মনৰ কথা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
শ্ৰদ্ধাভাজন শিক্ষাগুৰু সমীপেষু 
আশ্ৰাফুল হুছেইন
মহাশয়,
জানি সুখী হ’ব যে- আজিকালি আমি ভাল হ’লোঁ। ক্লাছ বাংকৰ দৰে কামবোৰ পাহৰিলোঁ। লাপাতা ছাত্ৰজনক আৰু মেম’ পঠিয়াই মাতি আনিব নালাগে ছাৰ । আজি সৈ কাঢ়ি দিওঁ বুলিয়েই ভাবিছো ছাৰ। সেইযে মেম’সোপা প্ৰত্যেক চেমিষ্টাৰত আব্বালৈ পঠিয়াইছিল, সেইবোৰ আব্বাৰ হাতত কেতিয়াও পৰিবলৈ দিয়া নাছিলোঁ। পিয়নজনক কৈ আগতেই মোৰ হাতলৈ আনিছিলোঁ, কাৰণ ঘৰখনে কষ্ট পোৱাৰ ভয় আছিল। অভিভাৱক হিচাপে সেই যে প্ৰতিবাৰেই লৈ যোৱা মানুহজনো মোৰ দাদা নাছিল, গুৱাহাটীতে কাম কৰা ৰাজমিস্ত্ৰী আছিল তেওঁ। মানুহজন ভাল আছিল, মোৰ অসুবিধা বুজি পাইছিল বাবেই সদায়েই গালি খাব বুলি জানিও আধা ঘণ্টাৰ নাটকত ভাল অভিনয় কৰিছিল। ছাৰ, সেইযে ক্লাছ বাংক্‌ কৰিছিলো, অৱশ্যেই বেয়া কাম আছিল, যদিও সেইখিনি সময় মই যথেষ্ট ভাল কামত খটোৱাইছিলো, অন্তত: মোৰ দৃষ্টিত। কলেজত পাহৰিযোৱা ধৰণৰ অনুপস্থিতিৰ কাৰণো একেই আছিল । মানুহৰ প্ৰতি থকা মৰমৰ বাবে এনে কৰিবলৈ বাধ্য হৈছিলোঁ মই ।

মোকো কোনোবাই চাকৰি দিছে জানে, ভাল চাকৰিয়েই পাইছোঁ, ঘৰখন সুকলমেই চলাই আছো আৰু নিজেও ভালে-ভালে চলি আছোঁ। কাম কৰাৰ ইচ্ছা, কষ্ট কৰাৰ মানসিকতা আৰু কাম আয়ত্ত কৰাৰ বাবে আগ্ৰহ থাকিলে পেটৰ ভাত কেইটা সহজতে মোকলাব পাৰি যে তাৰ প্ৰমাণ মই নিজেই, অৱশ্যে এক নিৰ্দিষ্ট পৰিমাণৰ মানসিক দৃঢ়তা (Attitude)ৰো প্ৰয়োজন আছে বুলিও ভাবোঁ । অভিযান্ত্ৰিক ক্ষেত্ৰখন ত্যাগ কৰিম বুলি তেতিয়া ভাবি আছিলোঁ যদিও পাছলৈ ঘৰখন চলোৱাৰ দায়ত পৰি হৈ নুঠিল, মোৰো সপোনবোৰ আধৰুৱা হৈ থাকিল যদিও আগলৈ পূৰণৰ বাট ইয়াৰ পৰাই দেখা পাইছোঁ বাবেই এতিয়া মই ভীষণ ছিৰিয়াচ।

ছাৰ, শ্ৰেণীত প্ৰথম হোৱাৰ বাবে আগবঢ়োৱা কিতাপ সমূহে মোৰ জীৱনত গভীৰ ভাবে প্ৰভাৱ পেলাইছিল। কিতাপ পঢ়াৰ আগ্ৰহ তাৰ পৰাই জন্মিছিল। ‘মা’ তুমিও মোৰ ভাল শিক্ষাগুৰু, তুমিয়েইতো, অ-আ, ক-খ শিকাইছিলা, সাধুকথা আৰু মহৎ লোকৰ জীৱনী সমূহ তুমিয়েই আনি দিছিলা, যদিহে কিতাপৰ প্ৰতি আগ্ৰহী নকৰিলাহেতেন তেন্তে তোমাৰ আশ্ৰাফুল কৰবাতে হেৰাই থাকিলে হৈ। আব্বা, আপুনিয়েই সেইজন গুৰু যিজনে মোক মানুহৰ আগত কথা কবলৈ খাটনি দিছিল, ঘৰত ৰিহাৰচেল কৰাইছিল, সেয়া যে এক কলা আছিল যিটোৱে মোক সদায়ে আগুৱাই অহাত সহায় কৰিছে ।

ছাৰ/ বাইদেউ, আপোনালোকৰ বাবেই স্কুলত আবৃত্তি কৰিছিলোঁ, নাটক কৰিছিলোঁ। ভিন্ন স্বাদৰ লেখনী লিখিবলৈ প্ৰেৰণা দিছিল বাবে আজিও কলম থমকি যোৱা নাই। লিখাৰ বাবে মঞ্চখন আপোনালোকৰ পৰাই পাইছিলোঁ বাবেই আজি নিজৰ ভাৱনা, অধ্যয়ন আৰু অভিজ্ঞতা লোকলৈ আগবঢ়াব পাৰিছোঁ আৰু অভাৱনীয় শান্তি লাভিছোঁ ।

ছাত্ৰৰ অন্যায় কৰিবলৈ লোৱা দৃষ্টিগোচৰ হোৱাত শিক্ষকৰ বিৰুদ্ধে গৰ্জি উঠিছিলোঁ সঁচা, হয়- আন্দোলনো কৰিছিলোঁ, যিটোৰ প্ৰয়োজন আছিল । আজিও কওঁ যদিহে সেয়া ভুল আছিল তেন্তে তেনে ভুল হাজাৰ বাৰ কৰিম । মোক বাংলাদেশী বুলি ইতিকিং কৰা শিক্ষকক ৰাজহুৱা ভাবে উত্তৰ দিছিলোঁ, কলেজ মজিয়াত, নগ্ন কৰিছিলোঁ তেওঁৰ মানসিকতাক সেয়াও সম্ভৱতঃ বেয়া কৰা নাছিলোঁ। পদাৰ্থ বিজ্ঞান পঢ়োৱা শিক্ষয়ত্ৰীৰ হাতত গ্ৰহ শান্ত ৰখাৰ আঙুঠি আৰু এক বোজা মাদুলি থকাৰ বাবে তেওঁৰ ক্লাচৰ পৰা পলাই থকাটোও সম্ভৱত ভুল কৰা নাছিলোঁ ।

আজিৰ পৱিত্ৰ দিনটোত মোৰ সমূহ শিক্ষাগুৰুৰ লগতে জাহানৰ সমূহ শিক্ষকক সেৱা জনাইছোঁ। শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিৰ পৱিত্ৰতা বজাই ৰখাৰ বাবে অনুৰোধ জনালোঁ।

ইতি-
আপোনালোকৰ স্নেহধন্য
আশ্ৰাফুল।‌

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages