাৰ, উগ্ৰ জাতীয়তাবাদী তথা বৰ্ণবাদী প্ৰভাৱ দেখাৰ পিছত কোনো আত্মমৰ্যাদাসম্পন্ন খিলঞ্জীয়া জনজাতিয়ে অসম সাহিত্য সভাক নিজৰ বুকুত স্থান দিব নোৱাৰে৷ বৰ্তমানৰ সভাপতি ড৹ ধ্ৰুৱজ্যোতি বৰাৰ সামৰ্থ্যৰ ওপৰত মোৰ কিছু আস্থা আছে বাবে মই এইখিনি কথা কেইমাহমানৰ আগতে যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত মুকলিকৈ কৈছিলোঁ৷ মোৰ বক্তব্যৰ বিৰোধিতা কোনেও কৰা নাছিল, কিন্তু কাৰ্যক্ষেত্ৰত কোনো শুধৰণিমূলক কাম-কাজো বৰ্তমানলৈ চকুত পৰা নাই৷ মোৰ দৃষ্টিত উদাৰতাৰ পৰীক্ষাত অসম সাহিত্য সভা বিফল আৰু সেয়েহে জাতিটোৱে তেওঁলোকৰ নেতৃত্ব মানি লোৱা নাই৷

উদাৰ জাতীয়তাবাদৰ পৰীক্ষাত ছাত্ৰ সন্থা আৰু যুৱ-ছাত্ৰ পৰিষদে সময়ে সময়ে উত্তীৰ্ণ হ’লেও ৰাইজক সম্পূৰ্ণ আশ্বস্ত কৰিব পৰা নাই৷ বিপুল সামৰ্থ্য, ৰাইজৰ সহযোগ আৰু প্ৰবল দৃঢ়তা থকা স্বত্ত্বেও তেওঁলোকক উদাৰ জাতীয়তাবাদৰ প্ৰতিভূ বুলিব নোৱাৰি মূলতঃ দুটা কাৰণত৷ বৰঙণি উঠোৱাৰ ক্ষেত্ৰত দুয়োটা সংগঠনেই বহিৰাগত বণিক গোষ্ঠীৰ ওচৰত হাত পতা দেখা যায়৷ ফলত তেওঁলোকৰ অপকৰ্মৰ বিৰুদ্ধে মাত মাতিবলৈ সংগঠনবোৰ অপাৰগ৷ মোৰ দৃঢ় বিশ্বাস অসমৰ জাতীয় ভাবাপন্ন ৰাইজে তেওঁলোকক সংগঠন চলাবলৈ টকা-পইচা দিয়াত কাহানিও কাৰ্পণ্য নকৰে৷ দ্বিতীয়তে দুয়োটা সংগঠনৰে একাংশ শীৰ্ষ নেতাৰ বিজেপিৰ প্ৰতি থকা অহেতুক প্ৰীতিয়ে তেওঁলোকৰ সদিচ্ছাৰ ওপৰত প্ৰশ্ন নোতোলাকৈ নাথাকে৷ এটা সংগঠনৰ শীৰ্ষ নেতা বিজেপিলৈ গ’ল আৰু আনলৈ এচাম এচাম যাওঁ যাওঁকৈ আছে৷ সেই পৰিস্থিতিত অসমৰ ৰাইজে কিদৰে তেওঁলোকক সম্পূৰ্ণ আস্থাত ল’ব?

এনেবোৰ কাৰণতে বৰ্তমান সময়ত বহু সচেতন অসমীয়াৰ অন্তৰত প্ৰতিধ্বনিত হৈছে এটা চিন্তা, এটা আহ্বান আৰু এটাই আকুলতা উদাৰ জাতীয়তবাদী ভাবাদৰ্শক ভেটি হিচাপে লৈ গঢ় লৈ উঠা সুস্থ আঞ্চলিকতাবাদেহে অসমীয়াক ৰাজ্যখনৰ শাসক দলটো আৰু ৰাষ্ট্ৰখনৰ শাসক দলটোৰ পৰা বচাব পাৰিব৷

(লেখাটি আজি নিয়মীয়া বাৰ্তাটো প্ৰকাশ পাইছে। ইউনিকোডলৈ ৰূপান্তৰ কৰিলে নগাঁৱৰ পৰা ঈশানজ্যোতি বৰাই।)

No comments:

Post a Comment