সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

জাতিৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ 
পুনৰীক্ষণৰ প্ৰয়োজনীয়তা
দীপাংকৰ মল্ল বৰুৱা

কেইদিনমানৰ আগতে মোৰ এজন জ্যেষ্ঠ সহকৰ্মীয়ে মোৰ আগত তেওঁৰ মনৰ দুখৰ কথা কৈছিল। তেওঁৰ ল’ৰা জন পঢ়া শুনাত ভালেই আছিল। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাতো তাৰ ফলাফল সন্তোষজনক। কিন্তু ইঞ্জিনিয়াৰিঙৰ বাচনি পৰীক্ষাত সি উত্তীৰ্ণ হ’ব নোৱাৰিলে। অথচ তাতকৈ পঢ়াশুনাত দুৰ্বল ল’ৰা এজনে বাচনি পৰীক্ষাত কম নম্বৰ পায়ো উত্তীৰ্ণ হ’ল কাৰণ সেই ল’ৰাজনৰ হাতত আছে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ। একে বিদ্যালয়তে পঢ়া, একে সা সুবিধা পাই ডাঙৰ দীঘল হোৱা, দেউতাকে একে পদ মৰ্যাদাৰ চাকৰি কৰা, একে আৰ্থ সামাজিক স্থিতিৰ দুখন ঘৰৰ দুজন ল’ৰাৰ মাজত জাতিগত বৈষম্যৰ বাবেই আকাশ পাতাল পাৰ্থক্য আহি পৰিল দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পিছতে। এজনে তুলনামূলক ভাৱে বেছি নম্বৰ পায়ো সাধাৰণ শ্ৰেণীৰ হোৱা বাবে আসন লাভৰ পৰা বঞ্চিত হ’ল আকৌ আন এজনে কম নম্বৰ পায়ো সংৰক্ষণৰ জোৰত আসন লাভ কৰিলে। মোৰ পৰিচিত শিক্ষয়িত্ৰী এগৰাকীয়ে এদিন কথা প্ৰসংগত দুখমনেৰে কৈছিল যে সংৰক্ষণৰ আবেষ্টনিত থকা ল’ৰা ছোৱালীবোৰৰ সৰহভাগেই এনে এটা মনোভাৱ লৈ থাকে যে, পঢ়া শুনা ভালদৰে নকৰিলেও চলিব, কাৰণ কম নম্বৰ পালেও কথা নাই, যিহেতু সংৰক্ষিত আসন বা ‘কোটা’ৰ সুবিধা আছে। অথচ গাৱেঁ ভূঞে এনে বহুতো পিছপৰা জাতিৰ ল’ৰা ছোৱালী আছে যিসকলে সংৰক্ষণৰ সুবিধাবোৰৰ বিষয়ে আজিকোপতি অৱগত নহয়।

আমাৰ দেশৰ সংবিধানত দেশৰ সকলো নাগৰিকক জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সম অধিকাৰৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ধৰ্ম নিৰপেক্ষতাৰ আধাৰত ৰচিত সংবিধান খনত এখন জাতিহীন আৰু শ্ৰেণীহীন সমাজ নিৰ্মাণৰ বাবে দিক্‍ নিৰ্দেশনা দিয়া আছে। সংবিধানৰ নিৰ্দেশ অনুসৰি জাতি, বৰ্ণ, ভাষা বা ধৰ্মৰ হিচাপত কোনেও ৰাষ্ট্ৰৰ পৰা অধিক সা সুবিধা লাভ কৰিব নোৱাৰে। কিন্তু সংবিধান ৰচনাৰ বহুযুগ আগৰে পৰা ভাৰতৰ বহুতো অঞ্চলৰ সামাজিক জীৱনত জাতিভেদ প্ৰথাই প্ৰভাৱ পেলাই আহিছে। ঐতিহাসিক ভাৱে উচ্চ জাতিৰ লোক সকলে নীচ জাতিৰ লোক সকলক সকলো প্ৰকাৰে বঞ্চিত আৰু শোষণ কৰি আহিছিল। অষ্পৃশ্যতাৰ দৰে সামাজিক অভিশাপে নীহকুলীয়া লোক সকলক শিক্ষা, স্বাস্থ্য, খোৱাপানী আদি মৌলিক সুবিধা সমূহৰ পৰাই বঞ্চিত কৰি ৰাখিছিল। সামাজিক ভাৱে বহু যোজন পিছ পৰি থকা এই জাতি উপজাতি সমুহে সংবিধান প্ৰদত্ত সম অধিকাৰৰ জৰিয়তে প্ৰগতিৰ পথত আগবাঢ়ি যোৱাটো সহজসাধ্য নাছিল। সেয়েহে সংবিধানৰ ১৬ (২) নং অনুচ্ছেদত পিছপৰা জাতি জনজাতিৰ বাবে উন্নয়নৰ বাবে বিশেষ ব্যৱস্থাৰ নিৰ্দেশ দিয়া হৈছে। সেইদৰে সংবিধানৰ ৪৬ নং অনুচ্ছেদত অনিসূচিত জাতি আৰু জনজাতিৰ লোকসকলক সামাজিক ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যে তেওঁলোকৰ শিক্ষা আৰু আৰ্থিক উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা ল’বলৈ ৰাষ্ট্ৰক নিৰ্দেশ দিয়া হৈছে। সংবিধানৰ নিৰ্দেশ অনুসৰি লোকসভাৰ মুঠ ৫৪৩ খন আসনৰ ৮৪ খন আসন (প্ৰায় ১৫%) অনুসূচিত জাতিৰ বাবে আৰু ৪৭ খন আসন (প্ৰায় ৯%) অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰা হৈছে। ১৯৮২ চনৰ পৰা সংবিধানত নিৰ্দেশ দিয়া অনুসূচিত জনজাতিৰ বাবে ১৫% আসন আৰু অনুসূচিত জনজাতিৰ বাবে ৭.৫% আসন সংৰক্ষণৰ ব্যৱস্থা ৰাজহুৱা খণ্ডৰ প্ৰতিস্থানত চাকৰি আৰু চৰকাৰী শিক্ষানুস্থান সমূহলৈ আগবঢ়োৱা হৈছে। আৰম্ভণিতে এই ব্যৱস্থা কেৱল পাঁচ বছৰৰ বাবে আগবঢ়োৱা হৈছিল হৈছিল আৰু প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে এই ব্যৱস্থাৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়া আছিল। কিন্তু ইয়াৰ পিচৰ প্ৰতিখন চৰকাৰেই এই ব্যৱস্থাৰ কোনো সালসলনি কৰা নাই।

মন কৰিবলগীয়া যে, ভাৰতত পিচপৰা জাতি জনজাতিৰ বাবে আসন সংৰক্ষণৰ বিষয়টোৰ সদায়েই ৰাজনীতিকৰণ কৰা হৈ আহিছে। ১৯৯০ চনত বিশ্বনাথ প্ৰতাপ সিং চৰকাৰে ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্যে মণ্ডল কমিছনৰ নিৰ্দেশ অনুসৰি সংবিধান প্ৰদত্ত সংৰক্ষণৰ উপৰিও অন্যান্য পিছপৰা জাতিৰ বাবে অতিৰিক্ত ২৭% আসনৰ ব্যৱস্থা কৰিছিল। উচ্চতম ন্যায়ালয়ে সংৰক্ষণৰ সৰ্বোচ্চ সীমা ৫০% ধাৰ্য কৰাৰ পিছতো ভাৰতৰ কেইবাখনো ৰাজ্যত জাতিগত সংৰক্ষণ ‘কোটা’ অধিকৰ পৰা অধিকতৰ কৰা হৈছে। উদাহৰণ স্বৰূপে তামিলনাডুত ৬৯% সংৰক্ষণৰ ব্যৱস্থা আছে আৰু এই সংৰক্ষণ ব্যৱস্থাই ৮৭% জনসাধাৰণক সাঙুৰি লৈছে। সংবিধানত ধৰ্ম ভিত্তিক সংৰক্ষণৰ নিৰ্দেশ নাই যদিও কিছুমান ৰাজ্যত সংখ্যালঘু ধৰ্মীয় সম্প্ৰদায়ৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা আছে আৰু ৰাজনৈতিক প্ৰস্তাৱৰ কথা ৰাজহুৱা মাধ্যমত আলোচিত হৈ আছে। অৰুণাচল, মেঘালয়, নাগালেণ্ড, মিজোৰাম আদি জনজাতীয় ৰাজ্য সমূহত জনজাতীয় সকলৰ বাবে সংৰক্ষণৰ পৰিমাণ ৮০%। কোনো কোনো জনগোষ্ঠীলৈ
নতুন সংৰক্ষণ প্ৰদান নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক প্ৰতিশ্ৰুতি হৈ আহিছে। অধিক সংৰক্ষণৰ দাবীত ভাৰতৰ বিভিন্ন অংশত আজিও আন্দোলন বিক্ষোভ হৈ আছে। আগতে সংৰক্ষণৰ আওতাৰ পৰা বাহিৰত থকা জাতি উপজাতি সমূহেও বিশেষ সুবিধা লাভৰ স্বাৰ্থত অনুসূচিত জাতি বা জনজাতি হিচাপে স্বীকৃতি পাবলৈ আন্দোলনমুখী হৈছে। অসমত ছয়টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে দীৰ্ঘকাল ধৰি আন্দোলন চলাই আহিছে। অসমত ছয়শ বছৰ কাল ৰাজত্ব কৰা আহোম সম্প্ৰদায়েও অনুসূচিত জনজাতিৰ মৰ্যাদা বিচাৰিছে। শেহতীয়াকৈ গুজৰাটত ব্যৱসায় বাণিজ্যত আগবঢ়া চহকী পেটেল সম্প্ৰদায়ে অন্যান্য পিছপৰা জাতিত অন্তৰ্ভুক্তিৰ বাবে ব্যাপক গণ আন্দোলন গঢ়ি তুলিছে। উল্লেখ্য যে বৰ্তমান গুজৰাটৰ মুখ্যমন্ত্ৰীৰ উপৰিও গুজৰাটৰ সাতজনকৈ মন্ত্ৰী পেটেল সম্প্ৰদায়ৰ হোৱা স্বত্বেও এই সম্প্ৰদায়টোৱে পিছপৰা জাতিৰ মোহৰ বিচাৰিছে।

আজি স্বাধীনতাৰ প্ৰায় সত্তৰ বছৰ পাৰ হৈ যোৱাৰ পিছতো ভাৰতীয় সমাজখন জাতিগত ভাৱে বিভাজিত হৈ থকাটো আৰু বিভিন্ন জনগোষ্ঠীয়ে নতুনকৈ অনুসূচিত জাতি জনজাতিত অন্তৰ্ভুক্ত হ’বলৈ আন্দোলন কৰি থকাটো অতি পৰিতাপৰ কথা। এতিয়া দেশত সৰ্বভাৰতীয় জাতীয়তাবাদৰ সলনি আঞ্চলিক আৰু ক্ষুদ্ৰ জাতিভিত্তিক জাতীয়তাবাদে মূৰ ডাঙি উঠিছে। জাতিগত বাদ বিবাদ আৰু সংঘৰ্ষ আজিও বিভিন্ন অঞ্চলত সংঘটিত হয়। জাতি সম্প্ৰদায়ৰ ভিত্তিত নিৰ্বাচনবোৰত ভোটৰ ভাগ বতৰা হয়। সংবিধান ৰচয়িতা সকলে সপোন দেখা জাতিহীন, শ্ৰেণীহীন সমাজ এখন এতিয়াও সুদূৰ পৰাহত। সমাজৰ পিছপৰা আৰু অতি পিছপৰা লোক সকলক মূলসুঁতিৰ লোক সকলৰ সৈতে সহ অৱস্থানত উপনীত কৰোৱাটো দেশৰ সংৰক্ষণ ব্যৱস্থাৰ মূল লক্ষ্য আছিল। আচলতে স্বাধীনতাৰ ইমান বছৰ পিছত দেশত সকলো জাতিগত বিভাজন নাইকীয়া হৈ এখন সুষম সমাজ নিৰ্মাণ হ’ব লাগিছিল। কিন্তু এতিয়া যেন সমাজৰ জাতিভিত্তিক বিভাজন আৰু কেৱল জাতিৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থা এখন সুষম সমাজ নিৰ্মাণৰ বাবে অন্তৰায় হৈ পৰিছে।

দেশৰ প্ৰৱৰ্তিত সংৰক্ষন ব্যৱস্থাই যে পিছপৰা জাতি জনগোষ্ঠীৰ কোনো উপকাৰ সাধন কৰা নাই তেনেও নহয়। সংৰক্ষণৰ সুবিধা গ্ৰহণ কৰি পিছপৰা জাতি জনজাতিৰ লোক সকলে শিক্ষা দীক্ষাত আগবাঢ়ি গৈছে, উচ্চ পদবীৰ চাকৰিত অধিস্থিত হৈছে, সমাজত সুপ্ৰতিস্থিত হৈছে। পিছপৰা সম্প্ৰদায়ৰ বহুতো প্ৰতিভাশালী ব্যক্তিয়ে সমাজ আৰু ৰাষ্ট্ৰৰ বাবে প্ৰভূত বৰঙণি আগবঢ়াইছে। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপিত হয় যে, প্ৰচলিত সংৰক্ষণ ব্যৱস্থাই আজিকোপতি আৰ্থ সামাজিক দিশত পিছপৰি থকা জাতি জনগোষ্ঠী সমূহৰ সৰ্বাঙ্গীন হিত সাধন কৰিব পাৰিছেনে? সংৰক্ষণৰ দ্বাৰা একোটা জনগোষ্ঠীৰ সৰ্বাঙ্গীন উত্তৰণ হৈছেনে?

আমাৰ দেশত প্ৰচলিত সংৰক্ষণ ব্যৱস্থাৰ একমাত্ৰ মাপকাঠি হ’ল জাতিগত পৰিচয়। ব্যক্তি বিশেষৰ বা পৰিয়ালৰ উপাৰ্জন বা সামাজিক স্থিতি বিচাৰ্য নহয়। অন্যান্য পিছপৰা জাতিৰ ২৭% সংৰক্ষণৰ ক্ষেত্ৰতহে উপাৰ্জন অনুসৰি দুটা ভাগৰ ব্যৱস্থা আছে। আন সকলো ক্ষেত্ৰতে দেখা যায় যে সংৰক্ষণৰ সুবিধা ভোগ কৰা সকলে পুৰুষাণুক্ৰমে এই ব্যৱস্থাৰ সুফল ভোগ কৰি আহিছে। সমাজত উচ্চ স্থানত অধিস্থিত চৰকাৰৰ উচ্চ পদবীধাৰী বিষয়া, প্ৰতিপত্তিশীল অভিযন্তা, চিকিত্সক আদিৰ সন্তান সকল কোনো গুণে আন সাধাৰণ শ্ৰেণীতকৈ পিছপৰা বুলি ক’ব নোৱাৰি। কিন্তু তেওঁলোকেও জাতিগত সংৰক্ষণৰ সুবিধা লাভ কৰি আহিছে। পিছপৰা জাতি জনগোষ্ঠীৰ বাবে নিৰ্ধাৰিত ‘কোটা’ৰ সৰহভাগেই এই সকল লোকে অধিকাৰ কৰি থকা বাবে আৰ্থ সামাজিক ভাৱে পিছপৰা, গাৱেঁ ভূঞে থকা দুখীয়া প্ৰকৃত হিতাধিকাৰী সকল বঞ্চিত হৈ আহিছে।

জাতিগত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তনৰ এটা মূল কাৰণ আছিল ভাৰতৰ বহুতো পিছপৰা জাতি জনজাতিৰ ওপৰত উচ্চ শ্ৰেণীৰ লোকে কৰা বঞ্চনা আৰু শোষণৰ ইতিহাস। সামাজিক ব্যৱস্থাটোৱেই এনে ভাৱে গঢ়ি উঠিছিল যে পিছপৰা সম্প্ৰদায়ৰ লোকে কোনোপধ্যে উচ্চ শ্ৰেণীৰ লোকৰ ওচৰ চাপিব নোৱাৰিছিল। আনহাতে উচ্চ শ্ৰেণীৰ লোক সকলে আৰ্থিক দিশত দুৰ্বল হ’লেও সমাজত জাতিগত ভাৱে উচ্চস্থানৰ সুবিধা পাই আহিছিল। সেয়েহে স্বাধীনতাৰ সময়ত পিছপৰা সম্প্ৰদায়ৰ লোকক জাতিগত ভাৱে বিশেষ সুবিধা প্ৰদান কৰাটো নিশ্চয় যুক্তিসংগত আছিল। এই সুবিধা প্ৰদানৰ জৰিয়তে তেওঁলোকক সমাজত আনৰ সৈতে সমান স্থান দিয়াৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু তেওঁলোকে সমাজত প্ৰত্যাশিত উচ্চ স্থান লাভ কৰাৰ পিছতো তেওঁলোকৰ জাতিগত সংৰক্ষণৰ সুবিধা লৈ থকাটো কেতিয়াও যুক্তিসংগত নহয়। আজি স্বাধীনতাৰ পৰা সাতটা দশক পাৰ হৈ যোৱাৰ পিছত সংৰক্ষণৰ দ্বাৰা পিছপৰা জাতি জনজাতিৰ প্ৰকৃততে কিমান সৰ্বাঙ্গীন উপকাৰ তথা উন্নয়ন হৈছে তাৰ সঠিক মুল্যায়ন কৰাটো অতি আৱশ্যকীয় হৈ পৰিছে। এই বিষয়ত সমাজ বৈজ্ঞানিক গৱেষণাৰ প্ৰয়োজন আছে।

উপাৰ্জনৰ কোনো উচ্চ সীমা নথকা জাতিগত সংৰক্ষণ ব্যৱস্থাই দেশৰ আৰ্থিক ভাৱে পিছপৰা লোক সকলৰ কেতিয়াও সৰ্বাঙ্গীন উপকাৰ কৰিব নোৱাৰে। জাতিগত বৈষম্যৰ উপৰিও মানুহৰ অনগ্ৰসতাৰ এক মূল কাৰণ হ’ল আৰ্থিক দুৰৱস্থা। আজিৰ সময়ত আচলতে আৰ্থিক ভাৱে দুৰ্বল সকলো জাতি উপজাতিৰ মানুহকে আগবাঢ়িবলৈ চৰকাৰৰ সহায়ৰ প্ৰয়োজন আছে। এতিয়া উচ্চ জাতিৰ দুখীয়া লোক সকলে সমাজৰ প্ৰতিস্থিত শ্ৰেণীৰ লোকৰ পৰা বিশেষ অনুগ্ৰহ পোৱা দিনো উকলিল। সেয়েহে তথাকথিত উচ্চ জাতিৰ দৰিদ্ৰ লোক সকলেও বিশেষ সুবিধা লাভ কৰাৰ নিশ্চয় যুক্তি আছে। সেইদৰে পিছপৰা জাতি জনজাতিৰ আৰ্থিক ভাৱে স্বচ্ছল, শিক্ষা দীক্ষাত আগবঢ়া, সমাজত সুপ্ৰতিস্থিত হোৱা লোক সকলৰ বাবে সংৰক্ষণৰ প্ৰয়োজনীয়তা নাই বুলি ক’ব পাৰি। সেয়েহে পৰম্পৰাগত ভাৱে চলি অহা জাতিগত সংৰক্ষণ ব্যৱস্থাৰ পুনৰীক্ষণৰ প্ৰয়োজন হৈছে। প্ৰকৃততে সকলো জাতি জনগোষ্ঠীৰ পিছপৰা লোকৰ উন্নয়নৰ স্বাৰ্থত সংৰক্ষণৰ যোগ্যতাৰ মাপকাঠি অৰ্থনৈতিক অৱস্থা বা বাৰ্ষিক উপাৰ্জনহে হ’ব লাগে , জাতিগত পৰিচয় হ’ব নালাগে।

কেন্দ্ৰত শাসনত অধিস্থিত নৰেন্দ্ৰ মোদী চৰকাৰে দেশখনক প্ৰগতি আৰু উন্নয়নৰ পথত আগবঢ়াই নিয়াৰ সংকল্প ঘোষণা কৰিছে। কিন্তু দেশত পৰম্পৰাগত ভাৱে চলি থকা জাতিভেদ প্ৰথা আৰু জাতিগত সংৰক্ষণ ব্যৱস্থাই দেশৰ উন্নয়নত বৃহৎ হেঙাৰ সৃষ্টি কৰিব পাৰে। জাতিভেদ আৰু সংৰক্ষণ কেন্দ্ৰিক ৰাজনীতিয়ে দেশত বিভাজনৰ বিষবাষ্প বিয়পাই আহিছে। সংৰক্ষণৰ সুবিধাৰ পৰা প্ৰকৃত হিতাধিকাৰী সকল এতিয়াও বঞ্চিত হৈ আছে। আনহাতে সংৰক্ষণে দেশৰ গুৰুত্বপূৰ্ণ কেতবোৰ বিষয়ৰ গুণগত মান অৱনত কৰা বুলিও অভিযোগ উত্থাপিত হৈছে। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংৰক্ষণৰ গুৰুত্ব কোনেও নুই কৰিব নোৱাৰে। কিন্তু পেছাদাৰী শিক্ষা আৰু বিশেষকৈ চিকিত্সা, গৱেষণা, অনুসন্ধানকাৰী সংস্থা আদিত মেধাৰ সলনি জাতিগত সংৰক্ষণ যোগ্যতামূলক হৈ পৰিলে অযোগ্য লোকৰ প্ৰৱেশ ঘটি ভৱিষ্যতত বিপদ ঘটাব পাৰে। মুঠতে দেশত প্ৰচলিত জাতিৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ পুনৰীক্ষণ আৰু প্ৰয়োজন সপেক্ষে আমূল পৰিৱৰ্তন আজিৰ সময়ত অতি আৱশ্যকীয় হৈ পৰিছে। সংৰক্ষণ ব্যৱস্থাৰ সুবিধা জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলো দুখীয়া দৰিদ্ৰ মানুহে সমানে লাভ কৰিলেহে দেশৰ পিছপৰা জনগণৰ প্ৰকৃত উপকাৰ হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages