Friday, September 11, 2015

মনৰ কথা

বানপানীত ৰাইজ আৰু কৃষকৰ হাহাকাৰ  
লীলাকান্ত পায়েং
ভদীয়া বানে এইবাৰ সংহাৰী ৰূপ ল'লে। ৰাইজৰ চৌদিশে বান আৰু গৰাহখহনীয়াই তীব্র ৰূপ ধাৰণ কৰিছে। বানৰ বুকুত জাহ গ'ল শতাধিক গাঁও। এই বানৰ ফলত হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ বিভিন্ন ঠাইত আশ্রয় লব লগীয়া হৈছে। কিন্তু এই আশ্রয় শিবিৰৰ বিভিন্ন ঠাইবোৰত জীৱ-জন্তুবোৰৰ দৰে থাকিবলগীয়া হৈছে। কিয়নো বেছিভাগ অঞ্চলৰ মানুহবোৰ মথাউৰি নহলে আন ওখ ঠাইবোৰত আশ্রয় লৈছে একমাত্র প্রাণৰ ভয়ত। তদুপৰি খোৱাপানী আৰু খাদ্যৰ অভাৱত হাহাকাৰ কৰিব লগীয়া হৈছে। ফলত মৃতকৰ সংখ্যা বাঢ়িছে। ধন-জনৰ বিস্তৰ ক্ষতি সাধন হৈছে। উজনি,নামনি বা মধ্য অসমেই হওক কিন্তু বানে কাকো হেৰাই দিয়া নাই। পানীৰ মাজতে জীৱন ৰক্ষাৰ যুঁজ চলাইছে সর্বসাধাৰণ ৰাইজে। অলপ মান নিৰাপদ আশ্রয়, এটুপি অন্নৰ বাবে লাখ লাখ মানুহ হাহাকাৰ কৰিছে।

কিন্তু কেন্দ্রীয় চৰকাৰে অসম তথা উত্তৰ পূর্বাঞ্চল বুলি কলে কিয় বাৰু মাহী মাকৰ চকুৰে চায়? কেন্দ্রীয় চৰকাৰ বুলি নহয় আমাৰ অসমৰ নিজৰ মন্ত্রী বিধায়কেই যেন বানাক্ৰান্তৰ বিষয়টোক গুৰুত্ব সহকাৰে নলয়। যি সময়ত বন্যাৰ্তৰ খবৰ লবলৈ আহৰি নোপোৱা মন্ত্রী বিধায়কৰপৰা আদি কৰি প্রশাসনিক বিষয়ালৈকে আগন্তক নির্বাচনৰ ভোটৰ বাবে এচি কোঠালিত বহি অংশ মিলাই আছে। কোনোবাজন মন্ত্রী বিধায়কে গৈছে মাথো আগনন্তক নির্বাচনৰ ভোটৰ লক্ষ্য ৰাখিযেই! আকৌ কোনোবাজন বানৰ খবৰ লবলৈ গই ভোজ-ভাত খোৱাৰ খবৰো পা। সঁচাকৈ লজ্জাজনক আমাৰ মন্ত্রী বিধায়কসকলৰ কাম-কাজ!

ইফালে বানপানীত ৰাজ্যৰ অবস্থা অতি বেয়া, কিন্তু কেন্দ্রীয় চৰকাৰে বানৰ পেকেজ দিয়াতো থৰক-বৰক স্থিতিহে লোৱা দেখা গৈছে। মানে কবলৈ গ'লে বৰষুণ গলে জাঁপি চোৰ গলে বুধি। কিন্তু চৰকাৰৰ সলনি ৰাজ্যৰ কিছুমান বে- চৰকাৰী সংগঠনবোৰেহে ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি যোৱা দেখা গৈছে।

আমাৰ দেশ এখন কৃষি প্রধান দেশ। তেনেকৈ অসম ৰাজ্যৰ বাবেও আমাৰ মানুহৰ বাবে মূল জীৱিকা কৃষিকর্ম। অসমৰ প্রায় ৮০ শতাংশই কৃষি কর্ম কৰিয়েই জীৱন নির্বাহ কৰি নিজৰ পৰিয়াল চলায়। কিন্তু এই ৮০ শতাংশই মানুহে যদি আশা ধৰণে ফল নেপাই তেন্তে আমাৰ ৰাইজৰ অৱস্থা কি হ'ব পাৰে তাৰ ভয়াবহ প্রতিচ্ছবিও ফুটি আহিছে। তাতেই খাদ্যৰ অভাৱত অগণন মানুহৰ মৃত্যুবৰণ কৰে। প্রতি বছৰৰ বানপানীৰ তাণ্ডৱে আমাৰ ৰাজ্যৰ খেতি-বাতিৰ যথেষ্ট অনিষ্ট সাধন কৰি আহিছে। কিন্তু এই বছৰো বৰ বেয়াকৈ আমাৰ খেতিপথাৰ বিনাশ কৰিলে। ব্রক্ষপুত্রৰ পানীয়ে এইবাৰ শ শ বিঘাৰ ৰোৱা পথাৰ আৰু কঠীয়াতলি বূৰাই পেলালে আরু কৃষকৰ মূৰত বৰ বেয়া টাঙোন মাৰিলে। কৃষকৰ সকলো আশা যেন নিমিষতে ভাঙি চুৰমাৰ কৰিলে।

শেষত উপাই নাইকিয়া হৈ নিজৰ পৰিয়ালক পোহ পাল দিব নোৱাৰি কৃষকে আত্মহত্যাৰ নিচিনা পথক বাচি লোৱাৰ বাতৰিয়ে দুখী হও। ২০১৪ৰ পৰিতথ্য মতে আমাৰ দেশত ১২,৩৬০ জন কৃষকে আত্মহত্যা কৰিছে। অসমতো এনে আত্মহত্যাৰ বাতৰি প্ৰকাশ পাইছে। কথাবোৰ এতিয়া স্পৰ্শকাতৰ ভাৱে নেতা-চৰকাৰ তথা ৰাইজে বিচাৰ কৰি চোৱা উচিত।

No comments:

Post a Comment