মিছা ক'লে কি ডাল হব? (হাস্য-ব্যংগ) - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মিছা ক'লে কি ডাল হব? (হাস্য-ব্যংগ)

Share This
পুৰুষ হৈ কিয় যে জনম ল'লো!
 অনামিকা চলিহা
“ভাইটি,অকলে অকলে যে, আমাৰে কোনোবা এগৰাকীয়ে থৈ আহো নেকি?”, তিনিআলিটো পাৰ হৈ আহোতেই তাক উদ্দ্যেশি ভাঁহি অহা শব্দৰ টুকুৰাবোৰ শুনি সি ৰঙা চিঙা পৰি গ'ল। লগতে শুনিবলৈ পোৱা গ'ল বিভিন্ন অশ্লীল শব্দৰ টুকুৰা। কাণ দুখন ভমক ভমক মাৰিবলৈ ধৰিলে।

৯ টামান বজাই নাই, কি যে কু-গ্ৰহত পৰি সি ইমান দেৰিলৈকে অফিচত আছিল। মেডামৰ কথা শুনি কামটো শেষ কৰি আহোতে তাৰ ইমান দেৰি হ'ল।ইতিমধ্যে অফিচৰ আন সকলো গৈছিলগৈ।কিন্তু তাৰ আন উপায়ো যে নাই।মেডামৰ কথা নুশুনিলে তাৰ চাকৰিলৈ যে টনাটনি লাগিল।চাকৰিটো সি হেৰুৱাব নোখোজে। পিছে দিনে দিনে মেডামৰ তাৰ প্ৰতি ব্যৱহাৰবোৰ সলনি হ'ব ধৰিছে ।

আজিও কাম কৰি থাকোতে মেডাম আহি পাছফালৰপৰা তাক পিঠিত হাত বুলাই ,ক'লে-“দিনে দিনে বৰ ধুনীয়াটি হৈ পৰিছা যে, কি কৰাহে?”তাৰ কি কৰিম কি নকৰিম অৱস্হা! যেন ফাট মেলা বসুমতী পাতালে লুকাওঁ অৱস্হা।

গালখনত জোৰকৈ টিপি দি কাণে কাণে ক'লে-“অহা সপ্তাহত তুমি আৰু মই অফিচিয়েল টু'ৰৰ বাবে কলকতাৰ পৰা আহিব লাগিব।সাজু হৈ থাকিবা"।

নিজৰেই ওপৰত ঘৃণা লাগিছিল পুৰুষ হৈ কিয় জনম ল'লে বুলি। মেডামৰ পুত্ৰসম সি।তথাপি মেডাম ইমান তললৈ নামিব পাৰে ভাবি উত্তৰ নেপায়। এই অফিচত আৰু বেছিদিন থাকিব নোৱাৰি। সি তাৰ পুৰুষত্ব হেৰুৱাই পেলাব লাগিব, খাটাং। কাকো ক'বও নোৱাৰি তাৰ গাতেই দোষ দিব। ফিগাৰটো ধুনীয়াকৈ মেনটেইন কৰে,সিয়েই সুবিধা লোৱা বুলি ক'ব।

কেইদিনমানৰ আগতেতো অফিচৰপৰা আহি থাকোত বাটত এজনীয়ে প্ৰ’পজেল দি দিলে। ভয়তে সি সেইটো ৰাস্তায়েদি নাহেই আজিকালি।অকল তাৰেই এই অৱস্হা নহয়। ১০ জন পুৰুষৰ ভিতৰত ৬/৭ জনৰেই এই দশা। শৈশৱ,কৈশোৰ পাৰ হৈ আহোতেওঁ বিভিন্ন নাৰীৰপৰা এনে ব্যৱহাৰ পাই আহিছে।

এই কথাবোৰ মনৰ মাজত পাগুলি আহি থাকোতেই তিনি আলিটোত হাতত জলন্ত চিগাৰেট লৈ বাইকত বহি আদ্দা দি থকা সেই উতনুৱা ছোৱালীসোপাৰ কৱলত পৰিল সি।

দেউতাকে অফিচলৈ ওলাই আঁহোতেই কৈ পঠাইছিল-সোনকালে ঘৰ সোমাবলৈ।দেশ-কাল আজিকালি ভাল হৈ থকা নাই।সচাঁ কথা। পুৰুষসকল আজিকালি অলপো সুৰক্ষিত নহয় নাৰীৰ হাতত। পদে পদে লান্সিত, অপমানিত। বাতৰিকাকত,টিভি নিউজ আদিত অনবৰত পুৰুষসকলৰ পুৰুষত্ব হেৰুৱাৰ, মৃত্যুৰ বাতৰিয়েই পঢ়িব, শুনিবলৈ পোৱা যায়। অপৰাধী সদায়েই সাৰি যায়। তাতো বিভিন্ন বুদ্ধিজীৱী মহিলা,দল-সংগঠনৰ মহিলাসকলে পুৰুষসকলকেই দোষ দিয়ে। পুৰুষসকলে হেনো নিজৰ দেহাটো নাৰীবিলাকৰ বাবে মেইনটেইন কৰে। হাফপেন্ট-গেঞ্জি পিন্ধি কিয় ফুৰিব যায়,নিজৰ শৰীৰটো কিয় আবুৰ কৰি নেৰাখে? দেৰিলৈকে কিয় বাহিৰত থাকে,কিয় ড্ৰিংকচ কৰে,নাইট ক্লাৱত ইমান দেৰিলৈকে কিয় থাকে আদি এশ এবুৰি প্ৰশ্ন।চিঞৰি চিঞৰি ক'বৰ মন গৈছিল তাৰ-ঘৰত তোমালোকৰ দেউতা,দাদা,ভাইটি নাই নেকি? পিচে একো নক'লে। জানে কৈ একো লাভ নাই।

ঘৰ পালেহি সি।দেউতাকে তাৰ অহা দেৰি হোৱা দেখি চিন্তা কৰি গেটখনৰ ওচৰতেই ৰৈ আছিল। তাৰ কিবা এটা বিপদ হ'লে যে মাকে দেউতাকেই দোষ দিব। তাক যেন জন্ম দিয়াতেই মাকৰ দায়িত্ব শেষ।তাক তুলি-তালি ডাঙৰ-দীঘল দেউতাকেই কৰিলে। দেউতাকলৈ বেয়াই লাগে।ৰাতিপুৱা শুই উঠাৰপৰা শোৱালৈকে সকলো কাম তেঁৱেই কৰে। ঘৰত ঝাৰু দিয়া,কাহিঁ বাতি ধোৱা,চাহ-ভাত বনোৱা,মাকৰ ,ভন্টীহতঁৰ কাপোৰ ধোৱা আদি সকলো।সময় পালে অলপ সিও সহায় কৰি দিয়ে। তথাপি ভাল মাত এষাৰ নেপায়।যেন নিকিনা গোলামহে। দেউতাকে এইয়া ভাগ্যৰ দোষ বুলি এৰি দিছে।

ৰাতিপুৱাই দেউতাকে বনাই দিয়া চাহ,ভাত খাই ওলাই যোৱা মাঁক,ভন্টী দুজনী এতিয়াও আহি পোৱাহি নাই। ৰাতি ১২/১ টা মানত মদ এসোপা টেটুলৈকে গিলি সোমাবহি।নিজৰ প্ৰাপ্য কেতিয়াওঁ পোৱা নাই। নাৰী আৰু পুৰুষ সমান।পুৰুষৰ অবিহনে নাৰীৰ জীৱন সৰ্ম্পূণ নহয়। পিছে নাৰীজাতিয়ে সেইয়া স্বীকাৰ কৰিব নিবিচাৰে। মানসিক শক্তিত অধিক শক্তিশালী নাৰীসকলে পুৰুষসকলক পাত্তাই নিদিয়ে। তেওঁলোক নহ’লে হেনো এই পৃথিৱীৰ সৃষ্টিধাৰা আগ নেবাঢ়ে।গতিকে পুৰুষসকলে তেওঁলোকৰ কথা শুনিবই লাগিব। তেওঁলোকে পুৰুষক তেওঁলোকৰ হাতৰ পুতুলা বুলি ভাৱে। যাৰফলত নাৰীয়ে পুৰুষৰ ওপৰত সদায়েই আতিশৰ্য চলাই আছে। এক দীঘল হুমুনিয়াহ ওলাই আহিল তাৰ।

অৱশ্যে বহু বছৰৰ আগতে নাৰী আৰু পুৰুষৰ স্হান আজিৰদৰে নাছিল। সেইসময়ত সৰ্বত্ৰ ৰাজত্ব পুৰুষৰ চলিছিল। নাৰীসকলক আজিৰ পুৰুষসকলক কৰাৰদৰে ব্যৱহাৰ কৰা হৈছিল। পদে পদে লাঞ্জিত,অপমানিত, ধষিতা হ’ব লাগিছিল পুৰুষসকলৰদ্বাৰা। পিছে এদিন সকলো সলনি হ’ল। নাৰীজাতিয়ে নিজৰ চেষ্টাৰ ফলত নিজৰ স্থান কাঢ়ি ললে। পুৰুষৰ অবিহনে যে তেওঁলোকৰ স্বকীয় পৰিচয় আছে স্বীকৃত হোৱাৰ পাছৰেপৰা তেওলোক আৰু পুৰুষৰ তলতীয়া হৈ নেথাকিল। দিনে দিনে পুৰুষৰ সকলো স্থান কাঢ়ি ল’লে। ফলত পুৰুষসকল সংকোচিত হৈ পৰিল। আইন-কানুন-নিয়ম –নীতি নিজৰমতে বনাই ল’লে।পুৰুষসকলৰ সেই সোণালী দিনবোৰৰ কথা মাথো ইতিহাসৰ পাততেই লিপিৱদ্ধ হৈ ৰ’ল। নিজৰ প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰিলেও নাৰীসকলৰ যুক্তি-তৰ্কৰ আগত সেয়া গৌণ হৈ পৰে। পঢ়ি-শুনি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিলেও পদে পদে বাধা।

(নাৰীসকলৰ ঠাইত পুৰুষসকলক ৰাখি লিখা হৈছে।
ৰাইজে কথাবোৰ অনুভৱ কৰে যেন, মিছা ক'লে  কি ডাল হব...নহয়নে)।
লেখিকা যোৰহাট নিবাসী,মোবাইল নং-৮৪৭৩০৬৫৪৩৯

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages