Thursday, September 17, 2015

সাম্প্ৰতিক প্ৰসংগ


অসমীয়াৰ অস্তিত্বৰ সংকট আৰু ৰাজনৈতিক সমাধানসূত্ৰ
অভিনন্দন গোস্বামী

স্বৰাজোত্তৰ কালৰে পৰা সমস্যাৰ সৈতে যুজঁ দিয়া বা সহাৱস্থান কৰাতো যেন অসমীয়াৰ বাবে এক নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ নিৰুদ্বেগ শাসকগোষ্ঠীৰ বাবেই হওক বা আমাৰ অদূৰদর্শিতাৰ বাবেই হওক অসমীয়া জাতিয়ে সময়ে সময়ে কেৱল প্ৰত্যক্ষ কৰিছে শোষণ, বঞ্চনা আৰু অন্যায়ৰ কলা অধ্যায়৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এক সিদ্ধান্ত তথা অধিসূচনাৰ বাবে অসমীয়া জাতিয়ে নিজৰ ভৱিষ্যতক লৈ সংশয়ত ভূগিব লগীয়া হৈছে৷ দীর্ঘদিনৰ পৰা বিদেশীৰ বোজা বহন কৰি কৰি অসমী আই আজি ভাৰাক্লান্ত হোৱাৰ উপক্ৰম হৈ পৰিছে৷

খিলঞ্জীয়াৰ সুৰক্ষা আৰু বিদেশী বহিস্কাৰৰ দাবীত দীর্ঘদিন ধৰি আন্দোলন কৰা স্বত্বেও তথা অসম আন্দোলনত ৮৫৫ জন অসম সন্তানে নিজৰ প্ৰাণ আহুতি দিয়াৰ পাছতো আমি অসমীয়াই যেন অকনো সকাহ নাপালো৷ অসম চুক্তি স্বাক্ষৰিত হোৱা ৩০ বছৰ পাৰ হৈ গ’ল৷ ভিন্ন শাসকপক্ষ আহিল আৰু গল, কিন্তু কোনেও অসমৰ জলন্ত সমস্যাতো গভীৰভাবে বিশ্লেষণ কৰি আৰু ৰাজনৈতিক পাকচক্ৰৰ পৰা বাহিৰলৈ আহি ইয়াৰ সমাধানসূত্ৰ উলিয়াবলৈ প্ৰয়াস কৰা দেখা নগ'ল৷ অসম চুক্তিৰ আধাৰত জন্মলাভ কৰা অসমীয়াৰ এসময়ৰ হিয়াৰ আমঠু দলটিয়েও অসমবাসীক যিধৰণে প্ৰতাৰণা কৰিলে, অসমীয়াৰ যিকন শেষ ভৰষা আছিল সেয়াও থানবান হৈ গল৷ প্ৰতিবাদৰ ভাষাৰূপে বাকী থাকিল কেৱল আন্দোলন, অৱৰোধ, বন্ধৰ দৰে কার্যসূচী তথা পন্থা৷ অত বছৰে আমি নিজৰ অধিকাৰ তথা প্ৰাপ্যৰ বাবেতো এনেবোৰ পন্থাকে গ্ৰহন কৰি আহিছো, কিন্তু আমাৰ প্ৰতিবাদী কন্ঠই জানো শাসকগোষ্ঠীৰ স্হিতি তথা মানসিকতা সলনি কৰিব পাৰিছে৷ বৰঞ্চ এনে পন্হাৰ ফলত অসমৰ ওপৰত ঋনাত্মক প্ৰভাৱ পৰাহে দেখা গৈছে৷ এনেসময়ত নিজৰ প্ৰাপ্য আদায় কৰিবলৈ বা স্বার্থ সুৰক্ষিত কৰিবলৈ অসমীয়াৰ ওচৰত কি উপায় আছে? সাম্প্ৰতিক সময়ত ই এক ব্যয়বহুল প্ৰশ্ন৷


যোৱা ৮ ছেপেম্বৰত কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনা যোগে পাকিস্তান তথা বাংলাদেশত নির্যাতনৰ বলি হৈ ২০১৪ চনৰ আগেয়ে ভাৰতলৈ অহা হিন্দুসকলক মানৱীয়তাৰ খাতিৰত ভাৰতত থাকিবলৈ অনুমতি দিয়াৰ পোষকতা কৰিলে৷ চৰকাৰৰ যুক্তি অনুসৰি সেই হিন্দুসকলক যদি ভাৰতেই সুৰক্ষা নিদিয়ে তেন্তে কোনে দিব? আপাত দৃ্ষ্টিত চাবলৈ গলে কথাষাৰৰ যুক্তি নথকা নহয়, যিহেতো ভাৰতবর্ষ এখন ধর্মনিৰপেক্ষ দেশ আৰু হিন্দুসকল ইয়াত সংখ্যাগুৰু গতিকে হিন্দুত্ববাদী আৱেগ তথা দর্শনৰ দ্বাৰা পৰিচালিত যিকোনো লোকেই এনে পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷ তদুপৰি ইয়াৰ লগত মানৱীয়তাৰ কথাটোও জড়িত আছে৷ কিন্তু গুৰুত্বপূর্ণ প্ৰশ্নটো হৈছে যে এনে সিদ্ধান্তই অসম তথা অসমীয়াৰ অস্তিত্বৰ প্ৰতি কেনেধৰণৰ ভাবুকি আনিব পাৰে তাক এবাৰ বিচাৰ কৰি চোৱাতো প্ৰয়োজনীয় বুলি চৰকাৰে এবাৰ ভাবিলেনে? সেই হিন্দু শৰণার্থীসকলক কত কেনেদৰে সংস্হাপিত কৰিব তাৰ এক সু-পৰিকল্পনা চৰকাৰে কৰিছেনে? যোৱা ৪ টা দশকত বিদেশীৰ চৰম আগ্ৰাসনৰ ফলত অসমৰ জনগাথঁনি সম্পূর্ণ সলনি হৈ পৰিছে৷ বহু জিলাত খিলঞ্জীয়া ইতিমধ্যেই সংখ্যালঘুত পৰিণত হৈছে৷ গতিকে এনে অৱস্থাত অসমে যে তেনে শৰণার্থীৰ বোজা লব নোৱাৰে সেয়া নিশ্চিত৷ বিদেশীমুক্ত অসম গঢ়াৰ বাবে এন আৰ চি উন্নীতকৰনৰ কাম ইতিমধ্যে পূর্ণগতিত চলি আছে৷ ৰাইজেও পৰম উৎসাহেৰে আৰু আশাৰে প্ৰ পত্ৰ পূৰণ কৰি জমা কৰিলে৷ শুদ্ধ নাগৰিকপঞ্জীয়ে বিদেশী চিনাক্তকৰণ আৰু বিতাড়নত নিশ্চিতভাবে সহায় কৰিব আৰু ইয়াৰ দ্বাৰা অসমে আজি দীর্ঘদিনীয়া বিদেশী সমস্যাৰ পৰা মুক্তি বিচাৰিছে৷ এনে অবস্হাত পুনৰ বিদেশীৰ বোজা লবলৈ আজি কোনো স্বাভিমান থকা অসমীয়া প্ৰস্তুত নহয়৷ অসমবাসীৰ এই আবেগ অনূভূতি হয়তো কেন্দ্ৰীয় চৰকাৰে ভালদৰে অনুধাৱন কৰিব পৰা নাই, সেইবাবেই এনে অধিসূচনা জাৰি কৰোতে তেওঁলোকৰ সুস্পষ্ট পৰিকল্পনাৰ প্ৰতিফলন ঘটা নাই৷ পৃথিৱীৰ বহু দেশে ভিন্ন দেশত নির্যাতনৰ বলি হোৱা লোকক শৰণার্থী ৰূপে আদৰি লোৱাৰ উদাহৰণ আছে কিন্তু তেনে কৰোতে তেওঁলোকৰ দেশত অতীজৰে পৰা বাস কৰা খিলঞ্জীয়া লোকসকলে কোনোধৰনৰ সংকটৰ সন্মুখীন হোৱা নাই৷ অথ্যাৎ এক পৰিকল্পনাৰ মাজেদি তেওঁলোকে এই দ্বায়িত্ব সমাপন কৰিছে৷ ভাৰতবর্ষৰ দৰে ভিন্ন জনগাথঁনিৰ দেশ এখনে তেনে উদাহৰণ দেখুৱাবলৈ হ'লে এক সুপৰিকল্পিত আচঁনিৰ প্ৰয়োজন৷

আজিৰ সময়ত কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে স্বাভাৱিকতে অসমৰ জাতীয়তাবাদী শিবিৰ জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে৷ অসমীয়াৰ আবেগ জড়িত হৈ থকা অসম চুক্তিকো ই দেখ-দেখকৈ অৱমাননা কৰিছে৷ তেনেস্হলত কোনো সচেতন অসমীয়াই ইয়াক মানি নলব কাৰণ এই সিদ্ধান্তৰ প্ৰভাব অসমৰ ওপৰত সর্বাত্মক ৰূপত পৰিব৷ ইয়াৰ প্ৰতিবাদত ইতিমধ্যে আন্দোলন হৈছে, অসম বন্ধৰ দৰে কার্যসূচীও গ্ৰহণ কৰা হৈছে৷ তৎস্বতেও কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিবলৈ ই সক্ষম হৈছেনে? হাতত জোৰ লৈ সমদল কৰি জিন্দাবাদ, মূর্দাবাদ ধ্বনি দিলেই পৰিস্হিতি সলনি নহয়৷ বৰঞ্চ ই হৈ পৰে কিছুমান সংগঠনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰাৰ এক কৌশল৷ 
মনে নধৰে যে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে নিজৰ ব্যস্ত কার্যসূচীৰ মাজত সময় উলিয়াই এনে সমদল তথা বন্ধৰ প্ৰতি দৃষ্টিপাত কৰিব! তদুপৰি বন্ধৰ দৰে কার্যসূচীয়ে জনসাধাৰণক হাৰাশাস্তি কৰাৰ ওপৰি ৰাজ্যৰ উন্নয়নতো বাধাৰ সৃষ্টি কৰে৷ বর্তমান সময় আহি পৰিছে অসমৰ জলন্ত সমস্যাটোৰ এক ৰাজনৈতিক সমাধানসূত্ৰৰ৷ অসমৰ বাবে অতি দুভার্গ্যজনক বিষয় যে অসমীয়াৰ আৱেগ- অনূভূতিক দিল্লীত ৰাজনৈতিকভাবে প্ৰতিনিধিত্ব কৰিব পৰা কোনো শক্তিশালী নেতা আজি আমাৰ ওচৰত নাই৷ যাৰ ফলত দিল্লীৰ ৰজাঘৰীয়াৰ লগত আমাৰ এক কমিউনিকেচন গেপৰ সৃষ্টি হৈছে আৰু ইয়াৰ দ্বাৰা অসমীয়াৰ ক্ষোভ অসন্তষ্টিৰ প্ৰতিধ্বনিয়ে দিল্লীৰ বৰঘৰ চুই যাবলৈ সক্ষম হোৱা নাই৷

কেন্দ্ৰই অসমৰ সমস্যাৰাজিক হৃদয়ংগম কৰিব পৰা নাই বাবেই বাৰে বাৰে কিছুমান হঠকাৰী সিদ্ধান্ত লৈ অসমীয়াৰ আৱেগত আঘাত হানিছে৷ ইয়াৰ বাবে প্ৰধানকৈ দায়ী আমাৰ জনপ্ৰতিনিধিসকল৷ তেওঁলোকে লোৱা ভূমিকাই আজি অসমৰ সমস্যাৰাজিক সঠিকভাবে প্ৰতিনিধিত্ব কৰাত ব্যর্থ হৈছে৷ অসমৰ পৰা নির্বাচিত হোৱা শাসকদলৰ ৭ গৰাকী সাংসদৰ ভূমিকালৈ আজি অসমবাসীয়ে আশাৰে বাট চাইছে৷ তেওঁলোকৰ আজি সময় আহি পৰিছে জাতিপ্ৰেমৰ নিদর্শন দাঙি ধৰা তথা অসমবাসীৰ প্ৰতি দায়বদ্ধতা প্ৰদর্শন কৰাৰ৷ কাৰণ তেওঁলোকেহে অসমবাসীৰ আৱেগ অনূভূতি তথা জনজীৱনত পৰিব পৰা প্ৰভাৱ সম্পর্কে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক সঠিক ৰূপত অৱগত কৰাব পাৰিব৷ কোনোধৰণৰ ৰাজনৈতিক হেচাঁ অবিহনে অসমীয়া খিলন্জীয়াৰ স্বার্থ সুৰক্ষিত হোৱাটো অসম্ভৱ৷ বাকী ৰাজ্য সমূহৰ দৰে অসমে কেন্দ্ৰৰ ওপৰত ৰাজনৈতিক চাপ সৃষ্টি কৰিব নোৱাৰাৰ বাবেই প্ৰতিবাৰেই আন্দোলনৰ পথ লৈ পিছ হুহুকি থাকিব লগীয়া হৈছে৷ অসমত থাকি জিন্দাবাদ, মূর্দাবাদ ধ্বনি দিয়া সকলেও দিল্লীলৈ গৈ চৰকাৰৰ লগত আলোচনাত বহি ইয়াৰ এক সঠিক সমাধানসূত্ৰ উলিয়াবলৈ প্ৰচেষ্টা কৰক যাতে নিজ ভূমিত অসমীয়াৰ অস্তিস্ব কেতিয়াও বিপন্ন নহয়৷ ঘৰত বহি অকল আন্দোলন কৰিলেই যে আমাৰ একো উদেশ্য সিদ্ধি নহয় সেই কথা সকলোৱে বুজা উচিত৷ নির্যাতিত শৰণার্থীসকলক সংস্হাপন দিয়াটো এক জটিল বিষয়৷ এক সুপৰিকল্পিত আচঁনি নাথাকিলে ইয়াক বাস্তৱ ৰূপ দিয়াটো অসম্ভৱ৷ তদুপৰি শৰণার্থীসকলক সংস্হাপনৰ পাছত ইয়াৰ প্ৰভাৱ ভাৰতীয় খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত কিধৰণে পৰিব তাৰো এক পূংখানুপূংখ অধ্যয়নৰ প্ৰয়োজন৷ মানবীয়তাৰ খাতিৰত সকলোৱে বিচাৰো যে নিযার্তিত শৰণার্থীসকলে ভাৰতত সুৰক্ষা মাভ কৰক কিন্তু অসমৰ দৰে সৰু তথা সমস্যাজর্জৰ ৰাজ্য এখনে তেনে শৰণার্থীক আকোৱালি লবলৈ অপাৰগ৷ এই কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি ৰাজনৈতিক সমাধানসূত্ৰৰ মাজেৰে ইয়াক সমাধান কৰাতো সময়ৰ আহ্বান৷ যোৱা ১৫ মাহত ভাৰতবর্ষৰ উন্নয়নক এক নতুন গতি দিবলৈ সক্ষম হোৱা মোদী চৰকাৰে অসমীয়াৰ স্বার্থ বিঘ্নিত হব পৰা কোনো কাম নকৰে বুলি আমি এতিয়াও আশা পালি আছো! এতিয়া য়োজন আমাৰ আবেগ-অনূভূতিক দিল্লীৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা এক শক্তিৰ৷ অনাগত দিনত আমাৰ জনপ্ৰতিনিধিসকলে এই আবেগ-অনূভূতিক কিদৰে দিল্লীত উপস্হাপন কৰে তাৰ ওপৰতে নির্ভৰ কৰিব অসম তথা অসমীয়াৰ ভৱিষ্যত৷

ঠিকনাঃ- ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰুনাচল প্ৰদেশ ফোন- 08402852801

No comments:

Post a Comment