মনৰ কথা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল

নীলা শিয়ালৰ সাধু আৰু 
আঞ্চলিকতাবাদ-জাতীয়তাবাদী নেতাৰ 
গেৰুৱা বসন
ভবেন সন্দিকৈ

আমি সৰুতেই পঢ়া সাধু কথাবোৰৰ ভিতৰত অন্যতম আছিল নীলা শিয়ালৰ সাধুটো। অসমৰ ৰাজনীতিত জাতীয়তাবাদী সংগঠনৰ ক্ষেত্ৰখনত দেখা কিছু ঘটনাই সাধুটোৰ নৈতিক শিক্ষাৰ প্ৰাসংগিকতা সম্পৰ্কে আজিৰ প্ৰেক্ষাপটতো নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে। কাহিনীটো সকলোৱে জানে যদিও সংক্ষেপতে উল্লেখ কৰিলো। কাহিনীটো হ'ল-এখন হাবিত থকা শিয়াল এটাৰ গাত ঘটনাক্ৰমে নীলা ৰঙ লাগিল। এই ৰঙ লগাৰ পাছত হাবিৰ অন্যান্য জীৱ-জন্তবোৰে তাক চিনিব নোৱাৰা হ'ল। ফলত চতুৰ প্ৰজাতিৰ এই শিয়ালটোৱে ইয়াৰ সুন্দৰ সুযোগ লৈ হাবিখনত একপ্ৰকাৰ উঠি ৰজা-বহি ৰজা হৈ পৰিল।

সিংহৰ দৰে শক্তিশালী প্ৰজাতিৰ জীৱ-জন্তুৱেও তাক সমীহ কৰা হ'ল। এনেদৰে কিছুদিন চলাৰ পাছত এদিন তাৰ স্ব-গোত্ৰৰ শিয়ালৰ হুৱা দিয়া শুনি বাস্তৱ অস্তিত্ব পাহৰি সিও হুৱা দিবলৈ আৰম্ভ কৰিলে। আচলতে শিয়ালে হুৱা দিলে ওচৰতে শুনা শিয়ালে হুৱা নিদিয়াকৈ থাকিব নোৱাৰে। এই হুৱা দিয়া শুনি হাবিখনৰ অন্যান্য জন্তুবোৰে তাৰ প্ৰকৃত পৰিচয় জানিব পাৰিলে আৰু সিদিনাৰ পৰা সিও এক সাধাৰণ শিয়াললৈ পৰ্যবসিত হল।


হাবিৰ এই নীলা শিয়ালটোৰ দৰে অসমৰ আঞ্চলিকতাবাদ-জাতীয়তাবাদী শিবিৰতো অনেক নীলা শিয়াল আছিল। এই নীলা শিয়ালবোৰৰ দপ-দপনিত সঁচা অন্তৰৰ জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদত বিশ্বাসীলোকসকল তল পৰি আছিল। হাবিৰ অন্যান্য জীৱ জন্তুবোৰে নীলা শিয়ালটোক চিনিব নোৱাৰি সমীহ কৰি থকাৰ দৰে অসমৰ ৰাইজেও ইমানদিনে এই নীলা শিয়ালবোৰক চিনিব নোৱাৰি জাতীয়তাবাদী শিবিৰৰ নেতা হিচাপে মানি আহিছিল। ফলত নীলা শিয়াল ৰুপি এইসকল নেতাৰ নেতৃত্বত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদী শিবিৰৰ উত্থানৰ বিপৰীতে ক্ৰমশঃ নিশকটীয়া হৈ আহিছিল। বিগত দিনবোৰত গেৰুৱা বাহিনীৰ উত্থান অৰ্থাৎ সঁচা শিয়ালৰ হুৱা দিয়া শুনি এজন এজনকৈ নীলা শিয়ালে হুৱা দিবলৈ আৰম্ভ কৰিলে।ফলত অসমৰ জনগণে ক্ৰমশঃ এই নীলা শিয়ালবোৰৰ পৰিচয় পাবলৈ আৰম্ভ কৰিলে।

অখিল গগৈ ডাঙৰীয়াই জাতীয়তাবাদী শিবিৰৰ নেতাই গেৰুৱাবসন পিন্ধাৰ ফলত জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী শিবিৰটো ক্ষতিগ্ৰস্ত হব বুলি সংবাদ মেলত তাল ফাল লগোৱা দেখিলো। মোৰ সীমিত বুদ্ধিবৃত্তিৰে মই এই কথা বুজি নেপালো যে এই সকল তথাকথিত জাতীয়তাবাদী-আঞ্চলিকতাবাদীৰ নেতৃত্বত কেনেকৈ এই ধাৰাটো শক্তিশালী হব বুলি তেখেতে ভাবিলে? যাৰ এনে মতাদৰ্শত বিশ্বাসেই নাই, সি আজি নহ'লেও কালিলৈ এই শিবিৰটোক বিশ্বাসঘাতকতা নকৰিব তাৰ কি মানে আছে? কোনে ন দি কব পাৰিব এওঁলোকক আপুনি-মই নজনাকৈ অসমীয়া জাতীয়তাবাদী ধাৰাটোক নি:শেষ কৰিবলৈ কোনোবাই প্ৰজেক্ট নাই কৰা বুলি? এনে এশ-এবুৰি সন্দেহৰ অৱকাশ আছে এইলোকক লৈ। তেনেস্হলত আমি ভাবো অখিল গগৈ ডাঙৰীয়াৰ এই হায়ৈ-বিয়ৈ ডিপ্লমেটিক গেম হ'লেও ই এনে নীলা শিয়ালবোৰৰ প্ৰাসংগিকতাহে সমাজ জীৱনত বৃদ্ধি কৰিছে। যাৰ প্ৰয়োজনবোধ মই অন্ততঃ কৰা নাই।

বিগত শতিকাবোৰৰ ভিতৰত আটাইতকৈ সংকটপূৰ্ণ মূহুৰ্তত আজি অৱস্থান কৰিছেহি আমাৰ জাতিটো। অসমীয়া জাতিটোৱে সন্মুখীন হোৱা সকলো সংকট আৰু সংঘাতৰ তুলনাত বৰ্তমানৰ সংকট আৰু সংশয় অধিক প্ৰত্যাহ্বানজনক। বিগত দিনবোৰত এনে শক্তিবোৰৰ ৰণকৌশল আৰু আজিৰ ৰণকৌশলৰ মাজত আকাশ পাতাল পাৰ্থক্য। গেৰুৱা শক্তিৰ অগ্ৰাসনে ভূপেন হাজৰিকাৰ সেই ভৱিষ্যত বাণী "আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে মগনীয়া হব বোলা কথাষাৰ সঁচা প্ৰমাণিত কৰাৰ পথত।" হয়, ভূপেনদা আমি আজি মগনীয়াই নহয়,একাংশ জাতীয় নায়ক/নেতাৰ কৃপাত অসমতে সংখ্যালঘূ হবলৈ গৈ আছো কম দিনতে।

আনক জাতীয়তাবাদ-আঞ্চলিকতাবাদ ধ্বংসৰ পুৰোহিত সজালেই আমাৰ দ্বায়িত্ব শেষ হৈ নেযায়। ইতিহাসে আপুনি-মই এনে সন্ধিক্ষণত কি কৰিছো বা কৰিম-তাৰ বিচাৰো কৰিব। নে কি কয় ?

No comments:

Post a Comment