Monday, September 14, 2015

প্ৰযুক্তি


অ’জ’ন সুৰক্ষা চুক্তি আৰু আন্তৰ্জাতিক সহযোগিতা
মানসী গোস্বামী 
পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশত বায়ু প্ৰদূষণ, গোলকীয় উষ্ণায়ন তথা জলবায়ু পৰিৱৰ্তন, অ’জ’ন স্তৰৰ অৱক্ষয়, কীটনাশক তথা অপকাৰী ৰাসায়নিক দ্ৰ্ৱ্যৰ বিস্তৃতি আদিৰ দৰে এনে কিছু সমস্যা আছে, যিবোৰ মূলতঃ বিশ্বজনীন আৰু দীৰ্ঘস্থায়ী। এনে সমস্যাবোৰৰ কাৰক যি স্থানতে বা যি কালতে উৎপন্ন নহওক কিয়, তাৰ প্ৰভাৱ বা পৰিণতি বিশ্বজোৰা তথা প্ৰজন্মৰ পাছত প্ৰজন্মলৈ বিয়পা। সেয়েই এই সমস্যাবোৰৰ সমাধানকল্পে আন্তৰ্জাতিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ বিকল্প নাই। এনে এক সাৰ্বজনীন সমস্যা, অ’জন স্তৰৰ অৱক্ষয় ৰোধৰ বাবে গৃহীত ভিয়েনা সন্মিলন তথা ভিয়েনা চুক্তি, যি এই বছৰ তিনিটা দশক পূৰ্ণ কৰিছে আৰু ইয়াৰ স’তেই সম্পৰ্কিত মণ্ট্ৰিয়েল প্ৰ’ট’কলক (১৯৮৭ চনৰ ১৬ ছেপ্তেম্বৰত স্বাক্ষৰিত) বিশ্বজনীন পাৰিৱেশিক সমস্যা সমাধানৰ উদ্দেশ্যৰে সূত্ৰপাত হোৱা সফলতম আন্তৰ্জাতিক বুজাপৰাৰ উদাহৰণ বুলি একেষাৰে ক’ব পাৰি।

পৃথিৱীৰ জীৱমণ্ডলৰ অস্তিত্বৰ ক্ষেত্ৰত বায়ুমণ্ডলৰ অজ’ন স্তৰৰ গুৰুত্ব কিমান, তাক নকৈ দোহৰাৰ প্ৰয়োজন নাই ।১৯৭৪ চনত পোনপ্ৰথমবাৰলৈ মানুহে ব্যৱহাৰ কৰা ক্লৰ’ফ্ল’ৰ’কাৰ্বন জাতীয় যৌগই অ’জ’ন স্তৰক ধ্বংস কৰাৰ কথা আৱিস্কৃত হয়। এই কথাই সমগ্ৰ বিশ্বতে এক সচেতনতাৰ জন্ম দিয়ে আৰু এই দিশত এক সমন্বিত কাৰ্য্যব্যৱস্থা হাতত লোৱাৰ বাবে চিন্তা-চৰ্চা আৰম্ভ হয়। ১৯৮৫ চনৰ মাৰ্চ মাহত ভিয়েনা সন্মিলনত পোন-প্ৰথমবাৰৰ বাবে পৃথিৱীৰ সুৰক্ষাকৱচৰূপী অ’জন স্তৰৰ অৱক্ষয়ৰ ভয়াবহতা তথা তাৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়টোত সৰ্বসন্মতভাৱে গূৰুত্ব আৰোপ কৰা হয় । এই ভিয়েনা সন্মিলনৰ জৰিয়তে ৰাষ্ট্ৰ্সংঘৰ পৃষ্ঠপোষকতাত আন্তৰ্জাতিক পৰ্য্যায়ত সকলো সদস্য ৰাষ্ট্ৰই অজ’ন স্তৰৰ সুৰক্ষাৰ বাবে ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বনজাতীয় যৌগৰ ব্যৱহাৰ হ্ৰাসৰ বাবে একমত হৈ এক চুক্তি সম্পাদন কৰে।১৯৮৮ চনৰ ২২ ছেপ্তেম্বৰত মুঠ ২৪ খন দেশে এই চুক্তিত অনুমোদন জনোৱাৰ লগে লগেই ই কাৰ্য্যকৰী ৰূপ লাভ কৰে। অন্যহাতে ভিয়েনা চুক্তিয়ে গঠন কৰি দিয়া পৰিকাঠামোৰ ওপৰত নিৰ্ভৰ কৰি, ১৯৮৭ চনৰ ১৬ ছেপ্তেম্বৰত মণ্ট্ৰিয়েল প্ৰ’ট’কল স্বাক্ষৰিত হয়, যাৰ জৰিয়তে পোনপ্ৰথমে বিশ্বৰ মুঠ ২৪ খন ৰাষ্ট্ৰই অ’জন ধ্বংসকাৰী দ্ৰৱ্যৰ ব্যৱহাৰ পৰ্য্যায়ক্ৰমে হ্ৰাস বা বন্ধ কৰাৰ ক্ষেত্ৰত কাৰ্য্যব্যৱস্থা ল’বলৈ সন্মতি প্ৰদান কৰে। এই প্ৰসংগতে উল্লেখ কৰা ভাল যে, ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল প্ৰট’ক’লেই হ’ল দীৰ্ঘম্যাদী প্ৰভাৱ সৃষ্টি কৰিব পৰা কোনো পাৰিৱেশিক সমস্যাৰ সমাধানকল্পে স্বাক্ষৰিত প্ৰথম আন্তৰ্জাতিক চুক্তি। কেৱল সেয়াই নহয়, বিশ্বৰ আটাইতকৈ অধিক স্ংখ্যক দেশে (১৯৭ খন)স্বাক্ষৰ কৰা তথা ৰূপায়নত অনুমোদন জনোৱা একমাত্ৰ চুক্তিও হ’ল এই ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল প্ৰ’ট’কল। সেই সূত্ৰেই এই দুই চুক্তিক আন্তৰ্জাতিক সহযোগিতাৰ সফলতম উদাহৰণ হিচাপে স্বীকৃতি দিয়া হৈছে।

ভি্যেনা চুক্তিৰ সহযোগী প্ৰ’ট’কল হিচাপে গ্ৰহণ কৰা মণ্ট্ৰিয়েল প্ৰ’ট’কলৰ জৰিয়তে কৃত্ৰিমভাৱে প্ৰস্তুত অজ’ন স্তৰৰ বাবে ক্ষতিকাৰক যৌগবোৰৰ উৎপাদন তথা ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ পদ্ধতিগত প্ৰচেষ্টা চলোৱাৰ লগতে এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত, এই চুক্তিত স্বাক্ষৰ কৰা দেশসমূহত এই দ্ৰ্ৱ্যবোৰৰ ব্যৱহাৰ পৰ্য্যায়ক্ৰমে নোহোৱা কৰাৰ বাবে ব্যৱস্থা হাতত লোৱাটো বাধ্যতামূলক কৰা হৈছিল। বিগত তিনি দশকত, এই দুই চুক্তি সম্পৰ্কীয় নানা অধ্যয়নে প্ৰমাণ কৰিছে যে এই দুই চুক্তি নথকা হ’লে ২০৫০ চনৰ ভিতৰত অজ’ন স্তৰৰ অৱক্ষয়ৰ পৰিমাণ এতিয়াতকৈ প্ৰায় দহগূণ বেছি হ’লহেতেন। তদুপৰি, এই প্ৰট’ক’লৰ সাৰ্বজনীন প্ৰয়োগৰ পৰিণতিতে সমগ্ৰ পৃথিৱীত আনুমানিক ১৯ মিলিয়ন নন-মেলান’মা কেঞ্চাৰৰোগী, ১.৫ মিলিয়ন মেলান’মা কেঞ্চাৰৰ ৰোগী তথা ১৩০ মিলিয়ন পৰ্য্যন্ত চকুত ছানি পৰা ৰোগৰ ৰোগীৰ সংখ্যা হ্ৰাস কৰিব পৰা গৈছে। অন্যহাতে ইয়াৰ জৰিয়তে অজ’ন স্তৰৰ বাবে ক্ষতিকাৰক দ্ৰৱ্যৰ ব্যৱহাৰ ৯৮ শতাংশ পৰ্য্যন্ত হ্ৰাস কৰাত সফল হ’ব পৰা গৈছে।তদুপৰি আমাৰ বায়ুমণ্ডলৰ অজ’ন স্তৰৰ ওপৰত চলি থকা নিৰন্তৰ গৱেষণাৰ শেহতীয়া তথ্যত ২০৫০-৭৫ চনৰ ভিতৰত এই স্তৰৰ অজ’নৰ মাত্ৰা ১৯৮০ চনৰ পূৰ্বৰ পৰিমাণলৈ ঘূৰি আহিব বুলি অনুমান কৰা হৈছে।

আমাৰ দেশে ১৯৯১ চনৰ মাৰ্চ মাহৰ ১৮ তাৰিখে ভিয়েনা চুক্তি আৰু ১৯৯২ চনৰ ১৭ ছেপ্তেম্বৰত মণ্ট্ৰিয়েল প্ৰট’ক’ল কাৰ্য্যকৰী কৰাত সন্মতি প্ৰদান কৰে। এই প্ৰট’ক’ল বলৱৎ কৰাৰ পাছতে ভাৰত চৰকাৰে অজ’ন ক্ষয়কাৰী যৌগ ব্যৱহাৰ নোহোৱা সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় শুল্ক ৰেহাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। তদুপৰি, তিনিশতাধিক প্ৰকল্পত বিকল্প পদ্ধতি তথা প্ৰযুক্তিৰ প্ৰয়োগ কৰি মুঠ ১১,০৫২.৩ টন পৰ্য্যন্ত এনে যৌগৰ ব্যৱহাৰ হ্ৰাসৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। দেশৰ প্ৰায়ভাগ মুখ্য শীতলকাৰক যন্ত্ৰ নিৰ্মাণ, ফ’ম উৎপাদন তথা প্ৰসাধনজাত এৰ’ছ’ল উৎপাদন উদ্যোগৰ ক্ষেত্ৰত বিকল্প প্ৰযুক্তিৰ প্ৰয়োগ কৰা হৈছে। তদুপৰি এইধৰণৰ সামগ্ৰীৰ নকৈ আৰম্ভ কৰা উৎপাদন উদ্যোগবোৰত ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই ব্যৱস্থাসমূহৰ জৰিয়তে ২০১০ চনৰ ভিতৰত চিএফচি, হেল’ন, কাৰ্বন টেট্ৰাক্ল’ৰাইড আদিৰ ব্যৱহাৰ প্ৰায় ১০০ শতাংশ হ্ৰাস কৰিবলৈ সক্ষম হোৱাৰ লগতে মিথাইল ক্ল’ৰাইডৰ ব্যৱহাৰ প্ৰায় ৭০ শতাংশ হ্ৰাস কৰিব পৰা গৈছে। অন্যহাতে এই বছৰৰ ভিতৰতে মিথাইল ব্ৰমাইডৰ ব্যৱহাৰো শেষ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

অ’জন সুৰক্ষাৰ বাবে আৰম্ভ হোৱা সন্মিলিত আন্তৰ্জাতিক প্ৰচেষ্টাৰ মাত্ৰ ৩০টা বছৰৰ ভিতৰতে আশানুৰূপ সফলতা লাভ কৰা এই দুই চুক্তিৰ সফলতাৰ কাৰকসমূহৰ বিশ্লেষণে এনেকুৱা আন আন চুক্তিক সফল কৰাৰ ক্ষেত্ৰত নিসন্দেহে সহায় কৰিব। চিএফচিজাতীয় ৰাসায়নিক পদাৰ্থৰ অপকাৰিতাৰ বিষয়টো বিশ্ববাসীৰ সন্মুখত উত্থাপন হোৱাৰ মাত্ৰ দহটা বছৰৰ ভিতৰতে এই অৱক্ষয়ক ৰোধ কৰাৰ তাৎক্ষণিক প্ৰয়োজনীয়তাক সকলো ৰাষ্ট্ৰই উপলব্ধি কৰে আৰু তাৰ সমাধানৰ বাবে সক্ৰিয় ব্যৱস্থা হাতত লয়। কেৱল সেয়াই নহয়, ১৯৮৫ চনত ভিয়েনা সন্মিলন তথা চুক্তিৰ দ্বাৰা অজ’ন সুৰক্ষা তথা অজ’ন স্তৰ সম্পৰ্কীয় গৱেষণাৰ ভেটিটো তৈয়াৰ কৰি লোৱাৰ দুবছৰৰ ভিতৰতে অজ’ন স্তৰ ক্ষয়কাৰী সামগ্ৰীৰ উৎপাদন তথা ব্যৱহাৰ পৰ্য্যায়ক্ৰমে হ্ৰাস আৰু বন্ধ কৰাৰ বাবে সৰ্বসন্মতভাৱে মণ্ট্ৰিয়েল প্ৰট’ক’লক গৃহীত কৰাৰ দৰে এক দ্ৰুত পদক্ষেপেও এই সমগ্ৰ প্ৰক্ৰিয়াৰ সফলতাৰ বাবে প্ৰথম ইন্ধন যোগায় বুলি নিসন্দেহে ক’ব পাৰি।

উল্লেখনীয় যে, ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল প্ৰট’ক’লৰ সফলতাত বৈজ্ঞানিক গৱেষণা তথা অধ্যয়নে এক বিশেষ দায়িত্ব পালন কৰিছে। দুয়োখন চুক্তিতে অজ’ন স্তৰৰ সুৰক্ষাৰ বাবে বৈজ্ঞানিক গৱেষণাক বিশেষভাৱে গূৰুত্ব প্ৰদান কৰা হৈছিল আৰু তাৰ আলমতে সমগ্ৰ বিশ্বতে অজ’ন স্তৰৰ স’তে সংলগ্ন নানা গৱেষণাৰ পৰিৱেশ সৃষ্টি হয়। অজ’ন স্তৰৰ বঢ়া-টুটাৰ নিয়মীয়া নিৰীক্ষণ, বায়ুমণ্ডলত অজ’নক্ষয়ী দ্ৰ্ৱ্যৰ পৰিমাণৰ তথ্য সংগ্ৰহ আদি গৱেষণাৰ লগতে অজ’ন স্তৰত ক্ষয়ৰ সৃষ্টি কৰা দ্ৰ্ৱ্যৰ ব্যৱহাৰ হ্ৰাসৰ উদ্দেশ্যৰে বিকল্প প্ৰযুক্তিৰ উদ্ভাৱনৰ ক্ষেত্ৰত আৰোপ কৰা বিশেষ গূৰুত্বই সমগ্ৰ প্ৰক্ৰিয়াটোকে অধিক গতিশীল হোৱাত সহায় কৰে। চুক্তিত স্বাক্ষৰ কৰা দেশসমূহক বিকল্প প্ৰযুক্তিৰ উদ্ভাৱন তথা ব্যৱহাৰৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ হাতত লোৱা ব্যৱস্থাবোৰেও এনে পদাৰ্থবোৰৰ মাত্ৰা হ্ৰাসত অৰিহণা যোগাইছে। মণ্ট্ৰিয়েল প্ৰট’ক’লৰ সফলতাত বৈজ্ঞানিক অন্বেষণ তথা বিকল্প প্ৰযুক্তিৰ উদ্ভাৱনৰ অৱদানৰ এই উদাহৰণ পৃথিৱীৰ আন জটিল পাৰিৱেশিক সমস্যাৰ সমাধানৰ বাবেও আদৰ্শ হৈ উঠিব পাৰে বুলি একেষাৰে ক’ব পাৰি।

আমি ইতিপূৰ্বেই উল্লেখ কৰিছোঁ যে অজ’ন অৱক্ষয়ৰ দৰে গোলকীয় উষ্ণায়ন তথা জলবায়ু পৰিৱৰ্তনো এক বিশ্বজনীন সমস্যা। কিন্তু এই সমস্যাৰ সমাধানকল্পে আন্তৰ্জাতিক পৰ্য্যায়ত স্বাক্ষৰিত কিয়’ট’ প্ৰট’ক’ল অদ্যপি সৰ্বাত্মকভাৱে গৃহীত নোহোৱাৰ অন্যতম কাৰক হ’ল উন্নত দেশ আৰু উন্নয়নশীল দেশসমূহৰ মাজত এই ক্ষেত্ৰত থকা নীতিগত পাৰ্থক্য। ইয়াৰ বিপৰীতে, ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল প্ৰট’ক’লত এই দুই গোটৰ দেশৰ মাজৰ পাৰ্থক্য হ্ৰাসৰ বাবে লোৱা বিশেষ ব্যৱস্থাসমূহ লক্ষণীয়। এই দুয়োখন চুক্তিতে, বিশেষকৈ মণ্ট্ৰিয়েল প্ৰট’ক’লত, উন্নয়নশীল দেশসমূহৰ বাবে কিছুমান আছুতীয়া সুবিধা ৰখা হৈছে, যাৰ ফলত আৰ্থিকভাৱে দূৰ্ৱল দেশসমূহেও বিশেষ অৰ্থনৈতিক চাপৰ সন্মুখীন নোহোৱাকৈ উক্ত চুক্তিক কাৰ্য্যকৰী কৰিবলৈ সক্ষম হৈছে। এই ব্যৱস্থা সমূহৰ অনুযায়ী, উন্নয়নশীল দেশৰ বাবে অজ’ন ক্ষয়কাৰী যৌগক পৰ্য্যায়ক্ৰমে নোহোৱা কৰাৰ ক্ষেত্ৰত ১০ বছৰৰ অতিৰিক্ত সময় প্ৰদান, এনে যৌগৰ ব্যৱহাৰ জনমূৰি ০.৩ কি.গ্ৰা.তকৈ কম হৈ থকা দেশৰ ক্ষেত্ৰত বহুদেশীয় নিধিৰ জৰিয়তে বিত্তীয় সাহায্যৰ সুবিধা আদি উপায় গ্ৰহণ কৰা হৈছে। এই নিধিৰ ধন উন্নয়নশীল দেশত বিকল্প প্ৰযুক্তিৰ উদ্ভাৱন তথা প্ৰয়োগ, প্ৰয়োগ সংক্ৰান্তীয় প্ৰশিক্ষণ, নতুন প্ৰযুক্তিৰ পেটেণ্টকৰণ আদিৰ দৰে কামত ব্যৱহাৰ কৰাৰ এনে ব্যৱস্থাসমূহৰ দ্বাৰা চুক্তিকেইখন কাৰ্য্যকৰী কৰাৰ ফলত দুখীয়া দেশসমূহে সন্মূখীন হ’বলগীয়া আৰ্থিক চাপক যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পৰা গৈছে।ফলস্বৰূপেই এই চুক্তিকেইখন সৰ্বজনগ্ৰাহ্য হৈ উঠিছে বুলি ক’লেও ভুল নহয়।

মণ্ট্ৰিয়েল প্ৰট’ক’লৰ অন্য এক উল্লেখনীয় দিশ হ’ল চুক্তি স্বাক্ষৰ কৰা উন্নয়নশীল দেশৰ বাবে থকা উদগণিমূলক ব্যৱস্থাৰ বিপৰীতে চুক্তিত স্বাক্ষৰ নকৰা দেশৰ বাবে থকা শাস্তিৰ ব্যৱস্থা। চুক্তিত স্বাক্ষৰ নকৰা দেশ আৰু কৰা দেশৰ মাজত চিএফচি জাতীয় যৌগ বা এনে যৌগৰ ব্যৱহাৰ হোৱা সামগ্ৰীৰ বাণিজ্যৰ ক্ষেত্ৰত আৰোপিত নিষেধাজ্ঞাৰ বাবেও বিশ্বৰ অধিকাংশ দেশেই এই চুক্তিত স্বাক্ষৰ কৰিবলৈ বাধ্য হয়। এনে কঠোৰ নীতিৰ প্ৰয়োগকো অজ’ন স্তৰৰ সুৰক্ষাৰ আন্তৰ্জাতিক পদক্ষেপত সফলতাৰ অন্যতম কাৰক হিচাপে চিহ্নিত কৰিব পাৰি। ইয়াৰ বিপৰীতে কিন্তু গোলকীয় উষ্ণায়ন তথা জলবায়ু পৰিৱৰ্তনৰ দৰে জটিল সমস্যাৰ সমাধানৰ আন্তৰ্জাতিক বিধি বা চুক্তিসমূহত এনে দৃঢ় নীতিৰ অভাৱ লক্ষণীয়।

বিগত তিনিটা দশকত অ’জ’ন স্তৰৰ সুৰক্ষাৰ বাবে ভিয়েনা চুক্তি আৰু মণ্ট্ৰিয়েল প্ৰট’ক’লৰ আওঁতাত গ্ৰহণ কৰা সমূহ কাৰ্য্যাৱলীৰ সফল ৰূপায়ণ, সজাগতা আদিৰ জৰিয়তে সমূহ জীৱকূলৰ প্ৰাণৰক্ষাকাৰী অজ’ন স্তৰৰ অৱক্ষয় ক্ৰমে হ্ৰাস কৰিব পৰা গৈছে।বিগত দুই-তিনিটা বছৰত লাভ কৰা সংশ্লিষ্ট তথ্যই এই দিশত যথেষ্ঠ আশাৰ সূচনা কৰিছে।অৱশ্যে, এইখিনিতে আমি মনত ৰখা ভাল যে, সম্পূৰ্ণৰূপে ১৯৮৫ চনৰ আগৰ পৰ্য্যায়লৈ ঘূৰি নহালৈকে এই দুই চুক্তিৰ ভিতৰৰ সকলোখিনি কৰ্মসূচী অব্যাহত ৰখাৰ ক্ষেত্ৰত বিশ্বৰ সকলো ৰাষ্ট্ৰ যত্নপৰ হ’ব লাগিব। আনপিনে এই দুই চুক্তিৰ সফলতাক আদৰ্শ হিচাপে লৈয়ে, তাৰ ভেটিতে পৃথিৱীৰ পৰিৱেশৰ অন্যান্য উমৈহতীয়া তথা জটিল সমস্যাবোৰৰ সমাধানৰ বাবেও আন্তৰ্জাতিক সহযোগিতাক এক নতুন মাত্ৰা প্ৰদান কৰাটো প্ৰয়োজন; য’ত বিশ্বৰ সকলো দেশে সমমৰ্য্যদাৰে সমস্যা সমাধান প্ৰক্ৰিয়াৰ অংশীদাৰ হোৱাৰ বাট মুকলি হ’ব। বিশ্ব অজ’ন দিৱসত মণ্ট্ৰিয়েল প্ৰট’কল তথা ভিয়েনা চুক্তিৰ সাফল্যৰ এই উদাহৰণৰ জৰিয়তে সমগ্ৰ বিশ্বই বিশ্বজনীন সমস্যা সমাধানত আন্তৰ্জাতিক সহযোগিতাৰ গুৰুত্বক সঠিকভাৱে অনুধাৱন কৰি, সেই অনুযায়ী কৰ্মপদ্ধতি গ্ৰহণ কৰক, সেয়াই ভূ-গ্ৰহটিৰ ভৱিষ্যতৰ বাবে মংগলজনক হ’ব।
( অহা ১৬ছেপ্তেম্বৰ দিনতো অ'জ'ন দিৱস হিচাবে পালন কৰা হব)
লেখিকা বিজ্ঞান জনপ্ৰিয়কৰণত নিয়োজিত আৰু  গুৱাহাটীস্থ অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিবেশ পৰিষদত কৰ্মৰত

No comments:

Post a Comment