মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
অসমীয়া বাতৰিত প্ৰয়োজন ধনাত্মক চাঞ্চল্যৰহে
 প্ৰতিম প্ৰতাপ বৰুৱা
এটা কথা আজি স্বীকাৰ কৰিছো যে, মাজে মাজে মই সঁচাকৈয়ে গভীৰভাৱে চিন্তা কৰো যে টেলিভিচনৰ এই অসমীয়া বাতৰি চেনেলকেইটা মই এৰি দিম। কোনো প্ৰয়োজন নাই বাতৰিৰ নামত এই চেনেলকেইটাই দেখুৱাই থকা কথা-কাণ্ডবোৰ (আৰু তাৰ মাজে মাজে কিছুমান ১৮+ বিজ্ঞাপন) চাই থকাৰ। কিন্তু চেনেলকেইটা এৰি দিলে দিল্লীৰ এই প্ৰৱাসত অসমখন ওচৰতে কেনেকৈ পাম? এই কাৰণটো আৰু লগতে অসমীয়া ভাষা আৰু মাতৃভুমিৰ প্ৰতি থকা মৰম আৰু দায়িত্ববোধৰ বাবেই এই চেনেলকেইটা মই এৰিব খুজিও এৰিব পৰা নাই।

কিন্তু এটা কথা এতিয়া মোৰ বাবে সত্য যে আজিকালি অসমীয়া নিউজ চেনেলকেইটা চাই থাকিলে মাজে মাজে কিবা অপৰাধ জগতৰ ওপৰত প্ৰস্তুত কৰা অনুষ্ঠান এটা চাই থকা যেনহে লাগে। অনবৰতে মাত্ৰ সংঘৰ্ষ, হত্যাকাণ্ড, ধৰ্ষণ, মদ খাই উদ্ভণ্ডালি, কাজিয়া, মাৰ-পিট, আন্দোলন, বন্দুক-বোমা, চুৰি-ডকাইতি, দূৰ্ঘটনা – এইবোৰেই খবৰ। তাকো ব্ৰেকিং নিউজ বা বিগ ব্ৰেকিং নিউজ হিচাপে। আৰু একেটা খবৰকে বাৰে বাৰে দুদিন-তিনিদিনলৈকে প্ৰচাৰ। এইবোৰ খবৰৰ লগত শেহতীয়াকৈ যোগ হৈছে কোনোবা উচ্চাকাংখী নাৰীয়ে নিজৰ সন্তানক হত্যা কৰাৰ দীঘলীয়া আৰু আমনি লাগি যোৱা প্ৰতিবেদন, কোনোবা গ্লেমাৰৰ পিছত দৌৰা বিবাহিতা নাৰীয়ে অবৈধ সম্পৰ্কৰ জালত পৰি শেষত নিজৰ প্ৰেমিকৰ হাততে মৃত্যুবৰণ কৰাৰ পুংখানুপুংখ বিৱৰণ।

এইবোৰ খবৰে মানুহৰ কেৱল হৃদকম্পহে তুলিব পাৰে এনে নহয়, মানুহৰ প্ৰতি মানুহৰ বিশ্বাসৰ ভেটিটোকেই কঁপাই দিব পাৰে। এই ঘটানাবোৰৰ ইমান তন্ন-তন্ন আৰু ইমান দীঘলীয়া প্ৰচাৰ কিমান প্ৰয়োজনীয়? এই ঘটনাবোৰত সংযুক্ত হৈ থকা বা ভাগ লোৱা মানুহখিনিয়ে আমাৰ সাধাৰণ সমাজখনক প্ৰতিনিধিত্ব কৰেনে? কিন্তু এই ধৰণৰ ঋণাত্মক খবৰবোৰৰ ধামখুমীয়াত বাদ পৰি যায় সাহিত্য অকাডেমীৰ বটাপ্ৰাপক অথবা শিক্ষকতাৰ ৰাষ্ট্ৰীয় বঁটা পোৱা সকলৰ খবৰো। (এই টি আৰ পি নামৰ বস্তুটো বৰ সাংঘাটিক। এই বস্তুটো গণনা কৰা প্ৰক্ৰিয়াটো আৰু সাংঘাটিক।)

দুটা কথা চিন্তা কৰিছো – প্ৰথম, অসমত আজিকালি এইধৰণৰ ঘটনা সম্ভৱত: বহুত বেছিকৈ ঘটিবলৈ ধৰিছে আৰু ঘটনাবোৰ ঘটিছে কাৰণেই নিউজ চেনেলে এইবোৰ প্ৰচাৰ কৰিছে। কিন্তু এই প্ৰচাৰৰ পৰিমানটো ইমান বেছি হৈছে যে তাৰ হেঁচাত অন্য ভাল, সুখদায়ী খবৰবোৰ দিবলৈ সময়ৰ/ঠাইৰ অভাৱ হৈছে আৰু ফলত টিভিত নিউজ চেনেলকেইটা বেছি সময় চাবলৈকে মন নোযোৱা হৈছে। ঘটনাটো পুৰণা হৈ যায়, কিন্তু ব্ৰেকিং নিউজৰ নামত ঘটনাটোৰ প্ৰচাৰ চলিয়েই থাকে। দ্বিতীয় – মানি লৈছো বাৰু যে এই ঘটনাবোৰৰ বিষয়ে মানুহে জনাৰ প্ৰয়োজন আছে। কিন্তু এইবোৰ ঘটনা বা এনে ধৰণৰ ঘটনাবোৰ ইমানকৈ, বাৰে বাৰে, ইমান জোৰ দি প্ৰচাৰ কৰাটো জৰুৰী হয় জানো? এইধৰণৰ প্ৰচাৰবোৰে সমাজত এনে ধৰণৰ ঘটনা কমাই আনিব পাৰে নেকি? এই ঘটনাবোৰ ব্ৰেকিং নিউজ কেনেকৈ হয়? এনে ঘটনাৰ অতিমাত্ৰা প্ৰচাৰে সমাজত (বিশেষকৈ শিশু আৰু কমবয়সীয়া যুৱক-যুৱতীসকলৰ মানসিকতাত) কি ধৰণৰ প্ৰভাৱ পেলায়? – এইবোৰ প্ৰশ্নৰ অতি সহজ আৰু আমাৰ সাধাৰণ জ্ঞানেৰে (Common sense) ঢুকি পোৱা তাৎক্ষণিক উত্তৰবোৰ কি হ’ব?


আমি নিজকে নিজে এটা প্ৰশ্ন কৰোচোন – ভাল খবৰ শুনিবলৈ/চাবলৈ মন যায় নে বেয়া খবৰ শুনিবলৈ/চাবলৈ মন যায়? তেন্তে? অসমত ভাল খবৰৰ ইমানেই অভাৱনে? কথাটো বিশ্বাস কৰিব পাৰিনে? অসমীয়া বাতৰি চেনেলকেইটালৈ আহ্বান জনাইছো – এই ঋণাত্মক প্ৰভাৱ পেলাব পৰা ঘটনাবোৰ বাৰে বাৰে প্ৰচাৰ কৰি থকাতকৈ সেই সময়খিনি আন ধনাত্মক কথাৰ প্ৰচাৰ/আলোচনাৰ বাবে ব্যৱহাৰ কৰা হওক। এনে ঋণাত্মক খবৰবোৰ যদি প্ৰচাৰ নকৰিলেই নহয়, তেন্তে সেইবোৰ মাত্ৰ এবাৰ প্ৰচাৰ কৰা হওক। টেলিভিচন যোগে সমাজত ঋণাত্মক চাঞ্চল্যৰ সৃষ্টি কৰাতকৈ ধনাত্মক চাঞ্চল্য সৃষ্টি কৰা হওক। অসমত এনেয়ে ইমানবোৰ সমস্যা আছে। সেই সমস্যাবোৰৰ ওপৰত উপযুক্তসকলৰ দ্বাৰা বস্তুনিষ্ঠ আলোচনা হওক আৰু সমস্যাবোৰৰ যুক্তিপূৰ্ণ আৰু স্থায়ী সমাধানৰ বাবে জনমত গঠন কৰা হওক।

লগতে এটা কথা সকলোৱে মানি লোৱা উচিত যে গুৱাহাটীখনেই সমগ্ৰ অসম নহয় বা গুৱাহাটীয়ে সমগ্ৰ অসমৰ প্ৰতিনিধিত্ব নকৰে। প্ৰতিটো খবৰ ৰাজনীতি বা ৰাজনীতিকৰ লগত সংযুক্ত হৈ থাকিবই লাগিব – এইটোও কোনো নিয়ম নহয়। সাংবাদিকসকল অসমৰ বিভিন্ন ঠাইৰ গাঁৱলৈ যাওক, কৃষকসকলৰ ওচৰলৈ যাওক, তেওঁলোকৰ সফলতা বিফলতাৰ খতিয়ান লওক, তেওঁলোকৰ সমস্যাবোৰ সকলোকে জানিবলৈ দিয়ক। তেওঁলোকে (সাংবাদিকসকলে) চাহ বাগিছা, চৰ অঞ্চল আদিলৈ গৈ সেই ঠাইৰ বাসিন্দাসকলৰ কথা আমাক জনাওক। কোনোবা বাগিছাৰ কোনোবা বনুৱাৰ লাইনত কোনোবা তান্ত্ৰিকে ফুচুলাই নি এটা ল'ৰাক হত্যা কৰিলে, পিছত ৰাইজৰ আক্ৰমণত সেই তান্ত্ৰিকজনৰ মৃত্যু ঘটিল, বা জন্মতে দাঁত গজি অহাৰ কাৰণেই কোনোবা তান্ত্ৰিকৰ কথামতে কোনোবা অন্ধবিশ্বাসী, নিকৰুণ পিতৃ-মাতৃয়ে নিজৰ কেচুৱা সন্তানক বিহ খুৱাই হত্যা কৰিলে – এইবোৰ অতি ভয়ানক ঘটনা। এই ঘটনাবোৰ প্ৰচাৰৰ সমান্তৰালভাৱে এই ধৰণৰ ভয়াবহ ঘটনাৰ মূল কাৰণ যে অন্ধবিশ্বাস, কুসংস্কাৰ, অনগ্ৰসৰতা, শিক্ষাৰ অভাৱ, দৰিদ্ৰতা আৰু তান্ত্ৰিক নামধাৰী কোনোবা ভণ্ড, নৃশংস, স্বাৰ্থপৰ ব্যৱসায়ী সেইবোৰ কথাও বিশ্লেষণ কৰা হওক।

কিতাপৰ বিষয়ে, ভাষা-সাহিত্য-লিপি আদিৰ বিষয়ে নিয়মীয়া অনুষ্ঠান এটাৰো বৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰো। একেসময়তে প্ৰতিটো বাতৰি চেনেলে নিজৰ প্ৰতিটো প্ৰচাৰিত অনুষ্ঠানতে ভাষাৰ শুদ্ধতা ৰক্ষাৰ প্ৰতিও বহুতখিনি কৰিব লগা আছে আৰু ভাষাৰ শুদ্ধতাৰ ক্ষেত্ৰত এটা কঠোৰ নীতি মানি চলাৰ প্ৰয়োজন আছে। (আন ভাষাৰ শব্দ-বাক্যৰ অপ্ৰয়োজনীয় আৰু বহুল ব্যৱহাৰেৰে আৰু লগতে নিজৰ ভাষাটোৰ অশুদ্ধ উচ্চাৰণেৰে এটা খিচিৰি ভাষাৰ সৃষ্টি কৰাত অৰিহনা যোগাই নিজৰ মাতৃভাষাৰ শুদ্ধতালৈ অধিক সংকট নমাই অনাতো কোনোপধ্যেই কাম্য/গ্ৰহনীয় নহয়।)


আৰু এটা কথা এনেয়ে চিন্তা কৰো কেতিয়াবা। এইযে নিউজ চেনেলবোৰতে হওক বা বাতৰি কাকতবোৰতে হওক – মাজে মাজে (আচলতে প্ৰায় প্ৰতিদিনে) বিভিন্ন দুৰ্নীতি-কেলেংকাৰীৰ বাতৰি ঢোল কোবাই প্ৰচাৰ কৰা হয়, এই বাতৰিবোৰ পিছত কি হয়গৈ? সাধাৰণ এটা বাতৰি হৈয়েই থাকি গৈ পিছত মানুহে পাহৰি যায় নে তাৰ ওপৰত অলপ কিবা অনুসন্ধান আদি হয়? যদি হয় তেন্তে সেই অনুসন্ধানৰ শেষ ফলাফল কি হয়? এই
দুৰ্নীতিৰ বাতৰিবোৰ নিশ্চয় সম্পূৰ্ণ মিছা নহয়। কাৰণ মিছা হোৱা হ’লে কাকতখনৰ ওপৰত বা নিউজ চেনেলবোৰৰ ওপৰত মানহানিৰ গোচৰ দিবলৈ মানুহৰ অভাৱ নহ’লহেতেন। লগতে এটা কথা – Investigative Journalism বুলি ক’লে আমি সাধাৰণভাৱে যিটো বুজো সেই কামটো অসমৰ সাংবাদিকসকলে কৰেনে? যদি কৰে কিমান নিয়াৰিকৈ আৰু কিমান সততাৰে কৰে? এই কামটোৰ ফলাফল কি হয়? – এইখিনি কথা জানিবলৈ মন আছে।

যি কি নহওক, শেষত আমি আন এটা সহজ-সৰল প্ৰশ্ন সকলোৱে চিন্তা কৰিবৰ বাবে আগবঢ়াই দিব খুজিছো - অসমত আজিকালি দুৰ্নীতি-কেলেংকাৰীৰ সমানে সমানে ধৰ্ষণৰ ঘটনা আৰু প্ৰেমজনিত/নাৰীজনিত অপৰাধৰ সংখ্যা ইমান বেছিকৈ কিয় বাঢ়িল?

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages