মিছা ক'লে কি ডাল হব? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
বুদ্ধিজীৱিৰ ৰাখীবন্ধন 
ঈশানজ্যোতি বৰা
সমাজৰ মৌলিক সমস্যাবোৰৰ সুক্ষ্ম পৰ্যবেক্ষণ আৰু জাতীয়তাবাদী চিন্তাধাৰাৰে বৌদ্ধিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা অঞ্চলৰ ডেকা-বুদ্ধিজীৱীজন এইমুহূৰ্তত যেন এটা জীৱন্ত আগ্নেয়গিৰিলৈ ৰূপান্তৰিত হৈছে৷ ভীষণ ক্ৰোধ আৰু আক্ৰোশত কঁপি থকা মানুহজনৰ মুখেৰে ওলাই অহা প্ৰতিটো শক্তিশালী শব্দয়েই জুইৰ একোডাল উত্তপ্ত শিখাৰ ৰূপ ধাৰণ কৰিছে,লগতে চিটিবাছৰ বাকী যাত্ৰীসকলৰ যাত্ৰাও বিৰক্তিকৰ কৰি তুলিছে৷ অস্বস্তিত পৰিছে তেওঁৰ কাষতে বহি থকা তেওঁৰ পৰম মিত্ৰজনো৷

-কি যুক্তি আছে হে? কি যুক্তি আছে? হাতে-হাতে এইবোৰ ৰাখী নে পাখি—এইবোৰ বান্দৰৰ দৰে আঁৰি ভুচুংপহুৰ দৰে দৌৰি ফুৰাৰ কিবা জানো যুক্তি আছে ? আমাৰ এই অদ্ভুত অসমতহে এইসব কাণ্ড সম্ভৱ৷ নিজস্বতাশূন্য জাতি আমি! নিজৰ বুলিবলৈ একোৱেই নাই৷ জাত্যাভিমান,স্বাভিমান-কিবা আছে জানো আমাৰ? নাই,একো নাই৷ অতি হতাশা আৰু পৰিহাসৰ কথা যে, সংস্কৃতিৰ নামত কিছুমান অপ-সংস্কৃতি পালন কৰি আমি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছোঁ৷ ফ্ৰেণ্ডশ্চিপ ডে,মাডাৰ্চ ডে,ফাদাৰ্ছ ডে- এতিয়া আকৌ আহিল-’ৰাখী-বন্ধন ! ধিক্ অসমীয়া ! ধিক অসমীয়া সংস্কৃতি !

-তোমাৰ যুক্তিক মই শ্ৰদ্ধা কৰোঁ৷ কিন্তু তুমি কিমানক বাধা দিবা ! পৰিৱৰ্তন অৱশ্যাম্ভাৱী৷ পৰিৱৰ্তনক স্বীকাৰ কৰিবলৈ শিকা৷ অৱশ্যাম্ভাৱিতাক মানি ল’ব নোৱাৰিলে তুমিহে কষ্ট পাবা৷ ডেল কাৰ্ণেগীয়েও কিতাপত লিখি থৈ গৈছে- জীৱনৰ বাটত আগুৱাই যাব বিচাৰিছা যদি, কিছুমান বিষয়ত উদাসীন হৈ থকাটো ভাল৷

-তুমি চাগে নেপোলিয়নৰ উক্তিষাৰ শুনা নাই৷ “বেয়া মানুহৰ উৎপাতে পৃথিৱীখন ধ্বংস নকৰে৷ পৃথিৱীখন ধ্বংস কৰে ভাল মানুহৰ নিৰৱতাই৷ আমি সমাজৰ সচেতন চামটোৱে এনেবোৰ জাতি-ধ্বংসী কাৰ্যত মৌনতা অৱলম্বন কৰিলে এই অপ-সংস্কৃতিবোৰ বাঢ়ি নাযাবনে !”

বুদ্ধিজীৱী আৰু বন্ধুৰ মাজত তীব্ৰ বাক-বিতণ্ডা অব্যাহত থকাৰ মাজতে চিটিবাছখন লাচিতনগৰ বাছ-আস্থানত ৰ’লহি৷ দুজনমান যাত্ৰী নামি গ’ল৷ মলিয়ন ফ্ৰক এটা পিন্ধি আউল-বাউল চুলিৰে গাভৰু এজনী ছিটিবাছৰ ভিতৰলৈ সোমাই আহিল৷ পিছে পিছে আহিল বিবৰ্ণ হৈ পৰা এযোৰ চাদৰ-মেখেলা পৰিধান কৰি এগৰাকী মহিলা৷ মুখখন তেওঁৰ শুকান৷ কপাল উকা৷ আধুনিক সভ্যতাৰ আভিজাত্যখিনিক তোষামোদ কৰিবলৈহে যেন এই মানুহ দুগৰাকী চিটিবাছখনত উঠিছে৷ 

-চোৱা,এইফালে এজাকে খাবলৈ নাপাই এনেকৈ শুকাই-খিনাই মৰিবলৈ ওলাইছে আৰু আনফালে এচাম উদণ্ডই উৎসৱৰ নামত বিলাসিতা কৰি টকা উৰুৱাইছে ! অদ্ভুত এই সমাজ ! বিচিত্ৰ এই আধুনিকতাৰ শ্ল’গান ! –দুৰ্ভগীয়া গাভৰুজনীৰ পৰা দৃষ্টি আঁতৰাই বুদ্ধিজীৱীয়ে হতাশামিশ্ৰিত স্বগতোক্তি কৰিলে৷ তেওঁৰ বন্ধুৱে গাভৰুজনীলৈ চাই পঠিয়ালে৷ নিৰাশাৰ বাৰ্তা কঢ়িয়াই তেওঁৰ অন্তৰৰ গভীৰতম তলিৰ পৰা এটা হুমনিয়াহ ওলাই আহিল৷

তেনেতেই ঘটি গ’ল ঘটনাটো৷ বুদ্ধিজীৱীৰ পৰা পাঁচহাতমান আঁতৰত ৰৈ থকা গাভৰুজনী তৰিৎ গতিৰে আহি বুদ্ধিজীৱীৰ কাষ পালেহি আৰু মূৰে-কপালে হাত ফুৰাবলৈ ধৰিলে৷ অস্ফুট শব্দেৰে কিবাকিবি বিৰবিৰাবলৈ ধৰিলে৷ তাই যেন কিবা এটা ক’ব বিচাৰিছে,কিন্তু কিবা এটা শক্তিয়ে তাইৰ মুখৰ মাত ৰুদ্ধ কৰিছে৷ অনাকাংক্ষিত এই আচৰণত বুদ্ধিজীৱী হতচকিত হ’ল৷ কিংকৰ্তব্যবিমূঢ় হৈ তেওঁ তেওঁৰ বন্ধুলৈ চালে৷ বন্ধুৰো চকুহাল আশ্বৰ্যত বহল হৈ পৰিছে৷

“অ’ই কি কৰা ! কি কৰা?”-হাতৰ মুঠিটো খুলি গাভৰুজনীয়ে ধূলি-বালি পৰি মলিন হৈ যোৱা ৰাখীডাল বুদ্ধিজীৱীৰ সোঁহাতখন টানি নি বান্ধিবলৈ চেষ্টা চলাওতেই বুদ্ধিজীৱী আৰু বন্ধুজনে বিস্ময়ত চিঞৰি উঠিল৷ যেন সেইডাল ৰাখী নহৈ প্ৰকাণ্ড এডাল বিষধৰ সাপহে যাৰ এটা খোঁট পৰিলেই বুদ্ধিজীৱীয়ে এই পৃথিৱীৰ পৰা মেলানি মাগিব৷

“তাইক বান্ধিবলৈ দিয়ক দাদা৷”- অতি কষ্টেৰে খোজকেইটা কাঢ়ি মহিলাগৰাকী আগুৱাই আহি বুদ্ধিজীৱীৰ সমুখত ৰৈ ক’লে৷ বুদ্ধিজীৱীয়ে ঘটনাৰ একো উৱাদিহ নাপাই মৌন হৈ থাকিল৷
“তাইৰ ককায়েক এটা আছিল৷ সদায় অহাৰ দৰে সেইদিনাও সি অ’ফিচলৈ ওলাই আহিছিল৷ অ’ফিচত সোমোৱাৰ আগতে সি হোষ্টেলত থকা তাৰ ভনীয়েকক লগ ধৰিবলৈ গ’ল৷ মৰমৰ ভনীয়েকে ৰাখী পিন্ধাব,এই আশাত৷ পিছে কণা বিধাতাৰ কোপদৃষ্টিয়ে সকলো চাৰখাৰ কৰিলে৷ কুলাংগাৰ কেইটামানে পুতি থোৱা বোমা এটাত সি গৈ ভৰি থ’লে৷ আৰু ঠাইতেই চকু মুদিলে৷ মাক-বাপেক নথকা ছোৱালীজনীয়ে একমাত্ৰ ককায়েকক হেৰুৱাই পাগল হোৱাৰ দৰে হ’ল৷খাৱন-শোৱন সকলো পাহৰি ছোৱালীজনীয়ে উন্মাদৰ দৰে আচৰণ কৰিবলৈ ধৰিলে৷ তাইক মানুহে পাগলী বুলিবলৈ আৰম্ভ কৰিলে৷ ককায়েকক পিন্ধাবলৈ থোৱা সেই ৰাখীটোৱেই তাইৰ লগৰীয়া হৈ পৰিল৷ ৰাখীটো তাই সদায় বুকুতে সাৱটি লৈ ফুৰে আৰু এইদৰে বাটে-ঘাটে যাকে পাই,তাকে ৰাখীটো পিন্ধায়৷ এদিন ফুটপাথত কোনোবাই খাই পেলাই থৈ যোৱা ৰুটিৰ টুকুৰা এটা মুখলৈ নি থাকোতেই তাইক মই লগ পাওঁ৷ আৰু ব্ৰিজৰ তলৰ বস্তিলৈ লৈ যাওঁ৷ তেতিয়াৰ পৰা তাই মোৰ লগতে থাকে৷ আপুনি চিন্তা নকৰিব,বাছৰ পৰা নমাৰ আগেয়ে ৰাখীটো মই লৈ ল’ম৷”

শেষৰফালে কথাকেইটা কওঁতে,মানুহজনীৰ মাতটো থোকা-থুকি হৈ পৰিছিল৷ বুদ্ধিজীৱীৰ বন্ধুৱে বেঁকা চকুৰে বুদ্ধিজীৱীলৈ চালে৷ অত্যন্ত কঠোৰ আৰু হৃদয়হীন বুলি বন্ধুমহলত পৰিচিতি লাভ কৰা বুদ্ধিজীৱীৰ চকুহালে যেন বেদনা আৰু বিষাদত এইমুহূৰ্তত তীব্ৰ চিৎকাৰ কৰি উঠিছে৷ এজনী ভৰ-যৌৱনা গাভৰুৰ জীৱন কলুষিত কৰা বিৱেকহীন,মানৱতাৰ হত্যাকাৰী এচামৰ নিষ্ঠুৰতা আৰু নিৰ্মমতাৰ চাক্ষুস অভিজ্ঞতা লাভ কৰি বুদ্ধিজীৱীৰ চকুহাল ক্ষত-বিক্ষত হৈ পৰিছে৷ বুদ্ধিজীৱীয়ে কথা ক’বলৈ পাহৰি পেলাইছে৷

“দিয়ক দাদা৷ বাছখন ৰ’ল৷ আমি নামিবৰ হ’ল৷”-গাভৰুগৰাকীৰ হাতখন খামুচি মহিলাগৰাকীয়ে বুদ্ধিজীৱীয়ে ৰাখীটো খুলি দিয়ালৈ বাট চালে৷ বুদ্ধিজীৱীয়ে ৰাখীটো নুখুলিলে। তাৰ পৰিৱৰ্তে কৈ উঠিল

-“ককায়েক বুলি ভাবি এইটো তাই মোক পিন্ধাইছে৷ এতিয়া খুলি দিয়া বুলি জানিলে তাই জানো মনত কষ্ট নাপাব ! থাকক দিয়ক৷ ৰাখীটো খুলিবলৈ দেখোন মন যোৱা নাই৷ আৰু তাইক ক’ব-কাইলৈ তাক লগ পাবলৈ তাইৰ ককায়েক আহিব৷ সদায়েই আহিব৷” –মানুহগৰাকীৰ চকুলৈ চাই বুদ্ধিজীৱীজনে সবিনয়ে কথাষাৰ ক’লে৷ মানুহজনীয়ে ক্ষীণ হাঁহি এটা মাৰিলে৷ তাৰপিছত বাছৰ পৰা নামি গ’ল৷ কাষতে বহি থকা বন্ধুজনে সবিস্ময়েৰে বুদ্ধিজীৱীলৈ চাই থাকিল৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages