জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
মানৱ সেৱাইহে দিব আচল পূণ্য
লক্ষ্য জ্যোতি নাথ
আপুনি কিমান ধাৰ্মিক? প্রশ্নত কেইজনমান লোকৰ উত্তৰ- "মই নিতৌ পুৱা-গধূলি গোঁসাই ঘৰত আধা ঘন্টা কীৰ্ত্তন পাঠ কৰো, মই বহুত ধাৰ্মিক।" "মই সদায় মদজিদ যাওঁ, আল্লাক স্মৰণ কৰো; মই বহুত ধাৰ্মিক।", "মই সদায় শিৱ মন্দিৰ যাওঁ আৰু এপোৱা গাখীৰ শিৱ লিংগত ঢালি পূজা কৰো, মই বহুত ধাৰ্মিক।" আন এজনৰ উত্তৰ "মই সদায় মন্দিৰ, মদজিদ যাব সময় নাপাওঁ কিন্তু তাৰ সলনি কৰ্মস্থানলৈ অহা যোৱা কৰোঁতে যেতিয়াই দেখো অসহায় বৃদ্ধ, বিকলাংগক সহায় কৰো, যি পাৰো খাবলৈ দিওঁ।"
 
এওঁৰ উত্তৰ শুনি বাকী তিনিজনে একেলগে ক'লে "আপুনি বহুত নাস্তিক, আপুনি মন্দিৰলৈ নাযায় মছজিদলৈ নাযায়। আপুনি এদিন নৰকত স্থান পাব।" উপৰোক্ত কথাখিনিত প্রকৃততে ধাৰ্মিক কোন? সদায় নামঘৰ, মন্দিৰ, মদজিদ যোৱা কেইজন নে চতুৰ্থ জন?

 
এইখিনিতে সৰুতে পঢ়া পাঠ এটালৈ মনত পৰিছে। পাঠটোত উল্লেখিত ব্যক্তি সকলৰ নামবোৰ পাহৰিছো অলপ এতিয়া কিন্তু পাঠটোৰ মূলভাৱটো আছিল এনেধৰণৰ- এবাৰ এখন গাওঁৰ দুটা পৰিয়ালৰ মূৰব্বী দুজনে জীৱনৰ মোহ-মায়া ত্যাগ কৰি জীৱনত জানি বা অজানিতে কৰা পাপবোৰৰ পৰা মুক্তি পাই সৰগত স্থান লাভ কৰিবলৈ তীৰ্থ যাত্ৰা কৰিম বুলি পৰিকল্পনা কৰিলে। বহু বছৰ কষ্ট, খেতি-বাতি কৰি তীৰ্থ যাত্রা কৰিবলৈ দৰকাৰ হোৱা প্রয়োজনীয় টকা গোটালে। প্রয়োজনীয় সকলো বস্তু, টকা-পইচা জমা হোৱাত এদিন তীৰ্থ যাত্ৰাৰ বাবে দুয়ো সাজু হ'ল। নিদিষ্ট দিন এটাত পৰিয়ালৰ সকলো সদস্যক বিদায় দি দুয়ো পূণ্য লাভ কৰিবলৈ তীৰ্থ যাত্ৰা আৰম্ভ কৰিলে।

 
তেওঁলোকে খোজ কাঢ়িয়েই তীৰ্থ স্থান অভিমুখে ৰাওনা হ'ল। তীৰ্থ স্থান পাবলৈ তেওঁলোকক কেইবা মাহো সময় লাগিব। যাওঁতে যাওঁতে এদিন তেওঁলোকে লগত নিয়া পানী শেষ হোৱাত পানী বিচাৰি গাওঁ এখনত সোমাল আৰু মানুহৰ এঘৰত গৈ পানী খুজিলে। ঘৰখনৰ গৰাকীয়ে দৰ্জাখন খুলি তেওঁলোকক কি কাৰণে আহিছে সুধিলে আৰু তেওঁলোক দুজনে ক'লে যে খোৱাপানী বিচাৰি আহিছে। তেওঁলোকে দৰ্জামুখত কথা পাতি থাকোতে ঘৰৰ ভিতৰৰ পৰা কোনোবাই চিঞৰি থকা শব্দ ভাঁহি আহিল। ঘৰৰ গৰাকীয়ে তেওঁলোকক দুজনক খাবলৈ পানী দিলে তেতিয়া তেওঁলোকৰ এজনে ঘৰখনৰ গৰাকীক সুধিলে যে ভিতৰত কোনে ইমান চিঞৰি আছে, কিবা অসুবিধা হৈছে নেকি। তেতিয়া ঘৰৰ গৰাকীয়ে জনালে যে ভিতৰত এজন মানুহ আছে তেওঁ অসুখীয়া, তেওঁ কাম কৰিব অসমৰ্থ, ঘৰখনত খোৱা-বোৱা কৰিবলৈ একো খাদ্য নাই, তেওঁলোক বৰ বিপদত পৰিছে সেইবাবে সেই মানুহ জনে ভোকত চিঞৰি আছে।

 
ঘৰখনৰ গৰাকীৰ এনে কথা শুনি তীৰ্থ যাত্ৰা কৰিবলৈ যোৱা এজন মানুহে ক'লে যে তেওঁ তেওঁলোকক সেই বিপদৰ পৰা উদ্ধাৰ কৰিব আৰু তাৰ পাছতহে তীৰ্থ যাত্ৰালৈ আগুৱাব। এজন তীৰ্থ যাত্ৰীৰ এনে কথা শুনি সিজনে তেওঁৰ কথাত মান্তি নহ'ল আৰু ক'লে যে তেওঁ তীৰ্থ স্থানলৈ যাব, ইয়াত নৰয়, কাৰণ তেওঁ তীৰ্থ স্থান দৰ্শন কৰি পূণ্য লাভ কৰিব বিছাৰে। কথামতেই এজন তীৰ্থ যাত্ৰী সেই ঘৰখনত ৰ'ল আৰু এজন তীৰ্থ স্থান অভিমুখে ৰাওনা হ'ল।

 
অসহায় ঘৰখনত ৰৈ যোৱা তীৰ্থ যাত্ৰীজনে প্রথমেই তীৰ্থ যাত্ৰালৈ বুলি লগত অনা ধনৰে সেই ভোকত থকা মানুহজনলৈ খোৱা বস্তু কিনি আনিলে, ঘৰখনলৈও খাদ্য বস্তু কিনি আনিলে। সেইখন গাঁৱতে তেওঁ খেতি কৰিলে আৰু এদিন পৰ্যাপ্ত পৰিমাণৰ খাদ্যবস্তু উৎপন্ন কৰি ঘৰখনক দিলে। তেতিয়ালৈকে তেওঁ তেওঁৰ লগত তীৰ্থ যাত্রালৈ বুলি অনা সকলো ধন শেষ হ'ল আৰু ধন নথকা বাবে তেওঁ তীর্থ যাত্ৰা তাতেই সামৰি সেই গাওঁখনৰ পৰাই ঘৰলৈ উভতি আহিল। ইপিনে সিজন তীর্থ যাত্ৰীয়ে তীর্থ স্থান পালেগৈ আৰু তীর্থ স্থান দৰ্শন কৰি মনতে সকলো পাপ মুক্ত হৈ পূণ্য লাভ কৰিলো ভাবিলে।

 
এদিন দুয়োজনৰে মৃত্যু হ'ল কিন্তু তীৰ্থ যাত্ৰা সম্পূৰ্ণ কৰাজনে সৰগত স্থান নাপালে তাৰ সলনি অসহায় ঘৰখনক সহায় কৰি উদ্ধাৰ কৰা, ভোকত থকা মানুহজনক খাদ্য খোৱাই সহায় কৰা তীর্থ যাত্ৰা সম্পূৰ্ণ কৰিব নোৱাৰা মানুহজনেহে সৰগত স্থান পালে।
 
"মানৱ সেৱাই পৰম ধৰ্ম" এই কথাটো মই বৰ বিশ্বাস কৰো। দিনৰ দিনটো মন্দিৰত পৰি পৰি ভগৱানৰ নাম ল'লেই মানুহ ধাৰ্মিক নহয়, পুৱা-গধূলি নামঘৰত হৰি নাম গালেই জীৱনত পূণ্য নহয়, ৰাতিপুৱা ৪ বজাত উঠিয়েই আল্লাৰ নাম ল'লেই জন্নত নচিব নহয়। মন্দিৰত পূজায়ো কৰা, নামঘৰত হৰিনামো গোৱা, আল্লাক স্মৰণো কৰা কিন্তু তাৰ লগে লগে মানব সেৱাও কৰা, সৎ হোৱা তেতিয়া দেখিবা মৃত্যুৰ পাছত নহয় মৃত্যুৰ আগতেই সৰগত থকাৰ দৰে লাগিব।

 
বৰ্তমান বিশ্বত মানৱক বিভাজন কৰি অশান্তি সৃষ্টি কৰা মূল কাৰণটোৱে হৈছে ধৰ্ম। মোৰ ধৰ্ম ডাঙৰ, মোৰ ধৰ্ম ভাল এই মানসিকতাই আমাক শেষ কৰি দিছে। প্রকৃততে গীতা, কোৰাণ, বাইবেল নে বেলেগ কোনোবা ধৰ্মপুথিত মোৰ ধৰ্মই উচ্চ বুলি লিখি থোৱা আছে নেকি বাৰু? ধৰ্মই কেতিয়াও কোৱা নাই যে তুমি মোৰ ধৰ্মক সন্মান কৰা আৰু আনৰ ধৰ্মক ঘিণা কৰা বুলি। ধৰ্মই শিকাইছে যে সকলো ধৰ্মক, সকলো মানৱক সন্মান কৰা।

 
মই মানো হিন্দুৰ ভগৱান, মুছলমানৰ আল্লা, খীষ্টিয়ানৰ গড সকলো এজনৰে বেলেগ বেলেগ নাম। তেওঁ হ'ল সেই অদৃশ্য জন, যাৰ ওচৰত এনে কিছুমান শক্তি আছে যি আমাৰ মনুষ্য, পশু-পক্ষী, জীৱ-জন্তু, গছ-গছনি কাৰো ওচৰত নাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages